বহনক্ষম খাদ্য প্ৰণালীৰ প্ৰয়োজনীয়তা – Purbodix.com

বহনক্ষম খাদ্য প্ৰণালীৰ প্ৰয়োজনীয়তা

আৰু প্ৰয়োগ কিমানদূৰ(নয়নমণি শইকীয়া)

বহনক্ষম খাদ্য প্ৰণালী মানে সাধাৰণ ভাষাত এয়ে যে এই প্ৰণালীৰ দ্বাৰা সমগ্ৰ বিশ্ববাসীক খাদ্য সংৰক্ষণ আৰু পুষ্টিৰ যোগান ধৰে৷ এই প্ৰণালীৰ সহায়ত অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পৰাকৈ এক নতুন চিন্তাধাৰা মানৱ জাতিলৈ আগবঢ়োৱা হৈছে এফ. . ’ (FAO- Food গু Agriculture Organization) দ্বাৰা৷ বহনক্ষম খাদ্য প্ৰণালীৰ উদ্দেশ্য কিদৰে আমাৰ ভৱিষ্যৎ প্ৰজন্মক খাদ্য সুৰক্ষাৰ লগতে প্ৰয়োজনীয় পুষ্টি যোগান ধৰিব পৰা যাব৷

 

সমগ্ৰ বিশ্বত জনসংখ্যাৰ বৃদ্ধিয়ে বৈজ্ঞানিকসকলক চিন্তিত কৰি পেলাইছে যে অনাগত ভৱিষ্যতত কিদৰে মানৱ জাতিৰ খাদ্য চাহিদা পূৰণ কৰিব৷ বৰ্তমান প্ৰচলিত কৃষি পদ্ধতিয়ে শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ কিছু কিছু ক্ষেত্ৰত সক্ষম হৈছে যদিও মাটিৰ উৰ্বৰতা অটুত ৰখা ক্ষেত্ৰত এই প্ৰণালীয়ে সুফল দেখুৱাব পৰা নাই৷ লগতে মানৱ জাতিৰ স্বাস্থ্যৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে৷ বহু ডাঙৰ ডাঙৰ গৱেষণাইও মানুহৰ শৰীৰৰ মাৰাত্মক ৰোগৰ বাবেও বৰ্তমান প্ৰচলিত কৃষি পদ্ধতিকে দোষাৰোপ কৰিছে৷

সেউজ বিপ্লৱক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ৰাসায়নিক আৰু অজৈৱিক কৃষি পদ্ধতিৰ বিকল্প হিচাপে এই বহনক্ষম কৃষি প্ৰণালীক এক নতুন চিন্তাৰে উদ্ভাৱন কৰা হৈছে৷ এই প্ৰণালীত কম শক্তি, কম পানী, কম অৰ্থ তথা কম ব্যয়ৰে শস্য উৎপাদিত কৰা ব৷ কোনো ৰাসায়নিক সাৰ বা কীটনাশক ব্যৱহাৰক গুৰুত্ব দিয়া নহব৷ ফলস্বৰূপে খেতিমাটিৰ কোনো গুণাগুণ নষ্ট নোহোৱাকৈ খেতিয়কসকলে বছৰ বছৰ ধৰি একেখিনি মাটিতে খেতি কৰি সুফল লাভ কৰিব পাৰিব৷ ঠায়ে ঠায়ে পানীৰ এনে অভাৱ থাকে যে খেতি কৰাটো বহু দূৰৰে কথা খোৱা পানীকণৰ বাবেও বহুত চিন্তা কৰিব লগা হয়৷ চুডান, পেৰু, ইজিপ্ত, কোৱেট, কাটাৰ এনে দেশবোৰত সেয়েহে খোৱাপানীৰো যথেষ্ট দাম হয়৷ খেতিৰ বাবেও তেনে ঠাইবোৰত নিতৌ নতুন কৌশলৰ ব্যৱহাৰ হয়৷

 

বহনক্ষম খাদ্য প্ৰণালীয়ে সম্পূৰ্ণ কৰ্ম পদ্ধতিটোকে এক সঠিক পথত নিবলৈ চেষ্টা কৰিব৷ বহনক্ষম খাদ্য প্ৰণালীয়ে কেৱল জৈৱিক পদ্ধতিৰে খেতি কৰি শস্য উৎপাদন কৰাতে সীমাৱদ্ধতা নাৰাখি উপযুক্ত পদ্ধতিৰে খাদ্য সামগ্ৰীৰ সমষ্টিকৰণ, সংৰক্ষণ, বিতৰণ আদি স্তৰসমূহকো সামৰি ব৷ বহনক্ষম খাদ্য প্ৰণালীৰ জৰিয়তে জীৱনৰ পালনপোষণ, বন পালন, মৎস্য পালন আদিৰ ক্ষেত্ৰতো যথেষ্ট উপকৃত পাৰিব৷ সমগ্ৰ বিশ্বতে অভাৱনীয় জনসংখ্যাৰ বিস্ফোৰণে নিতৌ ভৰণপোষণ দিবৰ বাবে যিবোৰ অত্যাধুনিক অজৈৱিক পদ্ধতিৰ প্ৰৱল ব্যৱহাৰ হৈ আহিছে, সেইবোৰে যে অনাগত ভৱিষ্যতত মানৱ জাতিৰ অস্তিত্বৰ ওপৰত  ঋণাত্মক প্ৰভাৱ পেলাব সেইয়া এশ শতাংশই নিশ্চিত৷ সেয়েহে, যিয়ে যেনেকৈ পাৰে নিজ নিজ ঘৰতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ এই প্ৰণালীয়ে উৎসাহ যোগাব৷ প্ৰতিদিনাই আমাৰ পাকঘৰৰ পৰা ওলোৱা জৈৱিক আৱৰ্জনাসমূহ আৰু শস্যসমূহ ধোৱাঁ পানীসমূহ অপচয় বলৈ নিদি সঠিক ৰূপত ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি৷ এই পদ্ধতিটো বহনক্ষম খেতি পদ্ধতিৰে অন্তৰ্গত নি(য়কৈ আৰু যাক কোৱা হয়কিটচেন গাৰ্ডেন’ (Kitchen-Garden) লগতে কেঁচুসাৰ উৎপন্ন আৰু ব্যৱহাৰ কৰিও বহনক্ষম খাদ্য পদ্ধতিক আৰু বেছি শক্তিশালী কৰি তুলিব পৰা যাব৷

অৱশ্যে কোনো কোনো ঠাইত কিট্চেন গাৰ্ডেন আৰু কেঁচুসাৰ (Vermi Compost) ইতিমধ্যে সমাদৰ লাভ কৰিছে৷ কিট্চেন গাৰ্ডেন কেৱল ব্যক্তিগতভাৱেই নহয়, সমূহীয়াকৈও কৰা পৰিলক্ষিত হয় ব্ৰিটেইন আৰু আমেৰিকাৰ দৰে উন্নত আৰু প্ৰগতিশীল দেশবোৰত৷ ভাৰতবৰ্ষক বাদ দি কানাডা, ইটালী, মালয়ছিয়া ইত্যাদি দেশবোৰত কেঁচুসাৰৰ বহুলভাৱে ব্যৱহাৰ হৈ আহিছে৷ কেঁচুসাৰৰ উৎপাদন প্ৰক্ৰিয়া অতি সহজ হোৱাৰ লগতে কম ব্যয়ী হোৱাৰ বাবে যিকোনো স্তৰৰ মানুহে এই সাৰ ঘৰতে উৎপাদন আৰু ব্যৱহাৰ কৰিব পাৰে৷ অতি গৌৰৱৰ বিষয় যে কেঁচুসাৰৰ ১৫ানিৰ ক্ষেত্ৰত ভাৰতবৰ্ষই এক নম্বৰ স্থান দখল কৰি আছে৷

এই স্বাস্থ্যসন্মত বহনক্ষম খাদ্য প্ৰণালীৰ দ্বাৰা মানৱ জাতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যদিও ইয়াৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োগ কৰাৰ গুৰুত্বতাৰ পৰিসৰ বৰ্তমানেও সীমিত হৈ আছে৷ কিন্তু সূদূৰ ভৱিষ্যতে কেৱল ভাৰতবৰ্ষতেই নহয় সমগ্ৰ বিশ্বতে বহনক্ষম খাদ্য প্ৰণালীৰ অপৰিহাৰ্যৰ প্ৰয়োগ যে অত্যাৱশ্যকীয় হৈ পৰিব সেইয়া চিৰন্তন সত্য বুলি দাবী কৰিব পৰা হৈ পৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *