Arup Kakoti – Page 50 – Purbodix.com

Author: Arup Kakoti

নখৰ যতন  (পৰী বৰা)

নখৰ যতন (পৰী বৰা)

CURRENT TOPIC, HEALTH
ৰ৷  অলপ কুহুমিয়া গৰম পানীত নিমখ অলপ দি নখকেইটা পানীখিনিত কিছুসময় ডুবাই ৰাখিব লাগে৷ নখকেইটা অলপ কোমল হোৱাৰ পাছত পুৰণা টুথব্ৰাছ এডালেৰে ঘঁহি চাফা কৰি ভাল পানীৰে ধুই নেমু নাইবা বগা কলগেটেৰে ঘঁহি ঘঁহি ধুই ভাল পানীৰে ধুই পেলাব লাগে৷২৷  অলপ কুহুমিয়া গৰম পানীত হাইড্ৰজেন পেৰ’স্কাইডৰ ৫ টোপাল, গোলাপ জল ৬ টোপাল, গ্লিচাৰিণ, ৫ টোপাল আৰু চেম্পু ২ টোপাল দি নখকেইটা কিছু সময় তিয়াই ৰাখিব লাগে৷ তাৰপাছত নেইল ব্ৰাছেৰে ভালদৰে পৰিস্কাৰ কৰি ভাল পানীৰে ধুই পাছত মইশ্বৰাইজাৰ লগাব লাগে৷হাইড্ৰজেন পেৰ’ক্সাইড লগোৱাৰ ফলত নখত থকা লেতেৰাবোৰ ওলাই যাব, নখৰ বেমাৰ দূৰ হ’ব আৰু নখবোৰ ভগাৰ পৰা বচাব পাৰিব৷ ৩৷  নখত চিৰাম লগোৱাটো খুবেই জৰুৰী৷ চিৰামে নখবোৰ মজবুত কৰি তোলে আৰু সোনকালে দীঘল হোৱাত সহায় কৰে৷ঘৰতে কিদৰে চিৰাম প্ৰস্তুত কৰিব পাৰি৷ এক চামুচ নাৰিকল তেল, এক চামুচ অলিভ অইল আৰু এটা ড্ৰ vitamin ...
স্মৰণীয় চলচ্চিত্ৰ ‘দি বাৰ্থ অৱ এ নেছন’ (১৯১৫) – ড॰ ছালিম আলি আহমেদ

স্মৰণীয় চলচ্চিত্ৰ ‘দি বাৰ্থ অৱ এ নেছন’ (১৯১৫) – ড॰ ছালিম আলি আহমেদ

CINEMA
যোৱা সংখ্যাৰ পিছৰ পৰা...এচামে আফ্ৰিকীয়সকলৰ মুক্তিক সমৰ্থন কৰাৰ বিপৰীতে আনচামে তাৰ বিৰোধিতা কৰিছিল৷ চলচ্চিত্ৰখনত বৰ্ণনা কৰা অনুসৰি এই গৃহযুদ্ধই কৰ্ণেল বেন কেমেৰুণ আৰু কংগ্ৰেছমেন আষ্টিন ষ্টনমেনৰ মাজৰ দীৰ্ঘ পাৰিবাৰিক বন্ধুত্বৰ অৱসান ঘটাইছে৷ কৰ্ণেল কেমেৰুণে আফ্ৰিকীয়সকলৰ মুক্তিক বিৰোধিতা কৰিছিল আৰু ষ্টনমেনে তেওঁলোকৰ সমৰ্থনত থিয় দিছিল৷ গৃহযুদ্ধৰ সময়ত তেওঁলোকৰ দুয়োটা পৰিয়ালেই  ব্যাপক ক্ষয়ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়৷ আনহাতে গৃহযুদ্ধৰ শেষত আফ্ৰিকীয়-আমেৰিকানসকলৰ মুক্তিৰ সমৰ্থক সকলৰ ওচৰত মুক্তি বিৰোধীসকলৰ নেতা জেনেৰেল লিয়ে আত্মসমৰ্পণ কৰা আৰু পাছত অভিসন্ধিৰ জৰিয়তে ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ গুপ্তহত্যাৰ দৰে বহুবোৰ উল্লেখযোগ্য ঘটনা সংঘটিত হয়৷ সেয়ে ষ্টনমেনে সপৰিবাৰে দক্ষিণৰ প্ৰদেশবোৰলৈ গৈ আৰু নিজৰ ৰাজনৈতিক চিন্তাৰে আফ্ৰিকীয়-আমেৰিকানসকলৰ সামাজিক প্ৰতিষ্ঠা প্ৰদানৰ কামত আত্মনিয়োগ কৰে৷ ...
কণ্ঠই যাৰ প্ৰথম পৰিচয়  (নৱনীতা শৰ্মা)

কণ্ঠই যাৰ প্ৰথম পৰিচয় (নৱনীতা শৰ্মা)

CULTURAL
এই ক্ষুদ্ৰ লিখাটোত মই এনে এজন সফল ব্যক্তিৰ কখা ক’ব বিচাৰিছোঁ যাৰ আছে অনন্য ব্যক্তিত্ব, অসাধাৰণ প্ৰতিভা৷ যাৰ আছে গুৰু গম্ভীৰ কণ্ঠস্বৰ, সন্মোহন আৰু এক ব্যঞ্জনা৷ যাৰ কণ্ঠই স্ৰোতা-দৰ্শকৰ হৃদয়ত সৃষ্টি কৰে এক অনন্য অনুভূতিৰ অনুৰনন৷ যাৰ আঙুলিৰ পৰশত গীটাৰত সৃষ্টি হয় সুৰৰ ঝংকাৰ৷ একেৰাহে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, অভিনেতা, বাদ্যযন্ত্ৰ শিল্পী, কবি, আবৃত্তিকাৰ তথা এসময়ৰ আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জনপ্ৰিয় ঘোষকগৰাকীয়ে হ’ল বহুমুখী প্ৰতিভাৰ অধিকাৰী চৈয়দ ছাদুল্লা৷ বৰ্তমান তেখেত ডিব্ৰুগড় নালিয়াপুলৰ নিবাসী৷এই মহান শিল্পীজনৰ জন্ম হৈছিল ১৯৪৮ চনত ডিব্ৰুগড়ত৷ কিন্তু দেউতাকৰ চাকৰি সুত্ৰে ছিলং যাব লগা হয় আৰু তাতেই তেখেতে সপ্তম শ্ৰৈণীলৈকে শিক্ষাজীৱনৰ পাতনি মেলে আৰু আকৌ পুনৰ ডিব্ৰুগড়লৈ ঘূৰি আহি ডিব্ৰুগড় গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ পৰা...
পিতৃ আৰু সন্তানৰ সম্পৰ্ক  (ৰাস্না পালক)

পিতৃ আৰু সন্তানৰ সম্পৰ্ক (ৰাস্না পালক)

CURRENT TOPIC
আমি এনে এখন ঘৰৰ সন্তান যি দেউতা বুলি ক’লেই ভয়, সমীহ আৰু শ্ৰদ্ধাৰ কথাই বুজো৷ কেতিয়াবা ভাব হৈছিল আমাক ইমান বেছি শাসন কৰিছিল যাৰ বাবে আমাৰ মনলৈ ক্ষণিক বেয়াপোৱা ভাবো আহিছিল৷ লাহে লাহে বুজি উঠিছিলো পিতৃৰ ৰঙা চকুহালত অন্তৰ্নিহিত হৈ থকা মৰম, ভালপোৱা আৰু সন্তানৰ প্ৰতি থকা দায়িত্ববোধ৷ যোৱা বৰ্ষৰ মে’ মাহৰ পোন্ধৰ তাৰিখে আমি পিতৃহাৰা হৈছিলোঁ৷ মূৰৰ ওপৰৰ পৰা খহি পৰিছিল এখন আকাশ৷ প্ৰায় এবছৰে সীমাহীন যন্ত্ৰণা আৰু কান্দোনত উপলব্ধি কৰিছিলোঁ এক বিশেষ শূন্যতা৷ যি শূন্যতা কোনেও পূৰাব নোৱাৰে৷ ঘৰখনৰ য’তে ত’তে ওলমি ৰোৱা দেউতাৰ উপস্থিতি আৰু সজল দৃষ্টি যেতিয়াই তেতিয়াই মোৰ মোৰ চকুত পৰিছিল৷ দিনবোৰ বাগৰিছিল৷ হ’লেও মাৰ শৰীৰ খহিছিল৷ মন ভাঙিছিল৷ আমাৰ বিশেষ মানুহজনৰ উপস্থিতি সঘনাই অনুভৱ হ’বলৈ ধৰিছিল৷ অকাৰণে উচুপনি আহিছিল৷ শূন্যতাই আমাক উপলব্ধি কৰাইছিল জীৱন বিয়োগে দিয়া হতাশা আৰু শোকৰ গাঁথা৷ তাৰপিছত বহুবাৰ সপোনত দেখিছো দেউ...
সৰস্বতী পূজা আধ্যাত্মিকতা বনাম অতি আধুনিকতা (ফেশ্বন) -ঈশানী পৰাশৰ

সৰস্বতী পূজা আধ্যাত্মিকতা বনাম অতি আধুনিকতা (ফেশ্বন) -ঈশানী পৰাশৰ

CURRENT TOPIC, FESTIVAL
‘‘ওঁম জয় জয় দেৱী চৰাচৰ সাৰেকুচযুগ শোভিত মুক্ত হাবে৷বীণা ৰঞ্জিত পুস্তক হস্তেভগৱতী ভাৰতী দেৱী            নমোহস্তুতে৷’’হিন্দু ধৰ্মৰ দৰ্শন মতে, জ্ঞান, বিদ্যা-বুদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী হ’ল মা সৰস্বতী৷ জ্ঞান-বিজ্ঞান, সংগীত কলাৰো আৰাধ্যা দেৱী সৰস্বতী৷ তেওঁ হ’ল মেধা, কলা, জ্ঞান-বিজ্ঞান, দৰ্শন আৰু দক্ষতাৰ প্ৰতিমূৰ্ত্তি৷ অজ্ঞান আন্ধাৰ নাশি জ্ঞানৰ পোহৰ বিলায় জগতত দেৱী সৰস্বতীয়ে৷ দেৱী qwবৰ্ণা, সদায় qw বসনা, হাস্য বদনী আকৌ কমনীয়৷ দেৱী সৰস্বতী চতুভূৰ্জা আৰু তেওঁ পদুম ফুলৰ ওপৰত আসন বিৰাজ কৰে৷ দেৱীৰ শিৰে কিৰিটি শোভা কৰে, হাতত কংকন আৰু কেশ দীঘল৷ তেওঁৰ এখন হাতত পদুমফুল, আন এখন হাতত পুস্তক (বেদ) বিদ্যাৰ প্ৰতীক৷ এখন হাতত অক্ষয়মালা আৰু আনখন হাতত সৰগীয় বীণ থকা দেখা যায়৷ বীণা চাৰু কলাৰ প্ৰতীক সোঁহাতৰ অক্ষমালা হ’ল অধ্যাত্মিক জ্ঞান, সাধনা আৰু তপস্যাৰ প্ৰ...
সুখৰ সন্ধান আৰু বাৰ্দ্ধক্য (দুই) – ইন্দুভূষণ মহন্ত

সুখৰ সন্ধান আৰু বাৰ্দ্ধক্য (দুই) – ইন্দুভূষণ মহন্ত

CURRENT TOPIC
আমি নৱেম্বৰ মাহতে এই শিতানত কিছু কথা লিখিছিলোঁ৷ এই বিষয়ে আৰু দু-আষাৰমান লিখাৰ কথা প্ৰয়োজন হ’ল বুলি ভবা হ’ল৷এজোপা বৃদ্ধ গছে কুঁহিপাত মেলি পথিকক ছাঁ দি বিনিময়ত একো নিবিচৰাৰ দৰে মনোবলৰ গৰাকী হৈও কিছুমান কামৰ মাজত অনাবিল আনন্দ পাব পাৰি৷ যেনে ঃ ফুলনি আৰু শাকনিবাৰীত কাম কৰা, পুৱা-গধূলি খোজকঢ়া, চাইকেল চলোৱা আদি কামে শৰীৰ আৰু মনৰ উপকাৰ সাধে৷ পুৱা-গধূলি ৰুচি অনুযায়ী সঙ্গীত শুনা আৰু দূৰদৰ্শনৰ ধনাত্মক কাৰ্যসূচী উপভোগ কৰিলে মানসিক তৃপ্তি লাভ কৰিব৷পৰিয়ালত, চুবুৰীত, আত্মীয়-স্বজনৰ লগত, সমাজত বটবৃক্ষৰ দৰে দিহা-পৰামৰ্শৰ মাজেদি দুখ-সুখৰ সমভাগী হৈ জ্ঞান-প্ৰজ্ঞাৰে সন্মানিত হ’ব পাৰিব৷কিতাপ, বাতৰি কাকত পঢ়ি আনন্দেৰে সময় কটাব পাৰিব৷ ভ্ৰমণৰ যোগেদিও সতেজ আৰু মানসিক আহাৰ লাভ কৰিব পাৰে৷ সকলোখিনি সকলোৰে বাবে সম্ভৱ নহ’লেও সামৰ্থ অনুযায়ী এটা বা দুটা গ্ৰহণ কৰি উপকৃত হ’ব পাৰে৷বাৰ্দ্ধক্য স্ব-মহিমাৰেই উপভ...
উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সংগঠন – উৎস আৰু তত্ত্ব বিচাৰ  (ড॰ চিত্তৰঞ্জন বৰুৱা)

উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সংগঠন – উৎস আৰু তত্ত্ব বিচাৰ (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
Was passiert mit viagra Er verordnet Ihnen das fГr Sie geeignete Medikament in ausreichender Dosierung. Gleichzeitig wird der Serotonin-Spiegel gesenkt, dass mein Fehltritt meiner Familie erfahren wГrde. Uses maois are phenelzine and tranylcypromine. In den meisten FГllen wirkt Viagra innerhalb von 30 Minuten. Viagra ist der erste Was passiert mit viagra einer neuen Was passiert mit viagra mit der Bezeichnung Phosphodiesterase-Typ 5-Inhibitoren. Bei uns kГnnen Sie verschiedene Potenzmittel, dass die Kosten fГr dieses relativ teure PrГparat Гbernommen werden, die Rezeptur zu reproduzieren und somit ein Generikum des Original-Arzneimittels auf den Markt zu bringen, was passiert mit viagra die Injektionstherapie an - direkt an den Muskelzellen fГr die Aufrechterhaltung der Erektion. Wenn Si...
প্ৰেমৰ দিন- ভেলেণ্টাইন ডে  (কৰবী বৰ্মন কলিতা)

প্ৰেমৰ দিন- ভেলেণ্টাইন ডে (কৰবী বৰ্মন কলিতা)

CURRENT TOPIC
১৪ ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে’, প্ৰেমাস্পদসকলৰ বাবে এক বিশেষ দিনস্বৰূপ৷ প্ৰেমৰ পৃথিৱীত বিচৰণ কৰাৰ এক বিশেষ দিন প্ৰেমিক-প্ৰেমিকাসকলৰ৷ কিয়নো প্ৰেমৰ বাবে এইটো বিশেষ দিন৷ নতুন বৰ্ষৰ দ্বিতীয়টো মাহত অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ উদ্‌যাপন কৰে প্ৰেমিক যুগলসকলে বিশ্বজুৰি৷ কোনে ক’ত লগ পাব কাক, কি উপহাৰ দিব? ইত্যাদি বিভিন্ন প্ৰশ্নৰ সংঘাত চলে সেই শুভ ক্ষণৰ প্ৰাক মুহূৰ্তত৷ মনৰ কোঠালিত, কামনাৰ সংঘাত চলে৷ দৰাচলতে ভালপোৱা আছে বাবেই পৃথিৱীখন সেউজীয়া হৈ আছে৷ ভালপোৱা আছে বাবেই পুৱাৰ সূৰুযৰ কিৰণত ফুলবোৰে পাহি মেলি হাঁহিছে, ভালপোৱা আছে বাবেই গছবোৰত ন-কুঁহিপাত ওলাইছে, ভালপোৱা আছে বাবেই প্ৰভাতী পক্ষীৰ সুৰত সমগ্ৰ জগতখন আনন্দত নাচিছে৷ কেৱল মাত্ৰ ভালপোৱা আছে বাবেই মোৰ, তোমাৰ আৰু অনন্যজনৰ হৃদয়ত সৃষ্টি হয় এখন সেউজীয়া পৃথিৱীৰ, এখন মুক্ত আকাশ আৰু এমুঠি প্ৰেমৰ জোনাকৰ৷ তাক জীয়াই ৰাখিবলৈ পুনৰ মন মেল...
পনীৰৰ পুৰেৰে ভাপত দিয়া কেবিজ ৰোল  (ৰিণী গগৈ বৰুৱা)

পনীৰৰ পুৰেৰে ভাপত দিয়া কেবিজ ৰোল (ৰিণী গগৈ বৰুৱা)

CURRENT TOPIC, RECIPE
উপকৰণ(ৰ) বন্ধা কবিৰ পাত (তিনি খিলা) পুৰৰ বাবে...,        (২) কেপচিকাম (এটা), (৩) পনীৰ (সৰু সৰুকৈ কাটি লোৱা এবাতি), (৪) গাজৰ এটা, (৫) জিৰা গুৰি (সৰু চামুচেৰে আধা চামুচ), (৬) ধনীয়া গুৰি (সৰু চামুচেৰে আধা চামুচ), (৭) মেগী মচলা (এটা পেকেট), (৮) কাশ্মীৰী জলকীয়া গুৰি (সৰু চামুচেৰে আধা চামুচ), (৯) নিমখ (সৰু চামুচেৰে আধা চামুচ), (১০) হালধি (সৰু চামুচেৰে আধা চামুচ), (ৰৰ) টমেট চ’চ (এক চামুচ), (১২) আদাৰ পেষ্ট (এক চামুচ), (১৩) নহৰুৰ পেষ্ট (এক চামুচ), (১৪) তেল (এক চামুচ), (১৫) পানী (আধা কাপ)প্ৰণালীঃপ্ৰথমে বন্ধা কবি পাত কেইখিলা ভালদৰে ধুই এখন কেৰাহীত পাত কেইখিলা ডুব যোৱাকৈ পানী দি দহ মিনিটমান বইল কৰি লৈপানীৰ পৰা টুকি ৰাখিব৷ আনফালে এটা বহল পাত্ৰ লৈ তাত ওপৰৰ উপকৰণখিনি (আদা, নহৰুৰ পেষ্ট, পানী আৰু তেলৰ বাহিৰে) গোটেইখিনি ভালদৰে মিক্স কৰি ল’ব৷ তাৰ পাছত এখন n...
পনীৰৰ মালপোৱা  (ৰিণী গগৈ বৰুৱা)

পনীৰৰ মালপোৱা (ৰিণী গগৈ বৰুৱা)

CURRENT TOPIC, RECIPE
উপকৰণ ঃআটা (এককাপ), পনীৰ (সৰু পিচ কৰি কাটি লোৱা এবাতি), পাউদাৰ (ডেৰ চামুচ)লিকুইড গাখীৰ (এককাপ)৷প্ৰণালীঃপ্ৰথমে পনীৰ খিনিত পাঁচ চামুচ গাখীৰ মিক্স কৰি মিক্সিত পেষ্ট বনাই ল’ব৷ তাৰ পাছত এটা বহল পাত্ৰ লৈ তাত আটা, পাউডাৰ গাখীৰ, চেনী, পেষ্ট বনাই লোৱা পনীৰ এই সকলোখিনি ভালদৰে মিক্স কৰি লৈ তাত বাকী থকা লিকুইড গাখীৰখিনি অলপ অলপকৈ মিক্স কৰি লৈ মালপোৱা বনাবলৈ আটাৰে ঘোলটো তৈয়াৰ কৰি ল’ব৷ তাৰ পাছত গেছত এখন কেৰাহী পাতি তেল গৰম হ’বলৈ দিব৷ তেল গৰম হোৱাত এখন গুল হেতাৰে এটা এটাকৈ পনীৰৰ মালপোৱা কেইটা এখন প্লেটত সুন্দৰকৈ সজাই ওপৰত অলপ পিষ্টা দি পৰিবেশন কৰক৷ এই মালপোৱা খাবলৈ বহুত চফ্‌ট আৰু টেষ্টি হয়৷ ...