
কবিতা ৰচনাৰে ৰেকৰ্ড গঢ়া চান্দনীকা চৌধুৰী (অৰূপ কাকতি)
বয়স মাত্ৰ ১৩ বছৰ ৩ মাহ৷ অষ্টম শ্ৰেণীৰ ছাত্ৰী, কিন্তু কৈশোৰ কালৰ টুকুৰা-টুকুৰ শব্দৰে প্ৰকাশ কৰা অনুভৱবোৰে কিশোৰীগৰাকীক কম বয়সতে কেইবাটাও উচ্ছমানৰ ৰেকৰ্ডৰ অধিকাৰী কৰি তুলিছে৷
৭০ দিন ধৰি একেৰাহে ৭০ টা কবিতা ৰচনা কৰি প্ৰকাশ কৰাৰ বাবে অসম বুক অব ৰেকৰ্ডচত আৰু ৮০ দিন ধৰি ৮০ টা কবিতা ৰচনা আৰু প্ৰকাশেৰে বেংগল বুক অব ৰেকৰ্ডচত নিজৰ নাম অন্তভূৰ্ক্ত কৰিবলৈ সক্ষম হোৱা কিশোৰীগৰাকীয়েই হ’ল চান্দনীকা চৌধুৰী৷
NPত্ৰ ইণ্টাৰনেচনেল স্কুলৰ ছাত্ৰী চান্দনীকা অসমৰ কবি সমাজৰ এগৰাকী উল্লেখযোগ্য কিশোৰী কবি–যিগৰাকীয়ে ১২৫ দিনত ১২৫ টা কবিতা ৰচনা আৰু প্ৰকাশ কৰি ৱল্ডৰ্ ৰেকৰ্ডচ্ ইন ইনক্ৰেডিবল বুক অব ৰেকৰ্ডচ্ আৰু ব্ৰাড’ ইণ্টাৰনেচনেল বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডচত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হৈছে৷
চান্দনীকাৰ স্বৰচিত কবিতা বিভিন্ন ধৰণৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় বাতৰি কাকত আৰু অনলাইন পয়...