STORY – Page 4 – Purbodix.com

STORY

ছৌতো (চিমি কোঁৱৰ)

ছৌতো (চিমি কোঁৱৰ)

STORY
ঃ বাৰে বাৰে তই একেটা ভুলকে কিয় কৰ অ’ই ছৌতো?মেমচাহাবে তাক সোধে৷ একাঁহী ভাতৰ সৈতে জালুক দিয়া ৰন্ধা মাংসৰ আঞ্জাখনৰ পৰা হাত নোতোলাকৈয়ে ছৌতোৱে মেমচাহাবলৈ চায়৷ঃ কাঁহীত যিগালহে ভাত লৈছ, মানুহে তোক দেখাই নাপাব৷দহ বছৰীয়া ছৌতোৱে মেমচাহাবক একো নকয়৷ লাহে লাহে মেমচাহাবৰ পৰা সি কামবোৰ শিকি বুজি লৈছে৷ মেমচাহাবে শিকোৱা মতে সি কামবোৰ কৰি যায়৷ কেতিয়াবা তাতে ভুল হৈ যায়৷ঃ তই বাৰে বাৰে একেটা ভুলকে কিয় কৰ জাননে?ঃ কিয়?প্ৰশ্নবোধক দৃষ্টিৰে ছৌতোৱে মেমচাহাবলৈ চায়৷ঃ কুলি যে তই... সেইকাৰণে৷ছৌতোৱে মেমচাহাবক বেয়া নাপায়৷ তাৰ মেমচাহাব মৰমীয়াল মানুহ৷ তাক খুব মৰম কৰে৷ বাবু আৰু মাইনাৰ সৈতে একেলগে নতুন কাপোৰ দিয়ে, স্কুললৈ পঠিয়ায়৷ কিন্তু স্কুলতহে তাৰ মন নবহে৷ চিলটত চক মাটিৰে ‘ক’টোৰ ভাজ কৰিবলৈও তাৰ মন নবহে৷ মনটো ৰেল লাইনৰ কাষৰ গলিত উৰুওৱা চিলাখনৰ দৰে উৰি থাকে৷ মেমচাহাবে তাক গালি দিয়ে–ঃ এনেকৈ হ’বনে? পিছত কি কৰি খাব...
আমেৰিকাৰ ডায়েৰী – ৬ (গীতাঞ্জলী বৰুৱা)

আমেৰিকাৰ ডায়েৰী – ৬ (গীতাঞ্জলী বৰুৱা)

STORY
আমি বাস কৰা পৰিৱেশটো সুস্থ আৰু নিৰাপদ নহ’লে এটা সুস্থ জীৱনশৈলী পাব নোৱাৰি৷  ইয়াৰ বাবে সুস্থ পৰিৱেশৰ নিয়ম-নীতিসমূহ নিয়মিত অভ্যাস কৰিব লাগিব৷ আমি বাস কৰা গৃহ আৰু চৌপাশটো সুস্থ আৰু নিকা হৈ থাকে, যাতে তাৰ প্ৰতি তৎপৰ হ’ব লাগে৷ এই কথাবোৰ আমি প্ৰায় পঢ়িবলৈ বা জানিবলৈ পাওঁ৷ কিন্তু বাস্তৱক্ষেত্ৰত ইয়াৰ প্ৰয়োগহে বহুত কম৷ল’ৰালি কালত আমি প্ৰায়ে আমাৰ আইতাৰ মুখত বহুত চাফা বুজাবলৈ ব্যৱহাৰ কৰা এষাৰি বাক্য শুনিবলৈ পাইছিলো, ফু-মাৰি ভাত খাব পাৰি৷ আমেৰিকাৰ বাট-পথবোৰেই হওঁক বা ঘৰৰ আগ চোতালখনেই হওঁক ইমান চাফা সঁচাই ফু-মাৰি ভাত খাব পাৰি৷ মানুহবোৰ কৰ্মী৷ প্ৰায়বিলাক কাম নিজেই কৰে ইয়াত নিগাজীকৈ বাস কৰা মানুহখিনিয়ে ঘাঁহ কটাৰ পৰা ফুলনিখনৰ ফুল যত্ন কৰালৈকে সকলো কাম নিজেই কৰে৷ মেচিনৰ সহায়ত ঘাঁহবোৰ কটাৰ বাবে ছাগে, দেখি ঘাঁহত খোজ পেলাবলৈ মনেই নাযায়৷ সিঁচৰতি হৈ থকা দেখা পোৱা নাযায়৷ ডাষ্টবিনৰ সঠিক ব্যৱহাৰ...
প্ৰতিজ্ঞা (নমিতা মেধী ডেকা)

প্ৰতিজ্ঞা (নমিতা মেধী ডেকা)

STORY
ঃ দে’তা ময়ো যাম তোমাৰ লগত৷ঃ নালাগে জিংকী... আজি দেতা যাওঁক দিয়া৷ তুমি আৰু মই পিছত এদিন যাম৷ঃ না... নহ’ব আইতা৷ ময়ো যাম দে’তাৰ লগত৷ঃ হ’ব জিংকী তুমিও যাবা মোৰ লগত৷বাৰাণ্ডাৰ চকীখনত বহি কিবাকিবি ভাবি থকা প্ৰিয়মে মাত লগালে কণমানি জিংকীলৈ চাই৷দেউতাকৰ অনুমতি পাই চাৰিবছৰীয়া কণমানি চিত্‌পখিলীজনী আনন্দতে জপিয়াই জপিয়াই দেউতাকৰ ওচৰৰ পৰা আঁতৰি গ’ল৷ ওচৰেত ৰৈ থকা প্ৰিয়মৰ মাকে প্ৰিয়মলৈ চাই...ঃ চাৰি বজাত যাবি বুলি কৈছো মানুহঘৰক৷ তোৰ লগৰ প্ৰণয় আৰু ৰাজুও আহিব৷প্ৰিয়মে মাকলৈ মূৰ তুলি চালে৷ আকুলতাৰে ভৰা পুত্ৰৰ মৌন চাৱনিয়ে মাতৃৰ বুকুৰ মাজত এটি মৃদু বিষৰ হেন্দোলনি তোলে৷ শোক এটি উজাই আহি ডিঙিত সোপা মাৰি ধৰে৷ তথাপিতো নিজকে সংযম কৰি কৈ উঠে...ঃ তই দুখ নকৰিবি বাবা৷ জিংকীৰ বাবেই তই এইখিনি কৰিবই লাগিব৷দুটোপাল দুখৰ মুকুতাৰে জলমলাই উঠা চকুযুৰিৰে তলমূৰ হৈ ৰয় প্ৰিয়ম৷ জিংকীৰ বাবেইতো সি বচৰা নাই এইটো পথ৷ এতিয়া জি...

কেঁচা মাটিৰ সুবাসত (পৰী বৰগোহাঞি)

STORY
ল’কডাউনত টাইম পাছ কৰিবলৈ পাপৰি গাঁৱৰ ঘৰলৈ ঢাপলি মেলিলে৷ খেতিৰ দিনত সেউতীৰ লগত পথাৰলৈ ভূঁই ৰুবলৈ গ’ল চহৰৰ বাসিন্দা পাপৰি৷ বোকাত নামি লাহী হাতখনিৰে চেল্‌ফি তোলাত ব্যস্ত হ’ল পাপৰি৷ অন্যহাতেদি গাঁৱলীয়া ছোৱালী সেউতীয়ে বোকাত ৰোৱা গুজি ভাগৰুৱা দেহটো লৈ পুখুৰীটোত চেলেংকৈ হাতখন ধুই পাপৰিয়ে অনা ভাতমুঠি মুখত দিবলৈ লওঁতেই হাতত লাগি থকা মাটিৰ নিভাঁজ গোন্ধ এটাই মনত আনন্দ দিলে৷ এখন চেল্‌ফিতকৈ কেঁচা মাটিৰ গোন্ধ হাজাৰগুণে উন্নত বুলি মনতে ভাবি সেউতীৰ মনত সন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠিল৷...

অকলশৰীয়া (মৃণাল বৰুৱা)

STORY
ক’লা ছাতিটোৰ সৈতে ইমানপৰে কঢ়িয়াই অনা কিতাপজাপ আৰু সঁফুৰাখন থৈ মানুহজনে এটি গভীৰ হুমুনিয়াহ কাঢ়িলে৷ ডিঙিৰ ফুলাম গামোচাখনলৈ চাই তেওঁ মনতেই বিৰবিৰাই উঠিল... ‘‘তুমি যোৱাৰ পিছত সেইখনেই মোৰ ঘৰ আছিল৷ আজিৰপৰাহে মই অকলশৰীয়া হ’লো//’’

যশোধৰা (তৰালী ঘৰফলীয়া)

STORY
তাইৰ উদৰৰ মিঠা বিষটো মাৰ নৌযাওঁতেই তেওঁ হঠাতে হেৰাই গৈছিল৷ বুকুৱেদি শিলৰ নদী বোৱাই তাই অপেক্ষা কৰিছিল দিনৰ পাছত দিন, বছৰৰ পাছত বছৰ৷ তাইৰ কাৰণে নহ’লেও অন্ততঃ নিজেই আমন্ত্ৰণ কৰি অনা অতিথিগৰাকীৰ কাৰণে এদিন তেওঁ উভতনি বাট বুলিব৷ এই আশা তাইৰ বুকুতে বাজি বুকুতে হেৰাইছিল৷ এদিন শুনিছিল, তেওঁক হেনো আজিকালি বিষয়-বাসনাই স্পৰ্শ নকৰে৷ তেনেহ’লে...? তাইক কিয় বাসনাৰে বান্ধি পেলাইছিল তেওঁক?...
আমেৰিকাৰ ডায়েৰী ৫ (গীতাঞ্জলী বৰুৱা)

আমেৰিকাৰ ডায়েৰী ৫ (গীতাঞ্জলী বৰুৱা)

STORY
পঢ়াই পঢ়ে, ৰোৱে পাণ এই তিনিয়ে নিচিন্তে আন৷ এই কথাষাৰৰ সঠিক প্ৰতিফলন যেন মই আমেৰিকালৈ আহি দেখা পালোঁ৷ স্কুলত থাকোঁতে মাৰ মুখত প্ৰায় শুনি থাকোঁ৷ পঢ়ি থকা সময়ত আন কথালৈ মন দিব নালাগে তাকে বুজাবলৈ মায়ে মোক প্ৰায় ওপৰৰ বাক্যশাৰী শুনাই থাকে, মোৰ বুজিবলৈ বাকী নাথাকে যে মোৰ চঞ্চল মনটোক নাকী লগাব বিচাৰে৷এদিনৰ কথা৷ আমি ফুৰিবলৈ গৈছিলোঁ Wisconsin ১ Hudson City ১ Lakefront Park লৈ৷ বৰ সুন্দৰ ঠাই, সন্ধিয়া সময় বেলি ডুবিবৰ হৈছে আৰু আপেল গছ এজোপাত ওলমি ওলমি আপেল লাগি আছে৷ তাৰে দুটামান প্ৰাঞ্জলে ছিঙিছে৷ খাবলৈ পিছে টেঙা, দেখাত কিন্তু বৰ ধুনীয়া৷ ঠাইখিনি পিকনিকৰ বাবে প্ৰয়োজনীয় সকলো সুবিধাই তাত আছে৷ সৰু ল’ৰা-ছোৱালীৰ খেলিবলৈও সুবিধা আছে৷ তাৰ পিছত কিছু আগুৱাই গ’লো হ্ৰদটোৰ কাষলৈ৷সচৰাচৰ দেখাৰ দৰে হ্ৰদৰ পাৰত সৰুৰ পৰা বুঢ়ালৈকে খেলাই খেলিছে, খোজকঢ়াই খোজকাঢ়িছে৷ তাৰ মাজতে দুজনে মনোযোগেৰে কিতাপ পঢ়াত ব্য...
বটবৃক্ষ (তৰালী  ঘৰফলীয়া)

বটবৃক্ষ (তৰালী ঘৰফলীয়া)

STORY
“ঐ ছাৰ আহি পালেহি৷ ব’ল ব’ল ভিতৰলৈ বল৷’’ “ তই কালি ছাৰে কৰিবলৈ দিয়া অংককেইটা কৰিলি নাই মনোজ?’’ “কৰিলোঁ৷ ভয়েই লাগিছে জান৷ শুদ্ধ হয় বা নহয়৷”      “ময়ো কৰি আনিছোঁ৷ কিন্তু,  মোৰো ভয় লাগি আছে৷” স্কুললৈ সোমাই অহা তিনিআলিটোৰ মূৰতে পাঠক ছাৰৰ চাইকেলৰ টিলিঙাৰ শব্দ শুনিয়েই তৎপৰ হৈ পৰিল সকলো৷ লৰি ধাপৰি হলেও নিজ নিজ আসনকেইখন গ্ৰহণ কৰিলে গৈ৷ হুলস্থূল কৰি থাকিলে ছাৰে বৰ বেয়া পায়, পৰিপাটীকৈ নাহিলে ছাৰে গালি পাৰে৷ সেয়ে সিহঁত সদা সষ্টম৷ ছাৰে বেয়া পোৱা কাম কৰিব নোৱাৰি৷ কেতিয়াও নোৱাৰি৷ বগাচাৰ্ট আৰু ধোঁৱাবৰণীয়া পেণ্ট এটাৰ সতে কান্ধত কাপোৰৰ মোনা এটালৈ চাইকেলখন চলাই ফুৰা পাঠক ছাৰ ঠাইখনৰ প্ৰতিজনৰে চিনাকি,  কোনোবাই যদি তেওঁক দহ বছৰৰ আগৰপৰা দেখিছে, কোনোবাজন আকৌ তাতকৈ আগৰ পৰাই তেওঁৰ লগত ঘনিষ্ঠ৷ দুই এজনৰ লগত তেওঁৰ ন পৰিচয় ঘটিছেহে ৷ কিন্তু, এইযে ছাত্ৰ-ছাত্ৰীসকল,  এ...
নৈ (নিৰ্মালী নয়নতৰা)

নৈ (নিৰ্মালী নয়নতৰা)

STORY
ঃ পেটটো বাঢ়িছে হে/ কি কৰা যায়ঞ্জঃ অস্‌/ কলেষ্টৰেল বাঢ়িছে তোমাৰ, লিভাৰ ফেট্টি হৈছে, শাৰীৰিক পৰিশ্ৰম একেবাৰেই নাই৷ তাতে খোৱা বোৱাৰো কোনো ৰুটিন নাই৷ কিন্তু একো নহয়, চিন্তা নকৰিবা৷ কাইলৈ মৰ্ণিং ওলাবা মোৰ লগত৷ খোজ কাঢ়িম৷ জয়মতী পথেৰে গৈ গৈ যে পথাৰ এখন পায়গৈ, তালৈকে খোজ কাঢ়িম আমি৷ মোৰ লগৰ যে সুজাতা তাই মানুহজনক বোলে ঘৰৰ পৰা ষ্টেডিয়ামলৈকে দৌৰায় জানাঞ্জ এতিয়া কি হেণ্ডচাম হৈ গল হেনো মানুহজন/ তেওঁ আমাতকৈ পোন্ধৰ বছৰমান ডাঙৰ৷ তোমাতকৈও সাতবছৰ ডাঙৰ৷ তুমি কিয় নোৱাৰিবা৷ কাইলৈ ৰেডি হবাই কিন্তু৷ পুতলাক মাহঁতৰ লগত শুৱাই থৈ যাম৷ ঃ তুমি কি পিন্ধি যাবাঞ্জ চাদৰ মেখেলাই পিন্ধি যাব লাগিব যে|ঃ অহ্‌, সেইটোনো কি কথাটোঞ্জ পুতলা গাত থাকোঁতে মই জানা সেই ৰাস্তাটোৰে গৈ গৈ পথাৰখন পাওঁগৈ৷ কিমান দূৰ ভাবাচোন/ তেতিয়াওতো চাদৰ মেখেলাই পিন্ধি যাওঁ৷ অকলে অকলে গৈ থাকোঁ, গৈয়েই থাকোঁ৷ কিমান দূৰ গৈছোঁ, নিজেই কব নোৱাৰাকৈ গৈ গৈ মাটিৰ...