
বিশ্ব ফটোগ্ৰাফী দিৱস(কৰবী বৰ্মন কলিতা)
আমি প্ৰত্যেকেই নিজক ভাল পাওঁ৷ বিয়া- সবাহলৈ গৈ বা ক’ৰবালৈ ফুৰিবলৈ গৈ ধুনীয়া ধুনীয়া স্পটত ফটো এখন তুলি আমি সকলোৱে সন্তোষ লাভ কৰো৷ উঠিয়ে হওক বা ফটো তুলিয়েই হওক, ফটো বুলি ক’লেই যেন নিজকে অলপ ধুনীয়া কৰি ল’ব চেষ্টা কৰোঁ৷ প্ৰকৃতিৰ বিনন্দীয়া মনোৰম দৃশ্যৰ আলোকচিত্ৰসমূহো যে মনভৰা৷ প্ৰকৃতিপ্ৰেমী সকলেও সেই স্থিৰচিত্ৰসমূহ নিজৰ লেঞ্চত মনোগ্ৰাহীৰূপে ধৰি ৰাখে৷ আজিকালি প্ৰায় সকলোৰে ওচৰত কমেও এটা স্মাৰ্টফোন আছে৷ গতিকে যিকোনো স্থানত নিজৰ পছন্দ অনুযায়ী ফটো এখন তোলা সহজ হৈ পৰিছে৷ বজাৰত উন্নত মানদণ্ডৰ কোডাক, কেন’ন, নিক’ন কেমেৰাসমূহ উপলব্ধ আৰু ইয়াৰ প্ৰচলন বিদ্যমান৷
ফটো এনে এক বিষয় যিয়ে আমাক অতীত ৰোমন্থন কৰাৰ সুযোগ দিয়ে৷ জীৱনৰ ভাল লগা স্মৃতিবোৰে ফটোৰূপত প্ৰতিজন ব্যক্তিকেই যেন সজীৱ কৰি তোলে৷ মানুহে ফটো তুলি ভাল পায় কাৰণ ই তেওঁলোকক সময়ৰ এটা মুহূৰ্ত ধৰিবলৈ সুযোগ দিয়ে যিটো তেওঁলোকে পুনৰ কেতিয়াও অনুভৱ নকৰে৷ ই তেওঁল...