
প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ সাৰাংশ মূল ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত
যোৱা সংখ্যাৰ পিছৰ পৰা...
শেষ শাওণৰ অহৰহ বৰষুণ যোৱা তিনিদিন ধৰি ঢালিয়ে আছে৷
সেই বৰষুণজাকৰ সৈতে ফেৰ মৰাৰ দৰে মালতী আৰু তাইৰ মাকৰ চকুৰেও সমানে পানী ওলাইছে৷ বানে সকলো উটাই নিয়া মানুহ এজনৰ দৰে দুেয়া এতিয়া অসহায় হৈ পৰিছে৷ নিঃশব্দে ভিতৰি ভিতৰি কান্দিলেও পৰিত্ৰাণৰ কোনো বাট বিচাৰি পোৱা নাই৷
চ’ৰাঘৰটোতে সনাতন দাস বহি আছিল এটা মূৰ্তি হৈ৷ কোনোবাই হাত ভৰি বান্ধি গৰু গোহালিত নি পেলাই দিয়াৰ দৰে তেওঁ অসহায় অনুভৱ কৰিছিল৷ কি কৰিব কি নকৰিব, কি ক’ব সেইখিনিও তেওঁৰ বিবেকে কাম কৰা নাই৷
কথামতে গণেশ পূজাৰ সময়ত মালতী ঘৰলৈ অহাৰ কথা৷ তেতিয়ালৈকে ৰাস্তাৰ কামো শেষ হৈ গ’ল হয়, আৰু নৈ পাৰ হৈ নহাকৈ আৰামতে নতুন ৰাস্তাই দি আহিব পাৰিলেহেঁতেন৷ কিন্তু কোনো খবৰ খাতি নিদিয়াকৈ তিনিদিনৰ আগতেই যে তাই হঠাৎ সন্ধিয়াপৰত ঘৰ আহি ওলাব, সেইয়া কোনেও কল্পনাই কৰা নাছিল৷ মাক-দেউতাকে তাইক দেখি যিমান সুখী হৈছিল তাতকৈ বেছি সুখী হৈছিল তাইৰ চাকৰ...