
নমস্কাৰ মোৰ নাম শ্ৰী মুকুন্দ বৰা৷ আজি আকস্মিক বক্তৃতাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, শ্ৰদ্ধাৰ সঞ্চালক মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ মৰমৰ বন্ধু–বান্ধৱী আৰু দাদা–বাইদেউ, ভাইটি–ভণ্টিসকল৷ আজি আকস্মিক বক্তৃতা প্ৰতিযোগিতাত মোৰ ভাগত পৰিছে ভোক৷ ভোক সাধাৰণতে দুবিধ৷ এবিধ হৈছে পেটৰ ভোক আৰু আনবিধ হৈছে মনৰ ভোক৷
বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ দশম শ্ৰেণীত পঢ়ি থকা অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন ছাত্ৰ মুকুন্দ মাধৱ বৰাই সকলোতে অংশগ্ৰহণ কৰিছে৷ ছাত্ৰ–ছাত্ৰীসকলৰ মাজত মুকুন্দ মাধৱ বৰা এক উজ্জ্বল নক্ষত্ৰ৷ বিদ্যালয়ৰ শিক্ষকসকলেও তাৰ পৰা বহুত আশা কৰিছে৷ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এইখন বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলোৱে আশা কৰিছে৷
ভোক৷ আমি পেটৰ ভোক গুচাবলৈ ভাত, ৰুটি, চিৰা, জলপান, পিঠা–পনা আদি খাওঁ৷ ৰাতিপুৱা খোৱা আহাৰক ইংৰাজীত ব্ৰেক ফাষ্ট বা ছাপাৰ, দুপৰীয়া সময়ত লাঞ্চ আৰু ৰাতিৰ আহাৰক ডিনাৰ বোলে৷ অতীতৰ মানুহে ফলমূল, কেঁচা শাক–পাচলি, মাছ–মাংস আদি খাই জীৱন নিৰ্বাহ কৰিছিল৷ এতিয়া আধুনিক যুগৰ মানুহে খাদ্যৰ নামত নানা ধৰণৰ ফাষ্ট ফুড খায়৷ এইবোৰ আজিকালি সাধাৰণ কথা৷
কিন্তু মনৰ ভোক গুচাবলৈ মানুহে নানা ধৰণৰ উপায় অৱলম্বন কৰে৷ সৎ আৰু অসৎ দুয়োটা উপায়েৰে মানুহে মনৰ ভোক গুচাবলৈ চেষ্টা কৰে৷
ভোকাতুৰ মানুহে ভোক গুচাবলৈ কেতিয়াবা যিকোনো উপায় অৱলম্বন কৰা দেখা যায়৷ চোৰ, ডকাইত, গুণ্ডা, বদমাচ এই সকলোধৰণৰ কাম কৰিবলৈ ভয় নকৰে৷ নাৰীসকলৰ মাজতো এনে কিছুমান আছে দেহৰ ভোক গুচাবলৈ সহজ পন্থা অৱলম্বন কৰে৷ যাৰ ফলত একোখন ঘৰ ধ্বংস হয়৷
গতিকে আমি সকলোৱে নিজৰ নিজৰ পেটৰ লগতে মনৰ ভোক গুচাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগে৷ মনৰ সংযম বৰ্তাই ৰাখিবৰ বাবে কঠোৰ নিয়ন্ত্ৰণৰ দৰকাৰ হয়৷
গতিকে শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত সদন আজি মোৰ ভাগত পৰা আকস্মিক বক্তৃতাৰ বিষয়বস্তু ভোকৰ বিষয়ে ইমানকে কৈ মোৰ ক’বলগীয়া ইমানতে সামৰণি মাৰিলোঁ৷ ধন্যবাদ৷ জয় আই অসম৷
লগে–লগে জাউৰীয়ে জাউৰীয়ে হাত চাপৰি বজাই সকলোৱে অনুপ্ৰাণিত কৰিলে৷
মুকুন্দ মাধৱ বৰালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ পিছৰ প্ৰতিযোগী শ্ৰী মৃগেন কুমাৰক মঞ্চলৈ আহ৩ান জনালোঁ৷
সঞ্চালক মহোদয়ে ধন্যবাদ জ্ঞাপন কৰিলে৷
কিছুসময়ৰ পিছতে আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিলে৷ আজিৰ আকস্মিক বক্তৃতাৰ বিজয়ী প্ৰতিযোগী সকলৰ নাম ঘোষণা কৰিবলৈ লৈছো৷ প্ৰথম স্থান লাভ কৰিছে শ্ৰী মুকুন্দ মাধৱ বৰাই আৰু দ্বিতীয় স্থান লাভ কৰিছে শ্ৰী ——৷ সকলোৱে হাত চাপৰি বজালে ৷
মুকুন্দ মাধৱ বৰাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷
সভা শেষ৷ আমিও ঘৰমুৱা হ’লো৷