
নিধিবন বৃন্দাবনৰ এখন আ(ৰ্যকৰ বন৷ বৃন্দাবন হিন্দুসকলৰ পৱিত্ৰ তীৰ্থস্থানৰ ভিতৰত অন্যতম৷ পৃথিৱীত এনে বহুত আ(ৰ্যকৰ ঠাই আছে যাক লৈ ৰহস্য এতিয়াও অব্যাহত আছে৷ এই ৰহস্যময় ঠাইসমূহক লৈ প্ৰত্যেকে বেলেগ বেলেগ ধাৰণা কৰে৷ এনেধৰণৰ এখন ঠাই আছে মথুৰাৰ বৃন্দাবনত৷ বৃন্দাবনস্থিত নিধিবনক লৈ প্ৰচলিত আছে এনে বহু কাহিনী৷ শ্ৰী কৃষ্ণৰ লীলাৰ বিষয়ে নজনা মানুহ প্ৰায় কমেই ওলাব৷ শ্ৰী কৃষ্ণৰ লীলাৰ লগতে জড়িত হৈ আছে এই নিধিবন৷ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত নিধিবন৷ বহুলোকে বিশ্বাস কৰে যে এই নিধিবনত এতিয়াও শ্ৰীকৃষ্ণই ৰাসলীলা কৰে৷ প্ৰতিটো নিশাই শ্ৰীকৃষ্ণই কৰে গোপীসকলৰ লগত ৰাসলীলা৷ প্ৰচলিত বিশ্বাস অনুসৰি, প্ৰতিটো নিশাই শ্ৰী কৃষ্ণই ৰাধাৰ লগত আহে এই নিধিবনলৈ৷ লগতে আহে গোপীসকল৷ যাৰ বাবে সন্ধিয়াৰ পৰা ভক্তৰ বাবে বন্ধ কৰি দিয়া নিধিবনৰ দুৱাৰ৷ কেৱল ইমানেই নহয়, সন্ধিয়াৰ পাছত এই বনত চৰাই, পশু–পক্ষীকো দেখিবলৈ পোৱা নাযায়৷ কোৱা হয়, সন্ধিয়াৰ পাছত যদি কোনোবাই নিধিবনৰ ভিতৰলৈ যাব বিচাৰে তেন্তে তেওঁৰ মৃত্যু হয়, নহ’লে মানসিক সন্তুলন হেৰুৱাই পেলায়৷ এই নিধিবনৰ ওচৰে –পাজৰে থকা লোকসকলে ঘৰত খিৰিকী নলগায়৷ কিয়নো তেওঁলোকে বিশ্বাস কৰে যিয়ে এই নিধিবনৰ ফালে নিশা চাবলৈ চেষ্টা কৰে তেওঁৰ মৃত্যু অনিবাৰ্য৷ ব্ৰহ্মবৈৱৰ্তপুৰাণ, বিষ্ণুপুৰাণ আৰু শ্ৰীমদ্ভাগৱতৰ দৰে একাধিক ধৰ্মগ্ৰন্থত গোপীসকলৰ সঙ্গত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বৰ্ণনা আছে৷ জনশ্ৰুতি মতে, দ্বাপৰ যুগত বৃন্দাবনত মধুবন নামেৰে গছ–গছনিৰে ঢকা এক মনোৰম অঞ্চল আছিল৷ ভগবান শ্ৰীকৃষ্ণৰ বৰ প্ৰিয় আছিল এই মধুবন৷ গোপিনীসকলৰ লগত তেওঁ প্ৰায়ে আহিছিল মধুবনলৈ৷ সেই মধুবনেই মুখে মুখে নাম সলনি হৈ আজিৰ নিধিবন হোৱা বুলি কয় বহু লোকে৷ ভক্তৰ বিশ্বাস ৰাতি এই নিধিবনত মহা ৰাসলীলা হয়৷ এই কাৰণেই, প্ৰতিদিন সন্ধ্যাৰ আৰতিৰ পিছত নিধিবনৰ দৰজা বন্ধ কৰি দিয়া হয়৷
সচাকৈ বৰ আ(ৰ্যকৰ এই নিধিবন৷ এই বনত যি গছ দেখা যায়, সেই প্ৰজাতিৰ গছ গোটেই বৃন্দাবনত আৰু কোনো ঠাইত দেখা পোৱা নাযায়৷ ডাল–পাতবিলাক ওপৰৰ ফালে নহয় তলৰ ফালে জোপোহা হৈ আছে৷ যেন কাৰোবাক অভিবাদন জনাই আছে৷ বিশ্বাস কৰা হয় নিধিবনৰ প্ৰতিডাল গছেই ছদ্মৱেশী গোপিনী৷ এডাল গছত দুইধৰণৰ পাত দেখিবলৈ পোৱা যায়৷ এটা ৰাধা ৰাণীৰ মুকুটৰ আকৃতিৰ আৰু এটা ময়ূৰৰ পাখিৰ আকৃতিৰ৷ বৃন্দাবন শুকান ঠাই৷ কিন্তু নিধিবনৰ গছবিলাক গোটেই বছৰেই চিৰসেউজ পাতেৰে ঢকা৷ এনেকুৱা চিৰসেউজ গছ এই শুকান ঠাইত আছে সেয়াও এক আ(ৰ্য৷ নিধিবনৰ তুলসী গছবোৰো অদ্ভুত৷ এডাল তুলসী গছ দেখাই নাযায়৷ তুলসী গছ জোৰাই জোৰাই জন্মে এইবনত৷ এই নিধিবনৰ মাজত বিশাখা কুণ্ড নামৰ এটা জলাশয় আছে৷ খৰালি কালতো এই বিশাখা কুণ্ডৰ জল শুকাই নাযায়৷ কথিত আছে ৰাসনৃত্য চলি থকা সময়ত কৃষ্ণৰ অন্যতম সখী বিশাখা তৃষ্ণাতুৰ হৈছিল৷ তেওঁৰ তৃষ্ণা নিবাৰণৰ বাবে বাঁহীৰ এটা খোঁচ মাৰি এই জলাশয় নিৰ্মাণ কৰিছিল শ্ৰীকৃষ্ণই৷ কৃষ্ণৰ পবিত্ৰ বাঁহীৰে নিৰ্মিত এই জলাশয়ৰ জলও খুব পবিত্ৰ বুলি বিশ্বাস কৰা হয়৷ নিধিবনৰ ভিতৰত কৃষ্ণভক্ত হৰি দাসৰ সমাধিও আছে৷ এই নিধিবনৰ মাজতে আছে ‘ৰং মহল’ নামৰ এক আ(ৰ্যকৰ মন্দিৰ আছে৷ বিশ্বাস মতে মহা ৰাস কৰি ক্লান্ত হোৱা শ্ৰী কৃষ্ণ, ৰাধাৰ লগত এই ৰং মহল মন্দিৰতেই ৰাতি বিশ্ৰাম লয়৷ সেয়ে সন্ধিয়াৰ আগতেই পূজাৰীয়ে এই মন্দিৰত চন্দন কাঠৰ পালেং, জল–মিষ্টি, ৰাধাৰ বাবে শৃঙ্গাৰৰ সামগ্ৰী, মিঠাপান আদিবোৰ সজাই থয়৷ তাৰ পিছত তলা বন্ধ কৰি দিয়া হয়৷ পিছদিনা যেতিয়া মন্দিৰৰ দৰজা খোলা হয়, দেখা যায়, বিছনা বিশৃঙ্খল, আধাখোৱা মিষ্টি– পান, ব্যবহৃত দাঁতনকাঠি৷

কলকাতাৰ এজন কৃষ্ণভক্ত আছিল৷ তেওঁ নিজৰ গুৰুৰ মুখেৰে নিধিবনৰ আ(ৰ্যকৰ আখ্যান শুনি কৌতূহল জাগিছিল ৰাতিৰ নিধিবনত কি হয় তাক স্বচক্ষে চোৱাৰ৷ সেই ইচ্ছা লৈয়ে তেওঁ বৃন্দাবন আহিছিল৷ বাঁকে বিহাৰী দৰ্শনৰ পিছত তেওঁ পূৰ্বপৰি কল্পনা মতে লুকাই থাকিল নিধিবনৰ এক জোপোহাৰ মাজত৷ কিন্তু সন্ধা বেলা পূজাৰীৰ হাতত ধৰা পৰি যায়৷ এনেকৈ দুদিন ব্যৰ্থ হৈও তেওঁ হাৰ মনা নাছিল৷ তৃতীয় দিনা তেওঁ এনেকৈ লুকাই থাকিল যে নিধিবনৰ পহৰাদাৰেও বিচাৰি নাপালে৷ সন্ধিয়া নিয়ম অনুসৰি ৰাধা –শ্যামৰ খাট সাজি দৰজাত তলা লগাই পূজাৰী গুচি গ’ল৷ পিছদিনা যেতিয়া দৰজা খোলা হয়, নিধিবনত অচেতন হৈ পৰি আছিল সেই ভক্ত৷ তেওঁ ইমানেই অসুস্থ যে কথা কোৱাৰ শক্তিও নাছিল৷ লগে লগে তেখেতৰ চিকিৎসাৰ ব্যবস্থা কৰা হয়৷ কিন্তু চিকিৎসাও একো সুফল নিদিলে৷ খবৰ পাই ঘটনাৰ ৫ দিন পিছত গুৰুদেৱ আহিল৷ অসুস্থ শিষ্যক নি জেৰ আশ্ৰমত লৈ গ’ল৷ কোনো এক অজান কাৰণত বাক শক্তি একেবাৰে হেৰাই পেলাইছিল তেওঁ৷ এদিন গঙ্গা স্নান কৰিবলৈ যোৱাৰ আগত গুৰুক কাগজ কলম দিবলৈ আকাৰে –ইঙ্গিতে ক’লে৷ কাগজ দি গুৰু স্নান কৰিবলৈ গ’ল৷ ঘূৰি আহি দেখিলে শিষ্যৰ প্ৰাণ নাই আৰু৷ কাষত এখন চিঠি পৰি আছে৷ চিঠিতে লিখা আছিল, ‘গুৰুজী, এই কথা মই কাকোৱেই কোৱা নাই, মাথোঁ আপোনাক ক’লো৷ আপুনি কৈছিল যে নিধিবনত ভগবান শ্ৰী কৃষ্ণ ৰাসলীলা কৰিব আহে, কিন্তু মই বিশ্বাস কৰা নাছিলোঁ৷ আপোনাৰ কথা অমান্য কৰি নিধিবন গৈছিলো৷ তাত মই ভগবানৰ অলৌকিক ৰূপ প্ৰত্যক্ষ কৰিছোঁ৷ সেই ৰূপ দেখাৰ পিছত জীবনত আৰু একো চাবলৈ নাই মোৰ৷ মই আৰু বাচি থাকিবও নোখোজো৷’ স্পষ্ট বাংলাত লিখা সেই আ(ৰ্যকৰ চিঠি আজিও মথুৰাৰ চৰকাৰী সংগ্ৰহালয়ত সযত্নে থোৱা আছে৷ ৰহস্যৰে ভৰা নিধিবন দৰ্শনৰ হেঁপাহ আমাৰো বহুদিনৰ পৰাই আছিল, সেইয়া সম্ভৱ হ’ল ২০২৩ চনৰ ২৭ ডিচেম্বৰত৷ তালৈ গৈ যি মানসিক শান্তি পালোঁ আৰু অলৌকিকতা অনুভৱ কৰিলোঁ তাক ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়৷ অৱশ্যে বহুতে নিধিবনৰ কথাক নস্যাৎ কৰে৷ তেওঁলোকৰ মতে একাংশ লোকে ভক্তক ভ্ৰমিত কৰিবলৈ নিধিবনৰ অলৌকিকতাৰ প্ৰচাৰ কৰে৷ ইয়াৰ কোনো সত্যা সত্য নাই৷ অৱশ্যে কি সত্য, কি অসত্য সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য আমাৰ হাতত নাই৷ এইয়া ভক্তসকলৰ এক বিশ্বাস যি বছৰ বছৰ ধৰি প্ৰচলিত হৈ আহিছে আৰু প্ৰচলিত হৈ থাকিব…১াধে ৰাধেকলকাতাৰ এজন কৃষ্ণভক্ত আছিল৷ তেওঁ নিজৰ গুৰুৰ মুখেৰে নিধিবনৰ আ(ৰ্যকৰ আখ্যান শুনি কৌতূহল জাগিছিল ৰাতিৰ নিধিবনত কি হয় তাক স্বচক্ষে চোৱাৰ৷ সেই ইচ্ছা লৈয়ে তেওঁ বৃন্দাবন আহিছিল৷ বাঁকে বিহাৰী দৰ্শনৰ পিছত তেওঁ পূৰ্বপৰি কল্পনা মতে লুকাই থাকিল নিধিবনৰ এক জোপোহাৰ মাজত৷ কিন্তু সন্ধা বেলা পূজাৰীৰ হাতত ধৰা পৰি যায়৷ এনেকৈ দুদিন ব্যৰ্থ হৈও তেওঁ হাৰ মনা নাছিল৷ তৃতীয় দিনা তেওঁ এনেকৈ লুকাই থাকিল যে নিধিবনৰ পহৰাদাৰেও বিচাৰি নাপালে৷ সন্ধিয়া নিয়ম অনুসৰি ৰাধা –শ্যামৰ খাট সাজি দৰজাত তলা লগাই পূজাৰী গুচি গ’ল৷ পিছদিনা যেতিয়া দৰজা খোলা হয়, নিধিবনত অচেতন হৈ পৰি আছিল সেই ভক্ত৷ তেওঁ ইমানেই অসুস্থ যে কথা কোৱাৰ শক্তিও নাছিল৷ লগে লগে তেখেতৰ চিকিৎসাৰ ব্যবস্থা কৰা হয়৷ কিন্তু চিকিৎসাও একো সুফল নিদিলে৷ খবৰ পাই ঘটনাৰ ৫ দিন পিছত গুৰুদেৱ আহিল৷ অসুস্থ শিষ্যক নি জেৰ আশ্ৰমত লৈ গ’ল৷ কোনো এক অজান কাৰণত বাক শক্তি একেবাৰে হেৰাই পেলাইছিল তেওঁ৷ এদিন গঙ্গা স্নান কৰিবলৈ যোৱাৰ আগত গুৰুক কাগজ কলম দিবলৈ আকাৰে –ইঙ্গিতে ক’লে৷ কাগজ দি গুৰু স্নান কৰিবলৈ গ’ল৷ ঘূৰি আহি দেখিলে শিষ্যৰ প্ৰাণ নাই আৰু৷ কাষত এখন চিঠি পৰি আছে৷ চিঠিতে লিখা আছিল, ‘গুৰুজী, এই কথা মই কাকোৱেই কোৱা নাই, মাথোঁ আপোনাক ক’লো৷ আপুনি কৈছিল যে নিধিবনত ভগবান শ্ৰী কৃষ্ণ ৰাসলীলা কৰিব আহে, কিন্তু মই বিশ্বাস কৰা নাছিলোঁ৷ আপোনাৰ কথা অমান্য কৰি নিধিবন গৈছিলো৷ তাত মই ভগবানৰ অলৌকিক ৰূপ প্ৰত্যক্ষ কৰিছোঁ৷ সেই ৰূপ দেখাৰ পিছত জীবনত আৰু একো চাবলৈ নাই মোৰ৷ মই আৰু বাচি থাকিবও নোখোজো৷’ স্পষ্ট বাংলাত লিখা সেই আ(ৰ্যকৰ চিঠি আজিও মথুৰাৰ চৰকাৰী সংগ্ৰহালয়ত সযত্নে থোৱা আছে৷ ৰহস্যৰে ভৰা নিধিবন দৰ্শনৰ হেঁপাহ আমাৰো বহুদিনৰ পৰাই আছিল, সেইয়া সম্ভৱ হ’ল ২০২৩ চনৰ ২৭ ডিচেম্বৰত৷ তালৈ গৈ যি মানসিক শান্তি পালোঁ আৰু অলৌকিকতা অনুভৱ কৰিলোঁ তাক ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়৷ অৱশ্যে বহুতে নিধিবনৰ কথাক নস্যাৎ কৰে৷ তেওঁলোকৰ মতে একাংশ লোকে ভক্তক ভ্ৰমিত কৰিবলৈ নিধিবনৰ অলৌকিকতাৰ প্ৰচাৰ কৰে৷ ইয়াৰ কোনো সত্যা সত্য নাই৷ অৱশ্যে কি সত্য, কি অসত্য সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য আমাৰ হাতত নাই৷ এইয়া ভক্তসকলৰ এক বিশ্বাস যি বছৰ বছৰ ধৰি প্ৰচলিত হৈ আহিছে আৰু প্ৰচলিত হৈ থাকিব…১াধে ৰাধে