
আজি তাই আকৌ কইনা সাজিছে (মালা দিহিঙীয়া হাজৰিকা)
[ৰ]গ্গ ৰিচেপচনৰ ছোৱালীজনী...
তাই হাইহিল যোৰেৰে খট খট খট খটকৈ কাণত খুঁচিব পৰা সুৰ এটা তুলি হোটেলৰ ভিতৰলৈ সোমাই যাওঁতে ৰিচেপচনৰ ছোৱালীজনীয়ে অভ্যাসবশতঃ মূৰ তুলি চালে৷ তাৰ ঠিক এক লহমাৰ আগতে তলমূৰ কৰি থকা ছোৱালীজনীলৈ চাই মূৰটো ঘূৰাইছিল তাই৷ দুইজনীৰ চাৰি চকুৰ মিল নহ’ল যদিও ৰিচেপচনৰ ছোৱালীজনীয়ে তাইক ঠিকেই চিনি পালে৷ কিন্তু তাই ছোৱালীজনীক চিনিব নোৱাৰিলে৷ ছোৱালীজনীয়ে কম্পিউটাৰৰ সন্মুখত বহি এমূৰৰ পৰা নামবোৰ চাই গ’ল৷ কিন্তু ক’তো ‘বৰেণ্যা সুবাসী’ নামৰ বুকিং নেদেখিলে৷ এবাৰ ভাবিলে হয়তোবা তাই ইয়াত কাৰোবাক লগ কৰিবলৈ আহিছে/ কিন্তু কাকঞ্জ তাকো ইমান সাজি কাচিঞ্জ লিফ্টৰ ৰঙা বুটামটো টিপি তাই ব্যস্ততাৰে ম’বাইলটোলৈ চাই উচপিচাই উঠিল৷ যেন কোনোবা তাইৰ বাবে ৰৈ আছে/ তাইৰ যেন খুউৱ দেৰি হৈছে৷ কপালত তাইৰ ফাউণ্ডেশ্যনৰ আৱৰণ ফালি বিৰিঙি উঠা বিন্দু বিন্দু ঘামৰ কণিকা৷তাই হাতৰ ঠাৰিত ওলমি থকা পাৰ্চটো খুলি ৰুমাল এখন উলিয়াই কঁপা...