
সমুদ্ৰ সৈকত প্ৰাণ পাই উঠা বলুকা শিল্প (নিৰ্মালী মহন্ত)
পুৰী মোৰ এই সাগৰখনৰ কাৰণেই হিয়াৰ আমঠু। সাগৰৰ পাৰ ৰাঙলী কৰি তোলা সূৰ্যাস্তৰ পৰত বালিৰ ওপৰত বহি কোনোবা অজান মুলুকৰ পৰা বৈ অহা বতাহজাকৰ লগত কিমান সময় যে কথা পাতি পাৰ কৰিছো, কিমান যে ঢৌবোৰে কঢ়িয়াই অনা সৰু সৰু শামুকৰ খোলাবোৰ বুটলিছো। সেন্দূৰী আভাৰে উজলি উঠা পূৰ্ব আকাশৰ সূৰ্যোদয়ে জগাই তোলা সেই অকণি অকণি কেঁকুৰাবোৰে ফুল এপাহৰ দৰে সজাই তোলা নিজৰ বালি ঘৰবোৰৰ মাজত ঢৌৱে স্পৰ্শ কৰিব বুলি পলকতে সোমাই পৰা দৃশ্যই প্ৰতিবাৰেই সমৃদ্ধ কৰি তোলে মোক। এনেদৰেই বান্ধ খাই পৰিছিলো হয়তো এই ঠাইখনৰ সৈতে। আজি বহু বছৰ হ’ল এই মাটিৰ সৈতে সাঙুৰ খাই পৰা, কিন্তু হেঁপাহ আজিও পলোৱা নাই। কিছু দিনৰ বিৰতিৰ মুৰত পুনৰ ওলাই পৰো এক অজান মুকুটাৰ সন্ধানত সেই একেই মেৰিনড্ৰাইভেদি, ফেনে ফুটুকাৰে অহৰহ পাৰ ধোৱাই থকা কলিংগ সাগৰৰ বিশাল ঢৌবোৰলৈ চাই চাই।
মোৰ আজিও মনত পৰে সাগৰৰ ঢৌবোৰক ৰূপালী ৰং সানি দিয়া সেই জোনাকী নিশাৰ কথা। পূৰ্ণ...