POEM – Page 2 – Purbodix.com

POEM

জ্যোতিৰ জ্যোতি (স্বপ্না বৰঠাকুৰ)

জ্যোতিৰ জ্যোতি (স্বপ্না বৰঠাকুৰ)

CURRENT TOPIC, POEM
শিল্পী দিৱসৰ শ্ৰদ্ধাৰ্ঘ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আৰু ধনী-দুখীয়া, শিক্ষিত-অনাখৰীৰ প্ৰাচীৰ ভাঙি সকলো সমন্বিতে জনমুখী স্বাৰ্থত আত্মত্যাগী মানসিকতাৰে জ্যোতিৰ জেউতিৰে পৃথিৱীখনকে আলোকময় কৰা এইগৰাকীয়েই মহান শিল্পী, জনতাৰ কবি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা...প্ৰজ্ঞাৰ দুৱাৰখন খুলি দিয়াগণ চেতনাৰ বতাহ বলিছেএমুঠি কলুষতা আঁতৰাই দিয়াইয়াত এতিয়া নতুনৰ উন্মেষ ঘটিছেশতিকাৰ দাবানল জ্বলি আছেদেশৰ ভিতৰে বাহিৰেদেশৰ ভিতৰে বাহিৰেইদহি দহি ৰৈ আছেপোহৰ প্ৰত্যাশিত এজাক সেনানীৰণুৱা ঘোঁৰাৰ দৰে এতিয়াওউন্মত্ত হোৱা নাইআশৈশৱ যন্ত্ৰণাৰমুক্তি তুৰ্যধবনিবাৰে বাৰে ৰাজপথতলাঞ্চিতা লাঞ্চিতামুক্তিৰ অগণি ধবনিকোন ক’ত আছাকোনে ক’ত বিচৰাশতিকাৰ শৃংখল ছিঙিমানুহ উজাই যোৱাৰ বাটএই বাটে মানুহৰ কলিজাতওলমি থাকেজনতাৰ পদধবনিশোষিতৰ হিয়াৰ মৌকোঁহ বুটলি আনিসংস্কৃতিৰ বৰঘৰত জীপাল হয়ৰ’দালিৰ শইচএই শইচৰে উমত দুলিছিলজ্যোতিৰ জ্যোতি ক...

শ্বাস্বতীৰ কথাৰে (জয়শ্ৰী বুঢ়াগোহাঁহ)

CURRENT TOPIC, POEM
সময়ে গৰকি যোৱা সম্বন্ধটোকআকৌ এবাৰ ভালকৈজোকাৰি সামৰি লৈছিল,প্ৰেম নাছিল, নহৈছিল..না সেই প্ৰেমৰ বোজা সহিব বিচাৰিছিল৷জেঁতুকাৰ ৰঙৰ দৰেই ৰংবোৰধীৰে ধীৰে, লাহে লাহেপাতলীয়া হৈ পৰিছিল৷জীৱনৰ ৰংবোৰ ধূসৰিত হৈ পৰিছিল,বিছনাখনৰ দুটা মূৰে দুটি আত্মাঅচিনাকি বহু যুগৰজৰ্জৰিত জীৱনৰ হেেন্দালনিতশুকান পাতৰ দৰেপ্ৰেমহীন ভাবনাত জহি-খহি গৈছিল৷সমাজে আবুৰাই দিয়া,পিতৃয়ে গতাই দিয়া,সন্তানৰ দায়িত্বৰে হেচুকি ধৰাদুডলীয়া সূতাৰ সেই টানটোক৷...

বৰষুণ ভাল পোৱা ছোৱালীজনী (জুৰি ৰাজখোৱা গগৈ)

POEM
বৰষুণত তিতি ভালপোৱা ছোৱালীজনীক ৰ’দে বেয়া পায়, এদিন ৰ’দ তাইৰ প্ৰেমত পৰিছিল, তাইৰ কুমলীয়া দুগাল ৰ’দে সেন্দুৰীয়া কৰি পেলাইছিল৷ ৰ’দ ভাল নোপোৱা ছোৱালীজনীয়ে তেতিয়া দুপাত্তাৰে ঢাকি ৰাখিছিল তাইৰ মুখ, আৰু গালি পাৰিছিল ৰ’দক আগতকৈও ৰ’দক বেয়া পাবলৈ আৰম্ভ কৰিছিল৷ সকলোবোৰ চাই আছিল বৰষুণজাকে ৰ’দক বেয়া পোৱা ছোৱালীজনীৰ প্ৰিয় হৈ পৰিছিল বৰষুণজাক, তাইৰ দেহত প্ৰথমে এজাক কিনকিনিয়া বৰষুণ ঢালি দিছিল৷ সেইজাক বৰষুণত তিতিবলৈ তাই দুহাত মেলি দিছিল আকাশৰ দিশে, উলিয়াই লোৱা নাছিল হেণ্ডবেগটোৰ পৰা ফুলাম ছাতিটো, বৰষুণজাক ক্ৰমাৎ হৈ উঠিছিল প্ৰগলভ কিনকিনিয়া বৰষুণজাকৰ মাত্ৰা বঢ়াই জৰজৰাই সৰি পৰিছিল বৰষুণ ভালপোৱা ছোৱালীজনীৰ দেহত, তাই হেঁপাহ পলুৱাই তিতিছিল আৰু ভালপাই পেলাইছিল পৰস্পৰে পৰস্পৰক৷ বৰষুণজাকো কেতিয়াবা অভিমানী হৈ পৰে, ডাৱৰ হৈ মুখ ওন্দোলায় বৰষুণজাক ৰৈ থাকে সমস্ত আকাশ জুৰি, বৰষুণত তিতি ভালপোৱা ছোৱালীজনীও কেতিয়াবা হৈ প...

শেৱালি (মলয়া নেওগ)

POEM
শৰতৰ শাৰদীয়     পুৱতি নিশা         অজানিতে সাৰ পাই গ’লো, ভাঙি গ’ল ঘুমতি     পুলক ভৰা         মধুৰ মিঠা অনুভূতি৷ দুৱাৰ খুলি আগুৱাই গ’লো,     চোতালৰ দুৱৰিৰ পাতত পালোঁ         নিয়ৰৰ টোপা৷ সকলো লগ লাগি গাঁথিছে     মুকুতাৰ মালা৷৷ কাষ চাপি দেখিলো     শেৱালি পাহিবোৰ         আছে তলভৰি সৰি৷ আলফুলকৈ দুহাতেৰে     আজলি ভৰাই         পাহিবোৰ ল’লো বুটলি৷৷...

শৰৎ আহিল… (জয়শ্ৰী বুঢ়াগোহাঁই)

POEM
সেই বান্ধোন ছিঙি গুচি আহ তই শৰৎ আহিল... তইয়ে মইয়ে এক হোৱাৰ কুঁৱলিৰ মাজে মাজে হাতত হাত ধৰাৰ শৰৎ আহিল৷ মনৰ এচোকত ৰখা শেৱালি সনা মৰমবোৰ তোৰ ওঁঠজুৰিত গুজি দিবলৈ শৰৎ আহিল

শাৰদীয় বিশেষ দীপান্বিতা (কৰবী বৰ্মন কলিতা)

POEM
তুমি দ্বীপান্বিতা পদে পদে পোহৰৰ ফুল ছটিয়াই হৰ্ষিত কৰিবা প্ৰতিটো মন৷   তুমি আকাশৰ চাকি আহি আঁতৰাবা মানুহৰ দুখৰ ৰাত্ৰি৷   তুমি ত্ৰৈলোক্য নন্দিনী বিবস্ত্ৰ ধাৰিণী ৰূপান্তৰৰ উগ্ৰ মূৰ্তিৰ মা কালী৷   বিপদ বিনাশী বিলোৱা আশিস বঢ়োৱা আমাৰ শান্তিৰ মাধুৰিমা৷   তুমি দীপান্বিতা অনুকূল তৰুণী৷ ভক্তৰ কবচ ত্ৰৈলোক্য নন্দিনী৷৷  ...

ডেউকা (পূৰবী শইকীয়া)

POEM
মোৰ ডেউকা দুখনৰ ইমান শক্তি মেলি দিয়াৰ আগলৈকে জনাই নাছিলো৷   বৰফাবৃত পৰ্বতৰ qw চূড়াৰ ওপৰেদি কপাহ কোমল আকাশৰ ডাৱৰৰ মাজে মাজে সাগৰ পাৰ হৈ ডেউকা দুখনে দেশ মহাদেশৰ সীমা ভাঙি মোক লৈ গৈ আছে সূৰ্যৰ দিশত পোহৰৰ ঘৰলৈ আশাৰ কিৰণত মোৰ হৃদয় উদ্ভাসিত৷   মোৰ গালে-মুখে কমলা বৰণৰ আশাৰ ৰেঙণিৰ চিক্‌মিকনি৷   মোৰ ডেউকা দুখনৰ ইমান যে শক্তি/ মই জনাই নাছিলো মেলি দিয়াৰ আগলৈকে জনাই নাছিলো ৰামধেনুৰ সাতো ৰঙকো পৰশিব পাৰি হাতৰ আঙুলিবোৰেৰে৷   ডেউকা দুখন মেলি উৰি যাওঁ মই অন্তৰীক্ষৰ সীমা ফালি৷  ...

ইতিহাসৰ এখিলা ধোঁৱা বৰণীয়া পাত (মিনতি শৰ্মা)

POEM
ইতিহাসৰ পাতখিলা থৈ দিব ৰজাঘৰতআগলৈ অহা ৰজাবোৰে পঢ়িবতলাবন্ধ, সান্ধ্যআইন, মহামাৰী কৰ’ণাহাহাকাৰ চৌদিশে ক’লা পৰ্দাৰ আঁৰ পৃথিৱীৰ মানুহ এতিয়া একেধৰণে আছেধনী-দুখীয়া সকলো একে ডোলে বান্ধ খাইছেৰাজকীয় আহাৰবোৰ হেৰাই গৈছেআতংকিত সৰ্বত্ৰে৷এই ক’লা পৰ্দা দাঙ যাব কেতিয়াসেউজীয়া কাপোৰৰ আঁৰহে লাগেআন্ধাৰৰ আঁৰ কাপোৰত কিমান দিনলৈ বন্দী বাৰু মজিয়াবোৰত দুৰ্ভিক্ষ, আধা পেটী ভাতবজাৰো নাই, ওলালেও হেতাওপৰাৰোগীৰ ঔষধ বিচাৰি ভৰি দুখনেই এতিয়া যাতায়তযান নাই দুৰ্ঘটনাও নাই, ভৰিয়েই হওক যানহাত দুখনেই শক্তিৰ জোখ-মাখ বোজাই কঢ়িওৱাৰ এৰা, মানুহবোৰ একশ্ৰেণী হৈ আছেগাঁৱৰ টেঙেচী, মাটিকাদুৰী, বনজালুক, মৰলীয়া,লাই জাবৰীবোৰৰ আদৰ বাঢ়িছেপুৰণি দিন ঘুৰি আহিবই কাৰণপৃথিৱী যে ঘূৰণীয়াসত্যৰ যে সদায় জয়হাঁহ-কুকুৰাবোৰৰ আয়ুস বাঢ়িছে এয়া পৃথিৱীৰ দুঃসময়৷...

এজাক বৰষুণৰ প্ৰয়োজন (স্মৃতিৰূপী খাউণ্ড)

POEM
এজাক বৰষুণৰ প্ৰয়োজন..                              অস্থিৰ জীৱন..                              ৰণ কৌশল..                              ৰহস্যৰ চক্ৰবেহুত..                              অভিমন্যুৰ আৰ্তনাদ..ধুই নিকা কৰক মনৰ মলি...

শূণ্যতা বুকুৰ (ভাস্কৰ জ্যোতি ডেকা)

POEM
নিৰ্দয় হৃদয়তঅৱকাশৰ দুৱাৰ,পাৰা যদি ওলাই আহাঅভিমানৰ শিকলি ছিঙি৷ আজি ইয়াত একো নাইসকলো শূণ্যমাথোঁ বিৰহৰ ছবিঅদ্ভুত, অদ্ভুত আছিল সিদিনাসেইদিনাই ৰক্তাক্ত হৈছিলতেজবোৰে চেঁকুৰা বান্ধিছিলঅশ্ৰুবোৰ নিগৰিছিলপ্ৰাণৰ মমতাত৷ এখন ছবি দেখিছিলোঁজীয়া বুকুৰ উলাহৰকাঢ়ি লৈ গ’লকাঢ়ি লৈ গ’ল সিদিনাই বুকুৰ মাজৰ পৰা                              যিদিনাই অশ্ৰু বৈছিলপ্ৰাণৰ ভিক্ষা খোজা হৈছিল থাকিল মাথোঁ শূণ্যতা৷...