Arup Kakoti – Page 32 – Purbodix.com

Author: Arup Kakoti

সম্পাদকীয়

EDITORIAL
শিল্প বা যিকোনো কলা (ARথ্ব) জীয়াই থাকে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনৰ কৰ্মৰাজিৰ মাজত৷ আমি যি পিন্ধো, আমি যি খাওঁ, আমি ঘৰখন কিদৰে সজাও, আমি যি লিখো-পঢ়ো, যি নৃত্য-গীত উপভোগ কৰো এই সকলোতে প্ৰতিফলিত হয় আমাৰ শিল্প-সংস্কৃতি৷ যেতিয়া শিল্পৰ কোনো এটা বিষয় কোনোবাই সাধনা কৰে আৰু প্ৰদৰ্শন কৰে তেনে ব্যক্তিকে আমি শিল্পীৰ মৰ্যাদা দিওঁ- শিল্পী বুলি কওঁ৷ এই শিল্পী আৰু ৰাজনীতিকৰ সম্পৰ্ক বহু যুগৰ৷ ৰাজনীতিক আৰু শিল্পী- সমাজৰ দুয়ো অতি প্ৰয়োজনীয় চালিকাশক্তি৷ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতে কিছুদিন আগলৈকে শিল্পীসকল প্ৰত্যক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত হোৱা নাছিল৷ দুই-এজন ব্যতিক্ৰমী শিল্পীৰ বাদে৷ অৱশ্যে দক্ষিণ ভাৰতৰ ৰাজনীতিত বহু আগৰে পৰা শিল্পীৰ প্ৰৱেশ আৰু আধিপত্য দেখা যায়৷ কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে ৰাজনীতিৰ পথাৰত শিল্পীসকলৰ খদমদম লগোৱা দেখা গৈছে৷ এই ঢৌ সম্প্ৰতি অসমৰ ৰাজনীতিটো দেখা গৈছে৷ বিভিন্ন ৰাজনৈতিক দলে শিল্পী...
‘‘কণজলকীয়া’’ আৰুস্তুতিহাজৰিকা (ৰীতুগগৈ)

‘‘কণজলকীয়া’’ আৰুস্তুতিহাজৰিকা (ৰীতুগগৈ)

CURRENT TOPIC
‘মহিলা সকলৰ বাবে’  শীৰ্ষক এটি অনুষ্ঠানৰ জৰিয়তে ভিন্ন ক্ষেত্ৰত জড়িত তথা আত্মসংস্থাপিত মহিলাসকলৰ সফল কৰ্ম খতিয়ান আন দহগৰাকী মহিলাৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ ‘কণ জলকীয়া’ ইউটিউব চেনেলত প্ৰচাৰিত এই অনুষ্ঠানৰ দ্বাৰা অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰা হৈছে আন দহগৰাকী মহিলাকো৷ এই মহৎ কৰ্মৰ অন্তৰালৰ মহিলাগৰাকীয়েই হ’ল বিগত ১২ বছৰ ধৰি বিভিন্ন ধৰণৰ জনকল্যাণকামী কৰ্মত জড়িত কণজলকীয়া ফাউণ্ডেচনৰ সভাপতি তথা স্বত্ত্বাধিকাৰী, বিশিষ্ট সংগীত শিল্পী, ফুড ব্লজাৰ স্তুতি হাজৰিকা৷ উদ্যোগী মহিলা হিচাপে কেৱল নিজে আগবাঢ়ি যোৱাই নহয় আন বহুতো মহিলাকো হাতে-কামে আগবঢ়াই মহিলাই মহিলাৰ হকে নিঃস্বাৰ্থভাৱে কাম কৰিব পৰাৰ সুন্দৰ উদাহৰণ দাঙি ধৰিছে বাহ্যগুণসম্পন্না এইগৰাকী মহিলাই৷ ১২ বছৰ ধৰি কণজলকীয়া ফাউণ্ডেচনৰ উদ্যোগত সমাজৰ বিভিন্ন দিশৰ উন্নতিৰ লগতে মহিলা আৰু শিশুসকলৰ উন্নয়ন আৰু বিকাশৰ বাবে যথেষ্ট কাম কৰি আহিছে উদ্যোগী মহিলাগ...
পকাঅমিতাৰলাডু (পম্পীশৰ্মাখাউণ্ড)

পকাঅমিতাৰলাডু (পম্পীশৰ্মাখাউণ্ড)

RECIPE
উপকৰণ ঃপকা অমিতা- আধা টুকুৰা, চুজি- ১ কাপ, নাৰিকল পাউদাৰ- ৪ চামুচ ডাঙৰ চামুচেৰে, চেনী- ১ কাপ, ইলাচী গুড়ি- ১ চামুচ, কাজু- ৪যপ্ত টা (কাটি লোৱা), কিচমিচ- ৪যপ্ত টা, আলমণ্ড- ৪যপ্ত টা (কাটি লোৱা), মগজ- ১ চামুচ, ঘী- ২ চামুচপ্ৰণালী ঃ                প্ৰথমে পকা অমিতা টুকুৰা বাকলি গুচাই সৰু টুকুৰা কৰি কাটিলৈ মিক্সিত মিহিকৈ পেষ্ট প্ৰস্তুত কৰি ল’ব৷এখন পেনত এক চামুচ ঘী দি কাজু, কিচমিচ, আলমণ্ড, মগজ এই আটাইখিনি উপাদান ভাজি এখন প্লেটত টুকি ৰাখিব৷ এতিয়া এখন ননষ্টিক কেৰাহীত ঘী দি চুজি কাপ ভাজি থাকিব৷ যেতিয়া চুজিখিনি ভাজ খাব তেতিয়া পকা অমিতাৰ পেষ্টখিনি দি পুনৰ লৰাই কম জুইত ভাজি থাকিব৷ এতিয়া চুজি আৰু অমিতাৰ পেষ্টখিনিৰ লগতে চেনী, নাৰিকল পাউদাৰ আৰু ইলাচী গুড়িখিনি দি ভালদৰে লৰাই দিব৷ আগতে ভাজি থোৱা কাজু, কিচমিচ, আলমণ্ড আৰু মগজখিনি দিব৷ ভালদৰে লৰাই কম জুইত ভাজি থাকিব৷ যেতিয়া চুজি আৰু অমিতাৰ পেষ্...
লাউপাৰাস্থিতমূলশ্ৰীশ্ৰীশ্যামৰায়সত্ৰৰভকতসকলৰজীৱনীকোষ (ধাৰেশ্বৰপালদাস)

লাউপাৰাস্থিতমূলশ্ৰীশ্ৰীশ্যামৰায়সত্ৰৰভকতসকলৰজীৱনীকোষ (ধাৰেশ্বৰপালদাস)

CURRENT TOPIC
লাউপাৰাস্থিত শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ উৎপত্তি সম্বন্ধে আৰু এই সত্ৰখনৰ চালিকা শক্তি সত্ৰাধিকাৰ প্ৰভূসকলৰ বংশানুক্ৰম নামসহ তথ্য শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ মাহাত্ম্যৰে ‘‘লাউপাৰাৰ সৌৰভ’’ নামৰ কিতাপখনত পঢ়িবলৈ পালো৷ খ্ৰীষ্টীয় পোন্ধৰশ শতিকাৰ কিছু আগতে এই সত্ৰখন স্থাপিত হৈছিল৷ সত্ৰখন উৎপত্তিৰ সময়ৰ পৰা, প্ৰায় ১৮৬৮ চনৰ আগত, এই সত্ৰখনত কিমানসংখ্যক ভকতে প্ৰসঙ্গ কৰিছিল জানিব নোৱাৰিলো৷ ইয়াৰ পিছৰ, বহু কেইজন দেউৰী ভকত, পাহেৰী ভকত আৰু মহন্ত ভকতেও শ্যামৰায় সত্ৰত প্ৰসঙ্গৰ লগতে বিভিন্ন কাৰ্যসিদ্ধি কৰি ইহঃ সংসাৰৰ পৰা গুচি গ’ল৷ অতীতৰ পৰা এই শ্যামৰায় সত্ৰখন লুইতৰ খহনীয়া আৰু প্ৰাকৃতিক দুৰ্যোগে ঠন ধৰি উঠিব নিদিলে৷ সত্ৰাধিকাৰ প্ৰভুসকল, ভকতসকল আৰু সত্ৰ পৰিচালনা সমিতিৰ মৃত আৰু জীৱিত মহান ব্যক্তিসকলে সত্ৰখনৰ বাবে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে৷ তাৰ বিনিময়ত, গন্ধৰ দিয়া গাঁৱৰ জনসম্পদেৰে সমৃদ্ধশালী লাউপাৰাৰ ভক্তপ্ৰাণ ৰা...

শৰতৰ জোনাক (বিনীশাদেৱী)

STORY
সন্ধিয়া সময়খিনিত আগফালৰ বেলকনিখনত সদায় বহাৰ দৰে আজিও বহিবলৈ মই ওলাই আহিলো৷ আকাশখনলৈ চাই দেখিলো- শৰতৰ আকাশত কাঁচি জোনৰ আভাস৷ সেমেকা বতাহ এচাটিয়ে চুই গ’ল মোক৷ বতাহত বৈ পৰিছিল শেৱালিৰ সুৱাস৷ কোনোবা প্ৰতিবেশীৰ চোতাল চাগে, শুৱনি কৰি তুলিছে শেৱালিজোপাই? শেৱালিৰ সুৱাসত পুলকিত হৈ মই দীঘলকৈ ঘ্ৰাণ এটি টানি ল’লো--দুৰ্গা পূজালৈ আৰু মাত্ৰ কেইটামান দিন! শাৰদীয় উৎসৱ দুৰ্গা পূজা বুলি ক’লে আজিও যেন উৎসাহৰ অন্ত নাই৷ এমাহমানৰ পৰাই গা সাতখন আঠখন৷ কি লম পূজাত, কোনদিনা কি পিন্ধিম, ইত্যাদি ইত্যাদি৷ প্ৰথমে সাজোন -কাচোনৰ কথাই মনলৈ আহে তাৰ পিছতহে দেৱী মাৰ ওচৰত পূজা-অৰ্চনা, শৰাই, পুষ্পাঞ্জলী দিয়াৰ চিন্তা৷ নহ’বনে কিবা? এটা বছৰ বাট চাব নালাগে জানো দুৰ্গা পূজালৈ? পূজাৰ মণ্ডপত ভোগ খোৱাৰ আনন্দও কম জানো? এওঁ জানে মোৰ ভোগৰ প্ৰতি থকা লোভকণ৷ কিয়নো নকৰিম? ঘৰত নালাগে কোনোবা ৰেষ্টুৰেণ্টেও জানো এনেকুৱা সোৱাদ লগাকৈ বনাব পাৰিবনে?...

প্ৰত্যাশা (জিনামণিবৰা)

STORY
খিৰিকীৰে সন্ধিয়াৰ পশ্চিম আকাশলৈ চাই চাই শিৱানন্দ শৰ্মা ভাবত বিভোৰ হৈ আছিল৷ ক্ষণে ক্ষণে আকাশখনে বৰণ সলাইছে৷ একোবাৰ সোণবৰণীয়া হৈ দুচকু ভৰাই তুলিছে, আকৌ ৰাঙলী বৰণ ধৰি আকাশখন ৰঙাই তুলিছে৷ কিন্তু অলপ পিছতে ক’লীয়া ডাৱৰ এচপৰাই আহি হঠাতে গোটেই আকাশখন অন্ধকাৰা২৬ন্ন কৰি পেলাইছে৷ ঠিক তেওঁৰ জীৱনটোৰ দৰেই৷ শৰ্মাৰ মনটো বিষাদে আৱৰি পেলালেহি৷ শিৱানন্দ শৰ্মাই বোৱাৰীয়েকে দিয়া চাহ কাপ লৈ ভিতৰৰ পৰা ওলাই আহি আগফালৰ বাৰাণ্ডা পালেহি৷ তেওঁ সন্মুখলৈ চকু ফুৰালে৷ অসম আৰ্হিৰ পুৰণি ঘৰটো ভাঙি পুত্ৰ অভিয়ে নতুনকৈ সাজি পেলোৱা ঘৰখনৰ সন্মুখত এতিয়া পুৰণি গছ এজোপাও নাই৷ মাকৰ কাঢ়া নিৰ্দেশ আছিল– “তগৰ, খৰিকাজাঁই কেইজোপা কিন্তু কেতিয়াও নাকাটিবি দেই৷’’ শিৱানন্দ শৰ্মাই বাৰাণ্ডাত থকা তেওঁৰ নিদিষ্ট চকিখনত আহি বহিলহি৷ সন্ধিয়াৰ মৃদু বতাহজাকত জকমকাই ফুলি থকা খৰিকাজাঁই জোপাৰ সুঘ্ৰাণ কেউফালে বিয়পি পৰিছে৷ আস! চকুকেইটা মুদি দীঘলকৈ উশাহ ল’ল...

প্ৰসিদ্ধউৰিয়াউপন্যাসৰমুকলিঅনুবাদ (ড॰ গৌৰহৰি দাস) (নিৰ্মালি মহন্ত)

STORY
যোৱা সংখ্যাৰ পিছৰ পৰা...... কিছু সময় কথা পতাৰ পিছত লাহেকৈ ৰমাকান্ত যাবলৈ ওলাল৷ লগত নিশিগন্ধা, মালতীও৷ নিশিগন্ধাক ইয়াৰ পৰা নি অহল্যা বাইটিৰ ঘৰত থ’বগৈ লাগিব৷ আজিৰ দিনটোৰ আখৰাও শেষ হৈ আহিছিল৷ ঢোল, মৃদং, হাৰ্মনিয়াম এইসকলোবোৰ বাদ্যযন্ত্ৰ সামৰি -সুতৰি ল’ৰা-ছোৱালীবোৰে গঙ্গাধৰ মাষ্টৰৰ ভৰি চুই গুৰু প্ৰণাম কৰি এটা এটাকৈ ওলাই গৈছিল৷ সময় ৰাতি প্ৰায় দহ হ’বৰ হৈছিল৷ ইন্দ্ৰমণিয়ে সুধিলে, “আপুনি ইয়াতে থাকিবনে ঘৰলৈ যাব? মোৰ পঞ্চায়তৰ সভাপতিৰ ঘৰলৈ অলপ যাব লগা আছে৷” ঃ  বাসন্তীক বুজোৱাৰ দায়িত্ব কিন্তু তোৰ৷ মই তাইক ক’ব নোৱাৰিম৷ মুখখন বৰ চোকা তাইৰ৷ গুৰু গোসাঁই একেবাৰে নমনা ছোৱালী সেইজনী৷ ঃ কিয়? আপোনাক কিবা কৈছিল নেকি তাই? –ইন্দ্ৰমণিয়ে মাষ্টৰক সুধিলে৷ ঃ নাই, মুখৰ আগত এতিয়ালৈকে একো কোৱা নাই৷ বাদ দে সেইবোৰ এতিয়া৷ পিচে এই ৰাতিখন সভাপতিৰ ঘৰলৈনো কিয় যাৱ? আৰু এটা কথা, পইচা পাৰিলে অলপ যোগাৰ কৰিবি৷ দুদিনমান দেৰি হ...
অমৃতবৃক্ষআন্দোলন (পপীচহৰীয়া)

অমৃতবৃক্ষআন্দোলন (পপীচহৰীয়া)

CURRENT TOPIC
অমৃত বৃক্ষ আন্দোলন হৈছে আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰি এক বহনক্ষম ভৱিষ্যত সৃষ্টিৰ লক্ষ্যৰে ভাৰতত আৰম্ভ কৰা এক তৃণমূল পৰ্যায়ৰ পৰিৱেশ সংৰক্ষণ কাৰ্যসূচী৷ দেশৰ কেইবাখনো নদী আৰু জলভাগৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এই আন্দোলনটো প্ৰতিষ্ঠা কৰিছিল ‘ভাৰতৰ জলমান’ নামেৰেও পৰিচিত ড॰ ৰাজেন্দ্ৰ সিঙে৷ তেওঁ উপলব্ধি কৰিছিল যে জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, জলবায়ু পৰিৱৰ্তন, পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ এনে এটা পৰ্যায় পাইছেগৈ যে গ্ৰহটোক বচাবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন৷ এইদৰে ২০১৬ চনত অমৃত গছ আন্দোলনৰ সৃষ্টি হৈছিল, পৰিৱেশগতভাৱে সুষম, সামাজিকভাৱে ন্যায়পৰায়ণ আৰু আধ্যাত্মিকভাৱে জ্ঞানদায়ক এখন পৃথিৱী সৃষ্টি কৰাৰ দৃষ্টিভংগীৰে৷ অমৃত গছ আন্দোলনে তিনিটা মূল ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে: বন সংৰক্ষণ, জৈৱিক কৃষি, আৰু সম্প্ৰদায় উন্নয়ন৷ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰাকৃতিক বাসস্থান পুনৰুদ্ধাৰ, জৈৱিক আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ, স্থানীয় ...
মধুপুৰসত্ৰতমহাপুৰুষশ্ৰীমন্তশংকৰদেৱৰসাহিত্যচৰ্চা (নাছিৰআহমেদ)

মধুপুৰসত্ৰতমহাপুৰুষশ্ৰীমন্তশংকৰদেৱৰসাহিত্যচৰ্চা (নাছিৰআহমেদ)

CULTURAL, CURRENT TOPIC
এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে জীৱনৰ অন্তিম কালত (৯৭ বছৰ বয়সত) কোচবিহাৰ ৰাজ্যৰ ভেলা-মধুপুৰ সত্ৰত থাকি এই ভক্তি ধৰ্মৰ প্ৰচাৰ চলাই যোৱাৰ উপৰিও সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছিল৷ প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচবিহাৰ ৰাজ্যলৈ আহিব বিচৰা নাছিল৷ কাৰণ, কোচবিহাৰ ৰাজ্যৰ কোচ ৰজা নৰনাৰায়ণো শাক্ত ধৰ্মৰ উপাসক আছিল৷ কিন্তু, কোচ ৰজা নৰনাৰায়ণৰ বিদ্যোৎসাহী মনোভাৱ, সাহিত্য চৰ্চাৰ প্ৰতি গভীৰ অনুৰাগ আৰু তেওঁৰ পৃষ্ঠপোষকতাত কোচবিহাৰৰ ৰাজসভাত ভাৰতৰ সোণালী গুপ্ত যুগৰ দ্বিতীয় বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্নৰ সমাবেশ ঘটাৰ দৰে কোচবিহাৰ ৰাজ্যৰ সকলো কবি, সাহিত্যকে  প্ৰাচীন কমতাপুৰী বা ৰাজবংশী তথা দেশী ভাষাত সাহিত্য চৰ্চা কৰা দেখি অত্যুৎসাহী হৈ উজনি অসমৰ শাক্ত-পন্থী ৰজাসকলৰ দ্বাৰা নিগৃহিত হৈয়েই নামনি অসমৰ পাটবাউসীলৈ ক্ৰমে মাধৱদেৱ, হৰিদেৱ, ৰামৰায়, নাৰায়ণ ঠাকুৰ, ৰামৰাম ঠাকুৰ আদিকে কৰি...
‘অৰ্কিড’ৰপৃথিৱী (নয়নমণিশইকীয়া)

‘অৰ্কিড’ৰপৃথিৱী (নয়নমণিশইকীয়া)

CURRENT TOPIC
‘‘অৰ্কিড’’ সকলোৰে বাবে এটি পৰিচিত শব্দ৷ এই শব্দটো পোনপ্ৰথমে ৩০০ খ্ৰীষ্টপূৰ্বত থিয়ফ্ৰেছটাছে অৰ্কিড বুলি ব্যৱহাৰ কৰিছিল৷ তাৰ পাছত ১৯৩৭  মেৰলাছ নিনিয়াছে ‘অৰ্কিডেচি’ বুলি আৰু ১৮৪৫ চনত জ’ন লিন্দলেই ‘‘অৰ্কিড’’ বুলি বৰ্তমানৰ প্ৰচলিত শব্দটো ব্যৱহাৰ কৰিছিল৷ (স্কুল বটানি নামৰ গ্ৰন্থখনিত) ‘‘অৰ্কিড’’ বুলি ক’লে সাধাৰণতে সকলোৰে মনলৈ আহে সহজতে দেখা পোৱা ‘কপৌফুল’ পাহিলৈ৷ কিন্তু আমি জনা উচিত যে ‘কপৌফুলে’ই কেৱল অৰ্কিড নহয়৷ ই মাথোন এবিধ প্ৰজাতিহে৷ অৱশ্যে কপৌফুলৰ এক নিজা পৰিচয় আছে– অসমৰ ৰাজ্যিক ফুল বুলি৷ কপৌফুলৰ বৈজ্ঞানিক নাম হৈছে (Rhynchostylis retusa)৷ কপৌফুলকে ধৰি পৃথিৱীত এতিয়ালৈকে প্ৰায় ২০০০০ বিধ প্ৰজাজিৰ অৰ্কিড আৱিস্কাৰ হৈছে৷ তাৰেই ১৩০০ বিধ প্ৰজাতিৰ অৰ্কিড ভাৰতবৰ্ষত পোৱা গৈছে৷ পৃথিৱীৰ ভিতৰত সৰহসংখ্যক প্ৰজাতিৰ অৰ্কিড ভাৰতবৰ্ষত পোৱা গৈছে৷ পৃথিৱীৰ ভিতৰত সৰহসংখ্যক প্ৰজাতিৰ অৰ্কিড এতিয়ালৈকে কলম্বিয়া নামৰ দ...