Arup Kakoti – Page 36 – Purbodix.com

Author: Arup Kakoti

শাৰদীয়দুৰ্গোৎসৱআহিল (কৰবীবৰ্মনকলিতা)

শাৰদীয়দুৰ্গোৎসৱআহিল (কৰবীবৰ্মনকলিতা)

FESTIVAL
শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱ আহিল৷  শৰৎ ঋতুক আঁকোৱালি ললে প্ৰকৃতিয়ে, চৌদিশে শৰতৰ শেৱালিৰ অথবা বকুল ফুলৰ গোন্ধ, নিয়ৰৰ দুৱৰি দলিছাখন ৰ’দৰ পোহৰত চিকমিকাব ধৰিছে নিয়ৰৰ টোপালবোৰে৷ নৈ দাঁতিকাষৰীয়া নতুবা চৰ-চাপৰিত গজি উঠা কহুৱা, বন-বিৰিণাবোৰে আকাশলৈ চাই হাঁহি বিৰিঙাব ধৰিছে, উলাহত বতাহত হালি-জালি নাচি পৰিছে৷ পথাৰত গজি অহা ধাননি দৰা যৌৱন প্ৰাপ্তি হৈ ওফন্দি আহিছে৷ শৰৎ মুখী পক্ষীকুল দুৰ দুৰণিৰ পৰা আহি সৌন্দৰ্য বৰ্দ্ধন কৰি তুলিছে বিল অথবা হাবি-বননিত, শৰৎত ফুলা বিভিন্ন ৰঙী ফুলবোৰে যেন জিপাল কৰি তুলিছে চৌপাশে, এক উছৱ মুখৰ পৰিৱেশ৷ দুৰ্গাপূজা বুলি ক’লে সাধাৰণতে জেলেপীৰ কথা, পিষ্টল আৰু পুতুলাৰ কথা মনলৈ আহে ৷ মন শৈশৱলৈ উৰা মাৰে৷ বৰ্তমান মানুহে কিন্তু বেছিকৈ জাক-জমকতাকহে বেছি প্ৰাধান্য দিয়া দেখা যায়৷ কোনটো পূজা মণ্ডপ কিমান ডাঙৰ অথবা কি ডিজাইন দিয়ে ইত্যাদি কথাবোৰত গুৰুত্ব আৰোপ কৰে৷ আজি-কালি ডাঙৰ ডাঙৰ মণ্ডপ...
বিট গাজৰ পালেং দি বনোৱা ৰোল (সংগীতা ডেকা)

বিট গাজৰ পালেং দি বনোৱা ৰোল (সংগীতা ডেকা)

RECIPE
উপকৰণ ঃ ৰ৷) মজলীয়া আকাৰৰ বিট দুটা৷ ২৷ মজলীয়া আাকাৰৰ গাজৰ দুটা ৩৷পালেং পাত পোন্ধৰখন ৪৷ ঘি দুই চামুচ প্ত৷ চেনি ছয় চাহচামুচ ৬৷ ইলাচী গুৰি আধা চামুচ জ্জ৷ নাৰিকলৰ শুকান গুৰি তিনি কাপ জ্জ্ব৷ পাউদাৰ গাখীৰ ডেৰকাপ জ্ঝ৷ গাখীৰ ডেৰকাপ ১০৷ ড্ৰাই ম্ফ্ৰুইটচ আৰু টুটিফুটি অলপ প্ৰণালী ঃ প্ৰথমে বিট দুটাৰ বাকলি এৰুৱাই পিহনাত পিহি ললোঁ৷ ননষ্টিক পেন এখনত ঘি আধা চাহ চামুচ দি পিহি লোৱা বিটখিনি দি কম জুইত লৰাই লৰাই ভাজিলোঁ৷ পানী শুকাই ভালদৰে ভজা গলত তাত নাৰিকলৰ শুকান গুৰি একাপ দি লৰাই লৈ গাখীৰ আধা কাপ দি লৰাই লৈ পাউদাৰ গাখীৰ আধা কাপ আৰু চেনি দুচামুচ দি লৰাই থাকিলোঁ৷ যেতিয়া গোটেইখিনি মিলি কেৰাহী এৰি এটা দ’ৰ দৰে হ’ব, তেতিয়া নমাই অলপ ঠাণ্ডা হ’ব দিলোঁ৷ ঠিক তেনেদৰেই মই গাজৰ খিনিও বাকলি গুচাই ধুই পিহনাত পিহি লৈছোঁ৷ এতিয়া গেছত ননষ্টিক পেন এখন গৰম কৰি ঘি আধা চাহ চামুচ দি গাজৰখিনি দি ভালদৰে লৰাই লৰাই, মধ্যমী...
ফাগুনে মায়া জালে (বিনু শৰ্মা)

ফাগুনে মায়া জালে (বিনু শৰ্মা)

FESTIVAL
ফাগুন মানেই এজাক উতনুৱা পছোৱাই অনা দুৰন্ত গতিৰ পছোৱা বতাহ৷ বৈচিত্ৰ্যময় ফাগুনৰ কত যে কথা- পছোৱা হৈ পৃথিৱীক বুৰাই পেলোৱাই ফাগুনৰ স্বভাৱ৷ ফাগুন মানেই পলাশ-শিমলুৰ ৰঙাকৈ ফুলি উঠা অঘোষিত প্ৰতিযোগিতা, হেমন্তৰ হালধীয়াত নাচি বাগি সৰাপাত উৰুৱাই উদং পথাৰ, লঠঙা বিৰিখ, হাবি-বননি সকলোৰে বুকুত ফাগুনেই ধুলিৰ আবিৰ সানি ফাগুনী মলয়াজাকে পাহৰি পেলায় নিজৰ ঠিকনা, নামানে কোনো নিৰ্দেশ-নাই কোনো নিয়মৰ কথা৷ এক অহংকাৰী, ভাৱৰ খেয়ালী মনৰ৷ সৰাপাতৰ বুকুত ফাগুনৰ খচ্‌মচনিত ৰুনুজুনু নুপুৰ বাজে৷ খোলা খিৰিকীৰ শুকান পাতৰ বুকুত প্ৰেমৰ ছবি আঁকি চিঠি বিলায় আৰু তাতেই থাকে ফাগুনৰ অলেখ বতৰা-জনা-নজনা ভাষাৰেই ফাগুনেই কৈ উঠে... ‘শুকান পাতৰ চিঠি খিৰিকীৰে ময়েই বিলাওঁয শুকান পাতত থকা খবৰৰ কথা মাথোঁয মোকো নুসুধিবা...৷ (নৱকান্ত বৰুৱা) সঁচাকৈয়ে ফাগুন বৰ খেয়ালী মনৰ, কোনোৱে যদি ফাগুনক অনুভৱ কৰিব খোজে বিষন্নতাৰ দস্তাবেজৰূপে, আকৌ কোনোৱে ফা...
শূন্য মুদ্ৰা (প্ৰীতিশা গোস্বামী)

শূন্য মুদ্ৰা (প্ৰীতিশা গোস্বামী)

CURRENT TOPIC
যোগ বা Yogaত দুবিধ মুদ্ৰাৰ কথা উল্লেখ আছে– শাৰীৰিক মুদ্ৰা আৰু হস্ত মুদ্ৰা৷ শাৰীৰিক মুদ্ৰা হ’ল যোগাসন, প্ৰাণায়াম আদি আৰু হস্ত মুদ্ৰাত হাতেৰে কৰা মুদ্ৰা অন্তৰ্গত৷ এই হস্তমুদ্ৰাবোৰৰ ভিতৰৰে এটা হ’ল শূণ্য মুদ্ৰা৷ শূণ্য মুদ্ৰাক  ‘‘Heaven’’ বুলিও কোৱা হয়৷ এই মুদ্ৰাত শূন্যৰ অৰ্থ হৈছে আকাশ৷ দৰাচলতে এই মুদ্ৰা কৰিলে এনেকুৱা অনুভৱ হয় যেন কৰোঁতাজন কোনো বেলেগ পৃথিৱীত আছে৷ ভবা হয় যে অন্তৰীক্ষ গোটেই দুনিয়াতে আছে আৰু ই আমাৰ প্ৰত্যেক কোষিকাত আছে৷ শৰীৰত আকাশ তত্ত্ব প্ৰয়োজনতকৈ বেছি হ’লে শৰীৰত বিভিন্ন সমস্যা আৰু বিভিন্ন প্ৰকাৰৰ বেমাৰৰ কাৰক হয়৷ যেনে- হৃদয় শক্তি কমি যোৱা, কাণৰ সমস্যা, মূৰৰ বিষ বা মূৰ ঘুৰো¸ৱা ইত্যাদি৷ এই মুদ্ৰাই আকাশ তত্বৰ বেছি হোৱাৰ ফলত হোৱা সমস্যা দূৰ কৰে৷ এই মুদ্ৰাৰ নিয়মিত অভ্যাসে স্বাস্থ্যৰ বহুতো উপকাৰ সাধন কৰে৷ এই মুদ্ৰাই বাত আৰু পিত্ত ৰোগ দূৰ কৰাত সহায় কৰে৷ ই মনলৈ অহা ধনাত্মক (Nega...
হেৰোৱা দিনৰ সুবাস (পপী চহৰীয়া)

হেৰোৱা দিনৰ সুবাস (পপী চহৰীয়া)

CURRENT TOPIC
আজি ৰবিবাৰ৷ চৰকাৰী চাকৰিয়ালবোৰৰ বাবে আজি বন্ধৰ দিন৷ বন্ধৰ দিনটোত চৰকাৰী চাকৰিয়ালবোৰে প্ৰায়ে ঘৰতে থাকি ইটো-সিটো কৰি থাকে৷ দিনটো কৰ্মব্যস্ততাৰ মাজেৰে অতিবাহিত কৰি প্ৰায় ৩ বজাত বৰুৱাই ভৰি-হাত ধুই আৰামী চকীখনত বহিলগৈ৷ লগে লগে বৰুৱাৰ জীয়েকে চাহ একাপ দিলেহি৷ চাহকাপৰ পৰা ওলোৱা তেজপাতৰ ধুনীয়া গোন্ধটো ভাহি আহিল৷ বৰুৱাই চাহকাপ হাতত লৈ খাবলৈ ধৰিলে৷ এইবাৰ বৰুৱা আৰামী চকীখনৰ পৰা উঠিল আৰু প্ৰতিদিনে যোৱা দোকানখনলৈ বুলি ওলাই গ’ল৷ গৈয়ে তেওঁ দোকানৰ সন্মুখত থকা বেঞ্চখনত বহিল৷ দোকানখনত কিবা নতুন বস্তু যোগ হৈছে নেকি বৰুৱাই এফালৰ পৰা চকু ফুৰালে যদিও কোনো নতুন বস্তু সংযোগ হোৱা নাই৷ বৰুৱাৰ লগত দোকানীজনৰ বিশেষ চিনাকি নাই তথাপিও বৰুৱাই দোকানীজনক বৰ ভাল পায়৷ দোকানীজনো বৰ অমায়িক ভদ্ৰ যুৱক৷ যুৱকজনে জীয়াই থকাৰ তাড়নাত সৰু ঘূমটিতো ভাড়াতলৈ দোকানখন দিছে৷ : বাবু পইচা দিয়ক৷ ভিক্ষাৰীজনৰ কথাতহে বৰুৱাই স্বম্ভিত ঘূৰাই পালে৷...

বিশেষ দিনৰ বিশেষ কথা (সংহিতা ভট্টাচাৰ্য)

CURRENT TOPIC
তাহানিৰ সেই স্কুলৰ দিনৰে কথা৷ ক্লাছ টেইনত স্কুলৰ পৰা আহি থাকোঁতে দেখা পাইছিলোঁ ল’ৰাটোক৷ দোকান এখনত ৰৈ থাকে৷ চাওঁ নাচাওকৈ চাওঁ সেইফালে৷ চকুৱে চকুৱে পৰিলেই আঁতৰাই আনো চকু৷ লগৰবোৰক কওঁ দেখিবলৈ মন নাযায় অলপো৷ চাচোন কেনেকৈ ৰৈ থাকে সদায় সেই দোকানখনত৷ কাম-বন নাই আৰু৷ মিছা খং আছিল সেইয়া৷ চকুযুৰি কিন্তু বাৰে বাৰে দোকানখনলৈ যায়৷ ৰৈ আছে নে আজিও?  মনে দেখোন ৰৈ থকাটো বিচাৰে৷ জীৱনত কিমান যে তেনেকুৱা কাহিনী৷  এবাৰ তেনেকৈয়ে পিছে পিছে আহি ঘৰৰ গেটৰ ওচৰতে হাতৰ মুঠিত কাগজ এখন দি চাইকেলখন লৈ গুচি গৈছিল তলকিবই পৰা নাছিলোঁ মই৷ কোনোবাই দেখিছে বুলি কাগজখন দলিয়াই দি ঘৰৰ ভিতৰ পাইছিলোঁহি৷ আৰু পিছমুহূৰ্ততে আহি বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ৷ জীৱনৰ প্ৰথম চিঠি আছিল সেইখন৷ প্ৰথম প্ৰেমৰ চিঠি৷ কিমান যে ভাল লাগিছিল পঢ়ি৷ এটা এটা আখৰ মনৰ ভিতৰত সোমাই গৈছিল৷ কিমান আবেগেৰে লিখা চিঠি আছিল সেইখন৷ কোনোবাই সমস্ত আবে...

অবাঞ্চিত (জ্যোতিকা ৰাজখোৱা বৰা)

POEM
মই যিদিনা আইৰ গৰ্ভত থিতাপি লৈছিলোঁ কিবা এক অজান আশংকাত বুকু দুৰু দুৰু কঁপিছিল মোৰ আইৰ,   ষড়যন্ত্ৰ চলিছিল এটি নিষ্পাপ প্ৰাণৰ আগমনত বাধা ঘটোৱাৰ, মোহাৰি পেলাব খুজিছিল এটি কলি,   কিন্তু, ঈশ্বৰ সুপ্ৰসন্ন থাকিলে পাৰে জানো কোনো মনুষ্যই অনিষ্ট কৰিব ঈশ্বৰ সন্তানক? সেয়েহে মই আজিও অক্ষত৷   মই যিদিনা ভূমিষ্ঠ হৈছিলোঁ আইৰ ঘৰত, চৌদিশে ৰো-ৰোৱাই উঠিছিল এটি বাক্যই, ’ছোৱালী এজনী হ’ল ’ চিৰপৰিচিত এটি উপেক্ষিত বাক্য, মই হ’লো আই-বোপাইৰ অবাঞ্চিত সন্তান, সেয়েহে জন্মৰেপৰাই মই অৱহেলিত, অনাদৃত৷   মোৰ জন্মত হয়তো আইৰ বক্ষইদি অমৃত বৈছিল কিন্তু সেই অমৃতত নাছিল আইৰ আন্তৰিকতা৷ নাপালো কোনোদিন আইৰ উমাল নিৰাপত্তা, মৰমৰ সাহচৰ্য, সেয়ে কিজানি মোৰ বাবেও হৈ পৰিল আই উপেক্ষিতা৷ কোনোদিন নুশুনিলোঁ আইৰ মুখেদি সেই চিৰকাংক্ষিত বাক্যটি “মাজনী, তোৰ কাষত...
প্ৰেম গুৰুৰ সমিধান (তন্দ্ৰালি মু২৬১্না)

প্ৰেম গুৰুৰ সমিধান (তন্দ্ৰালি মু২৬১্না)

CURRENT TOPIC
vঃ           মই দশম শ্ৰেণীত পঢ়ো, নৱম শ্ৰেণীৰ পৰাই মোতকৈ পাঁচ বছৰ ডাঙৰ ল’ৰাৰ সৈতে প্ৰেমত পৰিলোঁ৷ তেওঁ মোৰ স’তে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰে৷ মই মান্তি নোহোৱাত সম্পৰ্ক ছেদ কৰাৰ কথা কয়৷ তাৰ মানে তেওঁ মোৰ মনটোক ভাল পায় নে শৰীৰটোক? মাৰিয়া বেগম (বৰপেটা) I              চোৱা, ভালপোৱা দুজন মানুহৰ মাজত শৰীৰৰ আকৰ্ষণ এটা থাকে৷ স্পৰ্শত মধুৰতা থাকিলে দুয়োপক্ষৰ সন্মতিত সম্পৰ্ক আগুৱাই যায়৷ কিন্তু তুমি কোৱা কথাৰ ভিত্তিত মই ক’ব খোজোঁ তেখেতে যদি শাৰীৰিক সম্পৰ্ক নকৰা বাবেই সম্পৰ্ক নোহোৱা কৰিব খোজে তেন্তে তেখেত অলপো ভাল মানুহ নহয়৷ চাৰিত্ৰিক খুঁত থকা মানুহৰ পৰা আঁতৰি অহাটোৱেই ভাল৷ বহুতো প্ৰেম স্বাৰ্থজনিত৷ বিয়াৰ পাছত কষ্ট পোৱাতকৈ বিয়া হোৱাৰ আগতেই সু-সিদ্ধান্ত লোৱা ভাল৷ ঃ   &n...
ফাগুনৰ আচলত ফাঁকুৱা উৎসৱ (কৰৱী বৰ্মন কলিতা)

ফাগুনৰ আচলত ফাঁকুৱা উৎসৱ (কৰৱী বৰ্মন কলিতা)

FESTIVAL
ফাগুনৰো আছে নিজস্ব একোটি স্বভাৱ৷ ফাগুনে যদিও মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে গধুৰ কৰে, নতুবা ফাগুনৰ উতলা বাঁ লাগি কোনোবা চঞ্চলো হয়৷ তথাপি ফাগুনৰ বুকুতে লুকাই থাকে জীৱনৰ বতৰা, বহাগৰ বতৰা, বসন্তৰ আগমনৰ বতৰা৷ ফাগুনৰ আঁচলতে ধৰি নামি আহে ফাঁকুৱা বা ৰঙৰ উৎসৱ৷ এই উৎসৱ সমূহেই হ’ল আমাৰ প্ৰাণ৷ হোলী বা ফাঁকুৱা ৰঙৰ উৎসৱ৷ বসন্তকালীন এই উৎসৱ অতি মাদকতাময়৷ প্ৰকৃতিৰ উন্মনা পৰিৱেশত ফাগুনে ছটিয়াই দিয়া নানান ৰঙৰ ফুলৰ সমাৱেশত হোলী বা ফাকুৱাই মানুহক উতলা কৰে৷ কিন্তু এই উতলা উৎসৱৰ মাজত আছে প্ৰকৃতি আৰু পৰিৱেশ চেতনা৷ হোলী বা ফাঁকুৱাত মূল কাৰ্যসূচী হৈছে ৰং খেলা৷ দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ৷ এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায়৷ এই উৎসৱক হোলী, ফাঁকুৱা, ফল্গু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভি...

শব্দ (পিংকী বৰা)

CURRENT TOPIC
শব্দ, শব্দতেই প্ৰতিবিম্ব হয় গতিশীল সময়ৰ ছাঁ৷ শব্দই কঢ়িয়াই আনে আনন্দৰ সমাহাৰ, সাফল্যৰ বতৰা আৰু হতভগীয়া বুকুৰ খবৰ৷ শব্দত প্ৰাণ পাই উঠে একো একোটা কবিতা৷ হয়তো কাৰোবাৰ হৃদয়ৰ বতৰা, উজাগৰী নিশাৰ বিষাদ, এই সকলোবোৰ শব্দ দ্বাৰাই প্ৰকাশ কৰা সম্ভৱ৷ নানা ঘাত-প্ৰতিঘাত, দুখ-সুখ, সফলতা-বিফলতা আদিৰ লগতে পোৱা-নোপোৱাৰ হিচাপ নিকাচেৰে পূৰ্ণ হৈ থাকে, এই ক্ষণস্থায়ী মানৱী জীৱন৷ ‘Life is a game and is full of strugle’ জীৱন হ’ল সংঘাতৰ স্থল৷ য’ৰ পৰা আৰম্ভ হয় সফলতা-বিফলতাৰ এক চৰম সত্যৰ আধাৰ৷ জীৱন ৰহস্যময়৷ এই ৰহস্যময় জীৱনত বিচিত্ৰতাৰ অংশ উদ্‌যাপন কৰিব লাগিব৷ জীৱন বাটত সফলতা লাভ কৰিবলৈ হ’লে লাগিব আত্মবিশ্বাস, কৰ্মসহিষ্ণুতা, কৰ্মোদ্যম, পৰিশ্ৰমী, সময়ানুৱৰ্তিতা, সত্যৰ ওপৰত বিশ্বাস আৰু মানুহ হৈ মানুহৰ মাজত থাকিব পৰাৰ প্ৰৱণতা৷ জীৱন হ’ল এটা বৃত্ত, মৃত্যু যাৰ শেষ সীমা৷ মৃত্যুও এটা চৰম সত্য জীৱনৰ৷ যিদৰে দুখৰ অবিহনে সুখ মাদক...