CINEMA – Page 2 – Purbodix.com

CINEMA

কবিতা ৰচনাৰে ৰেকৰ্ড গঢ়া চান্দনীকা চৌধুৰী (অৰূপ কাকতি)

কবিতা ৰচনাৰে ৰেকৰ্ড গঢ়া চান্দনীকা চৌধুৰী (অৰূপ কাকতি)

CINEMA
বয়স মাত্ৰ ১৩ বছৰ ৩ মাহ৷ অষ্টম শ্ৰেণীৰ ছাত্ৰী, কিন্তু কৈশোৰ কালৰ টুকুৰা-টুকুৰ শব্দৰে প্ৰকাশ কৰা অনুভৱবোৰে কিশোৰীগৰাকীক কম বয়সতে কেইবাটাও উচ্ছমানৰ ৰেকৰ্ডৰ অধিকাৰী কৰি তুলিছে৷ ৭০ দিন ধৰি একেৰাহে ৭০ টা কবিতা ৰচনা কৰি প্ৰকাশ কৰাৰ বাবে অসম বুক অব ৰেকৰ্ডচত আৰু ৮০ দিন ধৰি ৮০ টা কবিতা ৰচনা আৰু প্ৰকাশেৰে বেংগল বুক অব ৰেকৰ্ডচত নিজৰ নাম অন্তভূৰ্ক্ত কৰিবলৈ সক্ষম হোৱা কিশোৰীগৰাকীয়েই হ’ল চান্দনীকা চৌধুৰী৷ NPত্ৰ ইণ্টাৰনেচনেল স্কুলৰ ছাত্ৰী চান্দনীকা অসমৰ কবি সমাজৰ এগৰাকী উল্লেখযোগ্য কিশোৰী কবি–যিগৰাকীয়ে ১২৫ দিনত ১২৫ টা কবিতা ৰচনা আৰু প্ৰকাশ কৰি ৱল্ডৰ্ ৰেকৰ্ডচ্ ইন ইনক্ৰেডিবল বুক অব ৰেকৰ্ডচ্ আৰু ব্ৰাড’ ইণ্টাৰনেচনেল বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডচত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হৈছে৷ চান্দনীকাৰ স্বৰচিত কবিতা বিভিন্ন ধৰণৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় বাতৰি কাকত আৰু অনলাইন পয়...
বিশ্বজিত বৰাৰ ‘‘বেলকনিত ভগৱান’’(ৰঞ্জন শৰ্মা)

বিশ্বজিত বৰাৰ ‘‘বেলকনিত ভগৱান’’(ৰঞ্জন শৰ্মা)

CINEMA
এফালে বিশ্ব আতংক কৰ’ণাৰ মহামাৰীৰ ভয়াবহতা আৰু আনফালে ৰঙালীৰ উখল-মাখল বতৰতে অসম বাসীলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিলে মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান, বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক অসম সন্তান বিশ্বজিত বৰাৰ ‘বেলকনিত ভগৱান’ [God on the Belcony]য়ে৷ ইতিমধ্যে মুক্তিৰ পূৰ্বেই প্ৰায় কুৰিখনতকৈয়ো অধিক চলচ্ছিত্ৰ মহোৎসৱত ছবিখনে আমন্ত্ৰণ লাভ কৰিছে আৰু এতিয়ালৈকে কেইবাখনো চলচ্ছিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈ শ্ৰেষ্ঠত্ব অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ লগতে পৰিচালক বিশ্বজিত বৰালৈও আহিছে শ্ৰেষ্ঠ পৰিচালকৰ বিৰল সন্মান৷ ই অসম বাসীৰ বাবে অতিকে আনন্দৰ খবৰ৷ বিশ্বজিত বৰা৷ অসমীয়া চলচ্ছিত্ৰ প্ৰেমীৰ বাবে অতিকে এটি চিনাকি নাম৷ বৰ্তমানৰ অসমীয়া চলচ্ছিত্ৰৰ নৱ প্ৰজন্মৰ সৃষ্টিশীল তথা অনুভৱী পৰিচালক সকলৰ মাজৰে এজন৷ সৰুৰে পৰা নাটক আৰু অভিনয় বলিয়া, সুন্দৰৰ আৰাধনাকে জীৱনৰ ব্ৰত হিচাবে লোৱা সপোন ...
মুক্তি পালে ‘‘হেকাৰ’’ (অৰূপ কাকতি)

মুক্তি পালে ‘‘হেকাৰ’’ (অৰূপ কাকতি)

CINEMA
মুক্তি পালে ‘‘আৰ. জি’’ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত বহু অপেক্ষিত ৱেব-চিৰিজ ‘‘হেকাৰ’’ৰ ট্ৰেইলাৰ৷ ট্ৰেইলাৰটি উপভোগ কৰিলেই আপোনাসৱে গম পাব যে, চিৰিজখনি কিমান অগতানুগতিক হ’ব পাৰে৷ ইয়াৰ পূৰ্বেও আমি ৱেব-চিৰিজখনিৰ সন্দৰ্ভত বহুতো কথা পাতিছো৷ শেহতীয়াকৈ ট্ৰেইলাৰটি মুক্তি লাভ কৰাৰ পাছৰে পৰা চিৰিজখনিক লৈ অধিক উৎসাহী হৈ পৰিছে প্ৰতিজন মনোৰঞ্জণ প্ৰেমী দৰ্শক৷ অৱশ্যে, ‘হেকাৰ’ৰ পৰিচালনা, চিত্ৰনাট্য আৰু সম্পাদনাৰ দায়িত্বত থকা ঋতু গোস্বামীৰ সৈতেও মই অৰূপ কাকতিয়ে এই সন্দৰ্ভত পাতিছিলো কিছু কথা৷ থ্ৰীলাৰৰ উপৰিও অসমীয়া দৰ্শকে ৱেব-চিৰিজখনিত আৰু বহুতো নতুন নতুন কিছুমান দিশ এইবাৰ উপভোগ কৰিবলৈ পাব৷ তদুপৰি চিৰিজখনিৰ সংক্ৰান্তত প্ৰত্যেকজন অভিনেতা তথা কলা-কুশলীৰে বহুতো কষ্টৰাজি নিহিত হৈ আছে বুলি গোস্বামীয়ে আমাক জানিবলৈ দিয়ে৷ লগতে গোস্বামীয়ে আৰু কয় যে, ‘‘আমি সকলোৱে চিৰিজখনৰ সংগীত, শব্দ, আদিবোৰক আপডেট কৰিবলৈ যথেষ্ট চেষ্টা কৰি...
ফট’গ্ৰাফী… জীৱন আৰু জীৱিকা (অস্বিনী বৰকটকী)

ফট’গ্ৰাফী… জীৱন আৰু জীৱিকা (অস্বিনী বৰকটকী)

CINEMA
ইতিহাস খুচৰিলে দেখা যায় যে অতীতৰ আৰব সভ্যতাৰ জ্যোৰ্তিবিদ সকলৰ সময় গণনাৰ পদ্ধতিতে ফট’গ্ৰাফীৰ এক ধাৰণা জন্ম লয় আৰু ই বিভিন্ন পদ্ধতি, প্ৰচেষ্টাৰ মাজেদি আহি কেমেৰা অমস্কুৰা নামৰ এক ছবি অঁকা প্ৰযুক্তিৰ যন্ত্ৰ হয়, যিটো যন্ত্ৰ ইতিহাসৰ এজন মহান শিল্প বিজ্ঞানী লিউনাৰ্ড ডা ভিন্সিৰ টোকা বহীত চিত্ৰিত আছে৷ ইতিহাসৰ এক উল্লেখনীয় সময় ইউৰোপীয় ৰেঁনেছা [১৪ to ১৭th Century] বা নৱজাগৰণৰ সময়তে ইয়াৰ কিছু পদ্ধতিগত পৰীক্ষা-নিৰিক্ষাৰ মাজেদি আহি ১৮৩৯ চনত কেমেৰা নামৰ এক যন্ত্ৰৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাই ফ্ৰান্স চৰকাৰৰ বিজ্ঞান একাডেমীয়ে আৰু ১৯৩৯ ৰ ১৯ আগষ্ট তাৰিখে এই কেমেৰাৰ জৰিয়তে কৰা ফট’গ্ৰাফী নামৰ এক পদ্ধতি বিশ্ববাসীৰ প্ৰতি আগবঢ়াই আৰু প্ৰত্যেক বছৰৰ ১৯ আগষ্ট তাৰিখে পৃথিৱীয়ে বিশ্বে আলোকচিত্ৰ দিন হিচাবে পালন কৰে৷ ইয়াৰ প্ৰযুক্তি হ’ল পোহৰ এখন উত্তল কাৰে দ্বাৰা ছবি তৈয়াৰ কৰি এক পোহৰ সংবেদি পৃষ্ঠত এই ছবিক প্ৰতিফলিত কৰাই ...
১২ জুনত চিত্ৰগৃহৈল আহিব বিশ্বজিৎ বৰাৰ ‘লখিমী’ (কল্যাণ কুমাৰ কলিতা)

১২ জুনত চিত্ৰগৃহৈল আহিব বিশ্বজিৎ বৰাৰ ‘লখিমী’ (কল্যাণ কুমাৰ কলিতা)

CINEMA
ক’ৰোণা মহামাৰীৰ বিভীষিকাময় পৰিৱেশে সমগ্ৰ অসমীয়া চলচ্ছিত্ৰজগতখনকে স্তব্ধ কৰি পেলায়৷ এতিয়া এই অমানিশাৰ কিছু পৰিমাণে শাম কটাৰ পিছত পুনৰায় ইখনৰ পিছত সিখনকৈ অসমীয়া ছবিয়ে মুক্তি লাভ কৰিবলৈ আৰম্ভ কৰিছে যিটো ছিবজগতৰ বাবে খুবেই ভাল খবৰ৷ চলিত বৰ্ষটোৰ আৰম্ভণিতেই ইতিমেধ্য তিনিখনকৈ অসমীয়া ছবিয়ে মুক্তি লাভ কৰাৰ পিছত এতিয়া মুক্তিৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আন এখন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছিব৷ ‘এম চি িফল্মছ’ৰ বেনাৰত আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰ প্ৰযোজনা তথা বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত উক্ত ছিবখনৰ নাম ‘লখিমী’৷ ছিবখন চিলত বৰ্ষৰ ১১জুনত চিত্ৰগৃহৈল আহিব৷ ছিবখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা সম্পাদনা পৰিচালক বৰাৰ৷ পৰিচালকে জানিবলৈ দিয়া মতে, ‘লখিমী’ এখন সম্পূৰ্ণৰূপে ৰাজনৈতিক ছিব৷ কুটিল ৰাজনীতিেয় মানুহক ক’ৰ পৰা ক’লৈ নিয়ে তাক বিশ্বাসযোগ্য ৰূপত দেখুওৱা হৈেছ ‘লখিমী’ত৷ ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰকে...
মুক্তিৰ বাবে সাজু ‘হেকাৰ’ (অৰূপ কাকতি)

মুক্তিৰ বাবে সাজু ‘হেকাৰ’ (অৰূপ কাকতি)

CINEMA
তলাবন্ধ [লক-ডাউন]ৰ পূৰ্বৰে পৰাই আমাৰ দেশত ‘ইউটিউব’ মজিয়াখনত ৱেব-চিৰিজ, চুটি ছবি তথা পকেট ভিডিঅ’ আদি নিৰ্মানৰ ঢৌ উঠিছিল৷ পিছত তলাবন্ধ [লক-ডাউন] এ নৱপ্ৰজন্মৰ চিনেমা শিল্পৰ সৈতে জড়িত সকলক এই ‘ইউটিউব’ ক্ষেত্ৰখনৰ বিষয়ে ভালকৈ ভাবিবলৈ সুযোগ আনি দিলে৷ বিগত বছৰটোৱে ‘ইউটিউব’ মোবাইল স্কিনৰ দৰ্শকৰ মাজত সাংঘাতিক ভাৱে সোমাই গৈছিল বিভিন্ন ৱেব-চিৰিজ, চুটি ছবিৰ লগতে বিভিন্ন ধৰণৰ মনোৰঞ্জন মূলক পকেট ভিডিঅ’ৰ মাধ্যমেৰে৷ বৰ্তমান সময়ত অসমীয়া ৱেব-চিৰিজ তথা চুটি ছবিজগতখনৰ খবৰ বেয়া বুলি ক’লে নি(য় ভুল হ’ব৷ কেইবাজনো নৱাগত পৰিচালকৰ ছবিয়ে ইতিমধ্যে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ এফালে আকৌ বহুকেইখন ৱেব-চিৰিজ তথা চুটি ছবি আন্তঃৰাষ্টীয় প্ৰেক্ষাপটতো পুৰস্কৃত হৈছে৷ শেহতীয়াকৈ মুক্তি লাভ কৰা ৰবি শৰ্মা অভিনীত ‘‘ILLEGAL’’ ৱেব-চিৰিজখনেও দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমত বৰ্তমানেও আৰু বহুকেইখন সৰু-ড...
অসমীয়া শ্ৰে ছবিৰ ৰজতকমল বঁটা চন্দ্ৰ মুদৈৰ ৰণুৱালৈ (নিমানন্দ দাস)

অসমীয়া শ্ৰে ছবিৰ ৰজতকমল বঁটা চন্দ্ৰ মুদৈৰ ৰণুৱালৈ (নিমানন্দ দাস)

CINEMA
৯০ ৰ দশকত ‘অগ্নিগড়’ ছবিখনেৰে অসমীয়া চলচিত্ৰ জগতত পৰিচালকৰূপে আত্মপ্ৰকাশ কৰা বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈয়ে পৰিকল্পনা কৰা। শেহতীয়া বাস্তৱধৰ্মী নতুন ছবি ‘ৰণুৱা’ই ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত অসমীয়া শ্ৰেষ্ঠ ছবিত ৰজতকমল বঁটা লাভ কৰি অসমীয়া ছবিজগতলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ পটভূমিত এগৰাকী ৰিক্সা চালক আৰু তেওঁৰ পৰিয়ালৰ জীৱন-জীৱিকাৰ সংগ্ৰাম আৰু আশা-আকাংক্ষা কাহিনী প্ৰতিফলিত ছবিখনৰ মুখ্য চৰিত্ৰকেইটা অভিনয় কৰিছে ৰাজীৱ ক্ৰ’, প্ৰণামী বৰা আৰু ৰ’দালি বৰাই। ছবিখনৰ কাহিনী–চিত্ৰনাট্য চন্দ্ৰ মুদৈৰ। চিত্ৰগ্ৰহণ কৰিছে নৱ কুমাৰ দাসে। ইয়াৰ পূৰ্বে চন্দ্ৰ মুদৈয়ে মাঘত মামনিৰ বিয়া, জোনদা ইমান গুণ্ডা, চেনাই মোৰ ঢুলীয়া, বাঁকৰ পুতেক, ছয়গাঁৱৰ মেলা, পূৰৱ কী আৱাজ (হিন্দী), চুৰেণ চোৰৰ পুতেক, এপাহ সৰিল এপাহ ফুলিল আদি কেবাখনো ব্যৱসায়িক সফল ছবি নিৰ্মাণ কৰিছে। ...
মুক্তিৰ বাবে সাজু অৰ্জুন (মিতালী দাস)

মুক্তিৰ বাবে সাজু অৰ্জুন (মিতালী দাস)

CINEMA
দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই শীঘ্ৰে মুক্তি লাভ কৰিব নতুন অসমীয়া চলচ্চিত্ৰ “অৰ্জুন”। অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ বাবে এই প্ৰত্যাশাৰ বাৰ্তা কঢ়িয়াই আনিছে বিদ্যা ফিল্মছে। গণেশ তামুলীয়ে প্ৰযোজনা কৰা এই ছবিখনৰ কাহিনী, চিত্ৰ্যনাট্য, সংলাপ আৰু পৰিচালনা ৰজনী বৰ্মনৰ। ‘পৃথিৱীৰ উপজীৱ্য প্ৰত্যেক বিধ সম্পদ ইটোৱে সিটোৰ পৰিপূৰক সেই কথা আমি সকলোৱে অৱগত। যেনে মানৱ জাতি জীয়াই থাকিবলৈ গছ-গছনি তথা অৰণ্য আমাক লাগিবই। অৰণ্য থাকিলেহে মানৱ জাতি জীয়াই থাকিব। গতিকে অৰণ্যখন সদায় সেউজীয়া কৰি ৰখাৰ দায়িত্ব আমাৰ। বিশ্ব বিৰল এশিঙীয়া গঁড় অকল অসমতে পোৱা যায়। এই সম্পদ সুৰক্ষা দিয়াৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ। অৰণ্য আৰু এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ স্বাৰ্থত গণেশ তামুলী আৰু ৰজনী বৰ্মনে নিৰ্মাণ কৰা এই বহুল চৰ্চিত ছবিখনৰ মূল বিষয়বস্তু safe rhino safe forest। চিনেমাখনৰ নায়ক হৈছে এটা হাতী। যাৰ নাম অৰ্জুন। অৰ্জুনে যেনেকৈ কুৰুক্ষেত্ৰত যুদ্ধ কৰি শত...
অসমীয়া ছবিৰ দৰ্শকৰ বাবে সু-খবৰ নিৰ্বাচন আৰু ৰঙালী বিহুৰ বতৰতে আহি আছে দুখনকৈ চৰ্চিত অসমীয়া চলচিত্ৰ | সাংবাদিকৰ জীৱনৰ আধাৰত নিৰ্মিত ‘চিয়াঁহীৰ ৰং’ আৰু ‘ৰাজনীতি’ (ৰঞ্জন শৰ্মা))

অসমীয়া ছবিৰ দৰ্শকৰ বাবে সু-খবৰ নিৰ্বাচন আৰু ৰঙালী বিহুৰ বতৰতে আহি আছে দুখনকৈ চৰ্চিত অসমীয়া চলচিত্ৰ | সাংবাদিকৰ জীৱনৰ আধাৰত নিৰ্মিত ‘চিয়াঁহীৰ ৰং’ আৰু ‘ৰাজনীতি’ (ৰঞ্জন শৰ্মা))

CINEMA
পুনৰ ঘূৰি আহিছে অসমীয়া ছবিলৈ সোণালী সুদিন। ক’ৰণা মহামাৰীয়ে স্তব্ধ কৰি থৈ যোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক পুনৰ জীপাল কৰিবলৈ আহি আছে কেইবাখনো নিৰ্মীয়মান অসমীয়া চলচ্চিত্ৰ। আশাৰ বতৰা কঢ়িয়াই আনিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকলৈ। ইয়াৰ মাজতো অচিৰতে মুক্তি পাব লগা নিৰ্মীয়মান দুখন চলচ্চিত্ৰই চলচ্চিত্ৰপ্ৰেমীৰ মাজত অতিকে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। এই দুখন চলচ্চিত্ৰ হৈ যুৱ পৰিচালকদ্বয় প্ৰদ্যুৎ কুমাৰ ডেকা পৰিচালিত ‘চিয়াঁহীৰ ৰং’ আৰু মনজিত শৰ্মা পৰিচালিত ‘ৰাজনীতি’। অসমৰ জ্যেষ্ঠ সাংবাদিক তথা জনপ্ৰিয় সাহিত্যিক জিতুমনি বৰাৰ একে নামৰ বহু পঠিত উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘চিয়াঁহীৰ ৰং’। কেইবাখনো সফল অসমীয়া ছবিৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই পৰিচালনা কৰা এই ছবিখনত প্ৰধানকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম, সাংবাদিক, সম্পাদক আৰু মালিক পক্ষৰ মাজত চলা দ্বন্দ্ব আৰু সংঘাতকে ছবিখনৰ মূল উপজীব্য হিচাপে দেখুওৱা ...