Arup Kakoti – Page 69 – Purbodix.com

Author: Arup Kakoti

আধৰুৱা দস্তাবেজৰ চিত্ৰাংকন (বিপুল গগৈ)

POEM
মোৰ জন্মদাতা পিতৃ-মাতৃ মোৰ জীৱন পৰিক্ৰমাৰ দস্তাবেজৰ পাণ্ডুলিপি সেই মহিমামণ্ডিত বেটুপাতত শৈশৱতে অলংকৃত পৃথিৱীলৈ জীৱনৰ ৰঙীয়াল বঙিয়াইদি জীৱনবৃক্ষৰ ডালে-পাতে বগাই উজাই অহা বাটেৰে উভতিব খুজিছোঁ পোৱা-নোপোৱাৰ কেঁচা দলিলত আত্মনিবেদিত অনুৰাগ আনুগত্য প্ৰক্ষিপ্ত কৰিবৰ মানস কৰিছোঁ পৰিহাৰ্য-অপৰিহাৰ্য প্ৰাপ্তি-অপ্ৰাপ্তিৰ আদ্যোপান্ত মনৰ কোঁহে কোঁহে দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত শৈশৱ যৌৱন যুগ্মজীৱনৰ ভাৱনাৰ অৰ্ণৱৰ ঢৌবোৰ মনাকাশৰ দোলাত দোলা চকুৰ অলক্ষিতে পাৰ হোৱা অৰ্ধ শতাব্দীৰ অবিস্মৰণীয় বৰ্ণিল বৈচিত্ৰময় বৰ্ণনাতীত কাহিনী সম্ভাৰেৰে খোদিত কৰিব খুজিছোঁ আই-পিতাইৰ পাণ্ডুলিপি থকা জীৱনৰ দস্তাবেজত৷ ...

অলপ মাত্ৰ ভালপোৱা (শংকৰজ্যোতি মহন্ত)

POEM
অলপ ভালপোৱা মৃত্যুৰ বিভিষীকা সাৱতি লোৱা এটা নিথৰ দেহা গজি উঠে ঘনে ঘনে চোতালত বহু কিয় সমাধি মৰহা ফুলৰ মুখত আজি মিচিকি হাঁহি ভালপোৱা অলপ মৃত্যুৰ বিভিষীকা এঙাৰ ক’লা বিষন্ন ৰাতি ৰাজপথত মৃত্যুৰ হাঁহি জোনত জিলিকে বন্দুকৰ নলী অলপ ভালপোৱা মৃত্যুৰ বিভিষীকা.. এন্ধাৰতো দেখো পোহৰতো দেখো চৌপাশে মাথো ক্ৰন্দন শুনো.. ভালপোৱা মাথো মৃত্যুৰ বিভিষীকা.... ...

পিতাই (ভূপালী গোস্বামী উপমান্যু)

POEM
তেওঁ ডুবি থাকে ঘামৰ ডোঙাত প্ৰতিপল, ঘাম তেওঁৰ চিৰলগৰী ..... তেওঁৰ গোটেই দেহত এখনি ঘামৰ সাগৰ , আৰn সেই সাগৰৰ পাৰতেই মোৰ ঘৰ ... তেওঁৰ হাতৰ মুঠিত পৃথিৱীৰ সমস্ত সুখ, ভালৰো ভাল সুখবোৰ জমা কৰি তেওঁৰ দুহাত এতিয়া ৰুদ্ধ .. কিহৰ বাবেনো সময়ৰ লগত তেওঁৰ ইমান যুদ্ধ //

হৃদয় (অনুভৱ অনুৰণন)

POEM
হাল বাই চহ কৰিম তোমাৰ নিথৰ হৃদয় নিস্তব্ধতাৰ শব্দেৰে সময়ৰ মৈ দি উৰ্বৰ কৰি কঠিয়া পাৰিম মোৰ মৰমৰ বীজেৰে এজাক মিঠা বৰষুণৰ টোপাল সঞ্চাৰিত কৰি তোমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বাট চাই ৰম সেউজীয়া আলিংগনৰ বাবে৷৷
পিপিলিৰ সেই ৰঙ বিৰঙী চান্দোৱাবোৰ (নিৰ্মালি মহন্ত)

পিপিলিৰ সেই ৰঙ বিৰঙী চান্দোৱাবোৰ (নিৰ্মালি মহন্ত)

STORY
লানি লগা কদম গছবোৰৰ পৰা মিহি মিহি ফুলবোৰ যেতিয়া সৰিবলৈ ধৰে তেতিয়াই আমোল মোলাই উঠে মহানদীৰ পাৰ৷ নিশাও যে এনেদৰে মোহনীয় হৈ পৰিব পাৰে, সেইদিনা অনুভৱ কৰিছিলো ৷ জোনৰ পোহৰত তিৰবিৰ কৰি উঠা জলধাৰা আৰু নৈৰ চৰে চৰে সাৰ পাই উঠা কহুৱাবোৰে কিবা এটা বতৰা সংগোপনে যেন কঢ়িয়াই লৈ আনিছিল ৷ তেনে এটি নিশাতেই কদমৰ ডালে ডালে ওলমি থকা লণ্ঠনবোৰ প্ৰথম বাৰলৈ মোৰ চকুত পৰিছিল৷ সুগন্ধিময় পৰিবেশৰ মাজত ৰঙ বিৰঙী কাপোৰৰ ফাঁকে ফাঁকে পৰিস্ফুট হোৱা জ্যোতিৰে, জিলিক মিলিক কৈ বতাহৰ তালে তালে নাচি উঠা, সেইয়া আছিল প্ৰকৃতি আৰু মানসসৃষ্টিৰ এক মনোৰম যুগলবন্দী৷ বৰ মৰম লগা আছিল সিহঁত, যেন নিশাৰ ৰঙেই সলনি কৰি পেলাব৷ সোধাত জানিব পাৰিলো, সেইয়া হেনো “চান্দোৱা”৷ ১২ শতিকাৰ পৰাই পৰম্পৰাগত ভাৱে উৰিষ্যাৰ এখন গাৱত চলি অহা এক প্ৰকাৰৰ এপলিক ৱৰ্ক ৷ উৰিষ্যালৈ অহাৰ আগতে এই ঠাইক কেৱল এখন দৰিদ্ৰ প্ৰদেশ বুলিয়েই এটা ধাৰণা মনৰ মাজত পুহি ৰাখিছিলো৷ কিন্তু...

নাৰীৰ মূল্যঃ কন্যা সন্তান প্ৰসংগ (নিমানন্দ দাস)

CURRENT TOPIC
যোৱাবছৰ মধ্যপ্ৰদেশত সংঘটিত কন্যা সন্তানৰ হত্যাৰ ঘটনা জানি হৃদয়খন বিষাই গৈছিল৷ ঘটনাটোৰ সাৰাংশটো হ’ল অৰ্ধ- সামৰিক বাহিনীত চাকৰি কৰা এগৰাকী জোৱানে নিজৰ তিনিগৰাকী নিবীহ, নিৰপৰাধী কন্যা সন্তানক জলহীন গভীৰ কুঁৱা এটাত পেলাই দি হত্যা কৰে আৰু নিজেও আত্মহত্যা কৰে৷ এই কৰুণ, হৃদয়বিদাৰক ঘটনাটি সংঘটিত হোৱাৰ কাৰণ আছিল অন্ধবিশ্বাস৷ অন্ধবিশ্বাসটো হৈছে একেৰাহে তিনি গৰাকী কন্যা সন্তান জন্ম দিয়াৰ পাছত তিনি সন্তানৰ হত্যাকাৰী পুৰুষগৰাকীৰ পত্নীয়ে চতুৰ্থবাৰৰ বাবে পুনৰ কন্যা সন্তান প্ৰসৱ কৰাত খং আৰু হতাশাত পুৰুষগৰাকীয়ে নিজ তিনি সন্তানক হত্যা কৰি নিজে আত্মহত্যা কৰে৷ পুৰুষ প্ৰধান আমাৰ সমাজত এগৰাকী মহিলাই দুটি বা তিনিটি কন্যা সন্তান জন্ম দিয়া তথা এটাও ল’ৰা সন্তান জন্ম দিয়া নোৱাৰা বাবে মহিলাগৰাকীকে দায়ী কৰে স্বামী, শহুৰ-শাহু বা ঘৰৰ আন সদস্যই৷ কিন্তু আচলতে সেয়া হয় জানোঞ্জ এগৰাকী মহিলাই ল’ৰা সন্তান জন্ম দিব নে কন্য...
আজি তাই আকৌ কইনা সাজিছে (মালা দিহিঙীয়া হাজৰিকা)

আজি তাই আকৌ কইনা সাজিছে (মালা দিহিঙীয়া হাজৰিকা)

STORY
[ৰ]গ্গ ৰিচেপচনৰ ছোৱালীজনী... তাই হাইহিল যোৰেৰে খট খট খট খটকৈ কাণত খুঁচিব পৰা সুৰ এটা তুলি হোটেলৰ ভিতৰলৈ সোমাই যাওঁতে ৰিচেপচনৰ ছোৱালীজনীয়ে অভ্যাসবশতঃ মূৰ তুলি চালে৷ তাৰ ঠিক এক লহমাৰ আগতে তলমূৰ কৰি থকা ছোৱালীজনীলৈ চাই মূৰটো ঘূৰাইছিল তাই৷ দুইজনীৰ চাৰি চকুৰ মিল নহ’ল যদিও ৰিচেপচনৰ ছোৱালীজনীয়ে তাইক ঠিকেই চিনি পালে৷ কিন্তু তাই ছোৱালীজনীক চিনিব নোৱাৰিলে৷ ছোৱালীজনীয়ে কম্পিউটাৰৰ সন্মুখত বহি এমূৰৰ পৰা নামবোৰ চাই গ’ল৷ কিন্তু ক’তো ‘বৰেণ্যা সুবাসী’ নামৰ বুকিং নেদেখিলে৷ এবাৰ ভাবিলে হয়তোবা তাই ইয়াত কাৰোবাক লগ কৰিবলৈ আহিছে/ কিন্তু কাকঞ্জ তাকো ইমান সাজি কাচিঞ্জ লিফ্টৰ ৰঙা বুটামটো টিপি তাই ব্যস্ততাৰে ম’বাইলটোলৈ চাই উচপিচাই উঠিল৷ যেন কোনোবা তাইৰ বাবে ৰৈ আছে/ তাইৰ যেন খুউৱ দেৰি হৈছে৷ কপালত তাইৰ ফাউণ্ডেশ্যনৰ আৱৰণ ফালি বিৰিঙি উঠা বিন্দু বিন্দু ঘামৰ কণিকা৷তাই হাতৰ ঠাৰিত ওলমি থকা পাৰ্চটো খুলি ৰুমাল এখন উলিয়াই কঁপা...
সঁচা নাৰী, সঁচা শৰীৰ আৰু সঁচা সৌন্দৰ্যৰ সঁচা কথাৰে (বিপাশা বৰা)

সঁচা নাৰী, সঁচা শৰীৰ আৰু সঁচা সৌন্দৰ্যৰ সঁচা কথাৰে (বিপাশা বৰা)

HEALTH
আই লাভ মাই ষ্ট্ৰেচ মাৰ্কচ, বিক’জ দে’ আৰ মাই চাইল্ড’ছ ফাষ্টৰ্ ড্ৰ’য়িং৷ মই মোৰ শৰীৰৰ শিপাবোৰক ভালপাওঁ, কিয়নো এয়া মোৰ শিশুটিয়ে অঁকা প্ৰথমখন ছবি৷ কিছুদিনৰ আগৰ কথা৷ ছ’চিয়েল মিডিয়াত এটা প’ষ্ট দেখি থমকি ৰৈছিলোঁ৷ ইনষ্টাগ্ৰাম আৰু টুইটাৰত চলি থকা সেই কেম্পেইনে মোক বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ সুলেখিকা এলেক্স এল আৰু ফ’ট’গ্ৰাফাৰ এৰিকা লেইনে আৰম্ভ কৰা ক্নlove your lines নামৰ কেম্পেইনটোৱে সমগ্ৰ পৃথিৱীৰে নাৰীসকলৰ মাজত সামাজিক মাধ্যমৰ জৰিয়তে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল৷ অজস্ৰ নাৰীয়ে পৃথিৱীৰ বিভিন্ন কোণৰপৰা ধুনীয়া ধুনীয়া কথা আৰু পংক্তিৰে সৈতে তেওঁলোকৰ শৰীৰৰ দাগসমূহৰ ফ’ট’ প’ষ্ট কৰিছিল৷ – কেন্সাৰে মোৰ শৰীৰত এৰি থৈ যোৱা দাগে ইমানদিনে পীড়া দি আছিল, এতিয়া সেই হীনমান্যতাৰ ডাৱৰ আঁতৰি গ’ল৷ সেই দাগবোৰে মোক আমৃত্যু সোঁৱৰাই থাকিব যে প্ৰকৃতাৰ্থতে মই এগৰাকী যুঁজাৰু৷ – সন্তানৰৈ জন্মৰ পিছত তলপেটত ৰৈ যোৱা প্ৰতিটো দাগৰ ভা...
পাকঘৰ [কণী আৰু আলুৰ দম] (ডাঃ নৱনীতা দাস)

পাকঘৰ [কণী আৰু আলুৰ দম] (ডাঃ নৱনীতা দাস)

RECIPE
ৰ. কণী জ্জ্ব টা ২. আলু চ্ছ্ৰ টা ৩. পিয়াজ ৩-চ্ছ্ৰ টা চ্ছ্ৰ. আদা আৰু নহৰু প্ত. নৰসিংহ পাত ২-৩ ডাল ৬. হালধী আধা চামুচ জ্জ. নিমখ আন্দাজ মতে জ্জ্ব. ক্ৰীম আধা কাপ জ্ঝ. কেঁচা জলকীয়া ৩ টা ১০. জিৰা গুড়ি আধা চামুচ ৰৰ. চেনী ৰযচ্ছ্ৰ চামুচ ১২. তেল চ্ছ্ৰ টেবুল চামুচ প্ৰদ্ধতি ঃ প্ৰথমতে কণী আৰু আলুখিনি সিজাই লৈ, তাত নিমখ আৰু হালধী সানি, ৰঙচুৱা হোৱকৈ ভাজি ল’ব৷ আদা নহৰুৰ পেষ্ট তৈয়াৰ কৰি ল’ব৷ পিয়াজখিনি €াইচাৰ [slicer] ৰ সহায়ত অতি মিহিকৈ €াইচ [slicer] কৰি ল’ব৷ এতিয়া কেৰাহীত প্ৰথমতে পিয়াজখিনি মজলীয়া জুইত ৰঙচুৱা হোৱালৈ ভাজি ল’ব৷ তাৰ পাছত তাত আদা-নহৰুৰ পেষ্ট, নৰসিংহৰ পাতখিনি, নিমখ, হালধী আৰু জিৰা গুড়িখিনি দি ৰ-২ মিনিট ভাজিব৷ তাৰ পাছত তাত কণী আৰু আলুখিনি সামান্য লৰাই তাত ক্ৰীমখিনি দি দিব৷ এতিয়া জুই কমাই আটাইখিনি সামগ্ৰী ভালকৈ মিহলি হোৱাকৈ লৰাব৷ এতিয়া প্ৰয়োজন অনুসৰি পানী দি থুপথুপীয়া হোৱাকৈ ভাত বা...
এখন নতুন চৰকাৰ আৰু ৰাইজৰ আশা

এখন নতুন চৰকাৰ আৰু ৰাইজৰ আশা

CURRENT TOPIC
প্ৰত্যাশিতভাৱে দিছপুৰলৈ উভতি আহিল বিজেপি৷ অসমত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ল৷ অসমৰ ৰাজনীতিত এয়া প্ৰথমবাৰৰ বাবে সম্ভৱ হৈছে একেৰাহে দ্বিতীয়বাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ দিছপুৰৰ মচনদত৷ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে এককভাৱে চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালেও মিত্ৰজোঁটে ৭৫খন আসন লাভ কৰিলে৷ এতিয়া দিছপুৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে পাঁচ বছৰ শাসন কৰিব৷ উল্লেখযোগ্য যে মিত্ৰজোঁটৰ অংশীদাৰ অগপই ন খন আৰু ইউ পি পি এলে ছখন আসন লাভ কৰিছে৷ সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ কংগ্ৰেছে ২৯খন আসন আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফে ১৬খন, বি পি এফে চাৰিখন আসনসহ মুঠ ৪৯খন আসন লাভ কৰিছে৷ বিধানসভা নিৰ্বাচনে অসমত ‘কা’বিৰোধী ভোটৰ তিনি ভাগত বিভাজন ঘটালে৷ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ প...