
জীৱন, সম্পৰ্ক, পৰিস্থিতি, পৰিচয় ইত্যাদি… (পূৰৱী সভাপণ্ডিত ভট্টাচাৰ্য)
মনস্তাত্বিক বিশ্লেষণৰ জৰিয়তে মানুহৰ মনত জন্ম লোৱা বিশ্বাসৰ মাপ-জোখ কিদৰে সম্ভৱ তাক জনা নগলেও এটা কথা ক’ব পৰা যায় যে কিছুমান অব্যাখ্যেয় কাৰণত মানুহৰ মনত যি বিশ্বাসৰ উপলব্ধি হয়, সেই উপলব্ধিতে এজনৰ আনজনৰ সৈতে স্নেহ, শ্ৰদ্ধা বা ভালপোৱাৰ সম্পৰ্ক গঢ়ি উঠে আৰু এই সূক্ষ্ম অনুভূতিবোৰক লৈ গঢ়ি উঠা সম্পৰ্কই আপোনত্বৰ মূল্যবোধক চূড়ান্ত পৰ্যায়লৈ নি ব্যক্তিৰ হৃদয়ক ঐশ্বৰ্যশালী কৰি তুলি জীৱনক সুন্দৰ ৰূপত উপভোগ্য কৰি তোলে৷ ইয়াৰ বিপৰীতে একেধৰণেৰে কিছুমান অব্যাখ্যেয় কাৰণতে মানুহৰ মনৰ বিশ্বাস অনাকাংক্ষিত ৰূপত হেৰাই যায়, যাৰ ফলত আস্থাহীনতাৰ সৈতে আন্তৰিক সম্পৰ্কবোৰ ক’ৰবাত গৈ ওলমি থাকে, যিবোৰ আমি টানি আজুৰি জীয়াই ৰাখিব বিচাৰিলেও হৃদয়ৰ টান নাথাকে৷ ইয়াৰ ফলত মানুহৰ মনলৈ যি সংশয় আহে সেই সংশয়ে স্থায়ী মানৱীয় সম্পৰ্কৰ অস্তিত্ব বহন কৰিব নোৱাৰে৷ গতিকে আমি আনৰ পৰা বিশ্বাসৰ সঁহাৰি লোৱাৰ পৰিৱৰ্তে যদি নিজৰ বিশ্...