প্ৰসিদ্ধউৰিয়াউপন্যাসৰমুকলিঅনুবাদ (ড॰ গৌৰহৰি দাস) (নিৰ্মালি মহন্ত)
যোৱা সংখ্যাৰ পিছৰ পৰা......
কিছু সময় কথা পতাৰ পিছত লাহেকৈ ৰমাকান্ত যাবলৈ ওলাল৷ লগত নিশিগন্ধা, মালতীও৷ নিশিগন্ধাক ইয়াৰ পৰা নি অহল্যা বাইটিৰ ঘৰত থ’বগৈ লাগিব৷
আজিৰ দিনটোৰ আখৰাও শেষ হৈ আহিছিল৷ ঢোল, মৃদং, হাৰ্মনিয়াম এইসকলোবোৰ বাদ্যযন্ত্ৰ সামৰি -সুতৰি ল’ৰা-ছোৱালীবোৰে গঙ্গাধৰ মাষ্টৰৰ ভৰি চুই গুৰু প্ৰণাম কৰি এটা এটাকৈ ওলাই গৈছিল৷
সময় ৰাতি প্ৰায় দহ হ’বৰ হৈছিল৷
ইন্দ্ৰমণিয়ে সুধিলে, “আপুনি ইয়াতে থাকিবনে ঘৰলৈ যাব? মোৰ পঞ্চায়তৰ সভাপতিৰ ঘৰলৈ অলপ যাব লগা আছে৷”
ঃ বাসন্তীক বুজোৱাৰ দায়িত্ব কিন্তু তোৰ৷ মই তাইক ক’ব নোৱাৰিম৷ মুখখন বৰ চোকা তাইৰ৷ গুৰু গোসাঁই একেবাৰে নমনা ছোৱালী সেইজনী৷
ঃ কিয়? আপোনাক কিবা কৈছিল নেকি তাই? –ইন্দ্ৰমণিয়ে মাষ্টৰক সুধিলে৷
ঃ নাই, মুখৰ আগত এতিয়ালৈকে একো কোৱা নাই৷ বাদ দে সেইবোৰ এতিয়া৷ পিচে এই ৰাতিখন সভাপতিৰ ঘৰলৈনো কিয় যাৱ? আৰু এটা কথা, পইচা পাৰিলে অলপ যোগাৰ কৰিবি৷ দুদিনমান দেৰি হ...