Arup Kakoti – Page 64 – Purbodix.com

Author: Arup Kakoti

শিক্ষাৰ বৰ্ণময় যাত্ৰাৰ এটি নাম– UNIVERSITY OF SCIENCE & TECHNOLOGY, MEGHALAY (পূৰ্বদিশৰ মেজৰ পৰা )

শিক্ষাৰ বৰ্ণময় যাত্ৰাৰ এটি নাম– UNIVERSITY OF SCIENCE & TECHNOLOGY, MEGHALAY (পূৰ্বদিশৰ মেজৰ পৰা )

CURRENT TOPIC
শিক্ষা জাতিৰ মেৰুদণ্ড৷ শিক্ষা সমাজৰ দাপোণ, য’ত প্ৰতিফলিত হয় এখন সমাজৰ জীৱন ধাৰণৰ কৌশল, সাহিত্য, সভ্যতা আৰু সংস্কৃতি৷ শিক্ষাই মানৱ জীৱনক প্ৰদান কৰে পোহৰ, কৰ্মকুশলতা, স্বাৱলম্বিতা, জীৱন ধাৰণৰ উপায়, সৌন্দৰ্য্য আৰু আনন্দ৷ শিক্ষা অবিহনে কোনো লোককে যোগ্য, দায়িত্ববান মানুহ হিচাপে গঢ়ি তুলিব পৰা নাযাব আৰু শিক্ষা নহ’লে কোনো মানুহেই প্ৰকৃতাৰ্থত ব্যক্তিত্ব [Personality] অৰ্জন কৰিব নোৱাৰে৷ সেয়েহে হয়তো ৰাজা ৰামমোহন ৰায়ে কৈছিল–“শিক্ষাৰ উদ্দেশ্যই হৈছে মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহক এক প্ৰকৃত পৰিচয় প্ৰদান কৰা৷” আচলতে এই পৃথিৱীত সকলোৱে নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক পূৰ্ণতা প্ৰাপ্তি ঘটাই সফল হ’ব বিচাৰে৷ সফলতা আমাৰ সকলোৰে কাম্য৷ সফলতাৰ এই যাত্ৰাত নিজকে চামিল কৰিবলৈ হ’লে ছাত্ৰ অৱস্থাতেই নিজকে উপযুক্ত ৰূপত গঢ়ি তুলিব লাগিব৷ কাৰণ ‘‘Today's students are the citizen of tomorrow’’ আজিৰ যুৱ বা ...

দুখ (ৰাজশ্ৰী কোঁৱৰ)

POEM
হঠাৎ নামে ধুমুহা (ভাৰতী কলিতা) তেওঁ দুখ কৰিছে কাৰণ তেওঁৰ ঘৰটো দুমহলীয়া তেওঁ তিনিমহলীয়া কৰিব পৰা নাই৷             তেওঁৰ পত্নী দুখ             ঘৰত কেৱল আই টেন এখন এখন বলেৰো ল’ব পৰা হ’লে ভাল আছিল৷ তেওঁৰ ল’ৰাৰ ৰাতি টোপনি নাই, কাৰণ তাৰ লগৰটোৰ আই ফোন আছে, সি কেৱল অপ’এফ ফাইভহে ব্যৱহাৰ কৰে৷ আনফালে,             এজন লোকে দুখ কৰিছে             কাৰণ তেওঁ অতি কষ্টৰে সজা             জুপুৰীটো আজি পানীৰ মাজত আছে৷                     &n...
শাম্ভৱী মুদ্ৰা আৰু উন্মানী মুদ্ৰা (প্ৰীতিশা গোস্বামী)

শাম্ভৱী মুদ্ৰা আৰু উন্মানী মুদ্ৰা (প্ৰীতিশা গোস্বামী)

HEALTH
সমগ্ৰ পৃথিৱীত যিমানখিনি ধ্যানৰ পদ্ধতি আছে তাৰ ভিতৰত ‘শাম্ভৱী মুদ্ৰা’ বা ‘শাম্ভৱী মহামুদ্ৰা’ আৰু ‘উন্মানী মুদ্ৰা’ই অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে৷ এই দুই মুদ্ৰাত চকুৰ স্থান অতি গুৰুত্বপূৰ্ণ৷ এই দুই মুদ্ৰা লৈ সাধক-সাধিকা, যোগী-যোগীনিৰ মাজত বিভ্ৰান্তি [Confusion]ৰ সৃষ্টি হয় বা চিন্তিত হয়, কাৰণ দুইটা মুদ্ৰাৰ নাম বেলেগ বেলেগে কিন্তু কৰাৰ শৈলী কি সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়৷ কাৰণ দুয়োটা চকুৰ সহায়তে কৰা হয় আৰু প্ৰায় একেই৷ এই মুদ্ৰা একপ্ৰকাৰৰ ধ্যান বুলিয়েই ক’ব পাৰি৷‘ধ্যান’ শব্দৰ প্ৰয়োগ বিভিন্ন ধৰণে কৰা যায়৷ যদি বিশেষ এটা বস্তুত একাগ্ৰ হোৱা যায় তেতিয়াও ধ্যান কৰা বুলি কোৱা হয়৷ যদি কোনো এটা বিচাৰ বাৰে বাৰে চিন্তা কৰি থকা হয় সেইটোকো ধ্যান বুলিয়েই কোৱা হয়৷ যদি কোনো বিশেষ এটা ধবনি বা বিশেষ এটা মন্ত্ৰ বাৰে বাৰে উচ্ছাৰণ কৰি থাকে, সেইটোও ধ্যান বুলিয়েই কোৱা হয়৷ ঠিক সেইদৰে যদি নিজে মানসিক ভাবে ওচৰে-পাজ...
এদিন অঘৰীৰ ঘাটত (জোনালী মজুমদাৰ)

এদিন অঘৰীৰ ঘাটত (জোনালী মজুমদাৰ)

POEM
‘হে কানাই পাৰ কৰাহেবেলিৰ পৰিল চঁয়া [এ] নষ্ট হৈ’ল দুধেৰ ভাণ্ডাৰবাজাৰ গৈ’ল ব’য়া’            দূৰৈৰ পৰাই কাৰ কণ্ঠতৰিণি–ৰিণিকৈ ভাহি আহিছিলঘামে ধোৱা আবেলিৰ বিয়াকুল সুৰকোলাহলৰ নীৰৱতাৰ মাজেৰে গৈ থাকিলোঁপালোঁগৈ কোন এই নদীৰ তীৰ             কেনে মায়াৰে গঁথা?জীৱনৰ নিৰিবিলি নিবিড়ি ছায়াগোলাপ পাহিও লাহ লাগি জ্বলেগলে শোকৰ বাটনে ভোকৰ ভাতএইটিচোন অঘৰীৰ ঘাট            অ’ অঘৰী ককাই তইকোন ঘাটে বাবি নাওএফালে যায় বীণ বৰাগীআনফালে বেহাবলে’ যায় বেপাৰীৰ ভাওক’চোন কোন নদীৰ পাৰত আছিল তোৰ ঘৰ ?নদীৰ খহনীয়াইবুকুৰ চপৰা খহাইকোনটি বানে তোক কৰিলে উচন শিলত খাজকাটি যাগৈ এবাৰ ভটিয়াইচাগৈ আছেনে তোৰ গাঁওখনি জীয়াইআছেনে জী তোৰ আই-পিতাই ?নে পথাৰত পোত গৈ আছে ত...

চোৰ (জোনাক যুগান্তৰ বৰা)

POEM
ভাগৰুৱা ভৰিবোৰ আগলৈ নাযায়, কলাফুলত আৰু নোকোবাবি পিতাই৷ আইৰ শিতানৰ সিকিকেইটা মই অনা নাই তোৰ কপালৰ ঘামবোৰ আয়ে যে শিতানত থয় সেই কথা জানিছিলো কাহানিবাই মোক আৰু নোকোবাবি পিতাই তোক কাবৌ কৰিছো হাতৰ ৰছীডাল খুলি দে মোৰ চাল চিগা তেজবোৰ দেখিলে আইৰো বুকু বিষায় তই জাননে পিতাই মোক আৰু নোকোবাবি চেকনীডাল ভাঙি গৈছে নতুনকৈ আৰু এডাল নলবি সলায়ভাগৰুৱা ভৰিবোৰ আগলৈ নাযায়৷...

মালবিকাৰ ফাগুন (সৌৰভ শইকীয়া)

POEM
 শৈশৱতে পাইছিলোঁ তাইক৷ জনা হোৱাৰে পৰা বুকুত লাজমালবিকা৷তাই অৱাঁ সূতাৰে গাঁথিছিলতাই কি লৈ আঁকিছিলবেৰত ফুঁটা কৰি দিছিল বসন্ত বাগ, বসন্ত বাগমালবিকা  এতিয়া মালবিকাৰ সপোনেৰে মোৰ গাৰুটো ওখ হৈ গৈছে৷তাইৰ ধুমুহাৰেতাইৰ তীক্ষ্ণ মাতেৰে মোৰ নিশাটোআচৰিত, উন্মাদজোৰ খুন্দা লাগি ঝনাৎ শব্দ কৰি হঠাৎজাপানী পুষ্প-লণ্ঠন নুমাই গৈছেইচাট-বিচাট জোনাকী পৰুৱাবোৰ কামিনীৰ দৰেকোঠালিটোলৈ সোমাই আহিছেআমপাত আমপাত গোন্ধাইছেঅচিন বতাহ.... ফুলৰ ৰেণুমালবিকাতাইৰ যাদুস্পৰ্শত বিছনাখন মোৰ ফাগুন হৈছেআঁঠুৱাখন ছিঙি যাওঁ ছিঙি যাওঁ কৰিছেসৰ সৰ সৰ সৰ সৰ সৰ সৰ সৰ ওঃ মালবিকাউৰি গৈছেসেয়া, উৰি গৈছে খিৰিকীৰেমালবিকা মালবিকা সেয়া...তাই উৰি গৈছে..., উৰি গৈছে৷আশ্বৰ্য প্ৰেম/সেইবিলাক সূৰ্যাস্ত যি বহুকাল অতীত হৈ গৈছেসেইবিলাক সূৰ্যাস্ত যি ইয়াৰ পাছত অতীত হৈ যাবপৃথিৱীয়ে নাজানিব৷বতাহ ছিৰাছিৰ কৰি এতিয়াও যাওঁ ঝাওবনৰ কাষলৈ৷ একপৃষ্ঠা হৃদয় ...

বৰদৈচিলা (শেৱালী বৰা)

STORY
শালত ফুলটো বাচিবলৈ লওঁতে জীয়েক লাটুৱে মাক  মামনিক সিহঁতৰ ঘৰলৈ বৰদৈচিলা কেতিয়াকৈ আহিব সুধিলে৷ জীয়েকৰ কথাই মাকৰ তাঁত শালত ফুলটো আউল লগাই দিলে৷ আকৌ সুধিলে আজি বাৰু সন্ধিয়ালৈ আহিব  নেকি মা? মাকে বৰদৈচিলালৈ বৰ ভয় কৰে৷ ঘৰখন থানবান হয় বুলি৷ যেনে তেনে বিহুলৈ মানুহজন আহি ঘৰটো ঠিক-ঠাক কৰিলে তাই আটোমটোকাৰিকৈ সজাই ল’ব৷ সন্ধিয়াৰ খবৰটো  তাইৰ বাবে বৰদৈচিলা আছিল৷ বৰদৈচিলাই তাইৰ সংসাৰৰখন থান-বান কৰি দিলে৷ কফিনত অহা নিজৰ মনৰ মানুহজন  দেখোন আজি জীৱনৰ বাবেই বৰদৈচিলা হৈ আহিল...৷ জীৱনটোৱেই শালৰ ফুলটোৰ দৰে আউল লাগিল....৷...

মালা (হেমেন নাথ)

STORY
কেইজনমানে উত্তৰ দিলে যে ছাঁ লাগে বাবে আমি গছ পুলি ৰুব লাগে৷ উত্তৰবোৰ শুনি বৰ ৰস পালে পণ্ডিতে৷শেষত তেওঁ গিৰিশলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে৷ সি ইঙ্গিতেৰে বুজাবলৈ চেষ্টা কৰিলে উত্তৰটো৷ পণ্ডিতে তাৰ সকলো কথা বুজি পায় যদিও সি কি বুজাব খুজিছে, ঠিক ধৰিব নোৱাৰিলে৷চাৰি-পাঁচ বাৰ গিৰিশে ইঙ্গিত দিয়াৰ মূৰকত পণ্ডিতে তাৰ ক’বলগাখিনি বুজিলে৷সি কৈছে –‘‘হাঁওফাওঁৰ এফাল তাৰ বুকুত আছে, আনটো ফাল গছজোপাত ওলমি আছে ’’পণ্ডিতে তাৰ কথা বুজি সি দেখুৱাই দিয়া গছজোপালৈ চালে৷ পণ্ডিতৰ ককাক কলাৰাম বৈষ্ণৱে এসময়ত ৰুইছিল অৰ্জুনজোপা৷ অৰ্জুনজোপাই কথা ক’ব নোৱাৰে, গিৰিশৰ দৰেই৷...
প্ৰাচীৰ (প্ৰাচুৰ্য ষড়ানন দত্ত)

প্ৰাচীৰ (প্ৰাচুৰ্য ষড়ানন দত্ত)

STORY
“এনেই জেওৰাখন দিব নালাগে৷ মই মাজে মাজে গছপুলি লগাই দিম৷ তেনেকৈয়ে হ’ব৷”কাজিয়া কৰি থকা দুই ভাই ককাইৰ মাজত বাৰীখন সমানে ভাগ কৰি গোটেই সীমাতে আমলখি গছ ৰুই দিছিল বাপেকটোৱে৷... আৰু এতিয়া প্ৰায় ত্ৰিছ বছৰৰ পাছত,  দুইখন ঘৰৰ মুক্ত চোতালেদি নাতি ল’ৰা-ছোৱালীকেইটাৰ অবাধ বিচৰণ৷‘‘ ককাইদেউ, এই গছ কেইজোপাই অকল আমাক ছাঁয়েই দিয়া নাই, সদায়স্থিৰ হৈ থাকিবলৈও শিকালে নে?’’ককায়েকৰ মুখেদি বিৰিঙি উঠিল এটি সুখৰ মিচিকনি৷ তামোলৰ বঁটাটো ভায়েকলৈ আগবঢ়াই কৈ উঠিল,‘‘সেইবোৰ বাৰু থ, তোৰ ডাঙৰ বোৱাৰীৰ হাতৰ আমলখিৰ আচাৰ অকণমান দিবলৈ ক’বি৷ আমাৰজনীয়ে বৰ নিমখ দিয়ে অ’ ৷’’ এমুঠি নিভাঁজ চেনেহৰ বতাহত মুহূৰ্ততে হালিজালি খিলখিলাই উঠিল এহাল বৃদ্ধ সহোদৰ৷ ...

আয়ুস (পৰিস্মিতা বৰদলৈ)

STORY
কুঠাৰেৰে যিমানেই ঘপিয়াইছে কামলা মানুহটোৱে গছজোপাত, সিমানেই শৰ্যাগত ৰঘুককাৰ বুকুৰ বিষটোও বাঢ়ি আহিছে৷ নাতি ল’ৰা যাদৱক সিদিনা কৈছিল তেওঁ, “এইযে গছজোপা দেখিছ, তহঁতৰ আজোককাৰে মোৰ ওপজা দিনাই ৰোৱা বুজিছ৷ আমি একে বয়সীয়া৷” জ্বলি থকা খৰিখিনি লৈ চাই চাই যাদৱে ভাবিলে, “একে লগতে আহিলেও আৰু গ’লো একেলগতেই৷” খৰিজাপে তেতিয়ালৈ সামৰি লৈছিল ৰঘুককাকক ফট্‌ফট্‌ ফট্‌ শব্দেৰে৷...