STORY – Page 7 – Purbodix.com

STORY

আজি তাই আকৌ কইনা সাজিছে (মালা দিহিঙীয়া হাজৰিকা)

আজি তাই আকৌ কইনা সাজিছে (মালা দিহিঙীয়া হাজৰিকা)

STORY
[ৰ]গ্গ ৰিচেপচনৰ ছোৱালীজনী... তাই হাইহিল যোৰেৰে খট খট খট খটকৈ কাণত খুঁচিব পৰা সুৰ এটা তুলি হোটেলৰ ভিতৰলৈ সোমাই যাওঁতে ৰিচেপচনৰ ছোৱালীজনীয়ে অভ্যাসবশতঃ মূৰ তুলি চালে৷ তাৰ ঠিক এক লহমাৰ আগতে তলমূৰ কৰি থকা ছোৱালীজনীলৈ চাই মূৰটো ঘূৰাইছিল তাই৷ দুইজনীৰ চাৰি চকুৰ মিল নহ’ল যদিও ৰিচেপচনৰ ছোৱালীজনীয়ে তাইক ঠিকেই চিনি পালে৷ কিন্তু তাই ছোৱালীজনীক চিনিব নোৱাৰিলে৷ ছোৱালীজনীয়ে কম্পিউটাৰৰ সন্মুখত বহি এমূৰৰ পৰা নামবোৰ চাই গ’ল৷ কিন্তু ক’তো ‘বৰেণ্যা সুবাসী’ নামৰ বুকিং নেদেখিলে৷ এবাৰ ভাবিলে হয়তোবা তাই ইয়াত কাৰোবাক লগ কৰিবলৈ আহিছে/ কিন্তু কাকঞ্জ তাকো ইমান সাজি কাচিঞ্জ লিফ্টৰ ৰঙা বুটামটো টিপি তাই ব্যস্ততাৰে ম’বাইলটোলৈ চাই উচপিচাই উঠিল৷ যেন কোনোবা তাইৰ বাবে ৰৈ আছে/ তাইৰ যেন খুউৱ দেৰি হৈছে৷ কপালত তাইৰ ফাউণ্ডেশ্যনৰ আৱৰণ ফালি বিৰিঙি উঠা বিন্দু বিন্দু ঘামৰ কণিকা৷তাই হাতৰ ঠাৰিত ওলমি থকা পাৰ্চটো খুলি ৰুমাল এখন উলিয়াই কঁপা...
আমেৰিকাৰ ডায়েৰি [দ্বিতীয় খণ্ড] (গীতাঞ্জলী বৰুৱা)

আমেৰিকাৰ ডায়েৰি [দ্বিতীয় খণ্ড] (গীতাঞ্জলী বৰুৱা)

STORY
বিমানবন্দৰৰ পৰা ওলায়েই মুকলি আকাশৰ তল পাই মোৰ মনতো যেন বেলেগ এখন পৃথিৱীৰ মাজত সোমাই পৰিল৷ বিশুদ্ধ বায়ু, সুউচ্ছ বিল্ডিংবোৰ, একা-বেঁকা উৰণীয়া সেঁতু, সুন্দৰ ৰাজপথত শাৰী শাৰী গাড়ী বতাহৰ বেগেৰে অহা-যোৱা কৰি আছে, আমিও নিজৰ পথেদি আগবাঢ়ি গৈ আছোঁ৷ সুচাৰুভাৱে পৰিচালিত ট্ৰেফিক ব্যৱস্থা, নিয়মসমূহ সকলোৱে মানিও চলে, যাৰ বাবে চাগে দূৰ্ঘটনাও বৰকৈ নহয় যদিও বা গাড়ীসমূহৰ গতিবেগ বহু বেছি৷ ট্ৰেফিক ব্যৱস্থা বহুত উন্নত৷ ৰাস্তাত কিন্তু এজনো ট্ৰেফিক পুলিচ দেখা পোৱা নাযায়৷ ৰাস্তাসমূহত কিছুমান প্ৰতীক চিহ্ন অঁকা থাকে আৰু সকলোৱে সেই চিহ্নকে মানি গাড়ীসমুহ চলায়৷ গাড়ীবোৰে অকল ৰঙা লাইট জ্বলিলেহে যেন ব্ৰেকৰ ব্যৱহাৰ কৰে তেনে অনুভৱ হ’ল মোৰ৷ সকলোৱে নিয়মাৱলীসমূহ মানি নিজ নিজ ৰাস্তাত গৈ থাকে৷ কিছুমান বগা, কিছুমান হালধীয়া ৰঙৰ আঁচ দেখিলোঁ৷ মনতে ভাৱ হ’ল ৰাস্তাটোতনো এইবোৰ কিহৰ আঁচ, লাহে লাহে বুজি উঠিলো সকলোৱে ইমান নিয়াৰিকৈ গাড...
লুইতৰ বুকুত দিখৌৰ এসোতা (কংকনা কাশ্যপ)

লুইতৰ বুকুত দিখৌৰ এসোতা (কংকনা কাশ্যপ)

STORY
অৰুণিমা মজুমদাৰ নতুনকৈ আহিছে কংক্ৰীটৰ অৰণ্য গুৱাহাটীলৈ। দুমাহ আগত তাই শিৱসাগৰৰ পৰা আহিছে, ইয়াত থকা ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠান এটাত বৰ্তমান কৰ্মৰত তাই। অৰুণিমাক লৈ জ্যোতিনগৰ মানে তাই থাকিবলৈ লোৱা ঠাইখিনি আৰু তাইৰ কৰ্মস্থান শিলপুখুৰী যথেষ্ট উৎসুক। দেখিবলৈ সাংঘাটিক ধুনীয়া নহ’লেও তাইৰ দীঘল জোঙা নাকটো আৰু ৰহস্যময় চুকুযুৰিৰ সৈতে তাই ধুনীয়াৰ শাৰীতে পৰে। সদায় অকলশৰে ন’মান বজাত তাই অফিচলৈ যায় আৰু সন্ধিয়া ছয়মান বজাত উভতি আহে। তাই অহা-যোৱা কৰা সময়খিনিত তাইক চাবলৈ বাটত বহুত মানুহ ৰৈ থাকে কিছুমানে ৰ’ লাগি আৰু আন কিছুমানে চাওঁ নাচাওঁকৈ তাইলৈ চায়। অৰুণিমাই সকলো জানিও অৱজ্ঞা কৰি তাইৰ কাবোৰ কৰি যায়। বজাৰ সমাৰো তাই অকলেই কৰে। তাইৰ প্ৰতিষ্ঠানটো গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠান হোৱাহেতুকে তাই সদায় বিভিন্ন মানুহৰ লগত কথা-বতৰা হ’ব লাগে তাৰে কিছুমানে তাইক সন্মানৰ চকুৰে আৰু আন কিছুমানে বৰ অসহায় অনুভৱ কৰিব লগা চাৱনি...
আমেৰিকাৰ ডায়েৰী (প্ৰথমখণ্ড)  (গীতাঞ্জলী বৰুৱা)

আমেৰিকাৰ ডায়েৰী (প্ৰথমখণ্ড) (গীতাঞ্জলী বৰুৱা)

STORY
প্ৰথমে মই মোৰ আমেৰিকা যাত্ৰাৰ পৰা আৰম্ভণি কৰিছো সুদীৰ্ঘ ১১ বছৰীয়া প্ৰেমৰ পাছত ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে আমাৰ বিয়াত সকলোৰে আশীৰ্বাদত সম্পন্ন হয়। মোৰ স্বামী যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত সেইবাবে ময়ো আমেৰিকালৈ যাত্ৰা কৰাৰ সুবিধাৰ কাৰণে ভিছাৰ কামখিনি কৰি ১৯ জুলাই ২০১৮ তাৰিখে বয়োজ্যেষ্ঠৰ আশীৰ্বাদত থকা বন্ধু-বান্ধৱীৰ মৰমলৈ যাত্ৰা আৰম্ভ কৰিলো আমেৰিকালৈ বুলি ডিব্ৰুগড় বিমানবন্দৰৰ পৰা দিনৰ ২ছ৪০ টা বজাত উৰা মাৰিলো নতুন দিল্লীলৈ। সন্ধিয়া ৭ বজাত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় বিমান বন্দৰত আমাৰ বিমানখন অবতৰণ কৰে যিহেতু মোৰ ইয়াৰ পাছৰ বিমানখন Amsterdam লৈ নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আছিল, নিজৰ বয়-বস্তুলৈ মোৰ ভিনিদেউ (অৰিন্দম দত্ত পুৰুকায়স্ত) পঠিয়াই দিয়া গাড়ীখনত বহি মা দাদাৰ লগতে শুভকাঙ্খীৰ লগত কথা পাতি পাতি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ পালোহি। মই কেইবাবাৰো বিমান যাত্ৰা কৰিছো যদিও আন্...
শাও (তন্দ্ৰালী মূৰ্ছনা)

শাও (তন্দ্ৰালী মূৰ্ছনা)

STORY
সেজ দুৱৰিৰ ওপৰত নিয়ৰৰ শুভ্ৰ দলিচাখন খিৰিকীখন মেলিয়েই দেখা পায় বেদুইন বৰুৱাই। মৃদু এছাটি বতাহ আহি গালতখনত চুমা আঁকি দিয়ে• ৰঘূনাথ চৌধুৰীৰ কবিতাত বাৰে বাৰে প্ৰকৃতিৰ প্ৰেমত পৰিব খোজা বেদুইন বৰুৱাৰ নিয়ৰ কিম্বা শীতৰ মাদকতা অনুভৱ কৰিব মন যোৱা নাই। ঃ হুহ, সমাজৰ সন্মুখত ভদ্ৰতা দেখুৱাই কি লাভ• তেওঁ যে এগৰাকী কলংকিতা নাৰী সেই কথা আৰু লুকাই নাথাকে। মিছেছ দত্তই মুখখন বেঁকী কৰিয়েই কথাষাৰ আৰম্ভ কৰিছিল। ঃ তেখেত ধৰ্ষিতা হোৱাৰ বাতৰি বহু পুৰিণ দিনতে বাতৰি কাকতত ছপা হৈছিল। ঘৰৰ লাইব্ৰেৰীটো চফা কৰোতে কাকতখন চকুত নপৰা হ’লে তেওঁক আজিও আমাৰ সংঘৰ সন্মানীয় সভানেত্ৰী বুলিয়েই ভাবি থাকিলোঁহেঁতেন। জেউতি সংঘৰ মহিলাসকলৰ মুখত বেদুইন বৰুৱাৰ বিপক্ষে বদনামৰ বৰষুণ সৰিলে। যাৰ যি মনলৈ আহে ইচ্ছা অনুসৰি ক’বলৈ ধৰিলে। মাথো নিমাতে আছিল অমিয়া সন্দিকৈ। পৰ চৰ্চাত লিপ্ত নোহোৱা অমিয়া বাইদেউ সেয়ে হয়তো বহু কথকী মিহলাৰ বাবে অপ্ৰিয় ন...