Arup Kakoti – Page 24 – Purbodix.com

Author: Arup Kakoti

হবিসমী ক্ৰিয়েচনৰ নিবেদন “অহম শকুনি’’ আৰু কিছু অনুভৱ…(ৰঞ্জন শৰ্মা)

হবিসমী ক্ৰিয়েচনৰ নিবেদন “অহম শকুনি’’ আৰু কিছু অনুভৱ…(ৰঞ্জন শৰ্মা)

CURRENT TOPIC
মহাকাব্য মহাভাৰতৰ অতি জটিল আৰু ৰহস্যময় চৰিত্ৰটোৱেই হ’ল শকুনি৷ গান্ধাৰৰাজ সুবলৰ পুত্ৰ, হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভাতৃ, দুৰ্যোধনসহ শত কৌৰৱৰ মোমায়েক এই শকুনি৷ বাহ্যিক দৃষ্টিত শকুনিক এজন দুষ্ট প্ৰকৃতিৰ চৰিত্ৰ বুলি চিহ্নিত কৰিলেও এই ৰহস্যময় চৰিত্ৰটিৰ প্ৰতিশোধৰ স্পৃহা আৰু অন্তদ্বৰ্ন্দক বিশ্লেণ কৰি নাটক ৰচনা কৰা ইমান সহজ কাম নহয়৷ পাপৰি কবি গণেশ গগৈ দেৱৰ কালজয়ী সৃষ্টি ‘‘শকুনিৰ প্ৰতিশোধ’’ৰ পাছত তেনেকৈ এই মহাকাব্যিক চৰিত্ৰক লৈ নাটক সৃষ্টি কৰা মনত নপৰে৷ অসমীয়া ভাষাত তেনে এটি দুঃসাহসিক কামকে কৰিলে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক ৰূপ কুমাৰ বৰাই৷ যুগ যুগ ধৰি শকুনিৰ চৰিত্ৰক লৈ মানুহৰ মনত দোলা দি থকা বহু প্ৰশ্নৰ উত্তৰ বিচাৰি সৃষ্টি কৰিলে এখন অগতানুগতিক চিন্তা উদ্ৰেককাৰী নাটক ‘‘অহম শকুনি’’৷ আচলতে শিল্পীৰ কাম শিল্প সৃষ্টি কৰা৷ গতানুগতিকতাৰ বাহিৰত সদায়ে নতুনত্বৰ সন্ধানত থকা দুই অনুভৱী ...
মাৰ্চতে অসমবাসী ৰাইজৰ কাষলৈ আহি আছে

মাৰ্চতে অসমবাসী ৰাইজৰ কাষলৈ আহি আছে

CURRENT TOPIC
“ৱাইড এংগল’’ অহা ২২ মাৰ্চত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব ‘স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট’ ১ নিবেদিত, দেৱজ্যোতি বৰা প্ৰযোজিত জয়ন্ত নাথ পৰিচালিত বহু প্ৰত্যাশিত ছবি “ wide Angle’’৷ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ বহু পঠিত গল্প “ষ্টাফ ফাটোগ্ৰাফৰৰ ছবি’’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে পংকজ জ্যোতি ভূঞাই৷ দৃশ্যগ্ৰহণ সুমন দুৱৰাৰ, সম্পাদনা দেৱজিৎ দত্তৰ, স্থিৰ চিত্ৰ পল্লৱ মহন্তৰ৷ ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত এগৰাকী সৎ, নিষ্ঠাৱান, দয়ালু সাংবাদিকৰ জীৱন গাঁথাকলৈ নিৰ্মাণ কৰা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তপন দাসে৷ ছবিখনত নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰোব জুবিন গাৰ্গেও এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷ অন্যান্য চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ’ল গীতাৱালী ৰাজকুমাৰী, ৰাজীৱ গোস্বামী, অপৰ্ণা দত্ত চৌধুৰী, জ্বলী লস্কৰ, পবিত্ৰ বৰুৱা, দীপাংকৰ ৰয়, ৰঞ্জন শৰ্মা, ধ্যানী মোহন, ৰূপ কুমা...
পাকঘৰ

পাকঘৰ

CURRENT TOPIC
থণ্ডাই...(নিতুমণি দাস শৰ্মা) উপকৰণ ঃ  দুজনৰ বাবে গাখীৰ ৰয২ লিটাৰ চেনি ৪ চাহ চামুচ কাজু ৫ টা কাঠ বাদাম ৫ টা খিছমিছ ২ চাহ চামুচ ইলাচী ৪টা দালচিনি ১ ইঞ্চি শ্ৰফ, মগজ, আফুগুটি, ক’লা জালুক, সৰু চামুচেৰে ৰচাহ চামুচ কৈ ৷ প্ৰণালীঃ ওপৰৰ উল্লেখিত শুকান সামগ্ৰী সমূহ এটা পাত্ৰত একেলগে ৪ ঘণ্টা তিয়াঁই ৰাখিব৷  ৪ ঘণ্টাৰ পিছত আটাইবোৰ মিস্ক মছলা মিক্সাৰত মিহিকৈ পেষ্ট কৰি ল’ব৷ তাৰ পিছত ছচপেন এখনত গাখীৰ উতলিব দিব৷ এক উতল অহাৰ পিছত চেনি আৰু মছলাৰ পেষ্টখিনি দি ভালদৰে ৫ মিনিট মান লৰাই নমাই থব৷ তাৰ পিছত চেকনিৰে চেকি আন এটি পাত্ৰত আধা ঘণ্টা ফ্ৰিজত ঠাণ্ডা হ’বলৈ থৈ দিব আৰু ঠাণ্ডা হোৱাৰ পিছত ঠণ্ডাইৰ সোৱাদ ল’ব৷. নাৰিকল, কাজুৰে বিস্কুটৰ লাৰু উপকৰণ ঃ যিকোনো মিঠাজাতীয় বিস্কুট মিল্কমেইড ৫ চাহ চামুচ গাখীৰ ১ চাহ চামুচ শুকান নাৰিকলৰ গুৰি ৩ চাহ চামুচ মিহিকৈ কাটি লোৱ...
কিতাপ কিয় পঢ়িব লাগে(আয়নাল হক)

কিতাপ কিয় পঢ়িব লাগে(আয়নাল হক)

CURRENT TOPIC
বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ অভিনৱ উদ্ভাৱনে কিতাপ পঢ়াৰ ক্ষেত্ৰত যি বাধাৰ সৃষ্টি কৰিছে তাক নাইকিয়া কৰিবলৈ হ’লে কিতাপ পঢ়াৰ অভ্যাসৰ পৰা আমি কেনেদৰে উপকৃত হ’ব পাৰোঁ, সেইটো বিশ্লেষণ কৰাতো বৰ্তমান খুবেই প্ৰয়োজনীয় হৈ পৰিছে৷ ম’বাইল, লেপটপ, কম্পিউটাৰ ইত্যাদিৰ অপব্যৱহাৰৰ প্ৰভাৱত ল’ৰা-ছোৱালীৰ মনত কিতাপ পঢ়াৰ আগ্ৰহ কমি আহিছে৷ এনে প্ৰেক্ষাপটত “কিতাপ কিয় পঢ়িব লাগে’’ বিষয়টোৰ প্ৰাসঙ্গিকতা অনস্বীকাৰ্য৷ যি কি নহওক, এটা কথা সদায় মনত ৰাখিব লাগিব যে এখন ভাল কিতাপ হ’ল প্ৰকৃত বন্ধু, যাৰ সান্নিধ্যত থাকিলে আমি কেতিয়াও বিপদত নপৰোঁ৷ এখন কিতাপ হ’ল এজন ব্যক্তিৰ ভিন্ন অভিজ্ঞতাৰ পৰা উপলব্ধ জ্ঞানৰ ভঁৰাল৷ সঞ্চিত জ্ঞান অধ্যয়নৰ জৰিয়তে যিকোনো ব্যক্তিয়েই উপকৃত হ’ব পাৰে৷ উদাহৰণস্বৰূপে, ভ্ৰমণ কাহিনীবোৰৰ জৰিয়তে আমি ভিন্ন ঠাইৰ অৱস্থিতি, খাদ্যাভ্যাস, ৰীতি-নীতি ইত্যাদিৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰোঁ৷ বুৰঞ্জীমূলক কিতাপ অধ্যয়ন কৰিল...
আজি মেঘৰ মাদল বাজিছে(ৰীমা দুৱৰা)

আজি মেঘৰ মাদল বাজিছে(ৰীমা দুৱৰা)

CURRENT TOPIC
ঃ কোৱা না জেক্‌লিন কথাবোৰ? ঃ কোনবোৰ কথা? সঁচাবোৰ নে মিছাবোৰ? ঃ কি যে উল্টা-পুল্টা কথাবোৰ কোৱা তুমি? ঃ মই বহুত উৎকণ্ঠাত আছোঁ তোমাৰ মুখেৰে কথাবোৰ শুনিবলৈ৷ Ê ঃ ক’ম, ক’ম উপমা, আজি ময়ো তোমাক সকলোবোৰ সঁচা কথাকে ক’ম বুলি ভাবিছোঁ৷ তেখেতক লগ পোৱাৰ আগেয়ে মই সঁচাতকৈ মিছা কথাকে বেছিকৈ কৈছিলোঁ৷ এতিয়া কিন্তু মই এটাও মিছা কথা ক’ব নোৱাৰোঁ আৰু আনে ক’লেও বেয়া পাওঁ; কিন্তু এটা কথা, সকলোবোৰ সঁচা কথা তোমাক কৈ দিয়াৰ পিছত তোমাক মই হেৰুৱাব লাগিব নেকি, তেনে এটা প্ৰশ্নও মোৰ মনলৈ নহা নহয়৷ ঃ কিয় ভাবিলা তেনেকৈ? মইতো তোমাক তেনেকৈ কেতিয়াও ভাবিব নোৱাৰোঁ৷ জানো, তোমাৰ লগত মোৰ মনৰ এটা সাংঘাতিক মিল আছে- যাৰ বাবেই মই তোমাৰ কাষ চাপি গৈছোঁ৷ এতিয়া তোমাৰ মুখে সকলোবোৰ শুনাৰ পিছত মই জনাম বাৰু মোৰ সিদ্ধান্ত কি কৰোঁ৷ কোৱা এতিয়া কথাবোৰ৷ মই আজি সকলো শুনিম বুলিয়েই হাতত সময় লৈ আহিছোঁ৷ আহিবৰ সময়ত মাক কৈ আহিছিলোঁ লগৰ এজনীৰ ঘৰলৈ যাওঁ...
সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক(প্ৰাণ প্ৰতিমা বড়াসন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক)

সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক(প্ৰাণ প্ৰতিমা বড়াসন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক)

CURRENT TOPIC
আমাৰ সন্তানসকল দেশৰ ভৱিষ্যত৷ শিশু অৱস্থাৰে পৰা আমাৰ সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰাটো বৰ দৰকাৰী কথা৷ আজিৰ আলোচনাৰ বিষয়টোৰ লগত অভিভাৱক-অভিভাৱিকাৰ মাজৰপৰা আমি মাতৃ আৰু সন্তানৰ চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰিছোঁ৷ সন্তান এটা জন্মৰেপৰা এগৰাকী মাতৃৰ লগত বেছিভাগ সময় অতিবাহিত কৰে৷ সন্তান এটা গঢ় দিয়াৰ ক্ষেত্ৰত পৰিয়ালৰ আন আন সদস্যৰ লগতে পাৰিপািৰ্শ্বক পৰিৱেশৰ উপৰিও বন্ধুবৰ্গৰ প্ৰভাৱ থাকে যদিও এগৰাকী মাতৃৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ৷ সন্তান এটিয়ে জন্মৰ পিছৰেপৰা মাতৃৰ কৰ্মৰাজিক অনুকৰণ কৰে৷ গতিকে সন্তান এটিক সদায়েই গঠনমূলক চিন্তাধাৰাৰে পুষ্ট কৰাটো বৰ জৰুৰী৷ আমাৰ সন্তানসকলৰ কৰ্মই এখন সমাজত প্ৰভাৱ বিস্তাৰ কৰে৷ সুকৰ্মৰ অধিকাৰী সন্তান এটিয়ে সমাজৰ বাবে সুফল কঢ়িয়াই আনে৷ অন্যহাতেদি কুকৰ্মৰ জৰিয়তে এটি সন্তানে পৰিয়ালৰ লগতে এখন সমাজত বেয়া প্ৰভাৱ বিস্তাৰ কৰে৷ বহুতো মাতৃৰ মনৰ ভাৱ পৰ্যবেক্ষণ কৰি গম পোৱা যায় যে বহ...
তাৎক্ষণিক সিদ্ধান্ত ক্ষতিকাৰক হ’ব পাৰে(ৰুহুল আমিন)

তাৎক্ষণিক সিদ্ধান্ত ক্ষতিকাৰক হ’ব পাৰে(ৰুহুল আমিন)

CURRENT TOPIC
সাম্প্ৰতিক সময়ত দ্ৰুতগতিত চলি থকা পৃথিৱীখনত সফলতাৰ দৌৰে প্ৰায়ে ব্যক্তিক খৰখেদাকৈ বিভিন্ন কাৰ্যত সিদ্ধান্ত লয়৷ উদাহৰণস্বৰূপে কৰ্পৰেট জগতত বজাৰত আধিপত্যৰ দৌৰে শ্বৰ্টকাট পথ সৃষ্টি কৰিব পাৰে, নৈতিক মানদণ্ডৰ সৈতে আপোচ কৰিব পাৰে আৰু ব্যৱসায়িক পদ্ধতিৰ দীৰ্ঘম্যাদী বহনক্ষমতাক অৱহেলা কৰিব পাৰে৷  শিক্ষাত উৎকৃষ্টতাৰ হেঁচাই ছাত্ৰ-ছাত্ৰীক প্ৰকৃত শিক্ষণতকৈ গ্ৰেডক অগ্ৰাধিকাৰ দিবলৈ বাধ্য কৰিব পাৰে, যাৰ ফলত এক সামগ্ৰিক শৈক্ষিক অভিজ্ঞতাক ত্যাগ কৰিব পাৰে৷ একেদৰে অভিভাৱকৰ হেঁচাত দ্ৰুত কৃতকাৰ্য আৰু সফল হ’ব বিচৰা শিক্ষাৰ্থীয়েও বিপদত পৰিব পাৰে৷ এই খৰখেদা বা প্ৰতিযোগিতাৰ দৌৰৰ সামাজিক ঋণাত্মক পৰিণতি প্ৰায় স্পষ্ট, কিয়নো খৰখেদা সিদ্ধান্ত লোৱাৰ ফলত অস্থায়ী প্ৰথা আৰু পৰিৱেশৰ অৱক্ষয়ৰ সৃষ্টি হ’ব পাৰে৷  তদুপৰি আন্তঃব্যক্তিগত সম্পৰ্কত ব্যক্তিগত লক্ষ্যত উপনীত হোৱাৰ ফলতে সংযোগবোৰ টান হ’ব পাৰে, এইক্ষেত্ৰত ব্যক্তিসকল নিজৰ উচ...

শিক্ষাৰ্থী সকলৰ অনুপ্ৰেৰণা বৃদ্ধি কৰাৰ কিছু উপায়(বাহাৰুল ইছলাম)

CURRENT TOPIC
শিক্ষা হৈছে জীৱনব্যাপী চলা এটি অন্তহীন প্ৰক্ৰিয়া (Education is a lifelong process of development) আমি প্ৰত্যেকেই জন্মৰ পৰা মৃত্যুলৈকে শিক্ষাৰ দ্ধাৰা প্ৰভাৱিত হওঁ৷ আনুষ্ঠানিক অথবা অনানুষ্ঠানিক শিক্ষা আমাৰ জীৱনৰ অবিচ্ছেদ্য অঙ্গ৷ পৃথিৱীত এনে কোনো ব্যক্তি নাই যিয়ে একো শিকা নাই৷ বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত আমি প্ৰত্যেকেই কিবা নহয় কিবা শিকিয়েই থাকোঁ৷ শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে লুপ্ত প্ৰতিভাসমূহ উদ্ধাৰ কৰি সৰ্ববিকাশ প্ৰাপ্ত কৰা৷ এই প্ৰক্ৰিয়াৰ সহায়তে শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু চৰিত্ৰৰ সংশোধন কৰিব পাৰে৷ পাৰিপািৰ্শ্বকতাৰ সংস্পৰ্শত লাভ কৰা অভিজ্ঞতাৰ ফলত মানুহৰ ব্যৱহাৰৰ যি পৰিৱৰ্তন হয় আৰু যিয়ে মানুহক উন্নতিৰ পথত অগ্ৰসৰ হৈ সাৰ্থক জীৱন-যাপন কৰিবলৈ সক্ষম কৰি তোলে সেয়া শিক্ষা৷ ই এনে এটা বিৰামহীন প্ৰক্ৰিয়া, যাৰ দ্ধাৰা ব্যক্তিয়ে নিজৰ গুণাৱলীৰ বিকাশ সাধন কৰাৰ উপৰিও সামাজিক জীৱনলৈও অৱদান যোগাব পাৰে৷ বিদ্যা...

“অমানিশাৰ বুকুত এটি জোনাকী’’(প্ৰাণ প্ৰতিমা বড়া)

CURRENT TOPIC
স্নিগ্ধ জোনাক মোৰ সদায়েই প্ৰিয়৷ জোনাকৰ জোনালীৰ বুকুত মোৰ মনৰ আৱেগবোৰৰ হিচাপ-নিকাচ কৰি ভাল পাওঁ৷ পূৰ্ণিমাৰ জোনৰ প্ৰেমত পৰোঁ বাবেই হয়তো মোৰ মনটোৱে মুকলি আকাশৰ তলত জিৰণি ল’ব খোজে বাৰে বাৰে৷ মোৰ মনটো তেনেই এক তেজাল ঘোঁৰা৷ দৌৰিব খুজোঁ মই সময়ৰ স’তে৷ ৰাতি প্ৰায় ১১ মান বাজিছে৷ মোৰ মনটোৱে জোনাকৰ জোনালীৰ বুকুত উমলিব খুজিছে৷ নাই নহয় অলপ ওলাই যোৱাই ভাল হ’ব৷ বন্ধু অম্লানলৈ ফোনটো লগালোঁ৷ ৰাতিৰ সময়ত গাড়ীখন লৈ অকলে ওলাই যাবলৈও মনটোৱে নক’লে৷ অন্ততঃ লগ এটা হ’লে বিন্দাছ এপাক ঘূৰি আহিব পৰা যায়৷ মহানগৰীৰ মায়াত বন্দী সকলো৷ আজৰি সময় যেন মাজৰাতিহে৷ অন্ততঃ মহানগৰীয়ে অলপ হ’লেও উশাহ পায় মাজনিশা৷ বেছি ভাবি নাথাকিলোঁ আৰু গাড়ীখন লৈ একে কোবে অম্লানৰ ঘৰ পাই তালৈ ফোন লগালোঁ৷ সি পোনেপোনে আহি মোৰ গাড়ীৰ ড্ৰাইভিং চিটটো দখল কৰিলে৷ ময়ো বেয়া পোৱা ভকত নহয়, কাষৰ চিটত বহি অন্ততঃ মই জোনাকৰ সৈতে প্ৰেমালাপ কৰিব পাৰ...