জোৰন পালেহি, জোৰন পালেহি দেই৷ আগবাঢ়ি আহক অ’ কইনাৰ মাক৷ জোৰন কলপুলিৰ তলত ৰ’লহি৷
গোটেই ঘৰখনত খৰধৰ লাগে৷ এনেয়ো বিয়াঘৰ৷ তাতে সময়তকৈ অলপ আগতেই জোৰন আহি পালে৷
ঘৰখনৰ ভিতৰত মানুহকেইগৰাকীৰ দৌৰা দৌৰি লাগে৷ সকলোৱে নিজৰ নিজৰ দায়িত্ব গাত পাতি লৈ কামবোৰ খৰধৰকৈ কৰি জোৰন আদৰিবলৈ সাজু হয়৷
ভিতৰৰ পৰা উচুপনিৰ শব্দ ভাঁহি আহে৷ “নাপায় নাপায় নীলা নাকান্দিবি’’ এনে সময়ত চকুৰ পানী ওলাব নাপায়৷ আৰু তই এনেখন কৰিলে মাৰক কোনে চাব হয়নে? বৰমাকে নীলাক সাৱটি ধৰি বুজনি দিয়ে৷
চকুৰ পানীক চেষ্টা কৰিও বাধা দিবলৈ সক্ষম নহয় তাই৷ তেনে সময়তে মাক তাইৰ ৰুমলৈ সোমাই আহে৷ তাই মাকে নেদেখাকৈ চকুৰ পানীকণ মচি লয়৷
“মাজনী ডাঙৰ শৰাই ঢকা কাপোৰখন ক’ত থলো দেখিছিলি নি? তাত দিয়াখন অলপ সৰু হৈছে৷’’
তাই বেগটোৰ কাষৰ পৰা শৰাই ঢকা কাপোৰখন উলিয়াই মাকৰ হাতত দিয়ে৷
মাকে তাইলৈ চাই শৰাই ঢকা কাপোৰখন লৈ লৰালৰিকৈ বাহিৰলৈ ওলাই যায়৷
ঘৰখনত কেৱল তিনিটা মানুহ আছিল ইমান দিনে৷ এতিয়াৰ পৰা দুটা হ’ব আৰু বৰমাকে দুখেৰে কয়৷ কি কৰিবি ছোৱালী জীৱন এনেকুৱাই আৰু জন্ম এখন ঘৰত আৰু মৃত্যু বেলেগ এখনত৷ ভালকে থাকিবি নিশী৷ তাতে বৰমাকে আকৌ কিবা এষাৰ ক’বলৈ লওতেই জাত জাত উৰুলিয়ে বিয়াঘৰ কপাঁই তোলে৷
তাই মনতে ভগৱানক প্ৰাৰ্থনা কৰে৷ ভগৱান সকলো ভালে ভালে হৈ যায় যেন৷
তাইৰ চকুৱে ভায়েকটোক বিচাৰে৷ তাই জানে সাংঘাতিক ব্যস্ত ভায়েকটো৷ সকলো দায়িত্ব সিয়েই লৈছে৷ বায়েকৰ বিয়াখনত সি ভায়েকৰ পৰিৱৰ্তে দেউতাকৰ দৰে তাই আৰু মাকক আৱৰি ৰাখিছে৷
কথাবোৰ ভাৱি থাকোঁতেই বৰমাকে তাইৰ ওৰণিখন আৰু অলপ দীঘলকৈ দি দিয়ে৷ লগৰ কেইজনীয়ে তাইৰ চকুৰ পানীয়ে তিয়াই পেলোৱা মুখখন অলপ ঠিক–ঠাক কৰি দিয়ে৷
একেবাৰে সাধাৰণ এখন বিয়া৷ বৰ্তমানৰ জাক জমকতাৰ সম্পূৰ্ণ বিপৰীতে সমাজক সাক্ষী কৰি কেৱল দুখন হৃদয় এক হোৱাৰ এক অনুষ্টুপীয়া এক আয়োজন মাথোঁ৷
কইনাক ৰভাৰ তললৈ উলিয়াই অনাৰ নিমন্ত্ৰণ আহিল সমাজৰ পৰা৷ বৰমাকে ভায়েকক বিচাৰে কইনাক সমাজৰ মাজলৈ কোলাত লৈ যাবৰ বাবে৷
বৰমাকৰ নিৰ্দেশত ভায়েকে তাইক কোলাত তুলি লয়৷
“বৰমা এইজনীয়ে বিয়াৰ ভাত খাই খাই একেবাৰে পেটুলি হৈ পৰিল৷ ইমান গধুৰ অ’’
ভায়েকে তাইক সদায় কৰাৰ দৰে কাজিয়া কৰিবলৈ কথাষাৰ কয়৷

আজি কিন্তু তাইৰ ভায়েকৰ কথা শুনিও তাৰ লগত কাজিয়া কৰিবলৈ মন যোৱা নাই৷ তাৰ বিপৰীতে তাইৰ বুকুখন কিবা এটা বেলেগ ধৰণৰ ভয়তহে কঁপিবলৈ ধৰে৷ এই ভয়টো তাইৰ জন্মগত বা শৈশবৰ লগৰীয়া বুলি ক’লেও বঢ়াই কোৱা নহয়৷
নিশী আজি কইনা দৰা নেখেলো দেই৷ আজি আমি দৌৰা দৌৰি খেলিম৷ তই তাতে বহি চাই থাকিবি আমাক ৷ লগৰবোৰে তাইক কৈছিল৷ সেইসময়ত তাইৰ মনটো কেনেকুৱা লাগিছিল তাইৰ বাদে হয়তো কোনেও বুজি নাপাব৷ কোনেও নেদেখাকৈ বাৰে বাৰে চেষ্টা কৰিছিল নিজৰ ভৰিত থিয় দিবলৈ৷ তেনেকুৱা সময়তে তাইৰ কপাঁলত ডাঙৰকৈ ঘাঁ এটুকুৰা হৈছিল৷
এনেয়ে লেঙেৰি, তাতে নিজেই নিজৰ কপাঁলখনো ফুটাই ললে৷ ভাল গলগ্ৰহ এটা লাগিল দেই মাকৰ ডিঙিত৷ ল’ৰাটোৰ হোৱা হলেও কথা অলপ বেলেগ৷ ছোৱালী মানুহ৷ গিৰিয়েক নোহোৱা মানুহজনীৰ কম সমস্যা হ’ব নে?
ফুচফুচকৈ হোৱা কথা–বতৰাবোৰ তাইৰ কাণতো পৰে৷ মাকেও শুনা পায় কথাবোৰ, কিন্তু সেই খোচা–বিন্ধাবোৰে তাইৰ কোমল বুকুখন ফালি চিৰাচিৰ কৰাৰ দৰে মাকৰ বুকুখনত খোচ দিব নোৱাৰে৷ মাকে নিজৰ বুকুৰ উমেৰে তাইকো আৱৰি ধৰে কাঁইটৰ আচোঁৰ নলগাকৈ৷
লগৰ সমনীয়াৰ পৰা দূৰৈত মাকে তাইৰ বাবে গঢ়ি দিয়ে এখন বেলেগ পৃথিবী৷ কিতাপ, ৰং তুলিকাৰ তাইৰ পৃথিবীখন৷ মাকে সাজি দিয়া পৃথিবীৰ ৰাণী তাই৷ সেইখন পৃথিবীৰ জৰিয়তেই তাই লগ পায় তাইৰ সপোনৰ ৰাজকুমাৰক৷
ছবি, কবিতা লিখি ভালপোৱা ল’ৰাটো সকলোতকৈ বেলেগ৷ দৃষ্টিহীন ল’ৰাটোৱে স্পৰ্শৰ সহায়তেই বিচাৰি উলিয়াই ৰংবোৰ৷ এখনৰ পাছত আনখন বগা কেনভাচত সপোনৰ ৰং আঁকে৷ অতি কম সময়ৰ ভিতৰতে এটা আনটোৰ পৰিপূৰক হৈ পৰিল৷ কোনোৱাই হয়তো ঠিকেই কৈছিল দুটা সম্পূৰ্ণ মানুহৰ পৰিৱৰ্তে দুটা অসম্পূৰ্ণ মানুহে সম্পূৰ্ণ কৰি তোলা সম্পৰ্কবোৰ অধিক দৃঢ় হয়৷
ভায়েকে তাইক ৰভাৰ তলত নিদিষ্ট কৰি থোৱা ঠাইত বহুৱাই দিয়ে৷ তাই সেৱা লয় সমাজৰ৷ সকলোৱে তাইক আশীৰ্বাদ দিয়ে৷ দৰাঘৰৰ মানুহৰ মাজৰ পৰা কাব্যদ্বীপৰ নবৌয়েক আগুৱাই আহে৷ মাতৃহীন কাব্যদ্বীপৰ বাবে নবৌয়েক মাকতকৈ কোনো গুণে কম নহয়৷ নবৌয়েকে তাইৰ শিৰত সেন্দূৰ পিন্ধাই দিয়ে৷ এপদ এপদকৈ গহনা কেইপদো পিন্ধাই দিয়ে৷ নতুনকৈ কইনাৰ বগা সাজযোৰত আইনাখনত তাই নিজকে দেখি কিবা বেলেগ বেলেগ লাগি যায়৷ সেন্দূৰৰ ৰাঙলি ৰংটো যেন তাইৰ মুখলৈকে বিয়পি পৰিল৷
নবৌয়েকে সমাজৰ সকলোৱে দেখাকৈ আ–অলংকাৰ, কাপোৰ আদি দেখুৱাই শৰাইখনতে সকলো উলিয়াই দিয়ে৷
এইবাৰ নবৌয়েকে লগত সাৱধানেৰে লৈ অহা বাকচটো খুলিবলৈ আৰম্ভ কৰে৷ সকলোৰে চকু সেই বাকচটোত আৱদ্ধ৷ টকা–পইচা থকা মানুহৰ ঘৰৰ ল’ৰা নি(য় কিবা দামী হীৰা–মুকুতা দিছে৷ সকলোৱে মনে মনে ভাবে৷
সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই নবৌয়েকে বাকচটোৰ পৰা কোনেও কল্পনা নকৰা অদ্ভুত ধৰণৰ সামগ্ৰী এবিধ উলিয়াই আনে৷ নিশিয়েও ধৰিব পৰা নাছিল প্ৰথমতে সেইটো আচলতে কি?
নবৌয়েকে সকলোৱে শুনাকৈ কয় “এইটো আমাৰ দৰাই কইনাৰ বাবে অতি মৰমেৰে দিয়া বস্তু দেই৷ এতিয়ালৈকে দিয়া সকলোবোৰতকৈ বেছি দামী৷ নবৌয়েকে নিশিৰ মেখেলাখন দাঙি নতুনকৈ অনা কৃত্ৰিম ভৰিখন পিন্ধাই দিয়ে৷ দৰাঘৰৰ মানুহৰ লগত অহা অচিনাকি যেন লগা মানুহজন আগুৱাই আহে আৰু নিশিক ভৰিখন পিন্ধাই দিয়ে সমাজৰ আগতে৷
ভৰিখন পিন্ধি প্ৰথমতে নবৌয়েকৰ গাত ধৰি নিশি থিয় দিবলৈ চেষ্টা কৰে৷ নবৌয়েক অলপ আঁতৰি দিয়ে নিশি এতিয়া তোমাক কাৰো প্ৰয়োজন নাই তুমি নিজেই নিজৰ ভৰিত থিয় দিবলৈ সক্ষম আৰু প্ৰয়োজনত বেলেগৰ সহায়হে কৰিব পাৰিবা৷
“মা, মা খুড়ীৰ ভৰি মই ধুৱাম ন আমাৰ ঘৰৰ কলতলত ৷ পাচঁ বছৰীয়া ভতিজা ৰুণে সকলোৱে শুনাকৈ কয়৷
নিশিৰ চকুৱেদি আনন্দৰ অশ্ৰু বাগৰি যায়৷ দুৱাৰৰ চুকৰ পৰা নিশিৰ মাকেও দেখা পায় নিশিৰ চকুৰ পানী৷ জোৰণ চাব নোৱাৰিলেও নিশিৰ মাকে নিজৰ ছোৱালীজনীৰ আনন্দখিনি নোচোৱাকৈ থাকিব নোৱাৰিলে৷
ৰভাৰতলত আয়তীয়ে পুনৰ জাত জাত উৰুলিৰ মাজত পুনৰ বিয়া নাম আৰম্ভ কৰে
“মাৰাৰ অলংকাৰ থোৱা কাটি কৰি’’৷