
আটাৰে ড্ৰাইম্ফ্ৰুইটছৰ লাৰু (নিতুমণি দাস শৰ্মা)
উপকৰণ ঃআটা ডেৰ কাপনাৰিকলৰ শুকান গুৰি ডেৰ কাপ৷কাটি লোৱা দুই চাহ চামুচ কাজুইলাচিৰ গুৰি ডেৰ কাপৰ অলপ কমমি{¨ পাউডাৰ এক চাহ চামুচঘী ডেৰ কাপচেনী এক কাপ গুৰি কৰি লোৱা৷প্ৰণালী ঃ ফ্ৰাইপেন এখন গেছত বহুৱাই ল’ব৷ আৰু জুই চিমত দি থব৷ আটাখিনি দি কমেও ছয় সাত মিনিটৰ বাবে লৰাব৷ যেতিয়া আটাখিনি ভজা হৈ সুন্দৰ সুগন্ধি ওলাব তেতিয়া নাৰিকলৰ গুৰি, বাদামখিনি দি আকৌ তিনি মিনিট ভাজিব৷ তাৰ পিছত ইলাচিৰ গুৰি, মি{¨ পাউডাৰ দি ভালকৈ লৰাই ঘী দিব৷ আকৌ ঘীৰ লগত দুই মিনিটমান লৰাই থকাৰ পিছত যেতিয়া ঘীখিনিয়ে পেন এৰিব, তেতিয়া সামান্য লেকেতিয়া হৈ থাকোঁতে গেছ বন্ধ কৰি আটাখিনি হেতাৰে মেলি সামান্য ঠাণ্ডা হ’ব দিব৷ যেতিয়া অত্যাধিক গৰম আঁতৰিব, তেতিয়া চেনীৰ পাউডাৰখিনি আটাৰ মিশ্ৰণৰ লগত মিলাই দিব আৰু ভালকৈ সহিব পৰাকৈ মিশ্ৰণখিনি মিহলাই লাৰু কেইটা বান্ধি ল’ব৷ আৰু জুতি ল’ব হেলথী আটাৰ লাৰুৰ৷
...