
আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কোচবিহাৰৰ দেৱালে দেৱালে ৰঙা আখৰেৰে লিখিছিল–
“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো, একটি সাদা
দেশেৰ যদি মঙ্গল চাও
দুইটি পাঠাকে বলি দাওঁ৷’’
অৰ্থাৎ দেশে স্বাধীনতা লাভ কৰিলে সঁচা, কিন্তু বগা ইংৰাজ শাসকৰ পৰিৱৰ্তে দেশৰ ক’লা পুঁজিবাদী শাসকৰ হাতত ক্ষমতা কুক্ষিগত হ’ল৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাও “শিল্পীৰ পৃথিৱী’’ নামৰ প্ৰবন্ধ পুথিখনৰ “নালীয়াপুলৰ বিপদ–সংকেত’’ত একে মন্তব্য আগবঢ়াইছিল, “আজি স্বাধীন দেশৰ পুলিচৰ হাতত দেশৰ নাগৰিকে ধৰ্ষিত হ’বলগীয়া হৈছে কিয়? প্ৰকৃততে লাখ লাখ দেশপ্ৰেমিক যোদ্ধাসকলৰ আত্মত্যাগৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিলেও দেশৰ কোটি কোটি কৃষক–শ্ৰমিক আৰু নিছলা–দুখীয়া শ্ৰেণীৰ মানুহে পূৰ্ণ অৰ্থনৈতিক স্বাধীনতা লাভ কৰা নাছিল৷ আমাৰ দেশখন পৃথিবীৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে যদিও স্বাধীনতাৰ প্ৰায় চাৰিটা দশকৰ পিছতো এতিয়াও পুঁজিপতি ক’ৰ্পৰেট গোষ্ঠীৰ ধনী শ্ৰেণীয়ে দেশৰ শাসন কাৰ্য চলাই আছে৷ যাৰ ফলত, দেশৰ প্ৰায় চল্লিশ শতাংশ লোক চৰম দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰি আছে৷ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ জীৱন ধাৰণৰ মান অতি নিম্ন পৰ্যায়ৰ৷ এক কথাত ক’বলৈ গ’লে একেবাৰে পানীত হাঁহ নচৰা অৱস্থা৷ অথচ, দেশৰ কেৱল মুষ্টিমেয় পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ ধনী শ্ৰেণীৰ মানুহে দেশখন লুটি–পুটি খাই আছে৷

তেওঁলোকেই সকলো ক্ষেত্ৰতে উঠি ৰজা বহি ৰজা৷ বৃহৎ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ পথাৰখনতো তেওঁলোকৰ দলদোপ–হেন্দোলদোপ৷
এতিয়া আৰু এই পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ ধনীশ্ৰেণীৰ শাসন আৰু শোষণৰ চৰিত্ৰ নগ্ন ৰূপত ফুটি উঠিছে৷
সেয়ে, কি লোকসভা বা কি ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ সম্পত্তিৰ আয় কোটি টকাৰ ঊৰ্দ্ধত৷
গতিকে, শ্ৰেণী বৈষম্য সমাজ–ব্যৱস্থাত পুঁজিপতি কৰ্পৰেট গোষ্ঠীৰ ধনীশ্ৰেণীৰ মানুহে শাসন আৰু শোষণ কাৰ্য চলাই কোটি কোটি দেশৰ নিৰীহ দুখীয়া কৃষক –শ্ৰমিক সকলৰ তেজ শুহি শুহি মুষ্ঠিমেয় এই পুঁজিপতি ক’ৰ্পৰেট গোষ্ঠীৰ ধনী শ্ৰেণীটোৱে আৰু বেছি সম্পত্তিৰ মালিক হোৱা চিৰাচৰিত নিয়মত পৰিণত হৈছে৷