Page 6 – Purbodix.com

প্ৰেমৰ স্তৱক (মনীষা শৰ্মা)

প্ৰেমৰ স্তৱক (মনীষা শৰ্মা)

CURRENT TOPIC
তোমাক কাষত বিচাৰি  অলপ নিৰ্জনতাক গিলিলো হৃদয়লৈকে শিপাই গ’ল  তুমিও আহিলা, বুকুও ভৰালা  মইহে হেৰাই গ’লো বিলীনতাত অস্থিৰতাত       ৰাতিৰ নিজানত মাধৱ  ৰাধাৰূপিনী  হৃদয়ৰ ৰাধা সমস্ত সত্ত্বাত অনুভৱ কৰি  কৃষ্ণ, ৰাধাৰূপিনী  বিৰহৰ আত্মীয়তা  ৰাধা - কৃষ্ণৰ সম্পূৰ্ণতা    তুমি আৰু মই আৰু, একোকে নালাগে  মৰুভূমিৰ তপত বালিৰ মাজতো প্ৰেমৰ মলয়া সুবাস বলিব তুমি চাই দিলেই’ এখনি নদী বুকুলৈ বৈ আহিব...  ...
বিচ্ছেদৰ বিৰহ প্ৰেমিকাৰ স্ব আলাপঃ (অঞ্জনা শৰ্মা)

বিচ্ছেদৰ বিৰহ প্ৰেমিকাৰ স্ব আলাপঃ (অঞ্জনা শৰ্মা)

CURRENT TOPIC
তোমাৰ ভুল আছিল নে মোৰ ভুল আছিল নাজোনো, হৃদয়খন কিন্তু মোৰহে টুকুৰা টকুৰ হ’ল/ (ৰ)  তুমি মোৰ ইমান প্ৰয়োজন কেতিয়া হৈ গৈছিলা তাকো নাজানিলো৷ পুৱাবোৰ আৰম্ভ হৈছিল তোমাক লৈ ৰাতিবোৰো শেষ হৈছিল তোমাক লৈ অপেক্ষাবোৰৰ ফাঁকে ফাঁকেও তুমিয়েই আছিলা গাঁঠি থকা শব্দবোৰৰ উচ্চাৰণতো তুমিয়েই আছিলা খিল-খিল হাঁহিত তুমি অভিমানত তুমি কল্পনাৰ বাকৰিতো তুমিয়েই তুমি অশান্ত মনটো শান্ত কৰাৰ মাধ্যমো তুমিয়েই আছিলা এই যে ‘আছিলা’ তাতে তোমাক থলোঁ তুমি যে ‘আছা’ সেইটো আৰু সংযোগ নকৰো (২) মৌন তৰ্ক৷ শব্দই শব্দই ঘঁহনি নোখোৱাকৈয়ে হৈছিল নিতৌ এখন মৌন যুদ্ধ কোনো হাৰি যোৱা নাছিল কোনো জিকাও নাছিল ভাল লগা নাছিল৷ (৩) মোৰ মৃত্যুত তুমি দিবানে এটা মৌন প’ষ্ট এখন ফটো আৰু তাৰ তলত থাকিব মোক আমনি কৰা পক্ষীজনী উৰি গুচি গ’ল অজান দেশলৈ... এহ কিনো বলকিছো বিচ্ছেদৰ চাকনৈয়াত বিৰহী হৈ ঘুৰিছো তুমিয়ো আছিলা আছাতো নহয় থাকক দিয়া৷...
অসুখ (কাকু মণি গগৈ)

অসুখ (কাকু মণি গগৈ)

CURRENT TOPIC
সময়ৰ চাকনৈয়াত শব্দবোৰৰ অসুখ কথাবোৰৰ অসুখ...  বিশ্বাসবোৰৰ অসুখ এতিয়া বিশ্বাসবো১..  হৈ পৰিছে মাথোঁ অবিশ্বাস্য.... শব্দবোৰ, কথাবোৰ হৈ পৰিছে মাথোঁ...  অকথ্য...৷  তথাপিও বাট চাই ৰওঁ এটি আশা ভৰা মন লৈ সময়ৰ পৰিৱৰ্তনৰ  লগে-লগে..  এটি ভাল দিন আহিব বুলি... ৷৷  

কবিতাবিভাৱৰী (ৱাহিদ আহমেদ)

CURRENT TOPIC
সেমেকা শীতৰ ৰাতিটোত  মই টোপনি নাযাওঁ  ঠাণ্ডাৰ উমাল ৰাতিটোত  টোপনি যাবলৈ বহুত চেষ্টা কৰোঁ কিন্তু টোপনি যাব নোৱাৰোঁ এনে অবাঞ্চিত ৰাতিবোৰ  অভিশাপ হৈ বিছনাত কেতিয়া যে আহে  মই টোপনি যোৱাৰ আগতেই  নষ্ট অভিশাপবোৰে টোপনিটো  নাইকিয়া কৰি দিয়ে... তুমি চাগে টোপনিত আছা তুমি মোৰ কথাবোৰ পঢ়ি  তোমাৰ টোপনি বেয়া নকৰিবা এদিন তোমাক দেখা কৰিবলৈ কৈছিলোঁ তুমি নাহিলা কিয়?  এতিয়া মই টোপনি যাম আৰামেৰে তুমি আহিলেও  মই টোপনিৰ পৰা নুঠো তুমি গোটেই ৰাতি পহৰা দিলেও  তাতেই শুই থাকিম... তোমাৰ মাতষাৰে মোক জগাব নোৱাৰে  ...
আহক জীৱনক ভালপাওঁ (জিতুমণি বৰা)

আহক জীৱনক ভালপাওঁ (জিতুমণি বৰা)

CURRENT TOPIC
ভাওনাৰ এফাকি বচন সৰুতেই মুখস্থ হৈ গৈছিল– আত্মহত্যা মহাপাপ শাস্ত্ৰৰ বচন৷ বচনফাকি যাদুৰাম বৰ্তাই পুৱা-গধুলি গা ধুই চোতালত গামোচাখন মেলিবলৈ আহোতে চিঞৰি চিঞৰি গাইছিল৷ কাৰণ বৰ্তাই গাঁৱৰ বছৰেকীয়া ভাওনাত এগৰাকী ঋষিৰ ভাও দিছিল৷ প্ৰেমত পৰি ব্যৰ্থ হোৱা ভাওনাৰ ৰাজকুমাৰেও আত্মহত্যা কৰিবলৈ উদ্যত হোৱাত বাধা দি ঋষিয়ে শুনাইছিল এইফাকি বচন৷ বৰ্তাই ঘৰত ইয়াৰ ৰিৰ্হাচেল কৰি সুৰত পুৱা-গধুলি আওৰাই থাকোঁতে শুনি শুনি মোৰ মুখস্থ হৈছিল৷ সেই বচনফাকিৰ বাবে তেতিয়াই আত্মহত্যা সন্দৰ্ভত এটা বিৰূপ ধাৰণাৰ জন্ম দিছিল৷ মানুহৰ জীৱনলৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহে৷ আমাৰ দৰে মানুহৰ জীৱনলৈ এনেকুৱা প্ৰত্যাহ্বান নাহে, যিটো প্ৰত্যাহ্বানৰ আমি মোকাবিলা কৰিব নোৱাৰোঁ৷ সম্প্ৰতি ভাৰতবৰ্ষত ৪০ অনুৰ্ধ যুৱক-যুৱতীৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে৷ চলচ্চিত্ৰ তাৰকাৰ পৰা গাঁৱৰ খেতিয়কজনলৈকে সামৰি চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে এইসকল...
তবলা বাদক প্ৰয়াত ওস্তাদ জাকিৰ হুছেইনলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ(নাছিৰ আহমেদ)

তবলা বাদক প্ৰয়াত ওস্তাদ জাকিৰ হুছেইনলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ(নাছিৰ আহমেদ)

CURRENT TOPIC
বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত– “ চিহ্ন সেথা পৰে আছে   হেথা তুমি নাই৷’’ বিশ্ব বৰেণ্য ওস্তাদ জাকিৰ হুছেইনে পৰিৱেশন কৰা তবলাৰ ৰিমঝিম ৰিমঝিম বৰষুণৰ অবিৰত ঝংকাৰে এতিয়াও সকলো বিশ্ববাসীৰ কৰ্ণকুহৰত অমৃত ঢালি আছে; অথচ তেওঁ আমাক সকলোকে কন্দুৱাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্ক’ৰ এখন হাস্পতালত ফুচ ফুচ আৰু হৃদযন্ত্ৰৰ ব্যাধিত আক্ৰান্ত হৈ দুসপ্তাহ ধৰি “আই চি উ’’ত চিকিৎসাধীন হৈ থাকি যোৱা ২০২৪ চনৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখে (দেওবাৰ) ৭৩ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে৷  ওস্তাদ জাকিৰ হুছেইনে ১৯৫১ চনত ৯ মাৰ্চত মুম্বাইত জন্ম গ্ৰহণ কৰিছিল৷ তেওঁ মাহিম ছেণ্ট হাইস্কুলত পঢ়াশুনা কৰি মোম্বাইৰ ছেণ্ট জেভিয়াৰ শিক্ষানুষ্ঠানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷  ভাৰতীয় সংগীত জগতত তবলা বাদ্যযন্ত্ৰৰ সহযোগত সঙ্গীতৰ সুৰৰ লহৰ সৃষ্টি কৰি ওস্তাদ জাকিৰ হুছেইনৰ পিতৃ আল্লা ৰাখা খানে এটি নব্য ধাৰাৰ সৃষ্টি কৰিছিল৷ ...
উত্তৰণৰ বাটত ভাৰতীয় নাৰী(উজ্জ্বল ডেকা)

উত্তৰণৰ বাটত ভাৰতীয় নাৰী(উজ্জ্বল ডেকা)

CURRENT TOPIC
প্ৰাচীন ভাৰতৰ মহিলাসকলে সময় সাপেক্ষে বহুমুখী ভূমিকা পালন কৰিছিল; যিয়ে সমাজ, সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ বিৱৰ্তনক প্ৰতিফলিত কৰিছিল৷ বৈদিক যুগৰ পৰা মধ্যযুগলৈকে সমাজৰ নীতি-নিয়ম, ধৰ্মীয় গ্ৰন্থ আৰু ৰাজনৈতিক গাঁথনিৰ দ্বাৰা প্ৰভাৱিত হৈ নাৰীৰ মৰ্যাদা, অধিকাৰ আৰু দায়িত্বৰ পৰিৱৰ্তন ঘটিছিল৷ আধুনিক নাৰী আৰু প্ৰাচীন ভাৰতৰ নাৰীৰ মাজত আকাশ পাতাল প্ৰভেদ সুচিত হ’ল যদিও বহু ক্ষেত্ৰত আজিও সীমাবদ্ধ হৈ আছে নাৰীৰ জীৱন৷ ভাৰত উপ মহাদেশ আৰু ইউৰোপ-দুটা ভিন্ন ভুখণ্ড৷ এই দুই ভুখণ্ডৰ প্ৰাচীন সমাজত নাৰীৰ অৱস্থান কেনে আছিল বাৰু? বৈদিক যুগত নাৰী বৈদিক যুগ খ্ৰীষ্টপূৰ্ব ১৫০০ ১ পৰা খ্ৰীষ্টপূৰ্ব ৫০০ চনলৈ মহিলা সকলে নিজৰ পৰিয়াল আৰু সম্প্ৰদায়ৰ ভিতৰত তুলনামূলকভাৱে বিশেষ মযাৰ্দা লাভ কৰিছিল৷ পিতৃতান্ত্ৰিক কাঠামোৰ অস্তিত্ব থকাৰ সময়তো মহিলাসকলে কিছুমান বিশেষ অধিকাৰ লাভ কৰিছিল, য’ত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ক্ষমতাও আছিল৷ প্ৰ...

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ সাৰাংশ (মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহ)

CURRENT TOPIC
মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত যোৱা সংখ্যাৰ পিছৰ পৰা... সি ক’লে, “ভাল কথা৷ কিন্...
সমন্বয়ৰ প্ৰতীক ড॰ ভূপেন হাজৰিকা(দিতুল চেতিয়া)

সমন্বয়ৰ প্ৰতীক ড॰ ভূপেন হাজৰিকা(দিতুল চেতিয়া)

CURRENT TOPIC
১৯৯৩ চনত শিৱসাগৰৰ ৰংপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৫৯ সংখ্যক অধিবেশনৰ সভাপতি ড॰ ভূপেন হাজৰিকাই তেওঁৰ সভাপতিৰ অভিভাষণত কৈছিল– ‘আপোনাসৱৰ সন্মুখত দৃঢ় কণ্ঠে ঘোষণা কৰিবলৈ আহিছোঁ যে অসম সাহিত্য সভা কেৱল অসমীয়া সাহিত্য সভা নহৈ ই অসমৰ সাহিত্য সভা হ’ব লাগে৷ ভৌগোলিকভাৱে যি মাটিভাগ অসমৰ অঞ্চলৰূপে আছেগৈ, সেই সীমাৰ ভিতৰতে থকা আৰু লুইতৰূপী অসমীয়া সাহিত্যিক, জীৱন্ত উপনৈ হৈ, তজবজীয়া নিজৰা হৈ অহোৰাত্ৰী পৰিপুষ্ট কৰা বিভিন্ন ঐতিহ্যপূৰ্ণ জনজাতীয় ভাষা-গোষ্ঠীসমূহ আৰু অন্যান্য ভাষা-গোষ্ঠীৰ সাহিত্য-কৰ্মীসকলৰ বাবেও এই অসমৰ সাহিত্য সভাৰ মঞ্চত সমান গুৰুত্ব লৈ একেলগে বহা, আলচ কৰা, পৰম্পৰক স-সন্মানে বুজিবলৈ চেষ্টা কৰা সুবিশাল মঞ্চ হওক এই মহান অসম সাহিত্য সভা৷ উদাৰ দৃষ্টি হওক এই মননশীল সাহিত্য সভাৰ৷ যৌথ হওক ইয়াৰ পৰিকল্পনা৷ অস্ত্ৰ হওক মানৱতাবাদ৷ লক্ষ্য হওক– শান্তি আৰু সামূহিক কল্যাণ৷’ অসমৰ সাহিত্য-সংস্কৃতিক তেওঁ মহাবা...

চোৰাংচোৱাগিৰি(মামণি গগৈ হাজৰিকা)

CURRENT TOPIC
নীলাক্ষীৰ মনটো কিবা এটা ভাল লগা নাই৷ তথাপিও সন্ধিয়াৰ চাহৰ পৰা ৰাতিৰ ভাতলৈকে কৰি খুৱাই-বোৱাই আজৰি হৈ বিচনাত পৰি ফেচবুকটো খুলিলে৷ কেইবাদিনো চোৱাই নাই৷ প্ৰথমতে মেছেঞ্জাৰলৈকে গ’ল৷ দেখিলে মেচেজটো “hi কি খবৰ৷’’ দেখি ৰিপ্লাই লিখিলে লগে লগে সিমূৰৰ পৰাও ৰিপ্লাই আহিল৷ অলপ সময় বাৰ্তালাপৰ পিছত তাইৰ স্বামী মানৱে মাতিলে “হেৰা কি কৰি আছা? মোৰ টোপনি অহা নাই পানী এগিলাচ দিয়া চোন’’ নীলাক্ষীয়ে পানী গিলাচ লৈ লবলৈ ক’লত মানৱে ক’লে ইমান ৰাতিলৈকে কি কৰি থাকা পানী গিলাচ দিব নোৱাৰা যে৷ তাইও সমানে খঙতে- পুলিচৰ চাকৰি কৰিলা বুলি ঘৰত মোকো ক’লৈ গৈছো কি কৰিছো জেৰা কৰি নাথাকিবা দেই৷ এই বুলি কৈ কৈ পানী দিবলৈ গৈ দেখিলে তেওঁ মহাপুৰুষ ৰাতিখনো ফেচবুকিয়ান হৈ মেচেজা-মেচেজি৷ ভালকৈ চাই দেখিলে তাইলৈকে লিখি আছে৷ এইয়া কি ইমান দিনে নকল নামেৰে একাউণ্ট খুলি মানে মোৰ ফেচবুকৰ চোৰাংচোৱা গিৰি৷ আইঐ দেহি, চৰকাৰী কাম বোৰ যদি এনেকুৱা মগজু খটুৱা...