কৰ্ম ডাঙৰ নে ভাগ্য? ই এক ডাঙৰ প্ৰশ্ন, এই ক্ষেত্ৰত ভিন্নজনৰ ভিন্ন মত৷ কাৰোবাৰ মতে কৰ্ম ডাঙৰ আৰু আন কাৰোবাৰ মতে ভাগ্য ডাঙৰ৷
কৰ্ম বুলিলে সাধাৰণতে জীৱিকা –নিৰ্বাহৰ পথকে বুজা যায়৷ কৰ্মই জীৱিকাৰ লগতে জীৱনত কৰা ভাল–বেয়া আচাৰ–ব্যৱহাৰ, পাপ–পুণ্যকো বুজায়৷
আমাৰ সমাজত এষাৰ কথা আছে, ‘যেনে কৰ্ম তেনে কৰ্ম’-ঠিকেই কৰ্ম অনুযায়ী ভোগ কৰিব লগা হয়৷ আমাৰ বিশ্বাস যে, মানুহে হেনো কৰ্মফল স্বৰ্গ বা নৰকত ভোগ কৰে৷ কিন্তু ব্যক্তিগতভাৱে ভাবোঁ যে কৰ্মফল ভোগ কৰিবলৈ স্বৰ্গ বা নৰকলৈ যাব নালাগে বৰং এই পৃথিৱীতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ কৰ্মফল ভোগ কৰে৷ পাপীয়ে নিজৰ পাপৰ শাস্তি পায় আৰু পুণ্যৱানজনে উচিত শুভফল পায়৷ মানুহৰ নিজৰ হাতত কৰ্মহে আছে, কৰ্মফল নহয়৷ কৰ্মফল ঈশ্বৰৰ হাতত৷
গীতাত শ্ৰী কৃষ্ণই অৰ্জুনক কৈছিল,
‘কৰ্মেণ্য অধিকাৰস্তে মা ফলেষু কদাচন
মা কৰ্মফলহেতুৰ্ভূৰ্মা তে সঙ্গোহস্তবকৰ্মণি৷ ৷ ’
অৰ্থাৎ ‘কৰ্মতহে তোমাৰ অধিকাৰ আছে, তাৰ ফলত নহয়৷ কৰ্মফল লাভৰ প্ৰতি তুমি যেন কাহানিও প্ৰলোভিত নোহোৱা আৰু কৰ্ম ত্যাগ কৰাৰ ইচ্ছা নকৰা’৷
কৰ্ম কৰিলেহে সফলতা আহে, ভাগ্য আহে৷ কৰ্ম আৰু ভাগ্য লগ হৈ মানুহৰ জীৱন গঢ়ে৷ ভাগ্যই সেইজনকে সংগ দিয়ে যিয়ে সৎ কৰ্মত ব্ৰতী হয়৷ এই প্ৰসঙ্গত এটা পৌৰাণিক কাহিনী উল্লেখ কৰিব খুজিছোঁ৷
পৌৰাণিক কাহিনীটো হৈছে এনেধৰণৰ ঃ
দুখন বেলেগ বেলেগ ৰাজ্যৰ দুজন ৰজা আছিল৷ দুয়োখন ৰাজ্যৰ মাজত এখন অৰণ্য আছিল৷ এই অৰণ্যখনত এজন সাধুয়ে বাস কৰিছিল৷ সাধুজনক দুয়োজন ৰজাই বৰ আদৰ–সন্মান কৰিছিল৷ অৰণ্যখনৰ মাজেৰে এখনি নৈ বৈ গৈছিল৷ এই নৈখনক লৈ দুই ৰজাৰ মাজত প্ৰায়ে বিবাদৰ সৃষ্টি হৈছিল৷ এবাৰ এই বিবাদে যুদ্ধৰ ৰূপ ল’বলৈ উদ্যত হ’ল৷ যুদ্ধৰ সিদ্ধান্তত উপনীত হোৱাৰ পিছত দুইজন ৰজাই সাধুৰ আশীৰ্বাদ ল’বলৈ মনস্থ কৰিলে৷ প্ৰথম ৰজাজনে সাধুৰ চৰণত সেৱা লোৱাৰ লগে লগে সাধুয়ে ক’লে যে, ‘আপোনাৰ ভাগ্যত পৰাজয় লিখা আছে, বাকী ভৱিষ্যত ঈশ্বৰৰ হাতত৷ ৰজাই দুখ মনেৰে ৰাজ্যলৈ উভতি আহিল৷ তেওঁ নিজৰ সৈনিকসকলক সকলো কথা অৱগত কৰালে৷ ৰজাই মনতে থিৰাং কৰিলে যে, ভাগ্যত যিয়েই লিখা নাথাকক কিয় তেওঁ যুদ্ধৰ কাৰণে নিজকে তথা সৈন্য বাহিনীক দুগুণ উৎসাহ তথা আত্মবিশ্বাসেৰে সকলো দিশৰ পৰা প্ৰস্তুত কৰিব৷ তেওঁ সেইমতে নিজৰ কামত লাগি গ’ল৷

আনহাতে দ্বিতীয় ৰজাজনে সাধুৰ আশীৰ্বাদ ল’বলৈ যাওঁতে সাধুয়ে ক’লে যে, আপোনাৰ ভাগ্যত জয়লাভ লিখা আছে, বাকী ভৱিষ্যত ঈশ্বৰৰ হাতত৷ ৰজাই আনন্দমনে ৰাজ্যলৈ উভতি গ’ল৷ তেওঁ সকলোকে এই বিষয়ে অৱগত কৰালে৷ ৰজাই নিজৰ বিজয় নিশ্চিত বুলি জানি যুদ্ধৰ বাবে একো প্ৰস্তুতি নকৰাকৈ বহি থাকিল৷ যথা সময়ত যুদ্ধ আৰম্ভ হ’ল৷ যুদ্ধৰ সময়ত দ্বিতীয় ৰজাজনৰ ঘোঁৰাৰ খূৰাটো ভাঙি গ’ল৷ ৰজা অনিয়ন্ত্ৰিত হৈ পৰি গ’ল৷ তেওঁ যুদ্ধত প্ৰথম ৰজাজনৰ হাতত পৰাজিত হ’ল৷ সেই সময়ত সাধুজন আহিল যুদ্ধক্ষেত্ৰলৈ৷ তেওঁক দেখি দুয়োজন ৰজা দৌৰি গৈ চৰণত পৰিল৷ দ্বিতীয় ৰজাজনে ক’লে যে, আপুনি কৈছিল যে মোৰ ভাগ্যত জয় লিখা আছে তেন্তে মোৰ পৰাজয় কেনেকৈ হ’ল! নে আমাৰ ভাগ্য সলনি হৈ গ’ল! তেতিয়া সাধুয়ে ক’লে, ভাগ্য সলনি হোৱা নাই৷
আপোনালোক সলনি হৈছে৷ নিজৰ ভাগ্যত পৰাজয় আছে বুলি জানিও অশেষ চেষ্টা কৰাৰ ফলস্বৰূপে তেখেতে জয়লাভ কৰিলে৷ আপুনি নিজৰ জয় নিশ্চিত বুলি ভাবি অকণো চেষ্টা নকৰিলে, আনকি নিজৰ ঘোঁৰাটোৰ খূৰাটোৰ প্ৰতিও নজৰ নিদিলে৷ ভাগ্যত আছে বুলি বহি থাকিলে ফল পোৱানা যায়, কৰ্ম কৰিলেহে ফল পোৱা যায়৷
কেতিয়াবা সজ কৰ্মত ব্ৰতী হৈও ভাগ্যই লগ নিদিলে জীৱনত আগুৱাই যাব নোৱাৰি৷ এই ক্ষেত্ৰত পুনৰ চেষ্টাৰ বাহিৰে অন্য উপায় নাই৷ কথাতে কয়, ‘ঘহোঁতে ঘহোঁতে হেনো শিলো ক্ষয় যায়’৷ গতিকে পুনৰ দুগুণ উৎসাহ তথা আত্মবিশ্বাসেৰে নিজ কৰ্ম কৰাটো উচিত৷
কেতিয়াবা আকৌ বেয়া কৰ্মত লিপ্ত হোৱা ব্যক্তিয়ে ভাগ্যৰ বলত সকলো সুযোগ–সুবিধা লাভ কৰে৷ কিন্তু এইয়া ক্ষণস্থায়ী৷ কু–কৰ্মৰ আৰম্ভণিখিনি উজ্জ্বল কিন্তু সামৰণিখিনি অনুজ্বল অন্ধকাৰ৷
কৰ্মই ধৰ্ম৷ সৎ কৰ্ম, সৎ জীৱিকা, সৎ চিন্তাই ব্যক্তিক সৌভাগ্যশালী কৰি তোলে; অসৎ কৰ্মই দুৰ্ভাগ্য কঢ়িয়াই আনে৷
সুখ–সমৃদ্ধিশালী জীৱনৰ বাবে কৰ্ম আৰু ভাগ্য দুয়োৰে অৱদান আছে৷ ভাগ্যৰ চাবি নেদেখাজনেহে ঘূৰাব পাৰে, কিন্তু কৰ্মৰ চাবি কাঠি মানুহে নিজেই ঘূৰাব পাৰে৷ সৎ কৰ্ম কৰিলে ভাগ্যই নি(য় লগ দিব৷ সকলো কুশলে থাকক…