
হেঁপাহৰ এনাজৰীত মাধুৰ্য ৰ অভিনয় যাত্ৰা (অৰূপ কাকতি)
প্ৰেম, হাস্যৰস আৰু নাটকীয়তাৰে পৰিপূৰ্ণ এখন পূৰ্ণ দৈৰ্ঘৰ ছবি দৰ্শকৰ মাজলৈ উলিয়াই দিয়াৰ উদ্দেশ্যে দৃশ্য গ্ৰহণৰ কাম আৰম্ভ হৈছে৷ এখন নতুন অসমীয়া ছবি ‘হেঁপাহৰ এনাজৰী’৷ কুৱেৰ ৰাজ চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ কাম ক্ৰমান্বয়ে আৰম্ভ হৈছে৷ প্ৰযোজনাৰ লগতে পৰিচালনা কৰিব হেঁপাহৰ এনাজৰী শীৰ্ষক এই মনোৰঞ্জনধৰ্মী ছবিখন কুৱেৰ ৰাজ বৰদলৈয়ে৷ ছবিখনত দৰ্শকে দেখিবলৈ পাব কেইবাগৰাকীও দক্ষ অভিনেতা-অভিনেত্ৰী৷ পৰিচালক কুৱেৰ ৰাজ বৰদলৈয়ে নিজেও অভিনয় কৰা ছবিখনত আন বিভিন্ন চৰিত্ৰত অভিনয় কৰিবলগীয়া অভিনেতা-অভিনেত্ৰীসকল হ’ল- বিদ্যা ৰাও, জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ৰ অন্তৰা চৰিত্ৰত অভিনয় কৰা জেৰিনা বৰুৱা, জাট্ৰু বৰুৱাৰ ‘ভগা খিৰিকী’ত অভিনয় কৰা সঞ্জয় খাৰঘৰীয়া, বড়ো চলচ্চিত্ৰৰ অভিনেত্ৰী হেলিনা দৈমাৰী, জয়ন্ত বেজ, আদ্ৰিতা ভট্টাচাৰ্য, ৰাহুল ভৰদ্বাজ, ৰিমছি থিনছিন৷ এই ছবিখনত পোনপ্ৰথমবাৰৰ বাবে শিশু অভিনেত...