
প্ৰিয়জন (ঊনয়নী বৰগোহাঁই)
ৰাতি পুৱাৰ প্ৰথম ফ্লাইটখনতে আকাশ আহিছে৷ দিল্লীৰ পৰা কলকাতালৈ অহা যাত্ৰাটোৱেই আকাশৰ বাবে আটাইতকৈ ভাল লগা যাত্ৰা৷ কলকাতা মানেই আকৃতি৷ কলকাতাখন ভাল লগাৰ কাৰণেই হ’ল আকৃতি অথবা ক’ব পাৰি আকৃতি আছে বাবেই কলকাতাখন তাৰ প্ৰিয়৷ এয়াৰপৰ্টৰ পৰা ওলাই আনদিনাৰ দৰেই আকাশে হালধীয়া টেক্সি এখনত বালিগড় অভিমুখে আগবাঢ়িল৷ অক্টোবৰ মাহ৷ গৰমৰ প্ৰকোপ কমিছে৷ দিল্লীত হোৱা হ’লে এয়াৰ কণ্ডিচন নথকা গাড়ীত ভুলতো নবহে৷ কলকাতাত আকাশে বহুত কিবা কিবি কৰিব পাৰে৷ দুটা মাহৰ শেষত এটা সপ্তাহ সি কলকাতাত জীয়াই যাবলৈ আহে৷ যান্ত্ৰিকভাৱে চলি থকা জীৱনটোত কলকাতাৰ সাতটা দিন তাৰ বাবে উন্মাদনা৷ আৰু আকৃতি! প্ৰেম নহয় তাৰ, বুকুৰ মাজত সাৱটি ধৰি নিজক হেৰুৱাই দিব পৰাকৈ তাই আকাশৰ কোনো নহয়৷ আকৃতি আকাশৰ কোনো নহয় অথচ তাইক বহুদিন নেদেখিলে আকাশ ভাগৰি যায়৷ নিজৰ নহয় কিন্তু আপোনতকৈও আপোন আকৃতি৷ পৃথিৱীৰ আটাইতকৈ পবিত্ৰ প্ৰাৰ্থনাটোৱেই হ’ল ভালপোৱা৷ সেয়া আত...