
গল্প – প্ৰেমৰ ঘৰ (ৰাস্না পালক)
: হেৰা...
: বোলো শুনিছানে?
এবাৰ দুবাৰ নহয় কেইবাবাৰো মাতিও পৰিবাৰৰ মাত নাপাই দিবাকৰ বৰুৱা ভিতৰ পালেগৈ৷ শোৱনি কোঠা, আলহী চ’ৰা আনকি পাকঘৰতো নাপাই মানুহজনে খৰধৰকৈ গাধোৱা ঘৰতো ভূমুকিয়ালেগৈ৷ দুদিনমানৰ পৰা বৰুৱাৰ পৰিবাৰ ভানুপ্ৰিয়াৰ ভৰিত বিষ এটাই লগ দিছে৷ যদি কেনেবাকৈ পিচলিছে! কথাটো মনলৈ অহাৰ লগে লগে প্ৰায় দৌৰি যোৱাদি বৰুৱা গাধোৱা ঘৰ পালেগৈ৷ অহ্ ক’লৈ গ’ল মানুহজনী? নাই যে নাই পায়খানা ঘৰতো নাই৷ তৎপৰতাৰে ফোনটো অফিচলৈ ওলাই যোৱা একমাত্ৰ পুত্ৰকে লগালে৷
: বাবা ...মাৰা ঘৰত নাই৷
: ....
: অ নাই অ....সকলোতে চাইছো মই৷
:
: তই আহচোন...বেগেতে..
: ...
: কাক বেগেতে অহাৰ কথা কৈছে হয়নে?
ঘূৰি চাই পৰিবাৰক দেখি উশাহ যেন ঘূৰি আহে বৰুৱাৰ৷
: অ বাবা...মাৰা আহিল...তুমি কলৈ গৈছিলা? গোটেইখন বিচাৰি ফুৰিছো মই৷ মাত এষাৰটো দি যোৱা৷ জানানে কিমান চিন্তা হৈ গৈছিল মোৰ৷ বাবা তোমাক বিচাৰি যাবলৈকে অফিচৰপৰা আহিব খুজি...