Page 14 – Purbodix.com

বিশ্ব ফটোগ্ৰাফী দিৱস(কৰবী বৰ্মন কলিতা)

বিশ্ব ফটোগ্ৰাফী দিৱস(কৰবী বৰ্মন কলিতা)

CURRENT TOPIC
আমি প্ৰত্যেকেই নিজক ভাল পাওঁ৷ বিয়া- সবাহলৈ গৈ বা ক’ৰবালৈ ফুৰিবলৈ গৈ ধুনীয়া ধুনীয়া স্পটত ফটো এখন তুলি আমি সকলোৱে সন্তোষ লাভ কৰো৷ উঠিয়ে হওক বা ফটো তুলিয়েই হওক, ফটো বুলি ক’লেই যেন নিজকে অলপ ধুনীয়া কৰি ল’ব চেষ্টা কৰোঁ৷ প্ৰকৃতিৰ বিনন্দীয়া মনোৰম দৃশ্যৰ আলোকচিত্ৰসমূহো যে মনভৰা৷ প্ৰকৃতিপ্ৰেমী সকলেও সেই স্থিৰচিত্ৰসমূহ নিজৰ লেঞ্চত মনোগ্ৰাহীৰূপে ধৰি ৰাখে৷ আজিকালি প্ৰায় সকলোৰে ওচৰত কমেও এটা স্মাৰ্টফোন আছে৷  গতিকে যিকোনো স্থানত নিজৰ পছন্দ অনুযায়ী ফটো এখন তোলা সহজ হৈ পৰিছে৷ বজাৰত উন্নত মানদণ্ডৰ কোডাক, কেন’ন, নিক’ন কেমেৰাসমূহ উপলব্ধ আৰু ইয়াৰ প্ৰচলন বিদ্যমান৷ ফটো এনে এক বিষয় যিয়ে আমাক অতীত ৰোমন্থন কৰাৰ সুযোগ দিয়ে৷ জীৱনৰ ভাল লগা স্মৃতিবোৰে  ফটোৰূপত প্ৰতিজন ব্যক্তিকেই যেন সজীৱ কৰি তোলে৷ মানুহে ফটো তুলি ভাল পায় কাৰণ ই তেওঁলোকক সময়ৰ এটা মুহূৰ্ত ধৰিবলৈ সুযোগ দিয়ে যিটো তেওঁলোকে পুনৰ কেতিয়াও অনুভৱ নকৰে৷ ই তেওঁল...
যুৱ প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ কু-প্ৰভাৱ(গোৱেৰ্ণিকা হাজৰিকা কাশ্যপ)

যুৱ প্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ইয়াৰ কু-প্ৰভাৱ(গোৱেৰ্ণিকা হাজৰিকা কাশ্যপ)

CURRENT TOPIC
আধুনিক বিজ্ঞানে পৃথিৱীখনৰ প্ৰতিটো বস্তুৱেই একেবাৰে ওচৰৰ পৰা চাবলৈ আমাক সুবিধা কৰি দিছে৷ প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীখনক নিজৰ সুবিধাৰে নিয়ন্ত্ৰণ কৰি জীৱন-যাপন কৰিবলৈ উপায় দিলেও এই নিয়ন্ত্ৰণৰ বাবে আমাৰ নতুন নতুন অসুবিধাও আহি পৰিছে৷ বিশেষকৈ যুৱ-প্ৰজন্মই এই সুযোগ গ্ৰহণ কৰি প্ৰতিদিনে (কিছু সংখ্যকে) নিজৰ অপকাৰ কৰিবলৈ যেন অগ্ৰসৰ হৈছে৷ গোলকীকৰণে পৃথিৱীখনক এখন গাঁৱলৈ যেন ৰূপান্তৰিত কৰিছে৷ আজিৰ যুৱ-প্ৰজন্মই যেনেকৈ পৃথিৱীৰ বিভিন্ন উদ্ভাৱনৰ ভূ-ৰাখি নতুন নতুন কাম কৰিবলৈ সক্ষম হৈছে, ঠিক তেনেকৈ নতুন নতুন নিচাযুক্ত দ্ৰব্যৰ প্ৰতিও আকৰ্ষিত হৈছে৷ এই যুৱচামৰ মাজত প্ৰসাৰিতহোৱা নিচাযুক্ত দ্ৰব্যৰ অপ-ব্যৱহাৰে সমাজত কু-প্ৰভাৱ পেলাইছে৷ যুৱ-প্ৰজন্মৰ এনে নৈতিক স্খলনে সমাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বৰ্তমান সমাজৰ যুৱ-প্ৰজন্মৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে মাদকদ্ৰব্য আৰু ধঁপাত জাতীয় নিচাযুক্ত সামগ্ৰীৰ সেৱ...
আকাংক্ষা আৰু প্ৰত্যাশাৰে আৰম্ভ হোৱা টি টুৱেণ্টি বিশ্বকাপৰ আবেগিক পৰিসমাপ্তি(দেবৰ্ষি গৌতম)

আকাংক্ষা আৰু প্ৰত্যাশাৰে আৰম্ভ হোৱা টি টুৱেণ্টি বিশ্বকাপৰ আবেগিক পৰিসমাপ্তি(দেবৰ্ষি গৌতম)

CURRENT TOPIC
২৫ জুন ১৯৮৩ চনৰ এই দিনটোতে ভাৰতীয় ক্ৰিকেটত দলটোৱে সমগ্ৰ দেশবাসীক বিশ্ব ক্ৰিকেটত বিশ্ব বিজয়ী হোৱাৰ যি সোৱাদ সেয়া প্ৰদান কৰিছিল৷ এই দিনটোত আৰম্ভণি হোৱা ভাৰতীয় ক্ৰিকেটৰ সোণোৱালী যাত্ৰা অবিৰতভাৱে আজিও গতি কৰি আছে৷ ভাৰতে বিশ্ব ক্ৰিকেটক প্ৰদান কৰিছে বহু কেইগৰাকী কিংবদন্তি ক্ৰিকেট খেলুৱৈ৷ ক্ৰিকেট খেলৰ জন্ম যদিও ইংলেণ্ডত হৈছিল তথাপিও কিন্তু ভাৰতীয় ক্ৰিকেট দলে প্ৰতিটো দশকতে নিজৰ আধিপত্য বিশ্ব ক্ৰিকেটত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈ আহিছে৷ যদিও ভাৰতীয় ক্ৰিকেট খেলুৱৈসকলে নিজৰ প্ৰতিভাৰে বিশ্ব ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তথাপিও কিন্তু ভাৰতীয় ক্ৰিকেট দলটোৱে দ্বিতীয় বাৰ বিশ্বকাপৰ ট্ৰফী জিকিবলৈ প্ৰায় ২৪ বছৰ অপেক্ষা কৰিবলৈ বাধ্য হৈছিল৷ ২০০৭ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে ভাৰতবাসীৰ সেই আশাৰ অন্ত পৰিছিল৷ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা টি টুৱেণ্টি বিশ্বকাপৰ প্ৰথম সংস্কৰণত ভাৰতীয় দলে বিজয়ী হ’বলৈ সক্ষম হয়৷...
কাশ্মীৰ ডায়েৰী

কাশ্মীৰ ডায়েৰী

CURRENT TOPIC
পাকিস্তানলৈ এভূমুকি(কেপ্তেইন জুৰি ভূঞা) জম্মু কাশ্মীৰৰ কুপ্‌ৱাৰা জিলাৰ অন্তৰ্ভুক্ত আৰু চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ গাতে লাগি থকা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ এটা অঞ্চল৷ ওখ ওখ পৰ্বতেৰে আৱৰা এখনি গাঁও ‘তিত্‌ৱাল’৷ কুপ্‌ৱাৰা জিলাৰ কুপ্‌ৱাৰা টাউনৰ পৰা ৭০১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ভাৰতীয় সেনাৰ ঘাটি টাংধৰলৈকে গৈ তাৰ পৰা সীমান্ত লৈ সুকীয়া পাহাৰীয়া অকোৱা-পকোৱা পথেদি গ’লেই তিত্‌ৱাল অঞ্চল আৰু ভাৰতৰ একেবাৰে শেষ গাঁও সীমাৰি গাঁও অৱস্থিত৷ কুপ্‌ৱাৰাৰ পৰা তিত্‌ৱাললৈ যোৱা এই পথচোৱা অতি ৰোমাঞ্চকৰ৷ একোটা প্ৰকাণ্ড পাহাৰ কাটি উলিওৱা ৰাস্তাটোৰ একাষে সেই পাহাৰটো৷ মাটি, শিল, গছ-গছনি আৰু ৰাস্তাটোৰ আনটো পাৰে আন কিছুমান ওখ ওখ পাহাৰ৷ আটাইবোৰ পাহাৰৰ ঢাল বিলাকত দেৱদাৰু গছ, আখৰুট গছকে ধৰি বিভিন্ন তৰহৰ গছ-গছনিৰে আৱৰা হাবি-জঙ্গল৷ তাৰ মাজে মাজে অতি মনোমোহা সৰু সৰু চহৰ৷ থিয় পাহাৰবোৰৰ তলভাগৰ সমান ঠাইবোৰত বিভিন্ন...
কেৰেলুৱাৰ দেশত চাকৰ মেলা

কেৰেলুৱাৰ দেশত চাকৰ মেলা

CURRENT TOPIC
সখিৰো বাৰ্তা চিকৰাৰ চিপৰাং লৈ কোটি টকীয়া সপোনৰ যাত্ৰা... গাখীৰপতি নক্ষত্ৰলোকৰ ক্ষীৰ সাগৰৰ মহাকুম্ভ য’ত অমৃত মন্থন হৈছিল হেনো দেবাসুৰৰ৷ তাৰেই বুকুত অমৃত কলহৰ ধাৰেৰে চিটিকি গৈ পৰি ৰৈছিল এটুপি সাইলাখ সেঙুন ৰূপী কামধেনু গাইৰ গাখীৰৰ ফেন৷ সেই ফেন খাইয়েই হেনো মহাফটুৱা কলি যুগত জন্ম লৈছিল কেৰেলুৱাৰ মহাদেশ৷ কালৰো কাল বিপৰীত কাল বোলে ওলোটা পাকত ঘূৰ ঘূৰি তথা গাড়ী, এৰোপ্লেনৰ দৰে বাহনক শহুৰৰ ঘৰৰ পেলনীয়া তামোল ঢকুৱাত পৰিণত কৰা কেৰেলুৱাই বোলে প্ৰযুক্তি নামৰ গৱেষণাৰ দোকানত আৱিষ্কাৰ কৰা মিচাইলৰ পিঠি-নেগুৰতে উঠি শহুৰ- শাহুৰ, মিতা, বিয়ৈ-বিয়নি, শালপতি, খুলশালী, জেঠেৰী, প্ৰেয়সী আনকি সাত শতৰুৰ ঘৰতো মন গ’লেই সাউতকৈ পলকতে গৈ ন-খোৱা, তোলনী বিয়া, ডাঙৰীয়াৰ সকাম, শনি চাউল, আই সকাম, অখণ্ড হৰি নাম, পাল নাম, বাৰ্থ দে, খ্ৰীষ্টমাচ, বৰালি মাছ আদি খাই আহিব পাৰে৷ আমিহে ভূ ভূ, পেত পেত কাণ-তাল মাৰি থকা মাটি...
প্লাছ (ঋ) চাইজ মডেলিং ঃ

প্লাছ (ঋ) চাইজ মডেলিং ঃ

CURRENT TOPIC
মহিলাৰ বাবে মডেলিঙৰ আকৰ্ষণীয় প্লেটফৰ্ম(পপী চহৰীয়া) প্লাছ-ছাইজ মডেলিঙে বৈচিত্ৰ্য, অন্তৰ্ভুক্তি, আৰু শৰীৰৰ ধনাত্মকতাক প্ৰসাৰিত কৰি ফেশ্বন উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিছে৷  যিখন সমাজত অবাস্তৱিক সৌন্দৰ্যৰ মানদণ্ড বহুদিনৰ পৰাই প্ৰচলিত হৈ আহিছে, সেইখন সমাজত প্লাছ-ছাইজ মডেলিঙে সকলো আকৃতি আৰু আকাৰৰ মহিলাক উদযাপন কৰা এক শক্তিশালী মঞ্চ হিচাপে কাম কৰে৷  প্ৰতিনিধিত্ব আৰু প্ৰামাণ্যতাৰ চাহিদা বৃদ্ধিৰ লগে লগে উদ্যোগটোৱে শৰীৰৰ প্ৰকাৰৰ বৈচিত্ৰ্যক আঁকোৱালি লোৱা আৰু সৌন্দৰ্যৰ পৰম্পৰাগত মানদণ্ডক পুনৰ গঢ় দিয়াৰ দিশত এক উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে৷  এই প্ৰবন্ধটোৰ লক্ষ্য হৈছে প্লাছ-ছাইজ মডেলিঙৰ জগতখনৰ গভীৰতালৈ সোমাই যোৱা, ইয়াৰ ইতিহাস, তাৎপৰ্য্য, প্ৰত্যাহ৩ান, আৰু ফেশ্বন উদ্যোগ আৰু সামগ্ৰিকভাৱে সমাজৰ ওপৰত প্ৰভাৱৰ সন্ধান কৰা৷ প্লাছ-ছাইজ মডেলিঙৰ ইতিহাস ঃ  প্লাছ-ছাইজ মডেলিঙৰ ধাৰণাটো ২০ শতিকাৰ শ...

সম্পাদকীয়

CURRENT TOPIC
শিল্প বা যিকোনো কলা (Art) জীয়াই থাকে  সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনৰ কৰ্মৰাজিৰ মাজত৷ আমি যি পিন্ধো, আমি যি খাওঁ, আমি ঘৰখন কিদৰে সজাও, আমি যি লিখো-পঢ়ো, যি নৃত্য-গীত উপভোগ কৰো- এই সকলোতে প্ৰতিফলিত হয় আমাৰ শিল্প-সংস্কৃতি৷ যেতিয়া শিল্পৰ কোনো এটা বিষয় কোনোবাই সাধনা কৰে আৰn প্ৰদৰ্শন কৰে তেনে ব্যক্তিকে আমি শিল্পীৰ মৰ্যদা দিও- শিল্পী বুলি কওঁ৷এই শিল্পী আৰু ৰাজনীতিৰ সম্পৰ্ক বহু যুগৰ৷ ৰাজনীতি আৰু শিল্প- এজন সমাজৰ দুয়ো অতি প্ৰয়োজনীয় চালিকা শক্তি৷ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতে কিছুমান আগলৈকে শিল্পীসকল প্ৰত্যক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত হোৱা নাছিল৷ দুই-এজন ব্যতিক্ৰমী শিল্পীৰ বাদে৷ অৱশ্যে দক্ষিণ ভাৰতৰ ৰাজনীতিত বহুত আগৰে পৰা শিল্পীৰ প্ৰৱেশ আৰু আধিপত্য দেখা যায়৷ কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে ৰাজনীতিৰ পথাৰত শিল্পীসকলৰ খদমদম লগোৱা দেখা গৈছে৷ এইটো সম্প্ৰতি অসমৰ ৰাজনীতিতো দেখা গৈছে৷ বিভিন্ন ৰাজনৈতিক দলে শিল্পীসক...
পাকঘৰ

পাকঘৰ

CURRENT TOPIC
শুকান আমৰ চৰবত নিতুমণি দাস শৰ্মা কেঁচা আম কাটি ৰ’দত ভালকৈ শুকুৱাই সংৰক্ষণ কৰি থৈ আমি বিবিধ ব্যঞ্জন বনাই খাব পাৰোঁ৷ মাছৰ টেঙা, দাইলত দি আনকি চৰবত প্ৰস্তুত কৰিও ইয়াৰ সোৱাদ ল’ব পাৰি লগতে এই চৰবতৰ উপকাৰিতাও আছে৷ উপকৰণ– দুজনৰ বাবে কেঁচা আম কাটি শুকুৱাই থোৱা জ্জ্ব-জ্ঝ টুকুৰা গুৰ ৰুকি লোৱা ২ চাহ চামুচ নিমখ সামান্য চাটমছলা অলপ পানী দুগিলাছ৷ ঠাণ্ডা পানীও ল’ব পাৰে৷ প্ৰণালী– শুকান আমখিনি ভালকৈ ধুই আধা কাপ পানীত ১ ঘণ্টাৰ বাবে তিঁয়াই ৰাখিব৷ তাৰ পিছত বাতি এটাত পানীৰ লগত আমখিনি ঢালি দিব আৰু তাৰ লগত নিমখ, চাটমছলা আৰু গুৰ দি হাতেৰে ভাল কৈ সানি ল’ব৷ আৰু আইনাৰ গিলাচত চেকি ল’ব৷ পেটৰ বাবে খুবেই উপকাৰী এই চৰবত বিধ৷ জবা ফুলৰ লগত ডালিমৰ পাতৰ চৰবত জবা ফুলৰ বহু গুণ আছে৷ এই ফুলক আমি তেল চাবোন বনোৱাত ব্যৱহাৰ কৰি আহিছো যদিও খাদ্য প্ৰস্তুত কৰাত এই ফুল আজি কালি ব্যৱহাৰ কৰা দেখা যায়৷ ইয়াক প্ৰাকৃতিক ৰঙা ৰ...

জীৱনৰ খোজ(চন্দনা চৌধুৰী)

CURRENT TOPIC
বসন্তৰ আগমনেতৰুলতাক পৰশ দিলে ...!ঠন ধৰি উঠিল বটবৃক্ষই৷বটবৃক্ষৰ দৰে স্থিত তোমাৰ স্থিতি..!আকাশ চুবৰ মন বটবৃক্ষৰতোমাৰ ছায়াত জিৰণি লৈ বুকু জুৰাইশান্তিৰ নিশ্বাস লয়অতীব তোমাৰ শান্তিৰ নিজৰায’ত বিবেকেও শান্তিত উপলব্ধআকৌ বসন্তই আনি দিয়েজীৱনৰ সাৱলীল নিৰুদ্বেগ গতিৰসৰ্বাংগীণ সুন্দৰৰ সাধনাআৰু আনি দিয়ে বসন্তৰ সেই বৰষুণ জাকেঅধিকতৰ উজ্জ্বল কৰে মনৰ স্বচ্ছতাক৷...

ঋতু আহে ঋতু যায়(ৰেখা ডেকা)

CURRENT TOPIC
পূব আকাশত উদিতসূৰুজৰ চিন নিচিনৰ’দালিয়ে চুমিলেহি মোক৷চকুৰ পতাত থিতাপি ল’লেহিবিৰামহীন ভ্ৰমণে....এই যদি পছোৱাই চুই যোৱালঠঙা বিৰিখ¸ত নাইবাকোনোবা পাকত বৰষুণৰ পৰশতপ্ৰাণ পাই উঠা কোমল কুঁহিৰ আবেষ্টনীত৷ডেউকা প্ৰসাৰিত কৰি নীল আকাশৰমই আলহী হওঁ....জুমি জুমি চাওঁ প্ৰকৃতিৰলয়লাস ভংগিমা৷সৌ দূৰ সীমনালৈ মোৰঅবাধ বিচৰণ৷অস্তাচলৰ হেঙুলি আভাইজিৰণিৰ বাট পোহৰাইমোলৈকে চাই ৰিঙিয়ায়৷অলেখ কাহিনী খোদিত কৰিঋতু আহে ঋতু যায়৷...