POEM – Page 3 – Purbodix.com

POEM

সময় (প্ৰশান্ত সাগৰ চাংমাই)

POEM
বছৰৰ শেষৰ দিনতআৰম্ভ হয় নতুন বছৰৰ দিন৷ প্ৰতিপল জীৱনৰহয়গৈঅতীতৰ ৰং৷ এটা এটা বছৰ কোনফালেদি সৰকি যায়?একেবাৰে হাড়ৰ মাজদি হয়তো/ চুলিবোৰৰ ওপৰেদি ছালবোৰত ৰৈ যায় নেকিতাৰ অলপ আঁচোৰ? দাঁতবোৰৰ গুৰিত পৰি ৰয় নেকিবহাগৰ কুঁহিপাতৰ সুবাস? কোনফালেদি গুচি যায় বছৰটো?মইটো একেখন চকীতেই বহি আছোৰ’দ সেকি সেকি৷চকীখন অলপ পুৰণি হৈ পৰিল নেকি?চকীখনৰ লগত ময়ো হৈ পৰিলো নেকি অলপ পুৰণি?লৰিছে নেকি মোৰ হাড়ৰ গাঁঠিলৰিছে নেকি চকীখনৰ খুটি ৰ’দৰ উদৰতেইৰ’দৰ পিতৃসূৰ্য অবিনাশী৷...

বলটো যেতিয়া নাচি থাকে খেলপথাৰত (গায়ত্ৰী ফুকন)

POEM
বলটো যেতিয়ানাচি থাকেখেলপথাৰতবিশেষ কায়দাৰে নচুৱাইথকা সুঠাম কলাফুলবোৰৰপ্ৰেমত ডুবে খেলপথাৰখনবলটো হৈ পৰেধুনীয়া সপোনসুঠাম ভৰিবোৰ প্ৰেমবলটো হ’ব পাৰেক্ৰিকেটৰনতুবা ফুটবলৰনতুবা অন্য কিবানতুবা বলিউডহলিউডৰৰঙীন সপোন বলটো হাতত লোৱাৰ পাছতপ্ৰেমিক ল’ৰাজনে দেখেবলটো ইমান ফোপোলাসুঠাম ভৰিবোৰ ক’ৰবাত হেৰাই গ’লবল এৰিআকৌ উভতি যাব খুজিলেসেউজীয়া বিচাৰিআইৰ বুকুৰ সেউজীয়াল’ৰালিৰ টেঙা বলটো বিচাৰি যিটো ফোপোলা নহয়৷...

দুখ (ৰাজশ্ৰী কোঁৱৰ)

POEM
হঠাৎ নামে ধুমুহা (ভাৰতী কলিতা) তেওঁ দুখ কৰিছে কাৰণ তেওঁৰ ঘৰটো দুমহলীয়া তেওঁ তিনিমহলীয়া কৰিব পৰা নাই৷             তেওঁৰ পত্নী দুখ             ঘৰত কেৱল আই টেন এখন এখন বলেৰো ল’ব পৰা হ’লে ভাল আছিল৷ তেওঁৰ ল’ৰাৰ ৰাতি টোপনি নাই, কাৰণ তাৰ লগৰটোৰ আই ফোন আছে, সি কেৱল অপ’এফ ফাইভহে ব্যৱহাৰ কৰে৷ আনফালে,             এজন লোকে দুখ কৰিছে             কাৰণ তেওঁ অতি কষ্টৰে সজা             জুপুৰীটো আজি পানীৰ মাজত আছে৷                     &n...
এদিন অঘৰীৰ ঘাটত (জোনালী মজুমদাৰ)

এদিন অঘৰীৰ ঘাটত (জোনালী মজুমদাৰ)

POEM
‘হে কানাই পাৰ কৰাহেবেলিৰ পৰিল চঁয়া [এ] নষ্ট হৈ’ল দুধেৰ ভাণ্ডাৰবাজাৰ গৈ’ল ব’য়া’            দূৰৈৰ পৰাই কাৰ কণ্ঠতৰিণি–ৰিণিকৈ ভাহি আহিছিলঘামে ধোৱা আবেলিৰ বিয়াকুল সুৰকোলাহলৰ নীৰৱতাৰ মাজেৰে গৈ থাকিলোঁপালোঁগৈ কোন এই নদীৰ তীৰ             কেনে মায়াৰে গঁথা?জীৱনৰ নিৰিবিলি নিবিড়ি ছায়াগোলাপ পাহিও লাহ লাগি জ্বলেগলে শোকৰ বাটনে ভোকৰ ভাতএইটিচোন অঘৰীৰ ঘাট            অ’ অঘৰী ককাই তইকোন ঘাটে বাবি নাওএফালে যায় বীণ বৰাগীআনফালে বেহাবলে’ যায় বেপাৰীৰ ভাওক’চোন কোন নদীৰ পাৰত আছিল তোৰ ঘৰ ?নদীৰ খহনীয়াইবুকুৰ চপৰা খহাইকোনটি বানে তোক কৰিলে উচন শিলত খাজকাটি যাগৈ এবাৰ ভটিয়াইচাগৈ আছেনে তোৰ গাঁওখনি জীয়াইআছেনে জী তোৰ আই-পিতাই ?নে পথাৰত পোত গৈ আছে ত...

চোৰ (জোনাক যুগান্তৰ বৰা)

POEM
ভাগৰুৱা ভৰিবোৰ আগলৈ নাযায়, কলাফুলত আৰু নোকোবাবি পিতাই৷ আইৰ শিতানৰ সিকিকেইটা মই অনা নাই তোৰ কপালৰ ঘামবোৰ আয়ে যে শিতানত থয় সেই কথা জানিছিলো কাহানিবাই মোক আৰু নোকোবাবি পিতাই তোক কাবৌ কৰিছো হাতৰ ৰছীডাল খুলি দে মোৰ চাল চিগা তেজবোৰ দেখিলে আইৰো বুকু বিষায় তই জাননে পিতাই মোক আৰু নোকোবাবি চেকনীডাল ভাঙি গৈছে নতুনকৈ আৰু এডাল নলবি সলায়ভাগৰুৱা ভৰিবোৰ আগলৈ নাযায়৷...

মালবিকাৰ ফাগুন (সৌৰভ শইকীয়া)

POEM
 শৈশৱতে পাইছিলোঁ তাইক৷ জনা হোৱাৰে পৰা বুকুত লাজমালবিকা৷তাই অৱাঁ সূতাৰে গাঁথিছিলতাই কি লৈ আঁকিছিলবেৰত ফুঁটা কৰি দিছিল বসন্ত বাগ, বসন্ত বাগমালবিকা  এতিয়া মালবিকাৰ সপোনেৰে মোৰ গাৰুটো ওখ হৈ গৈছে৷তাইৰ ধুমুহাৰেতাইৰ তীক্ষ্ণ মাতেৰে মোৰ নিশাটোআচৰিত, উন্মাদজোৰ খুন্দা লাগি ঝনাৎ শব্দ কৰি হঠাৎজাপানী পুষ্প-লণ্ঠন নুমাই গৈছেইচাট-বিচাট জোনাকী পৰুৱাবোৰ কামিনীৰ দৰেকোঠালিটোলৈ সোমাই আহিছেআমপাত আমপাত গোন্ধাইছেঅচিন বতাহ.... ফুলৰ ৰেণুমালবিকাতাইৰ যাদুস্পৰ্শত বিছনাখন মোৰ ফাগুন হৈছেআঁঠুৱাখন ছিঙি যাওঁ ছিঙি যাওঁ কৰিছেসৰ সৰ সৰ সৰ সৰ সৰ সৰ সৰ ওঃ মালবিকাউৰি গৈছেসেয়া, উৰি গৈছে খিৰিকীৰেমালবিকা মালবিকা সেয়া...তাই উৰি গৈছে..., উৰি গৈছে৷আশ্বৰ্য প্ৰেম/সেইবিলাক সূৰ্যাস্ত যি বহুকাল অতীত হৈ গৈছেসেইবিলাক সূৰ্যাস্ত যি ইয়াৰ পাছত অতীত হৈ যাবপৃথিৱীয়ে নাজানিব৷বতাহ ছিৰাছিৰ কৰি এতিয়াও যাওঁ ঝাওবনৰ কাষলৈ৷ একপৃষ্ঠা হৃদয় ...

সঁচা অনুভৱৰ আঁত ধৰি (বিপুল গগৈ)

POEM
বটবৃক্ষৰ ছাঁত জিৰাই গা শাঁত পেলোৱা ভাললগা অনুভৱবোৰ অতীত কাহিনী হ’বলৈ নিদিবা, জীৱনৰ উত্থান ঘটোৱা দুবেলা দুসাজ অন্ন দিয়া ভৰাঁলটো সযতনে ৰাখিবা পাণে-তামোলে, আমে-কঁঠালে শোভিত বাৰীখন চিকুণ, কোমল কৰি থবা মোমাই তামুলীৰ আদৰ্শ ল’বা, দুপইচা আৰ্জিলো বুলিয়েই গংগাটোপ হৈ সেউজ বাৰীৰ গছবোৰ কাটি দালান গঢ়িব নালাগে নিভাঁজ গঞাই হৈ থাকা পৰিচয় অটুট থাকিব কালৰ পলসত পোত নাযায়, নিৰহংকাৰীৰ সৰলমনা জীৱন উদ্ভাসি থাকিব কাললৈ গৰ্ভভিমানীৰ আভিজাত্যবাদী নৈৰ কোবাল বোৱঁতী সুঁতিত উটি যাব৷ পিতায়ে ৰোৱা ঢাপৰ জাতি বাঁহজোপা নিপোটল হৈ থাকক ভব সাগৰৰ তীৰত বহি জীৱনৰ ক্ষণ গণি থাকোঁতে কেতিয়াবা হঠাতে জাতিবাঁহেই হাঁহি হাঁহি সাঙি ভাৰ হ’ব তাকেই কাটি চাৰি খুঁটি পুতিব জুই দি পুৰিব, মাটি দি ঢাকিব হাড়তো গজিব দোৰোণ, দুৱৰিবন৷...

মই পৰিৱেশে কৈছোঁ (ৰীণু বৰুৱা)

POEM
মই পৰিৱেশে কৈছোঁ প্ৰতিনিয়ত ধাৰাল তৰোৱালত ভৰি থৈ শোণিতেৰে ৰাঙলী মোৰ বুকুখনত স্তুপিকৃত কৰাল মৰা তেজৰ চেকুৰা৷ মইতো জনক নন্দিনী সীতা নহওঁ প্ৰতিপল কাঁইটীয়া পথেৰে প্ৰতিবাদহীন যাত্ৰা কৰিম নতুবা অগ্নিপৰীক্ষা দি যাম মই নহওঁ পাঞ্চালৰ ৰাজকণ্যা পঞ্চালী বুকুত অব্যক্ত বেদনা লৈ নিৰ্বিবাদে পাণ্ডুপুত্ৰ পাঁচোজনকে স্বামী বুলি জাপি দিয়া সিদ্ধান্তকে মোৰ পাতি ল’বলৈ৷ আৰু ৰাধাও হ’ব নোৱাৰো মই কেতিয়াও প্ৰাপ্য প্ৰতিদানৰ পৰা বঞ্চিত মোৰ আকুণ্ঠ প্ৰেমৰ চিৰ যুগমীয়া স্মৃতি বুকুত সাবটি চিৰ প্ৰবাহমান হৈ বোৱাই থাকিবলৈ সঁচা প্ৰেমৰ বোৱতী নদী৷ শুনিছানে সকলোৱে মোৰ যন্ত্ৰণাৰ ভাষা ব্ৰজহুংকাৰ দি সকলোকে সকীয়াইছোঁ মোক আৰু উন্মাদ, উলংগ নকৰিবা নকৰিবা নিঃস্ব বুকুখন চিৰাছিৰি কৰি জীয়াই ৰাখা পৰিৱেশক জীৱকুলৰ ভৱিষ্যতক৷৷...

সপোন ভঙাৰ খেল নেখেলিবা (মামণি মহন্ত)

POEM
দুচকুত সেউজীয়া সপোন লৈ উৰিব বিচাৰো, নীলিম আকাশৰ বুকুত৷ সুগন্ধি বিলাব বিচাৰো ফুলি উঠা ফুল পাহিৰ দৰে, পোহৰ বিলাব বিচাৰো আন্ধাৰত উৰি ফুৰা জোনাকীৰ দৰে৷ কিমান আনন্দত আত্মহাৰা হ’লে সেন্দুৰ আৰু মুখৰ ৰং একাকাৰ হয় নাজানো, সেই ৰঙেৰে উজ্বল হ’বলৈ বিচাৰো৷ গছৰ পাতৰ ফাঁকেৰে অহা পুৱাৰ ৰ’দৰ জিলিঙনিৰ দৰেই জিলিকি ববিচাৰো, পলাশৰ ৰাঙলী আভাৰে আলোকিত হ’বলৈ বিচাৰো৷ ম’ৰহা সপোনৰ দুখত দুচকুৰ নিৰ্লজ্জ চকুৰ পানীৰে দুগাল তিয়াবলৈ নিবিচাৰোঁ........ সপোন ভঙাৰ খেল নেখেলিবা৷৷...

আধৰুৱা দস্তাবেজৰ চিত্ৰাংকন (বিপুল গগৈ)

POEM
মোৰ জন্মদাতা পিতৃ-মাতৃ মোৰ জীৱন পৰিক্ৰমাৰ দস্তাবেজৰ পাণ্ডুলিপি সেই মহিমামণ্ডিত বেটুপাতত শৈশৱতে অলংকৃত পৃথিৱীলৈ জীৱনৰ ৰঙীয়াল বঙিয়াইদি জীৱনবৃক্ষৰ ডালে-পাতে বগাই উজাই অহা বাটেৰে উভতিব খুজিছোঁ পোৱা-নোপোৱাৰ কেঁচা দলিলত আত্মনিবেদিত অনুৰাগ আনুগত্য প্ৰক্ষিপ্ত কৰিবৰ মানস কৰিছোঁ পৰিহাৰ্য-অপৰিহাৰ্য প্ৰাপ্তি-অপ্ৰাপ্তিৰ আদ্যোপান্ত মনৰ কোঁহে কোঁহে দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত শৈশৱ যৌৱন যুগ্মজীৱনৰ ভাৱনাৰ অৰ্ণৱৰ ঢৌবোৰ মনাকাশৰ দোলাত দোলা চকুৰ অলক্ষিতে পাৰ হোৱা অৰ্ধ শতাব্দীৰ অবিস্মৰণীয় বৰ্ণিল বৈচিত্ৰময় বৰ্ণনাতীত কাহিনী সম্ভাৰেৰে খোদিত কৰিব খুজিছোঁ আই-পিতাইৰ পাণ্ডুলিপি থকা জীৱনৰ দস্তাবেজত৷ ...