
“শিল্পপতি বিশ্বকৰ্মাই স্বৰ্ণ শিল্পৰো অধীশ্বৰ’’
স্বৰ্ণকাৰসকলেই বিশ্বকৰ্মাক শ্ৰদ্ধাৰে স্মৰণ কৰে৷ সোণাৰিৰ শালখনেই স্বৰ্ণকাৰসকলৰ পূজাৰ থলী৷ স্বৰ্ণশিল্পৰ খনিকৰজনক সোণাৰি বোলে৷ সোণাৰিয়ে কোনো স্বয়ংচালিত যন্ত্ৰৰ সহায়েৰে অলংকাৰ নিৰ্মাণ কৰা নাছিল৷ তেওঁলোকৰ অলংকাৰেৰ চানেকিৰ কোনো অংকিত আৰ্হি বা চিত্ৰ নাছিল৷ নিখুঁত আৰু সুন্দৰভাৱে হাতেৰে গঢ়া এই গহনা–গাঁঠৰিসমূহ অসমীয়া জাতিৰ কুটুম হৈ পৰিছে৷
অসমীয়া সমাজ–সংস্কৃতিত সম্ভ্ৰান্তৰ বিশেষ পৰিচয়সূচক সম্পদভাগ সোণাৰিসকলে নিখুঁত হাতৰ যাদুকৰী পৰশেৰে মন–মোহিনী অসমীয়া গহনা–গাঁঠৰি প্ৰস্তুতিৰ কৌশল স্ব–চক্ষুৰে প্ৰত্যক্ষ নকৰিলে তাৰ শিল্পীসুলভ মহত্ব উপলব্ধি কৰা টান৷ সাতামপুৰুষীয়া সংস্কৃতিভাগ কালৰ গৰাহত পৰি বৰ্তমান অসমৰ মাত্ৰ তিনিখন ঠাইতহে নিপুণ খনিকৰসকলে শিল্পভাগ জীয়াই ৰাখিছে৷ ইয়াৰ ভিতৰত নগাঁও চহৰৰ দাঁতিকাষৰত থকা প্ৰায় ৩২০ টি স্বৰ্ণশিল্পীৰ পৰিয়াল বসবাস কৰা ৰণথলি গাঁও, বৰপেটা টাউন আৰু যোৰহাটৰ সোণাৰিগাঁও৷
ৰণথলিত অসমীয়া গহনা–গাঁঠৰি গঢ়োৱা পদ্ধতি
ৰ) কেঁচাসোণ: অসমীয়া গহনা–গাঁঠৰি ক্ষেত্ৰত কেঁচাসোণৰ নামটো বিশেষভাবে¸ উল্লেখনীয়৷ শুদ্ধ ২৪ কেৰেট সোণক প্ৰথমে মমবাতিৰ বিশেষ পদ্ধতিৰ দ্বাৰাই সৰু সৰু মাটিৰ পাত্ৰত গলোৱা হয়৷ হাতোৰা থকা এচটা দীঘল চানেকীয়া কাঠৰ গাঁতত গলোৱা সোণ বাকি দিয়া হয়৷ তেনে কৰাৰ ফলত সোণৰ টুকুৰা হাতুৰীৰে পিটিবলৈ বা প্ৰয়োজনীয় জোখত কাটি উলিয়াবলৈ সহজ হয়৷ তাৰ পাছত হাতুৰীৰে পিটি পাত সোণলৈ ৰূপান্তৰিত কৰা হয়৷ তাকে জনগণৰ মাজত কেঁচাসোণ বুলি কোৱা হয় আচলতে কেঁচাসোণ বুলি একো নাই৷
২) সোণাৰিশালৰ যন্ত্ৰপাতিবোৰ সৰল আৰু সীমিত৷ সোণাৰিশালব যন্ত্ৰপাতিবোৰ হ’ল এখন জুহাল৷ জুহালখন মজিয়াত বা বহল পাত্ৰ এটিত পাতি লয়৷ কিছুমান জুহাল নিগাজিভাবে সজা হয়৷ কোনো জুইশালত ভাটী এটা সংলগ্ন থাকে৷ কিছুমান শালত বাঁহ বা লোৰ ফু–চুঙাৰে ভাটীৰ কাম কৰা হয়৷ ফু–চুঙাৰ নল–ফুংকাৰীৰ বাহিৰেও বেঁকা ফুঁ–চুঙা এডাল থাকে৷ ৰূপক ২৪ কেৰেট শুদ্ধ সোণৰ দৰে মমবাতিৰ বিশেষ পদ্ধতি আৰু জ্বলন্ত এঙাৰৰ সহায়ত গলোৱা হয় আৰু নিৰ্দিষ্ট আকাৰ তৈয়াৰ কৰা হয়৷
৩) নিৰ্দিষ্ট গহনা–গাঁঠৰিৰ আকাৰটো গঢ় দিবৰ কাৰণে জোৰা লগাবলৈ পাইন ব্যৱহাৰ কৰা হয়৷ পাইন হ’ল ৰূপৰ আৰু কপাৰৰ ৬ঃৰ অনুপাতৰ মিশ্ৰণ৷

৪) সোণ–ৰূপ থৈ হাতুৰীৰে মূৰত তীখা লগোৱা সঁজুলিটোক নিয়াৰি বোলে৷ সোণাৰিশালাত সৰু–ডাঙৰ হাতুৰী কেইবাটাও থাকে৷ সৰু–ডাঙৰ চেপেনাও থাকে, তদুপৰি মিহি কৰিবৰ বাবে ৰেটি আৰু চেনিৰ বাহিৰেও সোণাৰি শালত আৰু এবিধ প্ৰয়োজনীয় আহিলা হ’ল কেইবাটাও ছিদ্ৰ থকা এখন তীখাৰ ফলি৷ ইয়াত সোণ বা ৰূপৰ গুণা বা সূত্ৰ কৰিবলৈ হ’লে জোখৰ ছিদ্ৰৰ এফালে আগ এটা সুমুৱাই দি আনফালৰ পৰা টানি উলিওৱা হয়৷ সোণ–ৰূপ হৈছে কোমল ধাতু৷ সেয়ে ছিদ্ৰৰে টানি নিলে বলি সি গুণা সূতাত পৰিণত হয়৷ এই গুণা দি মিনা কৰিবৰ কাৰণে তহৰী সজা হয়৷ এই গহনা–গাঁঠৰিবোৰত ব্যৱহাৰ কৰা মিনা এবিধ চিচা৷ ইয়াক গুড়ি কৰি সেই গুড়িখিনি গহনাৰ ওপৰত সানি লৈ পুৰি গলোৱা হয়৷ মিনা কৰা পদ্ধতিত জুই ফুৰোৱা ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হয়৷ এই মিনা বিভিন্ন ৰঙৰ থাকে৷ ৰঙা, সেউজীয়া, নীলা, ফিৰোজা (পাতল নীলা), ভাটৌ ৰং, বগা, হালধীয়া, ক’লা ইত্যাদি৷
প্ত) অসমীয়া গহনা–গাঁঠৰি, যেনে– ডুগডুগী, গেজেৰা, ঢোলবিৰি আদিৰ আকৃতিৰ যিটো পটভূমি তৈয়াৰ কৰা হয়, সেই পটভূমিৰ ভিতৰত লা ভৰোৱা হয় আৰু তাৰ পাছত নিৰ্দিষ্ট ঘৰবোৰত পাথৰ (বাখৰ) খটোৱা হয়৷ পাথৰ (বাখৰ) খটোৱা ক্ষেত্ৰত দুই প্ৰকাৰৰ পাথৰ পোৱা যায়–
ক) বজাৰত পোৱা বহিৰাগত জয়পুৰী পাথৰ
খ) নিজে তৈয়াৰ কৰা কাঁচ পাথৰ জ্বলন্ত এঙাৰত পাতল কাঁচ শলাই নিৰ্দিষ্ট পটভূমিত তৈয়াৰ কৰা হয়৷
জয়পুৰী পাথৰৰ ক্ষেত্ৰত সোণ পাত দি পাথৰ খটোৱা হয়৷ আনহাতেদি কাঁচ পাথৰৰ ক্ষেত্ৰত ৰঙা, নীলা, সেউজীয়া আদি পাথৰৰ সাপেক্ষে ৰাংপাত দি খটোৱা হয়৷ গহনা ঘঁহা–পিহা কৰিবলৈ ছালফিউৰিক এচিড বা টেঙাপানী ব্যৱহাৰ কৰে৷ শেষত অলংকাৰ পৰিষ্কাৰ কৰিবলৈ মণিছালৰ গুটি ঘঁহা হয়৷
৬) বিভিন্ন সঁজুলিৰ দ্বাৰা ৰূপ বা সোণৰ পটভূমিৰ ওপৰত ঘঁহিয়াই ধাৰ কৰা হয়; যাক কচলী মৰা বুলি কোৱা হয়৷ তাৰ ওপৰত সোণ পাত (leaf Gold) খটোৱা হয়৷
৭) শেষত টাৰচেলত বাখৰ মণি, ঘেচি মণি, প্ৰবাল মণি, সোণ–ৰূপৰ মণি, বাখৰ খটোৱা মণিৰ দ্বাৰা মালা ডাল গাঁঠি আটকধুনীয়া গঢ় দিয়া হয়৷

আগৰ দিনত সোণাৰিয়ে সোণ–ৰূপ গলোৱাৰ পৰা আৰম্ভ কৰি গঢ়ি–পিটি ঘঁহি–মাজি প্ৰয়োজনত মিনা কৰা পাতসোণ লগোৱা আৰু বাখৰ খটোৱা সকলো কামকে কৰিছিল৷ আজিকালি কামবোৰ ভাগে ভাগে কৰা বিভিন্ন শিল্পী ওলাইছে৷ এজনে অলংকাৰ পদৰ গঢ় দিয়ে, এজনে কটাকটি কৰি নিমজ কৰে, এজনে বাখৰ খটোৱা, এজনে মিনা খুৱায়, এজনে সোণপাত লগোৱা, এজনে ধুই–মেলি চক্চকীয়া কৰা, শেষত এজনে মালাগুটি গাঁঠি সম্পূৰ্ণ কৰে৷ ৰূপৰ ওপৰত আজিকালি শুদ্ধ ২৪ কেৰেট সোণতো লগোৱা পৰিলক্ষিত হয়৷
বৰপেটাৰ টাউনৰ অসমীয়া গহনা–গাঁঠৰি গঢ়োৱা পদ্ধতি
বৰপেটাৰ গহনা–গাঁঠৰিবোৰ পাথৰ নখটুৱাই সুন্দৰ মিনা কৰা হয় আৰু পাত সোণৰ সলনি সোণ–পানী চৰোৱাই আটকধুনীয়া অসমীয়া গহনাৰ গঢ় দিয়া হয়৷ এইবোৰ পদ্ধতিৰ উপৰিও সম্পূৰ্ণৰূপে ২৪ কেৰেট সোণৰ দ্বাৰা অসমীয়া গহনা গঢ়োৱা হয়৷
যোৰহাট সোণাৰিগাঁৱৰ অসমীয়া গহনা–গাঁঠৰি গঢ়োৱা পদ্ধতি
যোৰহাটৰ গহনা–গাঁঠৰি গঢ়োৱা পদ্ধতি নগাঁও ৰণথলিত গঢ়োৱা পদ্ধতিৰ সৈতে প্ৰায় একে৷ কেৱল ৰূপ পটভূমিত নগঢ়াই শুদ্ধ সোণতে গঢ়োৱা হয়৷ সম্পূৰ্ণৰূপে শুদ্ধ সোণতে বাখৰ খটোৱা হয় আৰু পটভূমিৰ পিছফালে আটকধুনীয়াকৈ মিনা কৰোৱা হয়৷