
বটবৃক্ষ (তৰালী ঘৰফলীয়া)
“ঐ ছাৰ আহি পালেহি৷ ব’ল ব’ল ভিতৰলৈ বল৷’’
“ তই কালি ছাৰে কৰিবলৈ দিয়া অংককেইটা কৰিলি নাই মনোজ?’’
“কৰিলোঁ৷ ভয়েই লাগিছে জান৷ শুদ্ধ হয় বা নহয়৷”
“ময়ো কৰি আনিছোঁ৷ কিন্তু, মোৰো ভয় লাগি আছে৷”
স্কুললৈ সোমাই অহা তিনিআলিটোৰ মূৰতে পাঠক ছাৰৰ চাইকেলৰ টিলিঙাৰ শব্দ শুনিয়েই তৎপৰ হৈ পৰিল সকলো৷ লৰি ধাপৰি হলেও নিজ নিজ আসনকেইখন গ্ৰহণ কৰিলে গৈ৷ হুলস্থূল কৰি থাকিলে ছাৰে বৰ বেয়া পায়, পৰিপাটীকৈ নাহিলে ছাৰে গালি পাৰে৷ সেয়ে সিহঁত সদা সষ্টম৷ ছাৰে বেয়া পোৱা কাম কৰিব নোৱাৰি৷ কেতিয়াও নোৱাৰি৷
বগাচাৰ্ট আৰু ধোঁৱাবৰণীয়া পেণ্ট এটাৰ সতে কান্ধত কাপোৰৰ মোনা এটালৈ চাইকেলখন চলাই ফুৰা পাঠক ছাৰ ঠাইখনৰ প্ৰতিজনৰে চিনাকি, কোনোবাই যদি তেওঁক দহ বছৰৰ আগৰপৰা দেখিছে, কোনোবাজন আকৌ তাতকৈ আগৰ পৰাই তেওঁৰ লগত ঘনিষ্ঠ৷ দুই এজনৰ লগত তেওঁৰ ন পৰিচয় ঘটিছেহে ৷ কিন্তু, এইযে ছাত্ৰ-ছাত্ৰীসকল, এ...