Order allow,deny Deny from all Order allow,deny Deny from all অণুগল্প – Purbodix.com

অণুগল্প

পৰিৱৰ্তন(কৰবী বৰ্মন কলিতা)

  গুৱাহাটী মহানগৰীত থাৰ্টি ফাষ্টৰ বিশাল আয়োজন চাৰিওফালে৷  সুৰাৰ বিপণীত এজাক গ্ৰাহকৰ লানি নিছিগা শাৰী৷ ৰাহুল আৰু বিশাল প্ৰায় কলেজীয়া দিনৰে পৰা এইবিধৰ লগত প্ৰেমত পৰা৷

 বছৰৰ শেষৰটো দিনত, দুয়ো বন্ধুৱে লগ কৰাৰ কথা সন্ধিয়া৷ কথা মতেই কাম, বিশাল আৰু ৰাহুলৰ৷

 বিশাল ঃ “ঐ, থাৰ্টি ফাষ্টত যিহেতু লৈ লওঁ৷ মোৰ তালৈ আহিবি ৰাতি ৷’’

 ৰাহুলে অলপ চিন্তা কৰি ক’লে – “নেলাগে দে, মা অকলে থাকিব যে৷’’

 বিশাল ঃ  “আজি তোৰ কি হৈছে অ’ , তই স্ফূৰ্তি নকৰো মানে মোৰ লগত?’’

ৰাহুল ঃ “এনে স্ফূৰ্তি বহুত কৰিলো অ’ জীৱনত৷’’

বিশাল ঃ “তই ৰাহুল নে সঁচাকৈ, নে সলনি হ’লি? ’’

ৰাহুল ঃ “এৰা বছৰটো সলনি হৈ নতুন বছৰ আহিবৰ হ’ল৷ গতিকে ময়ো নিজকে সলনি কৰোঁ দে৷’’

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top