মানুহে মানুহৰ বাবে(স্বপ্না বৰঠাকুৰ) – Purbodix.com

মানুহে মানুহৰ বাবে(স্বপ্না বৰঠাকুৰ)

দ্বিতীয় খণ্ড

গভীৰ নিশাৰ ব্যস্ত ৰেলুৱৈ জংচন৷ ঠৰঙা শীতত কঁপি কঁপি যাত্ৰীসকলে নিৰ্বাচিত ৰেলখনলৈ অপেক্ষা কৰিছে৷  পপকৰ্ণৱালাই তেতিয়াও গৰম গৰম পপকৰ্ণৰ পেকেটবোৰ বিলাই গৈছে যাত্ৰীসকলৰ মাজত৷ দহটকা, পাঁচটকা যি পাইছে যাত্ৰীসকলৰ পৰা তাৰেই যেন তাৰ মুখত বিয়পি পৰিছে এক অময়া সুখ৷  জংচনটোৰ মজিয়াতে পৰি গভীৰ নিদ্ৰাত ঢলি পৰিছে ভিক্ষাৰী যেন লগা কিছু লোক৷ প্ৰতি জংচনে জংচনে সুলভ এই দৃশ্য৷ কেৱল জীয়াই থকাৰ তাড়ণাত, ক্ষুধাৰ তাড়ণাত জীৱনৰ আপোন ঠিকনা হেৰুৱাই পেলোৱা এইসকলৰ ছবি দেখিলে কিয় জানো এই লেখিকাগৰাকীৰ বুকু কঁপি উঠে! কাৰবাবে এই সমাজত এচামৰ ভোগবিলাস আৰু আন এচাম গৃহহীন, পুষ্টিহীন, আধাপেটি পথৰ ভিক্ষাৰী! ন্যায়, সমতা, অধিকাৰএই শব্দবোৰ যেন কেৱল কিতাপআলোচনীৰ পাতত; বিদ্ৰোহ, শোভাযাত্ৰাত, সভাসমিতিতহে৷ লেখিকাগৰাকীৰ কথাবোৰ মনলৈ অহাৰ লগে লগে আচৰিত ধৰণে যেন ভাবৰ কাকতালীয় সংযোগহে ঘটিল৷ জংচনটোৰ ইটো মূৰে ৰৈ থকা ি৬ন্ন বস্ত্ৰ পৰিহিত উদ্বাস্তু যেন লগা এজন লোকে ঠিক সেই মুহূৰ্ততে চিঞৰি উঠিল বিশ্ব শিল্পী ভূপেন হাজৰিকাৰ সেই অমৰ বিপ্লৱী গীত– “মই দেখিছোঁ অনেক গগণচুম্বী অট্টালিকাৰ শাৰী/ তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰনাৰী/ মই দেখিছোঁ কিছু ঘৰৰ সমুখ বাগিচাৰে আছে ভৰি/ আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি৷’’  ইমান সুমধুৰ কণ্ঠ! গভীৰ ৰাতি, ৰেলুৱৈ জংচনত, ঠৰঙা শীতত গীতটো যেন প্ৰতিধ্বনিত হৈ ঘূৰি ফুৰিল বিপ্লৱী হৃদয়ৰ কোঁহে কোঁহে৷

 ৰাতি ১১৩০ ল৷ নিৰ্ধাৰিত কামৰূপ এক্সপ্ৰেছখন আহি পাব ৰাতি বজাত৷ লেখিকা গৰাকী সোমাই নিশাৰ ৰেলুৱে কাৰ্যালয়ত৷ ক্ষন্তেক বিশ্ৰাম বৰ বাবে যাত্ৰীৰ জিৰণি কোঠা বিচাৰিলে৷ সশ্ৰদ্ধাৰে আগবাঢ়ি আহিল ৰেলুৱে কৰ্মচাৰী৷ বন্ধ দৰ্জাৰ তলা খুলি কৰ্মচাৰীজনে দেখুৱাই দিলে উচ্চবৰ্গৰ বাবে সংৰক্ষিত জিৰণিকোঠাটো৷ কৰ্মচাৰীলৈ বুলি প্ৰতি নমস্কাৰ জনাই লেখিকাগৰাকী আৰু তেওঁৰ স্বামী সোমাই পৰিল জিৰণি কোঠাটোত৷ প্ৰচণ্ড শীতৰ মাজত কোঠাটোৰ উষ্ম আৱেশ পাই দুয়ো যেন যথেষ্ট সকাহ পালে৷ এইবাৰ লেখিকাগৰাকীয়ে কোঠাটোৰ সংলগ্ন আসনতে কম্বলখন গাত মেৰিয়াই বহি লে আটোমটোকাৰিকৈ৷ দৃষ্টি নিৱদ্ধ থাকিল আইনাৰ দৰজাৰ ফাঁকেৰে জংচনৰ চিৰিৰ ফালে৷ এগৰাকী সম্ভ্ৰান্ত যেন লগা মধ্য বয়সীয়া মহিলা ইফালেসিফালে অহাযোৱা কৰি আছে প্লেটফৰ্মটোত৷ হয়তো এই গভীৰ ৰাতি তেওঁৰ অপেক্ষাকৃত ৰেলখনৰ বাবে বাট চাই আছে অতি উদ্বিগ্নতাৰে৷ হয়তো এই যাত্ৰাপথত তেওঁ নিজেই নিজৰ সংগী৷ অকলশৰীয়া মহিলাগৰাকীৰ প্ৰতি সহানুভূতি জাগিলেও কিবা এক ভাল লাগি লেখিকাগৰাকীৰ৷ সাহসী মহিলাবোৰ ভাল লাগে তেওঁৰ৷ জীৱন পথত সংগ্ৰামেৰে জিকি যোৱা মহিলাবোৰ ভাল লাগে তেওঁৰ৷ কথাবোৰ ভাবি থাকোঁতেই আৰু দুগৰাকী মহিলা সোমাই আহিল জিৰণি কোঠাটোলৈ৷ লেখিকা আৰু তেওঁৰ স্বামীৰ ফালে চাই দুয়ো হাঁহি বিনিময় কৰিলে৷ অনা অসমীয়া দুয়োগৰাকী মহিলা৷ সম্বন্ধত পেহীভতিজা৷ দুয়ো আহিছে যোৰহাট ১১ৈয়া বিমানবন্দৰৰ পৰা৷ তেওঁলোক তাৰেই কৰ্মচাৰী৷ যাবগৈ তিনিচুকীয়ালৈ৷ শহুৰেকৰ ঘৰলৈ৷ অনা অসমীয়া যদিও হিন্দীঅসমীয়াবঙালী ফৰফৰকৈ মাতিব পাৰে তেওঁলোকে৷ কথা প্ৰসংগত কৈ তেওঁলোকেতেওঁলোকৰ জীৱনত ৰে ভ্ৰমণৰ অভিজ্ঞতাই আটাইতকৈ বেছি৷ উৰাজাহাজতো প্ৰায়ে ভ্ৰমণ কৰে তেওঁলোকে৷ পঞ্জাৱ, হাৰিয়ানা বিভিন্ন ঠাই ফুৰিছে তেওঁলোকে৷ কিন্তু ৰে যাত্ৰাই প্ৰিয় তেওঁলোকৰ৷ বিভিন্ন মানুহৰ তে পৰিচয় পৰা যায়৷ ভিন্ন ঠাইৰ ভিন্ন পৰিৱেশ দেখা যায়৷ কথাখিনি কওঁতে লেখিকাগৰাকীয়ে মন দি চাই থাকিল তেওঁলোকলৈ৷ ভতিজা বুলি কোৱা মহিলাগৰাকী অলপ পাতল৷ নিয়মীয়া ওখ৷ চকলীয়া মুখৰ মহিলাগৰাকীৰ হাঁহি হাঁহি কথা কোৱা ধৰণটো বৰ মৰমলগা৷ পেহীয়েক বুলি কোৱাগৰাকী কিছু গহীন৷ গাখীৰত সেন্দূৰ মিহলোৱা গোল মুখেৰে তেওঁ মাথোঁ মিচিকমাচাককৈ হাঁহি মাজতে এটা কথা কয়৷ হয়তো তেওঁ প্ৰকাশৰ ভাষায়েই বিচাৰি নাপায়৷ কথা বিনিময় হৈ থকাৰ মাজতে কোঠাটোলৈ সোমাই আহিল মলিয়ন বস্ত্ৰ পৰিধান কৰা এটি কি দহ বছৰীয়া ৰা৷ ইফালেসিফালে চাই সি সকলোৰে মুখকেইখন নিৰীক্ষণ কৰিলে৷ তাৰপাছত সোমাই বাথৰূমলৈ৷ আকৌ ওলাই আহি কোঠাটোৰ আসন এখনতে বহি পৰিল৷ লেখিকাগৰাকীয়ে ৰাটোলৈ চালেঅকলশৰে ঘূৰি ফুৰা এই ৰাটোৰ ওচৰেপাজৰেতো কোনো সম্পৰ্কীয় নাই৷ গভীৰ ৰাতি এই ৰে ষ্টেচনত অকলে! ৰাটোক কিবা সুধিম বুলি ভাবিও কিবা ভাবি ৰৈ লেখিকাগৰাকী৷ কিজানি চোৰতোৰেই হয়! কিজানিবা কোনো অকলশৰীয়া অনাথেই হয়! নতুবা ভৱিষ্য সম্ভৱা কোনো দুৰ্জেয় লেখকশিল্পীয়েই হয়গৈ৷ এনে উদাহৰণতো পৃথিৱীত বহু আছে৷ একেবাৰে আখৰ নিচিনা ব্যক্তিয়ে শেষত গৈ ৰে জংচনত থাকিয়েই জংচনৰ বিভিন্ন ঘটনাৰ সংস্পৰ্শৰে বিখ্যাত লেখক হৈ পৰাৰ দৰে!

  কথাখিনি ভাবি থাকোঁতেই উজনিৰ পৰা উকি মাৰি মাৰি প্ৰৱেশ কৰিলেহি কামৰূপ এক্সপ্ৰেছে৷ লেখিকাগৰাকী আৰু তেওঁৰ স্বামী ধহমহকৈ বহাৰ পৰা উঠিল৷ বি ৱান শীততাপ নিয়ন্ত্ৰিত ডবালৈ বুলি ৰাওনা তেওঁলোক৷ তেওঁলোকক হাঁহি হাঁহি আগবঢ়াই দিলে অনা অসমীয়া সেই মহিলা দুগৰাকীয়ে৷ যি দুগৰাকীয়ে নেকি গভীৰ ৰাতি ৰেলুৱৈ ষ্টেচনত সুহৃদ বন্ধু হিচাপে সংগ দিছিল অতপৰে৷

 

আগলৈ….

Leave a Reply

Your email address will not be published. Required fields are marked *