HEALTH – Page 3 – Purbodix.com

HEALTH

আয়ুৰ্বেদৰ সহযোগত ক’ভিডৰ বিৰুদ্ধে যুঁজ (ডাঃ কৰবী হাজৰিকা চৌধুৰী)

আয়ুৰ্বেদৰ সহযোগত ক’ভিডৰ বিৰুদ্ধে যুঁজ (ডাঃ কৰবী হাজৰিকা চৌধুৰী)

HEALTH
সমগ্ৰ দেশত অতিমাৰী SARS COV2 য়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে যাৰ ফলত এই অতিমাৰী ক’ভিড ১৯ত আক্ৰান্ত হৈ বহু সংখ্যক লোকে মৃত্যুক আঁকোৱালি লব লগা হৈছে৷ ২০২০১ তুলনাত ২০২১ চনৰ দ্বিতীয়ঢৌ অৰ্থাৎ এইDouble mutated strain ৰ ভাইৰাছটোয়ে মানুহৰ শৰীৰত  দ্ৰপ্লেটৰ মাধ্যমেৰে প্ৰৱেশ কৰে৷ যোৱা বছৰতকৈ এই বছৰৰ ভাইৰাছটো অতি শক্তিশালী বুলি ইতিমধ্যে প্ৰমাণ হৈছে৷ সমীক্ষা অনুসৰি এইবাৰ ক’ভিড ১৯ ৰ লক্ষণসমূহ কিছু পৃথক৷ যেনে ক’ভিড ১৯ত আক্ৰান্ত হোৱা লোকসকলৰ পাতল শৌচ,বমি,  জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, অত্যন্ত দুৰ্বল আদি দেখা পোৱা গৈছে৷এই ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে যদি তৎক্ষণাত চিকিৎসা নকৰে হয়তো দুদিনত এই ভাইৰাছে হাওঁফাঁওত প্ৰৱেশ কৰে আৰু নিউমোনিয়াৰ সৃষ্টি কৰে আৰু আক্ৰান্ত ব্যক্তিজনে শ্বাস প্ৰশ্বাসত অত্যন্ত কষ্ট পায়৷ যদি উচিত সময়ত অক্সিজেন আৰু চিকিৎসা পোৱা নাই হয়তো চিকিৎসকে সেই ৰোগীজনৰ প্ৰাণ ৰক্ষা কৰিবলৈ ব্যৰ্...
হাত-ভৰি যত্নৰ ঘৰুৱা দিহা (হীৰামণি গগৈ)

হাত-ভৰি যত্নৰ ঘৰুৱা দিহা (হীৰামণি গগৈ)

HEALTH
নাৰী আৰু সৌন্দৰ্য্য যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ প্ৰকৃতিৰ অৱদান নাৰীৰ সৌন্দৰ্য্যত আৰু সোণত সুৱগা চৰে, যেতিয়া এগৰাকী নাৰীয়ে নিজক যতন লৈ লাস্যময়ী কৰি ৰাখে৷ সৌন্দৰ্য্যৰ যতন বুলি ক’লে কেৱল মুখমণ্ডলৰেই নহয়, হাত ভৰি যতন লোৱাটোও বৰ দৰকাৰী৷ দেখা যায় যে সাধাৰণতে আমাৰ নাৰীসকলে ঘৰুৱা বিভিন্ন লেঠাৰ বাবে যেনে–সঘনে বাচন-বৰ্তন, কাপোৰ ধোৱাৰ বাবে বিশেষকৈ আমাৰ হাতখন খুবেই খহটা হৈ থাকে৷ ঠিক সেইদৰে ঘৰুৱা কামৰ ব্যস্ততা বা এলাহৰ বাবে নাৰীসকলৰ আন এটা সমস্যা অৰ্থাৎ ভৰি ফটাৰ সমস্যাই দেখা দিয়ে৷ যাৰ ফলত ভৰি দুখন দেখাত এলাগী হৈ পৰে৷ এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ আমি তলত দিয়া ধৰণে ঘৰুৱা পদ্ধতিৰে হাত-ভৰিৰ যতন ল’লে নি(য় সুফল পাব পাৰিম৷ ৰয প্ৰথমে এটা গামলাত কুহুমীয়া পানী লৈ সেই পানীখিনিত এফাল নেমু চেপি লগতে ঘৰত থকা যিকোনো ফুলৰ পাহি [যেনে গোলাপ, নাৰ্জী, খৰিকাজাঁই] দুপাহমান সেই পানীত দি হাতখন অলপ সময়ৰ বাবে ডুবাই ৰাখক৷ ...
আলু, তিয়ঁহ, পিয়াঁজ, আমলখিৰে ছাল আৰু চুলিৰ ঘৰুৱা যত্ন (ডাঃ কৰৱী হাজৰিকা চৌধুৰী)

আলু, তিয়ঁহ, পিয়াঁজ, আমলখিৰে ছাল আৰু চুলিৰ ঘৰুৱা যত্ন (ডাঃ কৰৱী হাজৰিকা চৌধুৰী)

HEALTH
আজিকালি দেখা যায় যে বহুত কম বয়সৰ পৰায়ে সকলোৱে চুলিৰ আৰু ছালৰ সমস্যাত ভোগে৷ চুলি আৰু ছালৰ যত্ন গৰম আৰু ঠাণ্ডা দুয়োটা ঋতুতে যত্নলোৱাটো খুব আৱশ্যক৷ সাধাৰণতে দেখা যায় যে চুলি আৰু ছালৰ সমস্যাৰ অন্যতম কাৰণ সমূহ এনেধৰণৰ যেনে মানসিক চাপ, অত্যাধিক শাৰীৰিক পৰিশ্ৰম, ভেজাল খাদ্য গ্ৰহণ, খুববেছি তেলিয়া বা ফাষ্টফুড জাতীয় অহাৰ গ্ৰহণ, উচিত পৰিমাণৰ পানীসেৱন নকৰিলে ইত্যাদি ৷ যৌৱন পিদিকা আদিও স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এক বিশেষ সমস্যা৷ কিন্তু আজিকালি দেখা যায় চুলি পকা আৰু চুলি সৰাটো এক অন্যতম সমস্যা ৷ আজিকালি দেখিবলৈ পোৱা যায় বহুতে কৃত্ৰিম পদ্ধতিৰে নিজৰ কেঁকুৰা চুলি চিধা কৰে আৰু মিহি চিধা চুলি কেঁকুৰা কৰে য’ত দেখা যায় যে পৰৱৰ্তী সময়ত ইয়াৰ উচিত যত্ন নললে চুলিৰ বিভিন্ন সমস্যায়ে দেখা দিয়ে৷ যেনে অধিক পৰিমাণত চুলি সৰা, চুলিপকা, চ...
সুস্বাস্থ্য নিয়ন্ত্ৰণত আয়ৰণৰ অৰিহণা (কৰবী বৰ্মন কলিতা)

সুস্বাস্থ্য নিয়ন্ত্ৰণত আয়ৰণৰ অৰিহণা (কৰবী বৰ্মন কলিতা)

HEALTH
মানৱ শৰীৰৰ পুষ্টি, শাৰীৰিক আৰু মানসিক শ্ৰীবৃদ্ধি, শক্তি যোগান আৰু নিৰোগী হৈ থকাৰ বাবে আইৰণ বা লৌহ পদাৰ্থৰ অত্যন্ত প্ৰয়োজন৷ অতীতৰপৰাই আইৰণক শক্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰি অহা হৈছে৷ আজিৰপৰা কিছু বছৰ আগলৈকে যেতিয়া ৰন্ধন গেছ আৰু প্ৰেছাৰ কুকাৰ আদিৰ ব্যৱহাৰ হোৱা নাছিল, তেতিয়া আমাৰ পৰিয়ালবোৰত লোহাৰ কেৰাহী ব্যৱহাৰ হোৱাৰ মূলতে আছিল সামান্য পৰিমাণে হ’লেও লৌহ পদাৰ্থ আহাৰ হিচাপে শৰীৰক যোগান ধৰা৷ মানৱ শৰীৰত আইৰণৰ অভাৱ হ’লে নানা স্বাস্থ্যজনিত সমস্যা [বিশেষকৈ আইৰণৰ অভাৱজনিত ৰক্তহীনতা] দেখা দিয়ে৷ মানৱ শৰীৰৰ বাবে দৈনিক অন্তত .০১২ গ্ৰাম লোৰ প্ৰয়োজন৷ খাদ্যত আয়ৰণৰ অভাৱ হ’লেও এমিনিয়া হ’ব পাৰে৷ যকৃত যেতিয়া দুৰ্বল হৈ প্ৰয়োজনীয় ৰঞ্জক পিত্ত উৎপন্ন কৰিব নোৱাৰে, তেতিয়া ৰক্তহীনতা ৰোগে দেখা দিয়ে৷ আকৌ বিভিন্ন কাৰণত লোহিতকণাৰ সংখ্যা তেজত বেছি হ’ব পাৰে ৷ ইয়াৰ ফলত তেজৰ গ...
সঁচা নাৰী, সঁচা শৰীৰ আৰু সঁচা সৌন্দৰ্যৰ সঁচা কথাৰে (বিপাশা বৰা)

সঁচা নাৰী, সঁচা শৰীৰ আৰু সঁচা সৌন্দৰ্যৰ সঁচা কথাৰে (বিপাশা বৰা)

HEALTH
আই লাভ মাই ষ্ট্ৰেচ মাৰ্কচ, বিক’জ দে’ আৰ মাই চাইল্ড’ছ ফাষ্টৰ্ ড্ৰ’য়িং৷ মই মোৰ শৰীৰৰ শিপাবোৰক ভালপাওঁ, কিয়নো এয়া মোৰ শিশুটিয়ে অঁকা প্ৰথমখন ছবি৷ কিছুদিনৰ আগৰ কথা৷ ছ’চিয়েল মিডিয়াত এটা প’ষ্ট দেখি থমকি ৰৈছিলোঁ৷ ইনষ্টাগ্ৰাম আৰু টুইটাৰত চলি থকা সেই কেম্পেইনে মোক বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ সুলেখিকা এলেক্স এল আৰু ফ’ট’গ্ৰাফাৰ এৰিকা লেইনে আৰম্ভ কৰা ক্নlove your lines নামৰ কেম্পেইনটোৱে সমগ্ৰ পৃথিৱীৰে নাৰীসকলৰ মাজত সামাজিক মাধ্যমৰ জৰিয়তে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল৷ অজস্ৰ নাৰীয়ে পৃথিৱীৰ বিভিন্ন কোণৰপৰা ধুনীয়া ধুনীয়া কথা আৰু পংক্তিৰে সৈতে তেওঁলোকৰ শৰীৰৰ দাগসমূহৰ ফ’ট’ প’ষ্ট কৰিছিল৷ – কেন্সাৰে মোৰ শৰীৰত এৰি থৈ যোৱা দাগে ইমানদিনে পীড়া দি আছিল, এতিয়া সেই হীনমান্যতাৰ ডাৱৰ আঁতৰি গ’ল৷ সেই দাগবোৰে মোক আমৃত্যু সোঁৱৰাই থাকিব যে প্ৰকৃতাৰ্থতে মই এগৰাকী যুঁজাৰু৷ – সন্তানৰৈ জন্মৰ পিছত তলপেটত ৰৈ যোৱা প্ৰতিটো দাগৰ ভা...
কেশ বা চুলিৰ সঠিক পৰিচৰ্যা ( কৰৱী বৰ্মন কলিতা )

কেশ বা চুলিৰ সঠিক পৰিচৰ্যা ( কৰৱী বৰ্মন কলিতা )

HEALTH
কলিতামূৰৰ চুলিকোচাই ৰ’দৰ পৰা মূৰৰ ওপৰিভাগ ৰক্ষা কৰে আৰু মুখখনৰ সৌন্দৰ্য বৃদ্ধি কৰে। বিভিন্ন ধৰণৰ হেয়াৰ ষ্টাইলে মুখৰ আকৃতি পৰিৱৰ্তন কৰে। চুলিকোচা মানুহৰ অন্যতম আকৰ্ষণীয় অংশবিশেষ। মিহলাসকলৰ খোপাটোয়ে তেওঁৰ অধিক আকৰ্ষণীয় কৰি তোলে। আকৌ মেলি ৰখা বতাহত হালিজালি থকা দীঘল চুলিকোচাৰো আকৰ্ষণ অধিক। চুলিৰ সৌন্দৰ্যক লৈয়ে অনেক কবিৰ বহুতো যুগমীয়া সৃষ্টি। চুলি বা কেশ আমাৰ ছালৰ লগত সংযুক্তি অংগবিশেষ। ভিন্ন ভিন্ন জাতিৰ চুলিৰ গঠৰ মাজত বংশগত কাৰণ বশত পাৰ্থক্য পৰিলক্ষিত হয়। মংগোলীয়ান সকলৰ ক’লা আৰু একেবাৰে পোন হয়। আফ্ৰিকাত বাস কৰা লোসকলৰ চুলি গঠন আকৌ কেকোৰা প্ৰকৃতিৰ হয়। গঠন বেলেগ বেলেগ হ’লেও চুলিৰ উৎপত্তি প্ৰক্ৰিয়া একেই। ছালৰ গভীৰতাৰ যিখি ঠাইত হেয়াৰ বালবৰ কোষবোৰ থাকে তাৰ পৰা নতুন নতুন কোষৰ উৎপত্তি হয়। জীৱন্ত কোষবোৰ ওপৰৰ পিনে উঠন সময়ত কেৰাটিন সঞ্চয় কৰে, ক্ৰমে কোষবোৰ টান হৈ পৰে আৰু মৃত কোষলৈ ৰূপান্তৰিত হয়। মৃত কো...
হালধিৰ কেপচুল আৰু কেঁচা হালধি (ডাঃ কৰবী হাজৰিকা চৌধুৰী)

হালধিৰ কেপচুল আৰু কেঁচা হালধি (ডাঃ কৰবী হাজৰিকা চৌধুৰী)

HEALTH
ৰান্ধনিঘৰৰ এক খুব প্ৰয়োজনীয় মচলা হৈছে হালধি। হালধি বহুগুণ সম্পন্ন মচলা যাৰ উপকাৰিতা আৰু গুণাগুণৰ তুলনা নাই। হালধি সকলোৰে এবিধ পৰিচিত সামগ্ৰী। প্ৰায়বোৰ ব্যঞ্জন প্ৰস্তুত কৰোঁতে হালধি ব্যৱহাৰ কৰা হয়। ব্যঞ্জনৰ ৰং আৰু সোৱাদৰ বাবে গোটেই ভাৰততে হালধি ব্যৱহাৰ কৰা যায়। হালধি কেৱল ব্যঞ্জনৰ ৰং বা সোৱাদ বঢ়াই তেনে নহয় হালধি আমাৰ শৰীৰৰ বাবে বহুত উপযোগী বুলি প্ৰমাণ আছে। আজি বহু বছৰৰ আগতে আমাৰ শাস্ত্ৰত ইয়াৰ গুণাগুণৰ বিষয়ে উল্লেখ আছে। ঋষি-মুনিসকলে হালধি ব্যৱহাৰ কৰা কথাও আমাৰ শাস্ত্ৰত উল্লেখ আছে। আনবোৰ মচলাৰ ভিতৰত হালধিও আমাৰ শৰীৰৰ বাবে অতি উপযোগী সামগ্ৰী। হালধি বৈজ্ঞানিক নাম Cucurma Longa Linn আৰু হালধিৰ গোত্ৰ হৈছে Zingeberaceae। হালধি অন্ধ্ৰপ্ৰদেশত উৎপাদন ক্ষেত্ৰত প্ৰথম স্থানত আছে। বিহাৰ, পশ্চিমবংগ, উত্তৰপ্ৰদেশ, অসম আদিকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত কম বেছি পৰিমাণে হালধিৰ উৎপাদন হয়। ৰাসায়নিক বিশ্লেষণৰ পৰা পো...