
বহু যুগৰ আগৰে পৰা পৃথিৱীত নৃত্যৰ প্ৰচলন হৈ আহিছে৷ সংগীতৰ লয়ত হস্ত পদ আৰু দেহৰ আন অংগ সঞ্চালন কৰি যি কলা সমাপন কৰা হয় সেয়াই নৃত্য৷
মনৰ আনন্দত, চিকাৰৰ আনন্দত বা যুদ্ধ জয়ৰ আনন্দত, প্ৰিয়জনৰ সৈতে মিলনৰ আনন্দত স্বতঃস্ফূৰ্তভাৱে মানুহৰ শৰীৰৰ যি লয়লাস যুক্ত ভংগিমা সেয়াই সহজ ভাষাত এসময়ত আছিল নৃত্য৷ নৃত্যক ঐশ্বৰিক শক্তিৰ উপাসনাৰ অংগ বুলিও জ্ঞান কৰা হয়৷ দেৱদাসী নৃত্য তেনে এক নৃত্যৰেই অংশ৷ মহাদেৱ শিৱৰ তাণ্ডৱ নৃত্যৰ কথা মনলৈ আহিলেই আমাৰ এক ভক্তিভাৱ ওপজে৷ নটৰাজৰ মূৰ্ত্তিৰ সন্মুখত প্ৰণাম নকৰাকৈ নৃত্য কৰিব পাৰি জানো!
নৃত্যকলা এক মনোগ্ৰাহী কলা৷ নৃত্য বিশাৰদসকলৰ সাধনা– চৰ্চা – অনুশীলন আৰু উপস্থাপনে এই কলাক অনন্য মৰ্যাদাসম্পন্ন কৰি তুলিছে৷
নৃত্যই দৰ্শক আৰু নৃত্য পৰিৱেশন কৰা কলা–কুশলীক দিয়া মনোৰঞ্জনৰ লগতে আন কিছু দিশো নৃত্যৰ লগত জড়িত হৈ আছে৷
সময় যোৱাৰ লগে লগে নৃত্যৰ পৰিভাষা সলনি হ’ল৷ বিজ্ঞানৰ ফালৰ পৰা চাবলৈ গ’লেও নৃত্যকলাৰ বহু উপকাৰিতা আছে৷
আমাৰ ভাৰতত প্ৰচলিত সত্ৰীয়া, কথক, ওডিছি, কথাকলি, ভাৰতনাট্যম আদি ধ্ৰুপদী নৃত্যৰ সমগ্ৰ বিশ্বতে আদৰ আছে৷ বিদেশৰ বহু শিল্পীয়েও আমাৰ এই নৃত্যসমূহৰ চৰ্চা কৰা দেখা গৈছে৷
পাশ্চাত্যৰ পৰা সমগ্ৰ বিশ্বত বিয়পি পৰা হিপ হ’প, বেলী ডেন্স, বেলেড, কনটেম্পৰাৰী আদি নৃত্যশৈলীয়েও এক সুকীয়া আসন দখল কৰিছে৷
ধ্ৰুপদীয়েই হওক বা পাশ্চাত্যই হওক নতুবা বিহু, মণিপুৰী, ভাংৰা, গৰ্বা আদিৰ দৰে স্থানীয় নৃত্যৰ পৰিবেশনে আমাক আনন্দ দিয়াৰ লগতে শাৰীৰিক ব্যায়ামৰো কাম কৰে৷ শৰীৰ চৰ্চাত এৰ, বিকছৰো যথেষ্ট অৰিহণা আছে৷ নৃত্যকলা এক স্বাস্থ্যসন্মত শাৰীৰিক কাৰ্যপ্ৰণালী৷

মানসিক স্বাস্থ্যৰ বাবেও নৃত্য খুবেই লাভজনক৷ নৃত্যকলাৰ পৰিবেশনৰ ফলত শৰীৰত নিঃসৰিত হৰমনে দেহ–মনক সতেজতা প্ৰদান কৰে৷ নৃত্যই মাংসপেশীৰ শক্তি আৰু সহনশক্তি বৃদ্ধি কৰাৰ লগতে দেহৰ ‘মটৰ ফিটনেছো’ বৰ্তাই ৰাখে৷ ইয়াৰ উপৰিও নৃত্যৰ মাধ্যমৰে আমাৰ শৰীৰত কাৰ্ডিঅ’ ভাস্কুলাৰ ডিজিজৰ সম্ভাৱনা কমে৷ নৃত্যই আমাৰ স্মৃতিশক্তি বঢ়ায়, হতাশা দূৰ কৰে, মুড ঠিকে ৰাখে, পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰে, শাৰীৰিক শক্তি বৃদ্ধি কৰে, পাচনতন্ত্ৰ শক্তিশালী কৰে, হজম শক্তি বঢ়ায়, মগজুৰ সক্ৰিয়তা বৃদ্ধি কৰে, হাড় শক্তিশালী কৰে৷ মুঠতে নৃত্যৰ জৰিয়তে আমাৰ শৰীৰ আৰু মনে লাভ কৰা উপকাৰ বহুত৷ আজিৰ আধুনিক জীৱনশৈলীত সততে সৃষ্টি হোৱা মানসিক উদ্বেগ আৰু ষ্ট্ৰেচ দূৰ কৰাত নৃত্যৰ বহু অৰিহণা আছে৷
শৰীৰৰ বেলেঞ্চ আৰু ফ্লেক্সিবিলীটি বৰ্তাই ৰক্ষাত নৃত্যৰ ভূমিকা যথেষ্ট৷
হৃদযন্ত্ৰৰ সুস্থতাৰ বাবেও নৃত্যকলাৰ যথেষ্ট গুৰুত্ব আছে৷
সংগীতৰ লয়ত নৃত্যৰ তালত কৰা শৰীৰ চৰ্চা জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়৷ আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ মাটি আখৰা এটি সুন্দৰ শাৰীৰিক কচৰৎ৷ নৃত্যৰ মাজেৰে মানুহৰ উদ্বিগ্নতা আৰু মানসিক চিন্তাৰ পৰা সকাহ লাভ কৰা যায়, নৃত্যচৰ্চাৰ মাধ্যমৰে শৰীৰৰ অলাগতিয়াল চৰ্বিও কমে৷ শৰীৰ আৰু মনৰ বহু উপকাৰ সাধন হয় নৃত্যৰ মাধ্যমৰে৷
যিসকল লোকে নিয়মমাফিক শাৰীৰিক অনুশীলন কৰিবলৈ সময় মিলাব নোৱাৰে বা জিমলৈ গৈ শৰীৰৰ যতন ল’ব নোৱাৰে সেইসকলে নিজৰ পছন্দৰ শৈলীৰ নৃত্যচৰ্চাৰেও শাৰীৰিক অনুশীলন কৰিব পাৰে৷ উদাহৰণ স্বৰূপে কথক নৃত্য চৰ্চাৰো বহু ইতিবাচক দিশ আছে৷ সেইদৰে আন আন শৈলীৰ নৃত্যৰ চৰ্চাৰেও আমাৰ দৈহিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি হয়৷
দিনটোৰ ব্যস্ততাৰ মাজতেই কিছু সময় উলিয়াই নৃত্য কৰিবলৈ ল’লে বহুখিনি অসুবিধা দূৰ হয়৷ এইটো নহয় যে বিশেষভাৱে এক নিৰ্বাচিত শৈলীৰহে নৃত্য চৰ্চা কৰিব লাগিব৷ মনটোৱে বিচৰা ধৰণৰে মুকলিকৈ বা কোঠাৰ ভিতৰত কৰা নৃত্যৰ অনুশীলনে আমাক দিব পৰা মানসিক প্ৰশান্তিৰ লগতে শাৰীৰিক ভাৰসাম্যতাই দিব পাৰে এক সুন্দৰ স্বাস্থ্য৷ আহক আমি সকলোৱে দিনটোৰ কিছু সময় নৃত্যৰ মাজত বুৰ যাওঁ৷
সকলোলৈকে শুভকামনাৰে…