Arup Kakoti – Page 30 – Purbodix.com

Author: Arup Kakoti

বাখৰুৱাসপোনএটাখেদি (তন্দ্ৰালীমূৰ্ছনা)

বাখৰুৱাসপোনএটাখেদি (তন্দ্ৰালীমূৰ্ছনা)

CURRENT TOPIC
বিচিত্ৰ পৃথিৱীখনত মানৱ শৰীৰবোৰে কঢ়িয়াই ফুৰে একোটাকৈ বাখৰুৱা সপোন৷ আপুনি-মই, তেওঁলোক কোনো ব্যতিক্ৰম নহয়৷ মানৱ শৰীৰৰ এই যে ধুনীয়া মনবোৰৰ ভিতৰত থকা অনুভৱবোৰ একো একোটা যেন অনৰ্গল সাধুকথা৷ সাধুকথাবোৰত থাকে পোৱা-নোপোৱা, হৰ্ষ-বিষাদৰ অধ্যায়৷ উশাহ লোৱাৰে পৰা আৰম্ভ হয় জীয়াই থকাৰ তাড়না৷ সকলোৱে কেৱল জীয়াই থাকিয়েই সুখী হয়নে? সকলোৱে কেৱল মানুহ বুলিয়েই আনন্দ কৰেনে? নকৰে৷ সৃষ্টিশীল মনৰ অধিকাৰী প্ৰতিগৰাকী ব্যক্তিয়েই বিচাৰি ফুৰে নতুন নতুন সৃষ্টিৰ মাদকতা৷ জীৱনটোক সুন্দৰ কামেৰে সজাব খোজে তেওঁলোকে৷ ইহজগতত প্ৰতিটো সপোনৰে আছে এটা সুকীয়া মাধুৰ্য৷ যি সপোন দেখে হয়তো তেওঁৰে সপোনে দিঠকত সফলতা পায়৷ ‘পূৰ্বদিশ’ আলোচনীৰ তৰফৰ পৰা আমি আজি এনে এগৰাকী সৃষ্টিশীল মনৰ মানুহৰ সৃষ্টিৰ আঁৰৰ কিছু কথা আপোনালোকৰ বাবে আগবঢ়াইছোঁ৷ শ্ৰীযুতা ৰ’জি বৰা এগৰাকী দক্ষ চলচ্চিত্ৰ পৰিচালিকা৷ তেওঁ পৰিচালনা কৰা ‘দ্য লাষ্ট অ’নাৰ’ নামৰ বোলছবিখন ২...
ডেন্সিফ্লোৰাম (মেৰীশইকীয়া)

ডেন্সিফ্লোৰাম (মেৰীশইকীয়া)

CURRENT TOPIC
পুৱাৰ কোমল ৰ’দালিজাক শাব্দিকৰ ধুনীয়া মুখখনত পৰিবলৈ উচপিচাইহে আছিল যেন৷ দেউতাক ৰণধীৰ হাজৰিকাই চ’ক্‌লেট আৰু মাখন ৰঙী ষ্ট্ৰাইপ থকা পৰ্দাখন সামান্য গুচাই দিলত ৰ’দজাক উবুৰি খাই শাব্দিকৰ মুখত পৰিল৷ “বাবা, উঠ৷ দেৰী হ’ব তোৰ৷’’ “দেউতা আৰু অলপ শুবলৈ দিয়ানা৷ বহুত টোপনি আহিছে৷’’ তাৰ প্ৰিয় সেউজীয়া ভেলভেট ৰঙৰ কোমল ব্লেংকেটখন মুৰলৈকে টানি চকু নেমেলাকৈয়ে শাব্দিকে উত্তৰ দিলে৷ “নহয় বাবা৷ অকলে ইমান দূৰ যাব ওলাইছ৷ দিনটো আগত লৈ যোৱা ভাল৷ ৰাস্তাও অচিনাকি৷ অৰুণাচলৰ একাবেকা পথ৷ সাৱধানে ড্ৰাইভিং কৰিব লাগিব৷ টাইম লাগিব যথেষ্ট৷’’ ইমান পৰে শীতৰ আমেজসনা টোপনিৰ আৱেশকন বুকুভৰি উপভোগ কৰি থকা শাব্দিকে অৰুণাচল শব্দটো শুনিয়েই ব্লেংকেটখন একপ্ৰকাৰ দলিয়াই দি বিছনাৰ পৰা উঠিল৷ “গুড মৰ্নিং দেউতা৷ ইয়েছ, আই এম মষ্ট এক্সাইটেড টু গ’ ডেয়াৰ৷’’ “গুড মৰ্নিং বাবা৷ ’’ শাব্দিকৰ উৎসাহটো দেখি দেউতাকৰ ভাল লাগিল৷ সৰুৰে পৰাই অসমৰ বাহিৰ...
বাতৰিবোৰ (কিশলয়পাটোৱাৰী)

বাতৰিবোৰ (কিশলয়পাটোৱাৰী)

CURRENT TOPIC
ৰাতিপুৱাৰ বাতৰিকাকতখন প্ৰায় ৮ বাজি ৩০মিনিট মানত হাতত পৰেহি৷ আশা থাকে কাকতখন মেলি লৈ কিছুমান ধনাত্মক চিন্তা-চৰ্চা অথবা কিছু নতুন ধনাত্মক খবৰেৰে দিনটো আৰম্ভ কৰিব পাৰিম৷ কিন্তু সেইখিনি আজিকালিৰ বাতৰিবোৰৰ লগত যেন সম্ভৱ নহয়৷ সেয়া কিন্তু সংবাদকৰ্মী অথবা বাতৰি লিখোতা কেইজনৰ দোষ নহয়৷ এয়া দোষ কাৰ সেয়া আজি নিৰ্ণয় কৰিবলৈ মই লিখিবলৈ লোৱা নাই৷ মাত্ৰ ছাত্ৰ হিচাপে মনত উদয় হোৱা কিছুমান কথা বা কিছুমান প্ৰশ্ন আজি ৰাজহুৱা কৰিম৷ কাকতখনৰ প্ৰথম পৃষ্ঠাই হওক বা শেষৰ পৃষ্ঠাই হওক কতো যেন কোনোধৰণৰ নতুন চিন্তা-চৰ্চাৰ উমান পোৱা নাযায়৷ কতো অকণমানো ধনাত্মক কথা বতৰাৰ খবৰ পোৱা নাযায়৷ কেৱল প্ৰতিবাদ, হত্যা, হিংসা, লুণ্ঠন অথবা ৰাজনৈতিক মেৰুকৰণৰ খবৰ৷ বৰ্তমান সময়খিনিত ৰাজনীতিও যেন কলুষিত৷ ৰাজনীতি অৱশ্যেই ধৰ্মৰ উৰ্দ্ধত যাব নোৱাৰে বুলি বহুখিনি সময়ত আমি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে জানিবলৈ পাও৷ কিন্তু বৰ্তমান সময়ৰ ৰাজনীতিত ধ...

কল্যাণী দেৱালয় (অন্‌জনডেকা)

CURRENT TOPIC
 মূল পথৰ পৰা নামি যোৱা বাটটোৰে অলপ আগলৈ এখন সুদৃশ্য তোৰণেৰে দেৱালয়লৈ যোৱা বাট৷ বিপৰীত দিশত অৰ্থাৎ মুল পথৰ সিপাৰে অসমৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱা প্ৰতিমূৰ্তি৷ অদুৰৰ সেউজীয়া পৰিৱেশৰ মাজৰ এখন ব্যতিক্ৰমী আৰ্হিৰ তোৰণেৰে সৰু কল্যাণী থান৷ সন্মুখৰ সৰু পুখুৰীটোৱে ঠাইখনৰ সৌন্দৰ্যক অধিক উজলাই তুলিছে৷  সৰু কল্যাণী থান এৰি কিছু আগলৈ এটা কেঁকুৰীৰ সোঁফালে এখন পুৰণি তোৰণ তাৰ পৰা কিছু আগলৈ এক বিশাল তোৰণেৰে সৈতে এক সুদৃশ্য চৌহদ৷ শ্ৰীশ্ৰী মা কল্যাণী দেৱালয়ৰ চৌহদ৷ শেহতীয়াকৈ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত এই সুন্দৰ চৌহদ ন কৈ নিৰ্মাণ কৰা হৈছে৷ আগলৈ যথেষ্ট সংখ্যক যাত্ৰী আৰু ভক্তৰে পৰিপূৰ্ণ দেৱালয়ৰ মূল গৃহ৷  বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰৰ দিশলৈ প্ৰায় ৬০ কিলোমিটাৰ দূৰৈৰ বৰঙাবাৰী গাঁৱৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দক্ষিণে এই ঐতিহাসিক শ্ৰীশ্ৰী মা কল্যাণী দেৱালয়৷ গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰ...
সাৰাংশ(ড॰ গৌৰহৰি দাস)(নিৰ্মালি মহন্ত)

সাৰাংশ(ড॰ গৌৰহৰি দাস)(নিৰ্মালি মহন্ত)

STORY
যোৱা সংখ্যাৰ পিছৰ পৰা... কিছু সময় কথা পতাৰ পিছত লাহেকৈ ৰমাকান্ত যাবলৈ ওলাল৷ লগত নিশিগন্ধা, মালতীও৷ নিশিগন্ধাক ইয়াৰ পৰা নি অহল্যা বাইটিৰ ঘৰত থ’বগৈ লাগিব৷ আজিৰ দিনটোৰ আখৰাও শেষ হৈ আহিছিল৷ ঢোল, মৃদং, হাৰ্মনিয়াম এইসকলোবোৰ বাদ্যযন্ত্ৰ সামৰি -সুতৰি ল’ৰা-ছোৱালীবোৰে গঙ্গাধৰ মাষ্টৰৰ ভৰি চুই গুৰুপ্ৰণাম কৰি এটা এটাকৈ ওলাই গৈছিল৷ সময় ৰাতি প্ৰায় দহটা হ’বৰ হৈছিল৷ ইন্দ্ৰমণিয়ে সুধিলে, “আপুনি ইয়াতে থাকিবনে ঘৰলৈ যাব? মোৰ পঞ্চায়তৰ সভাপতিৰ ঘৰলৈ অলপ যাব লগা আছে৷ ” Êঃ বাসন্তীক বুজোৱাৰ দায়িত্ব কিন্তু তোৰ৷ মই তাইক ক’ব নোৱাৰিম৷ মুখখন বৰ চোকা তাইৰ৷ গুৰু গোসাঁই একেবাৰে নমনা ছোৱালী সেইজনী৷ ঃ কিয়? আপোনাক কিবা কৈছিল নেকি তাই? –ইন্দ্ৰমণিয়ে মাষ্টৰক সুধিলে৷ ঃ নাই, মুখৰ আগত এতিয়ালৈকে একো কোৱা নাই৷ বাদ দে সেইবোৰ এতিয়া৷ পিচে এই ৰাতিখন সভাপতিৰ ঘৰলৈনো কিয় যাৱ? আৰু এটা কথা, পইচা পাৰিলে অলপ যোগাৰ কৰিবি৷ দুদিনমান দেৰি হল...
ডায়েৰী (জিনামণিবৰা)

ডায়েৰী (জিনামণিবৰা)

CURRENT TOPIC
পুৱাৰ পৰা এৰা ধৰাকৈ অলপ অলপ বৰষুণ দি আছে৷ চেঁচা বতাহ এজাকো মাজে মাজে বলি থকাৰ বাবে পূজাৰ কেইদিনতকৈ আজি গৰম কিছু কমিছে৷ চিপ চিপ বৰষুণজাকৰ মাজেৰে সাৰংগৰ বাইকখন ধীৰ গতিৰে কলেজৰ দিশে আগবাঢ়িছে৷ মোবাইলৰ হে’ডফোনদাল সি কাণত লগাই ল’লে৷ “তেৰে মেৰে মিলন কি য়ে ৰেইনা’’– মোবাইলত মৃদু স্বৰত বাজি থকা কিশোৰ কুমৰৰ গীতটোৱে পৰিৱেশটো আৰু অধিক চঞ্চল কৰি তুলিছে৷ সৰ্বস্তৰৰ জনগণক উদ্বেলিত কৰি অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱৰ ভক্তি ৰসেৰে জীপাল আৰু উৎসৱৰ ৰঙেৰে ৰঙিয়াল মধুৰ সময়৷ মৰতৰ পূজাৰ বেদী এৰি কৈলাসলৈ গমন কৰিলে শক্তিদায়িনী, মাতৃস্বৰূপিনী, মহিষমৰ্দিনী দেৱী দুৰ্গাই৷ বিজয়া দশমীৰ বিদায় ক্ষণত অশ্ৰুসিক্ত নয়নেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দশভূজাক বিদায় দিলে ভক্তিপ্ৰাণ ভক্তগণে৷ দেৱীৰ সৈতে মৰতৰ পূজাৰ বেদী এৰিলে মৃণ্ময় গণেশ, কাৰ্তিক, লক্ষ্মী আৰু সৰস্বতীয়ে৷ সপৰিয়ালে দেৱী দুৰ্গাৰ বিদায়ৰ পিছত উকা হৈ পৰিল পূজাৰ বেদী৷ নিজম ...
বৰদিনসমাগত (কৰবীবৰ্মনকলিতা)

বৰদিনসমাগত (কৰবীবৰ্মনকলিতা)

CURRENT TOPIC
খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ এক পবিত্ৰ তথা আনন্দভৰা উৎসৱেই হ’ল - বৰদিন৷ এই উৎসৱত থাকে  বৰ্ণাঢ্য আয়োজন, য’ত পৰিপূৰ্ণ হৈ থাকে কে’ক্‌, মম, কেৰল আৰু বিভিন্ন উপহাৰ৷ ধৰ্মীয় দিশৰ উপৰি খ্ৰীষ্টমাছ বা বৰদিন উৎসৱৰ এক সামাজিক দিশো আছে৷ যেনেঃ  ইজনে সিজনৰ লগত মিলন, উপহাৰ আদান-প্ৰদান, প্ৰীতিভোজ খোৱো ইত্যাদি৷ বৰদিনৰ সময়ছোৱাত সম্পূৰ্ণ বিশ্বত এক আনন্দময় পৰিৱেশ বিৰাজ কৰে৷ শিশুসকলেও খুৱ আগ্ৰহেৰে মৰমৰ ছাণ্টাক্ল’জৰ আগমনৰ অপেক্ষা কৰি ৰয়৷ ৰঙা - বগা কাপোৰ পৰিধান কৰা, দাড়িৱালা ছাণ্টাক্ল’জৰ বিভিন্ন প্ৰতিমূৰ্তি অথবা পুতুলাৰে বিপণীসমূহ ভৰি পৰে৷ সকলো দিশে নানাৰঙী লাইটৰ পোহৰত বিশ্ব জিলিকি উঠে৷ দিনৰ ভাগত খ্ৰীষ্টানসকলে ৰাতিপুৱা প্ৰাৰ্থনা আৰু যীশুৰ গুণ-কীৰ্তন গায়৷ সকলোৱে মিলিজুলি ভোজ-ভাত খায়৷ সকলোৱে সন্ধিয়া ঘৰত প্ৰদীপ জ্বলায়৷ বৰদিন উদ্‌যাপনৰ কিছু ইতিহাস - বৰদিনত উপহাৰ দিয়া, আনন্দ-ফূৰ্তি কৰা, ভোজ খোৱা দ্যা এনচাইক্লোপিডিয়া...
বনভোজৰবতৰআৰুআমাৰকৰ্তব্য (জ্যোতিৰ্ময়ীশৰ্ম্মা)

বনভোজৰবতৰআৰুআমাৰকৰ্তব্য (জ্যোতিৰ্ময়ীশৰ্ম্মা)

CURRENT TOPIC
সকলোৱে শীতৰ দিন কেইটাত কোমল ৰদ কাঁচলিৰ উমলৈ বতৰৰ ফল-মূল খাই সময় অতিবাহিত কৰি ভাল পায়৷ শীতকালি বায়ু অতি শীতল আৰু শুকান হৈ পৰে বাবে আমাৰ ছালখনো শুকান হৈ ফাটে বা খহটা হৈ পৰে৷ ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত পৰিমাণে ভিটামিন-চি বৰ প্ৰয়োজন হয়৷ প্ৰকৃতিয়েও আমাক শীতকালীন ভিটামিন-চি যুক্ত অজস্ৰ ফল দান দিছে৷ কমলা টেঙা বা সুমথিৰা, ৰবাব টেঙা, জলফাই, আমলখি, নেমু টেঙা, কৰদৈ টেঙা আদি শীতকালতে উপলব্ধ হয়৷  আঘোন মাহ সোমোৱাৰ লগে লগে সেউজীয়া পথাৰবোৰো লাহে লাহে সোণোৱালী হৈ সোণগুটি পূৰঠ হৈ ভৰপক হয়৷ এই ছেগতে গৃহস্তই পথাৰৰ লখিমী ঘৰলৈ আনি নচাউল মুঠি মোকলাই লয়৷ প্ৰথমে গোসাঁইৰ আগত থাপনাত আগবঢ়াই আশীৰ্বাদ লৈ পিছত আলহী অতিথিক নিমন্ত্ৰণ কৰি মাছ-মঙহৰে নানা তৰহৰ ব্যঞ্জনেৰে অপ্যায়িত কৰি নখোৱা পাতে৷ এয়াই চহা খেতিয়কৰ পৰম সংস্কৃতি৷ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে নখোৱাৰ পৰম সুখ অনুভৱ কৰে৷ জাৰ কালি অহাৰ লগে লগে বাৰিৰ চুক-কোণ চাফা ক...
নৃত্য আৰু অভিনয় জগতৰ উদীয়মান প্ৰতিভা ঃ (চিত্ৰালী দত্ত) (ঊএন. বৰগোঁহাই)

নৃত্য আৰু অভিনয় জগতৰ উদীয়মান প্ৰতিভা ঃ (চিত্ৰালী দত্ত) (ঊএন. বৰগোঁহাই)

CURRENT TOPIC
নৃত্য আৰু অভিনয় জগতৰ এটি নতুন প্ৰতিভা শিৱসাগৰৰ চিত্ৰালী দত্ত৷ ঢুলীয়াপাৰ জোনাকী নগৰ নিবাসী হৰেশ দত্ত আৰু গীতা দত্তৰ জ্যেষ্ঠ কন্যা চিত্ৰালী দত্তই পাঁচ বছৰ বয়সৰ পৰাই মঞ্চত নৃত্য আৰু অভিনয় কৰি আহিছে৷ জয়মতী, ঢোৰাসাপ, ভোজগৰা, ৰূপালীম, লভিতা, শতাব্দী, অগ্নিস্নান, কিয় এনেকৈ ভাগেনে সপোন, এনকাউণ্টাৰ, মিৰিজীয়ৰী আদি মঞ্চসফল নাটকত অভিনয় কৰাৰ উপৰিও ৰাস মহোৎসৱত দৈৱকী, যশোদা আৰু ৰাধাৰ ৰূপতো অভিনয় কৰিছে চিত্ৰালী দত্তই৷ শিৱসাগৰ ছোৱালী কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা চিত্ৰালীয়ে মিউজিক ভিডিঅ’ মন ৰাংফু, জুপিতৰা, ফাগুনৰ পছোৱা, মইনা, নাচনী নাই, তুমি দিয়া গামোছা, মন সোণালী নাঁৱত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিছে৷ চিত্ৰালীয়ে কনেং মৰমৰ, ইটো সিটো, হিয়ামণি, পাহাৰী মন, মইনা, ৰিঙা ৰিঙা মন আৰু জাংফাইত সহকাৰী নৃত্য পৰিচালক হিচাপে কাম কৰি নিজৰ দক্ষতা দেখুৱাইছে৷ তেওঁ নিজে কণ্ঠদান কৰা গীত হৈছে মৰম লাগি যায়৷ সদ্যহতে...
দেৱস্মিতা কাশ্যপৰ নতুন গীত ‘ফাগুনৰে বা’

দেৱস্মিতা কাশ্যপৰ নতুন গীত ‘ফাগুনৰে বা’

CURRENT TOPIC
দেৱস্মিতা কাশ্যপ অসমৰ সঙ্গীত জগতৰ এক উজ্জ্বল প্ৰতিভা৷ নয়ন কুমাৰ বৰ্মন আৰু সাbLনা বৈশ্য বৰ্মনৰ সুযোগ্যা কন্যা দেৱস্মিতাৰ ঘৰ গুৱাহাটীৰ পাণ্ডু সদিলাপুৰত৷ দেৱস্মিতাই প্ৰায় ৬ বছৰ বয়সৰ পৰাই সংগীতৰ সাধনা কৰি আহিছে৷ তেওঁ নিচেই কম বয়সৰ পৰাই অসমৰ বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ লগতে প্ৰাগ চেনেলযোগে সম্প্ৰচাৰিত কৰা উত্তৰ-পূবৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘‘আমাৰ ভূপেন দা- ছিজন ৬’’ৰ ৰst Runner'ব্দ up আছিল৷ উদীয়মান কণ্ঠশিল্পী দেৱস্মিতা কাশ্যপৰ প্ৰথম গান ‘‘দূৰণীৰ চৰাই জাকে’’ গীতটিৰ কথা-সুৰ আৰু সংগীত অংশুমান পল ডেকাৰ৷ তেওঁৰ নকৈ মুক্তি পাবলগীয়া গীত দুটা হ’ল ‘‘ফাগুনৰে বা’’ আৰু ‘‘অ’ কলিজা’’৷ ফাগুনৰে  বা গীতটিৰ কথা-সুৰ আৰু সংগীত জ্যোতিৰ্ময় বৰা আৰু মিক্সিং কৰিছে বিজয় ভূঞাই৷ অ’ কলিজা গীতটিত দেৱস্মিতাই ভৃগু কাশ্যপৰ সৈতে দ্বৈত কণ্ঠত কণ্ঠদান কৰিছে৷ VRANI FIML'ত্ৰ ১ বেনাৰত, বিজয় দাসৰ প্ৰযোজনাত নিৰ্মাণ হোৱা এই গীতটিত ...