Arup Kakoti – Page 33 – Purbodix.com

Author: Arup Kakoti

বৰদিনসমাগত (কৰবীবৰ্মনকলিতা)

বৰদিনসমাগত (কৰবীবৰ্মনকলিতা)

CURRENT TOPIC
খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ এক পবিত্ৰ তথা আনন্দভৰা উৎসৱেই হ’ল - বৰদিন৷ এই উৎসৱত থাকে  বৰ্ণাঢ্য আয়োজন, য’ত পৰিপূৰ্ণ হৈ থাকে কে’ক্‌, মম, কেৰল আৰু বিভিন্ন উপহাৰ৷ ধৰ্মীয় দিশৰ উপৰি খ্ৰীষ্টমাছ বা বৰদিন উৎসৱৰ এক সামাজিক দিশো আছে৷ যেনেঃ  ইজনে সিজনৰ লগত মিলন, উপহাৰ আদান-প্ৰদান, প্ৰীতিভোজ খোৱো ইত্যাদি৷ বৰদিনৰ সময়ছোৱাত সম্পূৰ্ণ বিশ্বত এক আনন্দময় পৰিৱেশ বিৰাজ কৰে৷ শিশুসকলেও খুৱ আগ্ৰহেৰে মৰমৰ ছাণ্টাক্ল’জৰ আগমনৰ অপেক্ষা কৰি ৰয়৷ ৰঙা - বগা কাপোৰ পৰিধান কৰা, দাড়িৱালা ছাণ্টাক্ল’জৰ বিভিন্ন প্ৰতিমূৰ্তি অথবা পুতুলাৰে বিপণীসমূহ ভৰি পৰে৷ সকলো দিশে নানাৰঙী লাইটৰ পোহৰত বিশ্ব জিলিকি উঠে৷ দিনৰ ভাগত খ্ৰীষ্টানসকলে ৰাতিপুৱা প্ৰাৰ্থনা আৰু যীশুৰ গুণ-কীৰ্তন গায়৷ সকলোৱে মিলিজুলি ভোজ-ভাত খায়৷ সকলোৱে সন্ধিয়া ঘৰত প্ৰদীপ জ্বলায়৷ বৰদিন উদ্‌যাপনৰ কিছু ইতিহাস - বৰদিনত উপহাৰ দিয়া, আনন্দ-ফূৰ্তি কৰা, ভোজ খোৱা দ্যা এনচাইক্লোপিডিয়া...
বনভোজৰবতৰআৰুআমাৰকৰ্তব্য (জ্যোতিৰ্ময়ীশৰ্ম্মা)

বনভোজৰবতৰআৰুআমাৰকৰ্তব্য (জ্যোতিৰ্ময়ীশৰ্ম্মা)

CURRENT TOPIC
সকলোৱে শীতৰ দিন কেইটাত কোমল ৰদ কাঁচলিৰ উমলৈ বতৰৰ ফল-মূল খাই সময় অতিবাহিত কৰি ভাল পায়৷ শীতকালি বায়ু অতি শীতল আৰু শুকান হৈ পৰে বাবে আমাৰ ছালখনো শুকান হৈ ফাটে বা খহটা হৈ পৰে৷ ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত পৰিমাণে ভিটামিন-চি বৰ প্ৰয়োজন হয়৷ প্ৰকৃতিয়েও আমাক শীতকালীন ভিটামিন-চি যুক্ত অজস্ৰ ফল দান দিছে৷ কমলা টেঙা বা সুমথিৰা, ৰবাব টেঙা, জলফাই, আমলখি, নেমু টেঙা, কৰদৈ টেঙা আদি শীতকালতে উপলব্ধ হয়৷  আঘোন মাহ সোমোৱাৰ লগে লগে সেউজীয়া পথাৰবোৰো লাহে লাহে সোণোৱালী হৈ সোণগুটি পূৰঠ হৈ ভৰপক হয়৷ এই ছেগতে গৃহস্তই পথাৰৰ লখিমী ঘৰলৈ আনি নচাউল মুঠি মোকলাই লয়৷ প্ৰথমে গোসাঁইৰ আগত থাপনাত আগবঢ়াই আশীৰ্বাদ লৈ পিছত আলহী অতিথিক নিমন্ত্ৰণ কৰি মাছ-মঙহৰে নানা তৰহৰ ব্যঞ্জনেৰে অপ্যায়িত কৰি নখোৱা পাতে৷ এয়াই চহা খেতিয়কৰ পৰম সংস্কৃতি৷ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে নখোৱাৰ পৰম সুখ অনুভৱ কৰে৷ জাৰ কালি অহাৰ লগে লগে বাৰিৰ চুক-কোণ চাফা ক...
নৃত্য আৰু অভিনয় জগতৰ উদীয়মান প্ৰতিভা ঃ (চিত্ৰালী দত্ত) (ঊএন. বৰগোঁহাই)

নৃত্য আৰু অভিনয় জগতৰ উদীয়মান প্ৰতিভা ঃ (চিত্ৰালী দত্ত) (ঊএন. বৰগোঁহাই)

CURRENT TOPIC
নৃত্য আৰু অভিনয় জগতৰ এটি নতুন প্ৰতিভা শিৱসাগৰৰ চিত্ৰালী দত্ত৷ ঢুলীয়াপাৰ জোনাকী নগৰ নিবাসী হৰেশ দত্ত আৰু গীতা দত্তৰ জ্যেষ্ঠ কন্যা চিত্ৰালী দত্তই পাঁচ বছৰ বয়সৰ পৰাই মঞ্চত নৃত্য আৰু অভিনয় কৰি আহিছে৷ জয়মতী, ঢোৰাসাপ, ভোজগৰা, ৰূপালীম, লভিতা, শতাব্দী, অগ্নিস্নান, কিয় এনেকৈ ভাগেনে সপোন, এনকাউণ্টাৰ, মিৰিজীয়ৰী আদি মঞ্চসফল নাটকত অভিনয় কৰাৰ উপৰিও ৰাস মহোৎসৱত দৈৱকী, যশোদা আৰু ৰাধাৰ ৰূপতো অভিনয় কৰিছে চিত্ৰালী দত্তই৷ শিৱসাগৰ ছোৱালী কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা চিত্ৰালীয়ে মিউজিক ভিডিঅ’ মন ৰাংফু, জুপিতৰা, ফাগুনৰ পছোৱা, মইনা, নাচনী নাই, তুমি দিয়া গামোছা, মন সোণালী নাঁৱত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিছে৷ চিত্ৰালীয়ে কনেং মৰমৰ, ইটো সিটো, হিয়ামণি, পাহাৰী মন, মইনা, ৰিঙা ৰিঙা মন আৰু জাংফাইত সহকাৰী নৃত্য পৰিচালক হিচাপে কাম কৰি নিজৰ দক্ষতা দেখুৱাইছে৷ তেওঁ নিজে কণ্ঠদান কৰা গীত হৈছে মৰম লাগি যায়৷ সদ্যহতে...
দেৱস্মিতা কাশ্যপৰ নতুন গীত ‘ফাগুনৰে বা’

দেৱস্মিতা কাশ্যপৰ নতুন গীত ‘ফাগুনৰে বা’

CURRENT TOPIC
দেৱস্মিতা কাশ্যপ অসমৰ সঙ্গীত জগতৰ এক উজ্জ্বল প্ৰতিভা৷ নয়ন কুমাৰ বৰ্মন আৰু সাbLনা বৈশ্য বৰ্মনৰ সুযোগ্যা কন্যা দেৱস্মিতাৰ ঘৰ গুৱাহাটীৰ পাণ্ডু সদিলাপুৰত৷ দেৱস্মিতাই প্ৰায় ৬ বছৰ বয়সৰ পৰাই সংগীতৰ সাধনা কৰি আহিছে৷ তেওঁ নিচেই কম বয়সৰ পৰাই অসমৰ বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ লগতে প্ৰাগ চেনেলযোগে সম্প্ৰচাৰিত কৰা উত্তৰ-পূবৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘‘আমাৰ ভূপেন দা- ছিজন ৬’’ৰ ৰst Runner'ব্দ up আছিল৷ উদীয়মান কণ্ঠশিল্পী দেৱস্মিতা কাশ্যপৰ প্ৰথম গান ‘‘দূৰণীৰ চৰাই জাকে’’ গীতটিৰ কথা-সুৰ আৰু সংগীত অংশুমান পল ডেকাৰ৷ তেওঁৰ নকৈ মুক্তি পাবলগীয়া গীত দুটা হ’ল ‘‘ফাগুনৰে বা’’ আৰু ‘‘অ’ কলিজা’’৷ ফাগুনৰে  বা গীতটিৰ কথা-সুৰ আৰু সংগীত জ্যোতিৰ্ময় বৰা আৰু মিক্সিং কৰিছে বিজয় ভূঞাই৷ অ’ কলিজা গীতটিত দেৱস্মিতাই ভৃগু কাশ্যপৰ সৈতে দ্বৈত কণ্ঠত কণ্ঠদান কৰিছে৷ VRANI FIML'ত্ৰ ১ বেনাৰত, বিজয় দাসৰ প্ৰযোজনাত নিৰ্মাণ হোৱা এই গীতটিত ...
শেৱালি ফুলৰ বৰ (ঊলক্ষীমা মহন্ত)

শেৱালি ফুলৰ বৰ (ঊলক্ষীমা মহন্ত)

RECIPE
উপকৰণ ঃ ৰ কাপ শেৱালি ফুল ২কাপ বেচন ২টা পিয়াঁজ ২টা কেঁচা জলকীয়া নিমখ অকণমান জলকীয়া আৰু পিয়াঁজ কাটি সকলোখিনি এটা পাত্ৰত ভালকৈ মিহলাই ল’ব৷  তাৰ পিছত কেৰাহীত তেল দি ভালকৈ গৰম হ’বলৈ দিব৷ চামুচ বা হােতৰে ভাজি ২য৩ টাকৈ ৰঙচুৱা হ’লে নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত বা আবেলি চাহৰ লগতো খাব পাৰি৷ বৰ ভাল খাবলৈ৷ গুজিয়া ২ কাপ মৈদা ৬ চামুচ ৰিফাইন তেল ৰ কাপ চেনি ৰ কাপ চুজি ৰকাপ নাৰিকলৰ গুৰি৷ প্ৰথমে ময়দাখিনি ভালকৈ মঠি ল’ব৷ চুজিখিনিও ভাল দৰে ভাজি ল’ব৷ চেনি আৰু নাৰিকলৰ গুৰিখিনি বেলেগে ভাজিব৷  ভালকৈ ভজা হ’লে চুজিৰ সৈতে পুনৰ আধাকাপ পানী দি সুন্দৰ কৈ মিহলাই ল’ব যাতে চুজিখিনি সিজে আৰু কমেও ১০ দিন ভাল হৈ থাকে৷ তাৰপিছত মঠিথোৱা ময়দাখিনি গুটি কৰি লুচিৰ আকাৰত বেলি ল’ব৷  বেলিলৈ তাৰ ভিতৰত ভাজি থোৱা সংমিশ্ৰণখিনি অলপ অলপ ভৰাই দিব৷ আৰু যতনেৰে হেঁচা দি সুন্দৰ কৈ বনাব৷ তাৰপিছত কেৰাহীত তেল গৰম কৰি ৩য৪ টাকৈ কম জ...
শৰতৰ জোনাক (ঊবিনীশা দেৱী)

শৰতৰ জোনাক (ঊবিনীশা দেৱী)

CURRENT TOPIC
যোৱা সংখ্যাৰ পিছৰ পৰা কিবা দূৰ্বলতা আছিল মই নিজেই বুজি নাপালো৷ ঘূৰি আহিছিলো মই তাৰ কাষৰ পৰা৷ বুকুৰ গহ৩১ত যেন ভূমিকম্পৰ তীব্ৰ জোকাৰণি! বাৰে বাৰে মোৰ মগজুত ঠেকা খাইছিল তাৰ নামটো-- প্ৰাচূৰ্য, প্ৰা-চূ-ৰ্য -প্ৰা-ণ ব-ৰু-ৱা! আচৰিত ধৰণেৰে সেইদিনাৰ পৰা সি মোক অনুসৰণ কৰিবলৈ বাদ দিছিল৷ কিন্তু মোৰ অনুসন্ধিৎসু মনে যেন তাকেই বিচাৰি ফুৰিছিল৷ কিন্তু তাক আৰু মই দেখা নাপালো৷ অফিচলৈ যাওঁতে সি মোলৈ অপেক্ষা কৰি থকা ঠাইডোখৰলৈ চকু যায় মোৰ, সকলোবোৰ একেই থাকে মাত্ৰ সি নাথাকে৷ শূন্যতাৰ প্ৰথম অনুভৱ উপলব্ধি হয় মোৰ হৃদয়ত৷ বুকুৰ ভিতৰত যেন তৰংগায়িত হয় সি কোৱা এষাৰ কথা--“মোক কিছুদিন সময় দিয়া এছটাব্লিছ হ’বলৈ যাতে মই নিজকে তোমাৰ বাবে যোগ্য কৰি তুলিব পাৰো৷’’ ঢৌৰ দৰে খলকনি তুলি অহা কথাষাৰ পুনৰ ঢৌৰ দৰেই বিলীন হৈ পৰে মোৰ শূন্য বুকুত৷ ইয়াৰ কিছুদিনৰ পিছতে মই এটি সেন্দূৰীয়া বাটত খোজ পেলালো৷ জীৱনে বাট লয় কেৱল অদৃশ্যজনাৰ ইচ্ছাত...

বুৰ্জ খলিফা দেশত ভ্ৰমণ (ঊনবীন গগৈ)

CURRENT TOPIC
প্ৰায় এমাহৰ আগৰে পৰা পাঙি থকা দিনটো ওচৰ পালেহি৷ পাৰ্ছপৰ্ট, ভিছা, বিদেশী মুদ্ৰা সংগ্ৰহৰ বাবে ঘূৰিবলৈ আৰম্ভ কৰিলোঁ৷ এয়াৰ টিকট দিয়া এজেন্সীটোৱে ভিছাৰো ব্যৱস্থা কৰি দিলে৷ সময়মতে আহিপৰা ভিছা এয়াৰ টিকট পাছপৰ্টলৈ পাণবজাৰত থকা এছ বি আই আঞ্চলিক মুখ্য কাৰ্যালয়ত গৈ ফৰেক্স ট্ৰেভেল কাৰ্ড সংগ্ৰহৰ লগতে বেংক সম্পৰ্কীয় যাৱতীয় কামখিনি কৰি ল’লো৷ গুাৱাহাটীৰ এটা প্ৰতিষ্ঠিত ফৰেক্স ট্ৰেডিং এজেন্সীৰ পৰা আমাৰ ভাৰতীয় টকাৰ বিপৰীতে পাব পৰা সেই দেশৰ কাৰেন্সী অলপ লৈ যোৱাৰ বাবে প্ৰায় সাজু হলো৷ মোৰ কন্যাও আমাৰ লগতে যাবলৈ বুলি নিজা কৰ্মস্থলীৰ পৰা আহি ঘৰ পালেহি৷ এণ্ড্ৰয়ড মোবাইটো ইণ্টাৰনেশ্বনেল ৰোমিং কৰি ললোঁ৷  সেইদিনা আছিল বুধবাৰ৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আমাৰ বিমানখনৰ উৰণৰ সময় আছিল পুৱা ৬ ঃ০৫ বজা৷ বিমান পৰিবহণৰ নতুন নিৰ্দেশনাৱলী মতে বিমানযাত্ৰী বিমান বন্দৰত উৰণ সময়ৰ...
“এখন নেদেখা নদীৰ সিপাৰে’’ (ঊমঞ্জু মেচ)

“এখন নেদেখা নদীৰ সিপাৰে’’ (ঊমঞ্জু মেচ)

SERIES STORY
ছেপ্টেম্বৰ মাহৰ সংখ্যাৰ পিছৰ পৰা.. পৃথিৱীৰ প্ৰতিটো জীৱৰ জীৱনেই এক মায়াময় খেল৷ জীৱন নদীৰ পাৰে পাৰে ক’ত কিমান যে ঘাত-প্ৰতিঘাত! হয়তো সেইবাবেই জীৱনৰ কত সময়ত জীৱ শ্ৰেষ্ঠ মানুহো পিছলি পৰে৷ অশেষ কষ্টৰে পুনৰ থিয় হয়৷ এই ধুনীয়া পৃথিৱীখনৰ পাৰ ভাঙি মানুহ সহজেই কলৈকো যাব নোৱাৰে৷ কিয়নো; মানুহ আশাবাদী৷ বহু আশা-আকাংক্ষা আৰু সপোনৰ প্ৰহেলিকাত বান্ধখাই মানুহ জীয়াই থাকে বা জীয়াই থাকিবলৈ বাধ্য হয়৷ তদুপৰি পৃথিৱীয়েও নিবিচাৰে পৃথিৱীৰ বুকু সুদা কৰি মানুহ কোনো অজান পৃথিৱীলৈ গুছি যাওক৷ মানুহ অবিহনে এই ধুনীয়া পৃথিৱীখন যে অপূৰ্ণ৷ ভাবি পাৰ নোপোৱা বহু কথাই মানকীৰ হৃদয়ত দোলা দি থাকে৷ মানকীৰ জীৱনৰ ওপৰেদিও পাৰ হৈ গৈছে নিজান পৃথিৱীৰ অমাৱস্যাই বৰণহীন কৰা ক’লা গোলাপৰ দৰে ৰাতি৷ মুক্ত মনৰ মানকীয়ে কুটিলতা কি চিনি নাপাইছিল৷ বিয়াৰ পাছত ৰাজীৱৰ পৰিয়ালত যি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ এসময়ত মানকীয়ে বৰ...
প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ (ড॰ গৌৰহৰি দাস)(নিৰ্মালি মহন্ত)

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ (ড॰ গৌৰহৰি দাস)(নিৰ্মালি মহন্ত)

STORY
যোৱা সংখ্যাৰ পিছৰ পৰা ভিতৰলৈ গৈ হাত-ভৰি ধুই, কাপোৰ সলাই বাবাজী ওলাই আহিল৷ এহাতে চোঁৱৰ আৰু আনখন হাতত ঠাল এখনত জলাবলৈ কপূৰ্ৰ এডোখৰ৷ কপূৰ্ৰডোখৰ জলাই এইবাৰ বাবাজীয়ে আৰতি বন্দনা আৰম্ভ কৰিলে৷ মুহূৰ্তৰ ভিতৰতে ঠাইডোখৰ কপূৰ্ৰৰ গোন্ধত আমোলমোলাই উঠিল৷ আৰতি শেষ হোৱাৰ পিছত ঠালখন আনি ইন্দ্ৰমণিৰ সমুখত দাঙি ধৰাত, ইন্দ্ৰমণিয়েও আৰতিৰ ওপৰত হাত দুখন বুলাই আনি সেই তাপ নিজৰ মুখ মণ্ডলত ল’লে৷ ক’ব নোৱাৰাকৈয়ে তাৰো কিবা এটা ভাল লাগি আহিছিল৷ এইবাৰ অৰ্জুন বাবাজীয়ে কঠ এখন পাৰি, হাৰ্মোনিয়ামটো সমুখত লৈ বহিল, আৰু মৃদংগটো ইন্দ্ৰমণিৰ ফালে আগুৱাই দি ক’লে, “আগে নিজৰ মনটোক শান্ত কৰা ইন্দ্ৰ, তেতিয়াহে বাট বিচাৰি পাবা৷ সকলো সমস্যা সমাধানৰ এক নিৰ্দিষ্ট সময়ত হে হয়৷ লোৱা, মৃদং বজোৱা৷ তুমিতো এজন কলাকাৰ মানুহ, নি(য় ভালেই বজাবা৷” ইন্দ্ৰমণিয়ে মৃদংগ তুলি ল’লে৷ অৰ্জুন বাবাজীয়ে বনমালী ভজন আৰম্ভ কৰিলে৷ “হে প্ৰভু তোমাৰ মহিমা অপাৰ একমা...
লাউপাৰাস্থিত মূল শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ ভকতসকলৰ জীৱনী কোষ (ঊধাৰেশ্বৰ পাল দাস)

লাউপাৰাস্থিত মূল শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ ভকতসকলৰ জীৱনী কোষ (ঊধাৰেশ্বৰ পাল দাস)

CURRENT TOPIC
যোৱা সংখ্যাৰ পিছৰ পৰা... ৬৷  ঁ নবীন মহন্ত ঃ  এওঁৰ পুৰণি বাসস্থান আছিল বঢ়িগাঁৱত৷ লুইতৰ খহনীয়াত স্থানান্তৰিত হৈ বৰ্তমান মুকালমুৱাত স্থায়ীভাৱে বসতি কৰি আছে৷ ভকত  ঁবংশী পাল দাসৰ স্বাস্থ্যৰ অৱনতি ঘটাত, তেতিয়াৰ শ্যামৰায় সত্ৰ পৰিচালনা সমিতিয়ে এওঁক সত্ৰত প্ৰসঙ্গ কৰাৰ দায়িত্ব দিয়ে৷ এওঁ ৰাতিপুৱা আৰু গধুলি ৰ’দ-বৰষুণ নেওচি ৩য৪ কিলোমিটাৰ খোজকাঢ়ি আহি সত্ৰত প্ৰসঙ্গ কৰিছিল৷ প্ৰায় ১৯৭৪য৭৫ চনত এওঁ মহন্তৰ ভাৰ লয়৷ তেতিয়াৰ পৰা দামোদৰি পন্থাৰ কাৰ্যপ্ৰণালী যেনে– ভকত সেৱা, কৰণী সেৱা, মেৰু কৰণী সেৱা কাৰ্যবোৰ, বৰক্ষেত্ৰী অঞ্চলৰ লগতে নলবাৰী জিলা আৰু কামৰূপ জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰি মানুহৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷ এওঁ যিকোনো শাস্ত্ৰজ্ঞানৰ পণ্ডিত বুলি ক’লেও বঢ়াই কোৱা নহয়৷ এওঁ এজন আদৰ্শ খেতিয়কৰ লগতে বাঁহ-বেতৰ নিপুণ শিল্পী আছিল৷ বৰক্ষেত্ৰী দেব দামোদৰ সংঘৰ প্ৰাণ প্ৰতিষ্ঠা কালৰ পৰা, এওঁৰ মৃত...