FESTIVAL – Page 3 – Purbodix.com

FESTIVAL

বিহুৱে অসমীয়াক এক কৰি ৰাখিছে (বৰ্ণালী ফুকন)

বিহুৱে অসমীয়াক এক কৰি ৰাখিছে (বৰ্ণালী ফুকন)

FESTIVAL
পৃথিৱীৰ প্ৰতিটো জাতি জনজাতি নিজস্ব ভাষা সংস্কৃতিৰে চহকী। ঠিক তেনেকৈ ভাৰতৰ পূবে অৱস্থিত অসমখনো ভাষা সংস্কৃতিৰ দিশত চহকী দেশ। আৰু এই অসমৰে জাতীয় উৎসৱ বিহু। বিহু শব্দটো ক’ৰ পৰা আহিছে বা তাৰ অৰ্থ যিয়েই নহওক কিয় শব্দটোয়েই বৈশিষ্ট্যময়। সৰ্বসাধাৰণৰ বাবে বিহু হৈছে কৃষিৰ সৈতে জড়িত এটি উৎসৱ। ভাৰতৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত অসমৰ জাতীয় উৎসৱ হৈছে বিহু। শুকান ঋতুৰ পিছত মেঘৰ গাজনিৰে আৰু বাৰিষাৰ আগমনে পৃথিৱীৰ বুকু জীপাল কৰি তোলে। আৰু প্ৰকৃতি উৰ্বৰা হৈ উঠে তেতিয়াই ৰাইজে তাত কঠীয়া সিঁচে। অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে ভৰা। ইয়াৰ ভৌগোলিক জলবায়ু যেনেকৈ ভিন্ন তেনেকৈ প্ৰতিটো জাতি জনজাতিৰ কৃষ্টি-সংস্কৃতি ভিন্ন। বিহুৱে এই ভিন্ন কৃষ্টি-সংস্কৃতিক একতাৰ ঢোলেৰে বান্ধি ৰাখিছে নামেৰে ও স্বকীয় বৈশিষ্ট্যৰে। বিহুক বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণে পালন কৰিলেও সাধাৰণ অৰ্থত বিহু বিহুৱেই। ই কৃষিভিত্তিক উৎসৱ য’ত ৰং ৰইচেৰে ...
ব’হাগ  মাথো এটি ঋতু নহয় (ৰাজলক্ষ্মী ভূঞা)

ব’হাগ মাথো এটি ঋতু নহয় (ৰাজলক্ষ্মী ভূঞা)

FESTIVAL
ব’হাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ! অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ!! অসমীয়া জাতীয় জীৱন বুলি ক’লে জানো আমি ব’হাগ আৰু ব’হাগ বিহুক এৰি কিবা চিন্তা কৰিব পাৰো• উত্তৰ ভাৰতীয় সকলৰ দৰে কিন্তু উত্তৰ পূব ভাৰতীয় মানুহসকল তিথি কেন্দ্ৰীক নহয়। উত্তৰ-পূৰ্বৰ সাত ভনীৰ কলা-কৃষ্টি, আচাৰ-ব্যৱহাৰ উৎসৱ-পাৰ্বণ খাদ্যাভাষ, আ-অলংকাৰ, কাপোৰ-কানি পিন্ধন-উৰণ আদি সকলোবোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। অসমীয়াই কেতিয়াও ব’হাগত নৰুক গা ধুৱাবলৈ কৃত্ৰিম পানীৰ সহায় ল’ব নালাগে। ফাগুন মাহৰ বাসন্ত পঞ্চমীৰ পাছৰ পৰা বাৰিষাৰ আৰম্ভ হোৱাৰ পাছৰে পৰাই নদ-নদী, খাল-বিল আদি পানীৰে উপচ-পচ হৈ পৰে। গৰুক গা ধুৱাবলৈ আৰু অসমীয়াই বেলেগকৈ চিন্তা কৰিৱ নালাগে। চুকাফাৰ আগমনৰ আপৰেপৰা অসমত অসমীয়াই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। বাৰেৰহণীয়া জাতি-জনজাতি কৃষ্টি-সংস্কৃতিৰ ওপৰত ভিত্তি কৰি বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে যদিও বৈচিত্ৰ্যৰ মাজতো...
পাকঘৰ

পাকঘৰ

FESTIVAL, RECIPE
ছাহেনাজ আহমেদ ৰঙালাওৰ বচমলাই সামগ্ৰী ঃ ৰঙালাও – ৫০০ গ্ৰাম চেনি – ৪ চামুচ পিঠাগুৰি – ২ চামুচ নাৰিকলৰ গুৰি– ৪ চামুচ ৰঙালাওখিনি সৰু সৰুকৈ কাটি সিজাই ল’ব। তাতে পিঠাগুৰি, চেনি, গুৰা নাৰিকলখিনি দি ভালকৈ মিলাই ল’ব। এতিয়া মিশ্ৰণখিনি সৰু সৰু বল বনাই কিছু সময় ভাপত সিজাই ল’ব। এতিয়া নাৰিকলৰ গাখীৰখিনিত চেনি দি ভালকৈ উতলাই লৈ তাত ৰঙালাওৰ বল কেইটা নি নমাই দিয়ক আৰু সুন্দৰকৈ পৰিবেশন কৰক। ইমাম বিয়ালদি (Turkish Dish) সামগ্ৰী ঃ দুটা ডাঙৰ বেঙনা নহৰু, পিয়াজ, বিলাহী, জিৰাগুৰি, জালুকগুৰি, পনিৰ, ধনীয়া পাত, চীজ (cheese) ৰঙা জলকীয়াগুৰি, নিমখ বেঙেনাটো মাজত ফালি লৈ নিমখ, অলিভ অইন সানি বেক কৰি ল’ব (অলপ সময়) এতিয়া ফিলিঙ (filling) খিনিৰ বাবে কেৰাহীত তেল গৰম কৰি সৰুকৈ কাটি লোৱা নহৰু, পিয়াজ দি অলপ সময় ভাজি বিলাহীখিনি দি জিৰা গুৰি, জলৰকীয়া গুৰি, জালুক গুৰি দি ভাল দৰে ভাজি লৈ ...