
মুক্তিৰ বাবে সাজু ‘হেকাৰ’ (অৰূপ কাকতি)
তলাবন্ধ [লক-ডাউন]ৰ পূৰ্বৰে পৰাই আমাৰ দেশত ‘ইউটিউব’ মজিয়াখনত ৱেব-চিৰিজ, চুটি ছবি তথা পকেট ভিডিঅ’ আদি নিৰ্মানৰ ঢৌ উঠিছিল৷ পিছত তলাবন্ধ [লক-ডাউন] এ নৱপ্ৰজন্মৰ চিনেমা শিল্পৰ সৈতে জড়িত সকলক এই ‘ইউটিউব’ ক্ষেত্ৰখনৰ বিষয়ে ভালকৈ ভাবিবলৈ সুযোগ আনি দিলে৷ বিগত বছৰটোৱে ‘ইউটিউব’ মোবাইল স্কিনৰ দৰ্শকৰ মাজত সাংঘাতিক ভাৱে সোমাই গৈছিল বিভিন্ন ৱেব-চিৰিজ, চুটি ছবিৰ লগতে বিভিন্ন ধৰণৰ মনোৰঞ্জন মূলক পকেট ভিডিঅ’ৰ মাধ্যমেৰে৷
বৰ্তমান সময়ত অসমীয়া ৱেব-চিৰিজ তথা চুটি ছবিজগতখনৰ খবৰ বেয়া বুলি ক’লে নি(য় ভুল হ’ব৷ কেইবাজনো নৱাগত পৰিচালকৰ ছবিয়ে ইতিমধ্যে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ এফালে আকৌ বহুকেইখন ৱেব-চিৰিজ তথা চুটি ছবি আন্তঃৰাষ্টীয় প্ৰেক্ষাপটতো পুৰস্কৃত হৈছে৷ শেহতীয়াকৈ মুক্তি লাভ কৰা ৰবি শৰ্মা অভিনীত ‘‘ILLEGAL’’ ৱেব-চিৰিজখনেও দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷
অসমত বৰ্তমানেও আৰু বহুকেইখন সৰু-ড...