বিদায়৷ এই বিদায় শব্দটো যেন সদাই কৰুণ্যৰে শিক্ত৷ বিদায় মানে হয়তো শেষ দেখা৷ বিদায় মানে হয়তো শেষ বাৰ্তালাপ৷
বিদায় মানে হয়তো ইয়াৰ পাছত আৰু একো নাই– মাথো শূণ্যতা৷
বিদায় দিয়া জনক লৈ হয়তো অনেক কবিতা ৰচিত হৈছে৷ গীত সৃষ্টি হৈছে– উপন্যাসত চিত্ৰিত হৈছে বিদায়ৰ বহুক্ষণ– কিন্তু বাস্তৱৰ পৃথিৱীত যেতিয়া কোনো আত্ময়ীক কোনো আপোনজনক অিনচ্ছাসত্বেও চিৰ বিদায় দিবলগীয়া হয় বাৰুকৈ বেদনাদায়ক আৰু যন্ত্ৰণাদায়ক কথা হয়তো আন একো নাথাকে৷
‘বিদায়’ৰ কথাৰ আঁত ধৰিয়েই কিছু কথা ক’ব খুজিছোঁ৷ কিছু বছৰ আগতে কানৈ কলেজৰ এগৰাকী মেধাবী ছাত্ৰীয়ে আত্মহত্যা কৰি বিদায় লৈছিল একমাত্ৰ পিতৃক দুখৰ সাগৰত ডুবাই থৈ৷ এনেধৰণৰ মেধাবী ছাত্ৰ–ছাত্ৰীৰ আত্মহত্যাৰ বাতৰি এতিয়া সদায় শুনিবলৈ পাওঁ৷ গ্লেমাৰৰ চুড়ান্ত শিখৰত উপনীত হৈও আত্মহত্যা কৰা বহু অভিনেতা–অভিনেত্ৰীৰ কথা আমি জানোঁ৷ আজি বিদায় শব্দটোৰে সেইসকলৰ কথাই আলোচনা কৰিবলৈ ওলাইছো যিসকল স্ব–ই২৬াই এই পৃথিৱীৰ পৰা এই জীৱনৰ পৰা মুক্তি পাব খোজে৷
কিয় এনে হয় যে আত্মীয় স্বজন, বন্ধু–বান্ধৱৰ মৰম–চেনেহেও কেতিয়াবা কাৰোবাক বান্ধি ৰাখিব নোৱাৰে? সকলো অসহনীয় হৈ উঠে৷ সকলো মায়া–মোহৰ বান্ধোন ছিঙি হঠাতে এক ক্ষন্তেকীয়া সিদ্ধান্তৰে নিজৰ জীৱনৰ ইতি পেলাবলৈ কিহে মানুহক উদ্বুদ্ধ কৰি তোলে? ক’ৰ পৰা পায় ইমান সাহস–শক্তি?
কথাবোৰ ভাবি আচৰিত লাগে৷ মৃত্যুৰ সেই মুহূৰ্ততো এবাৰো চেনেহৰ মুখবোৰ দুচকুত ভাহি নুঠেনে? জীৱনটো শেষ কৰিলেই সকলো সমস্যাৰ সমাধান হৈ যায় নেকি?
এনেবোৰ বহু প্ৰশ্নই আমাৰ মন বাৰে বাৰে জোকাৰি যায় যেতিয়া পুনঃ পুনঃ এনেবোৰ ঘটনা সংঘটিত হৈ থাকে আমাৰ চৌপাশে৷
এই প্ৰতিযোগিতামূলক পৃথিৱীত এতিয়া ধন–সম্পত্তিবোৰে পঢ়াশুনাৰ বাবে সকলোতে সকলোৱে ৰণুৱা ঘোঁৰাৰ দৰে দৌৰে৷ নিজৰ পৰিয়ালতে ক্ৰমে ক্ৰমে ঘুণে ধৰে আত্মীয়তাৰ গাঢ়তাত৷ মৰম–চেনেহ, সন্মান আদিৰ সামাজিক মূল্য ব্যক্তিগত গুৰুত্ব আদি যেন ক্ৰমাৎ ধূসৰ হৈ আহিছে৷ ক্ৰমাৎ বাঢ়ি অহা দৈনন্দিন জীৱনৰ ব্যস্ততাই আমাকো আনৰ পৰা আঁতৰাই আনিছে৷ ই আমাৰ আপোনজনৰ লগতে নিজকো অকলশৰীয়া কৰি তুলিছে৷
বিদায় বেলাটো সদায়ে কৰুণ আৰু চকুপানী, উচুপনি আৰু গধুৰ নিশাহেৰে আৰু কিমানক বিদায় দিব লাগিব নাজানো৷ তথাপি, তথাপি অদেখাজনক সদায় প্ৰাৰ্থনা কৰিম এনে ক্ষণ, এনে বাতৰি আৰু নাহক– কাৰোৱেই জীৱনলৈ৷
ধন্যবাদ