POEM – Page 4 – Purbodix.com

POEM

অলপ মাত্ৰ ভালপোৱা (শংকৰজ্যোতি মহন্ত)

POEM
অলপ ভালপোৱা মৃত্যুৰ বিভিষীকা সাৱতি লোৱা এটা নিথৰ দেহা গজি উঠে ঘনে ঘনে চোতালত বহু কিয় সমাধি মৰহা ফুলৰ মুখত আজি মিচিকি হাঁহি ভালপোৱা অলপ মৃত্যুৰ বিভিষীকা এঙাৰ ক’লা বিষন্ন ৰাতি ৰাজপথত মৃত্যুৰ হাঁহি জোনত জিলিকে বন্দুকৰ নলী অলপ ভালপোৱা মৃত্যুৰ বিভিষীকা.. এন্ধাৰতো দেখো পোহৰতো দেখো চৌপাশে মাথো ক্ৰন্দন শুনো.. ভালপোৱা মাথো মৃত্যুৰ বিভিষীকা.... ...

পিতাই (ভূপালী গোস্বামী উপমান্যু)

POEM
তেওঁ ডুবি থাকে ঘামৰ ডোঙাত প্ৰতিপল, ঘাম তেওঁৰ চিৰলগৰী ..... তেওঁৰ গোটেই দেহত এখনি ঘামৰ সাগৰ , আৰn সেই সাগৰৰ পাৰতেই মোৰ ঘৰ ... তেওঁৰ হাতৰ মুঠিত পৃথিৱীৰ সমস্ত সুখ, ভালৰো ভাল সুখবোৰ জমা কৰি তেওঁৰ দুহাত এতিয়া ৰুদ্ধ .. কিহৰ বাবেনো সময়ৰ লগত তেওঁৰ ইমান যুদ্ধ //

হৃদয় (অনুভৱ অনুৰণন)

POEM
হাল বাই চহ কৰিম তোমাৰ নিথৰ হৃদয় নিস্তব্ধতাৰ শব্দেৰে সময়ৰ মৈ দি উৰ্বৰ কৰি কঠিয়া পাৰিম মোৰ মৰমৰ বীজেৰে এজাক মিঠা বৰষুণৰ টোপাল সঞ্চাৰিত কৰি তোমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বাট চাই ৰম সেউজীয়া আলিংগনৰ বাবে৷৷
প্ৰতিবিম্বৰ অপেক্ষা উন্মাদ যৌৱন (অশ্বিনী বৰকটকী)

প্ৰতিবিম্বৰ অপেক্ষা উন্মাদ যৌৱন (অশ্বিনী বৰকটকী)

POEM
এখন শীৰ্ণ নৈ আৰু তাৰে এটা মৰা সুঁতি অৱস পানীকলত জিলিকে তাৰ কনমানি সাঁকোখনি য’ত ওলমি আছে, চ’তৰ ৰাতিৰ পূৰ্ণিমাৰ জোনজনী। আৰু সুঁতিৰ পাৰৰ ৰাজশ্বলা- নঙঠা নিৰ্লজ শিমলুজনী। তাৰে এটা লঠঙা ডালত বহি ব’হাগৰ কুলিজনী ব’হাগক ৰিঙিয়াই মাতে, গান গাই কুউউউউউউ চ’তৰ মাজৰাতি–এৰাসুঁতিৰ নিবৰ পানীত জীৱন নামে। জোনজনীয়ে কুলিটিক সোধে– তইনো কাৰ মৰমত মৰিছ• মোৰ-নে এই সঠঙা শিমলুৰ•• সদ্য ৰাজস্বলা মিচিকি হাঁহিৰে শিমলুৱে কয়। মই যে ৰাণী–ফাগুনৰ ৰাণী। কুলিজনী যে আলহী। ব’হাগৰ নামতী। ওচৰৰ গাঁৱৰ ৰাংমিলিৰ ঐনিতম গোৱা– ৰংমন–বিয়াৰ নামতী। এৰাসুঁতিৰ নিঠৰ পানীত সৰি পৰে– এপাহ তেজৰঙী ৰঙা শিমলু। তাৰ ৰঙা ৰঙে ৰং সিঁচে–ছবি আঁকে এক বিমূৰ্ত বসন্তৰ। উন্মাদ যৌৱনা ব’হাগৰ। ...
আক্ষেপ (মমী নাথ বৰা)

আক্ষেপ (মমী নাথ বৰা)

POEM
নিবিচাৰিবা মোৰ হৃদয়ত থাকিবলৈ নিবিচাৰো কাৰোবাৰ বুকুৰ স্পন্দন হ’বলৈ নহয় ভোকাতুৰ উষ্ম আলিংগনৰ অনুভৱো নহয় কাৰোবাৰ সঁচা মৰমৰ আধৰুৱা হয় আৰু আধৰুৱা হৈয়েথাকিবলৈ দিয়া মোক নিঃসংগতাৰ দূপৰীয়াটোলৈ ঠেলি নিয়া কাৰণ নিঃসংগতাই মোৰ আজন্ম মিতিৰালি নকৰিবা ইয়াক লৈ ধেমালী ভয় লাগে তোমাৰ বাবে দূৰ্বলতাৰ কৱজ পিন্ধিবলৈ নিবিচাৰো তোমাৰ মনোৰঞ্জনৰ সামগ্ৰী হ’বলৈ। ...
অনুভৱৰ গুণগুণনি  বনৰীয়া যৌৱনৰ কবিতা ( মৌচুমী ঘোঁৰাচোৱা )

অনুভৱৰ গুণগুণনি বনৰীয়া যৌৱনৰ কবিতা ( মৌচুমী ঘোঁৰাচোৱা )

POEM
যোৱা কালি স্বৰ্গগামী হোৱা ৰাজ্যখনৰ সাহিত্য সংস্কৃতিৰ অন্যতম সাধক জয়কান্ত গন্ধীয়াৰ ডিগবৈত শেষকৃত্য সম্পন্ন কৰা হয় ৷ ডিগবৈ জ্যোতিনগৰৰ বাসগৃহত অজস্ৰ গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনাই ৷বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা লোহিত গগৈ, সভাপতি গোলোক মৰান, সচিব প্ৰধান পবিত্ৰ মহন ফুকনৰ লগতে কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়া, অসম সত্ৰ মহাসভাৰ কুসুম্ব মহন্ত ৰ লগতে কেইবাজনো বিষয়ববীয়াকে ধৰি বহু জনে শ্ৰদ্ধাঞ্জলি জনাই ৷জয়কান্ত গন্ধীয়াৰ মৃত্যু   আমাৰ বাবে অপূৰনীয় ক্ষতি বুলি শোকপ্ৰকাশ কৰে বিহু সুৰক্ষা সমিতিৰ সচিব প্ৰধান পবিত্ৰ মহন ফুকনে ৷ শ্ৰদ্ধাঞ্জলিৰ পাছত গায়ন বায়নেৰে সমদল কৰি গন্ধীয়াৰ নশ্বৰ দেহ লৈ যোৱা হয় ইটাভাটাৰ শ্মশানলৈ ৷ মাংগলিক ৰীতি নীতিৰে গন্ধীয়াৰ নশ্বৰ দেহ শেষকৃত্য সম্পন্ন কৰা হয় ৷ ৰাজ্যখনৰ বিশিষ্ট্য সাহিত্যিক, সংস্কৃতিৰ গৱেষক গন্ধীয়াক অজস্ৰ গুনমুগ্ধই শ্ৰদ্ধাঞ্জলি জ...