
ফাগুন–চ’ত মাহ৷ ধূলিয়ে সেউজত আবিৰ সানে৷ মদৰুৱা পাতবোৰ সৰিবলৈ লয়৷ কুঁহিপাতক বাট এৰে৷ এনে এক সুন্দৰ সময়ত মানুহে পালন কৰে ৰঙৰ উৎসৱ৷ ৰঙা, হালধীয়া, সেউজীয়া, গুলপীয়া আবিৰে বতাহ ৰঙীন কৰি তোলে৷
ৰঙৰ আবিৰ গাত সানিয়েইতো ফাগুন আহে৷ কঢ়িয়াই আনে এমোকোৰা আনন্দ৷ ধৰাৰ বুকুত ৰাই–জাই লগাই মন৷ সকলো ফালে হয় মাথোঁ আশাৰ সঞ্চাৰ৷
ফাগুনৰ মাহৰ পূৰ্ণিমা তিথিত দেশজুৰি পালিত হোৱা এই ফাঁকুৱা বা হোলীক লৈ এতিয়া সকলোতে উখল–মাখল পৰিৱেশ৷
হোলী বা ফাকুৱাক ফল্গুৎসৱ বুলিও জনা যায়৷ ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱৰ আয়োজন কৰা হয় বাবেই এই নাম৷ ফাকুৱাক দৌলোৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি নামেৰেও জনা যায়৷ সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি পালন কৰা হয় এই উৎসৱ৷
ফাঁকুৱা বৰপেটাৰ এক প্ৰাণৰ উৎসৱ৷ জীৱনৰ সকলো সুখ–দুখ পাহৰি কেৱল কৃষ্ণভক্তি আৰু ৰঙেৰে ৰঙিয়াল হৈ উঠে সকলো৷
শ্ৰীমন্ত শংকৰদেৱৰ মহৎ সৃষ্টি চিহ্নযাত্ৰাৰ সমাপ্তিত এই দৌল উৎসৱ গুৰুজনাই শুভাৰম্ভ কৰাৰ লগতে কিছু যুগমীয়া হোলী গীতো ৰচনা কৰিছিল৷
‘ৰঙে ফাগু খেলে চৈতন্য বনমালী৷
দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰি’
নামনি অসমৰ বৰপেটা এখন সংস্কৃতিবান ঠাই৷ মহাপুৰুষ মাধৱদেৱে ১৫০৫ শকাব্দত এই সত্ৰ স্থাপন কৰিছিল৷ মহাপুৰুষ মাধৱদেৱ গণককুছি সত্ৰত ১৮ বছৰ ৬ মাহ আছিল আৰু বৰপেটাৰ সত্ৰৰ নৃত্য, গীত, ভাওনা ইত্যাদিৰ কামসমূহ বৰপেটাৰ কীৰ্তনঘৰত পৰিচালনা কৰিছিল৷ মাধৱদেৱে সত্ৰৰ দায়িত্ব মথুৰা দাস বুঢ়া আতাৰ হাতত অৰ্পণ কৰে৷ বৰপেটাত মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে বৈকুণ্ঠৰ আৰ্হিত দৌল উৎসৱ পালন কৰে৷ তেতিয়াৰে পৰা আজিৰ তাৰিখলৈ বৰপেটা সত্ৰত বৃহৎভাৱে দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে৷ বৰপেটা সত্ৰক দ্বিতীয় বৈকুণ্ঠপুৰীৰুপেও জনা যায়৷
দৌল উৎসৱ ৩–প্ত দিনলৈ পালন কৰা হয়৷ ৰোহিণী নক্ষত্ৰৰ অৱস্থানমৰ্মে প্ৰতি বছৰে দৌল কেই দিনৰ বাবে হ’ব সেয়া নিৰ্ধাৰণ কৰা হয়৷
তিনিদিনীয়া দৌলক বুঢ়া দৌল (চ’ত মাহ) আৰু চাৰি–পাঁচদিনীয়া দৌলক ডেকা দৌল (ফাগুন মাহ) বোলা হয়৷ চাৰি– পাঁচদিনীয়া দৌল উৎসৱ ফাগুন মাহৰ পুৰ্ণিমাত আৰু তিনিদিনীয়া দৌল উৎসৱ চ’ত মাহৰ পুৰ্ণিমাত অনুষ্ঠিত হয়৷ দৌল উৎসৱৰ প্ৰথম দিনাখনক কোৱা হয় গন্ধোৎসৱ বা গন্ধযাত্ৰা৷
দ্বিতীয় দিনাখনক ভৰদৌল আৰু তৃতীয় দিনাখনক–ফাঁকুৱা, সুঁৱেৰি বোলা হয়৷ এই ক্ষেত্ৰত এটা কথা উল্লেখনীয় যে দৌল যদি পাঁচদিনীয়া হয়, তেতিয়া ভৰ দৌল তিনিদিনীয়া আৰু দৌল যদি তিনিদিনীয়া হয়, তেতিয়া ভৰ দৌল এদিনীয়া হয়৷

প্ৰথমদিনাখন গন্ধোৎসৱ বোলা হয় আৰু এই গুৰুত্বপুৰ্ণ দিনটোত বৈষ্ণৱসকলে নল, খাগৰি, ইকৰাৰে মেজি সাজে৷ সেইদিনা আবেলি কলিয়া গোসাঁইক মণিকুটৰ পৰা মঠৰ চোতাললৈ অনা হয় গায়ন–বায়নসহিতে৷ মহাপ্ৰভুক তাৰপিছত মেজিৰ কাষলৈ নিয়া হয়৷ মেজি জ্বলোৱাৰ পিচত মহাপ্ৰভুৱে মেজিক সাতবাৰ প্ৰদক্ষিণ কৰে৷ যাক কোৱা হয় মেজি পুওৱা৷ আতচবাজি আৰু ফানুচ গন্ধোৎসৱৰ মুল আকৰ্ষণ৷ মেজি পুওৱাৰ অন্তত কলিয়া গোঁসাইক দৌল ঘৰলৈ নিয়াৰ এক পবিত্ৰ মুহূৰ্তত সাতটা খোজেৰে অনা হয় আৰু হোলী গীতৰ আৰম্ভণি হয়৷
দ্বিতীয় দিনাখনক কোৱা হয় ভৰ দৌল৷ বৈষ্ণৱসকলে জগমোহনৰ ঘৰত নাম–প্ৰসংগ কৰে৷ পুৱাৰ প্ৰসংগৰ পিছত ওজাপালি, গায়ন–বায়ন, ঢুলীয়া নৃত্যও অনুষ্ঠিত হয়৷ শেষৰ দিনাখন কোৱা হয় ফঁাকুৱা অথবা সুঁৱেৰি৷ শেষৰ দিনাখন আবিৰ সনাৰ এক উৎসৱেৰে বৰপেটা নগৰী ৰঙীণ হৈ পৰে৷
সুৱেৰিৰ দিনা কলীয়া গোসাঁইক কলবীৰ সত্ৰলৈ নিয়া হয় হেকেটা খুৱাবলৈ (মাহজাতীয় শস্য খুওৱা হয়), যিখন ঠাই বৰপেটা কীৰ্তনঘৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত৷ বৰপেটা ৰাইজে হোলীগীত আৰু আবিৰৰ যাত্ৰাৰে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ ঘূৰি অহাৰ পিছত ঘুনুচাৰ ঘৰৰ পৰা অহা বাবে কলীয়া গোসাঁইক ৰুক্মিণীয়ে বাধা দিয়ে আৰু বাঁহৰ হেঙাৰ ধৰা হয়৷ ইয়াৰ পিছত সাতবাৰ কীৰ্তনঘৰ প্ৰদক্ষিণ কৰি কলীয়া গোঁসাই পুনৰ কীৰ্তনঘৰৰ স্বস্থান গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হয়৷ গোসাঁই মণিকুটলৈ যোৱাৰ পিছত ১০৮ বাৰ দবা কোবোৱা হয় আৰু এনেদৰেই উলহ–মালহেৰে দৌল উৎসৱৰ সামৰণি পৰে৷
বৰপেটাৰ দৌল উৎসৱৰ এই পৰম্পৰা ৫৫০ বছৰৰো অধিক প্ৰাচীন৷ পুৰ্বতে এই দৌল উ্ৎসৱত ব্যৱহাৰ হোৱা ৰংসমূহ প্ৰাকৃতিক আছিল–হেঙুল, হাইতাল ইত্যাদি৷ বৰ্তমান বজাৰৰ ফাকুগুড়িয়ে ব্যৱহাৰ হয়৷ অন্যান্য ৰঙৰ মাজৰ ‘ৰঙা’ ৰংটো অধিক ব্যৱহাৰ হয়৷
বৰপেটা চহৰক অসমৰ দ্বাৰকা, মথুৰা নগৰী বুলিলেও ভুল কোৱা নহ’ব৷ এই উৎসৱত অসমৰ বিভিন্ন ঠাইৰ মানুহে উলাহেৰে অংশগ্ৰহণ কৰে ৰঙা, গুলপীয়া ৰঙৰ আবিৰেৰে৷
সকলোৰে মন–হৃদয় ৰঙিয়াল কৰি তোলে৷ কৃষ্ণৰ স্তুতি আৰু প্ৰকৃতিৰ বন্দনাৰে হোলী গীতসমূহ সুৰীয়া আৰু সৃষ্টিশীল৷ দৌল উৎসৱৰ দিনকেইটাত সত্ৰনগৰীখন হৈ পৰে বৈকুণ্ঠপুৰী৷ এইবেলিও পাঁচদিনীয়াকৈ দৌল উৎসৱ বৰপেটাত অনুষ্ঠিত হ’ব ২৪ মাৰ্চৰ পৰা৷ এই আবিৰৰ ৰঙে সকলো অসমবাসী ৰাইজৰ জীৱন ৰঙীণ কৰি তোলক, তাৰে কামনাৰে হোলীৰ শুভেচ্ছা যাচিলোঁ৷