
হবিসমী ক্ৰিয়েচনৰ নিবেদন “অহম শকুনি’’ আৰু কিছু অনুভৱ…(ৰঞ্জন শৰ্মা)
মহাকাব্য মহাভাৰতৰ অতি জটিল আৰু ৰহস্যময় চৰিত্ৰটোৱেই হ’ল শকুনি৷ গান্ধাৰৰাজ সুবলৰ পুত্ৰ, হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভাতৃ, দুৰ্যোধনসহ শত কৌৰৱৰ মোমায়েক এই শকুনি৷ বাহ্যিক দৃষ্টিত শকুনিক এজন দুষ্ট প্ৰকৃতিৰ চৰিত্ৰ বুলি চিহ্নিত কৰিলেও এই ৰহস্যময় চৰিত্ৰটিৰ প্ৰতিশোধৰ স্পৃহা আৰু অন্তদ্বৰ্ন্দক বিশ্লেণ কৰি নাটক ৰচনা কৰা ইমান সহজ কাম নহয়৷ পাপৰি কবি গণেশ গগৈ দেৱৰ কালজয়ী সৃষ্টি ‘‘শকুনিৰ প্ৰতিশোধ’’ৰ পাছত তেনেকৈ এই মহাকাব্যিক চৰিত্ৰক লৈ নাটক সৃষ্টি কৰা মনত নপৰে৷ অসমীয়া ভাষাত তেনে এটি দুঃসাহসিক কামকে কৰিলে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক ৰূপ কুমাৰ বৰাই৷ যুগ যুগ ধৰি শকুনিৰ চৰিত্ৰক লৈ মানুহৰ মনত দোলা দি থকা বহু প্ৰশ্নৰ উত্তৰ বিচাৰি সৃষ্টি কৰিলে এখন অগতানুগতিক চিন্তা উদ্ৰেককাৰী নাটক ‘‘অহম শকুনি’’৷ আচলতে শিল্পীৰ কাম শিল্প সৃষ্টি কৰা৷ গতানুগতিকতাৰ বাহিৰত সদায়ে নতুনত্বৰ সন্ধানত থকা দুই অনুভৱী ...