CURRENT TOPIC – Page 31 – Purbodix.com

CURRENT TOPIC

শীতৰ আগমনত (ঊ কৰবী বৰ্মন কলিতা)

শীতৰ আগমনত (ঊ কৰবী বৰ্মন কলিতা)

CURRENT TOPIC
পলমকৈ হ’লেও লাহে লাহে নামিছে শীত৷ ৰাজ্যত দেৰিকৈ হ’লেও ঠাণ্ডা অনুভৱ কৰিবলৈ লৈছে মানুহে৷ প্ৰকৃতিৰ নিয়ম যিহেতু৷ ঋতু পৰিৱৰ্তন হ’বই৷ এইবাৰ অৱশ্যে শীত বহু পলমকৈ আহিছে৷ বায়ু প্ৰদূষণৰ বাবে দায়ী জধে-মধে  নিৰ্মাণ কৰা বহু উদ্যোগ, কল-কাৰখানা, যাৰ বাবে গ্ল’বেল ৱাৰ্মিঙৰ সৃষ্টি হৈছে তাৰ বাবেই শীত আজি-কালি অতি পলমকৈ আহে৷ এসময়ত আমিবোৰে দুৰ্গা পূজাৰ সময়ত নতুনকৈ ক্ৰয় কৰা গৰম কাপোৰ অৰ্থাৎ জেকেট-ছুৱেটাৰ পিন্ধি পূজা চাবলৈ গৈছিলো৷  দেৱালীৰ সময়ত ঘৰৰ বাহিৰত বহি ফটকা ফুটাইছিলো৷ তেতিয়া নিয়ৰ পৰা অনুভৱ কৰিছিলো৷ এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে৷ সকলো দিশতে৷ বছৰৰ শেষৰ ভাগলৈহে যেন সম্পূৰ্ণ ৰূপে শীত পৰা পৰিলক্ষিত হ’ব৷ হ’লেও শীতৰ মাদকতা ল’বলৈ যেন সকলো ব্যাকুল৷ শীত তেনেই মোহনীয় ৷ শীত মানেই কুঁৱলি, শীত মানেই শেৱালি৷ ছয়টা ঋতুৰ ভিতৰত বসন্ত আৰু শৰতকে প্ৰশস্ত বুলি ধৰা হয়৷ ঋতুৰাজ যদি বসন্ত, তেন্তে শৰৎ হৈছে শাৰদীয় ঋতুৰাণী৷ বেদনাক্লিষ্...
‘‘কণজলকীয়া’’ আৰুস্তুতিহাজৰিকা (ৰীতুগগৈ)

‘‘কণজলকীয়া’’ আৰুস্তুতিহাজৰিকা (ৰীতুগগৈ)

CURRENT TOPIC
‘মহিলা সকলৰ বাবে’  শীৰ্ষক এটি অনুষ্ঠানৰ জৰিয়তে ভিন্ন ক্ষেত্ৰত জড়িত তথা আত্মসংস্থাপিত মহিলাসকলৰ সফল কৰ্ম খতিয়ান আন দহগৰাকী মহিলাৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ ‘কণ জলকীয়া’ ইউটিউব চেনেলত প্ৰচাৰিত এই অনুষ্ঠানৰ দ্বাৰা অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰা হৈছে আন দহগৰাকী মহিলাকো৷ এই মহৎ কৰ্মৰ অন্তৰালৰ মহিলাগৰাকীয়েই হ’ল বিগত ১২ বছৰ ধৰি বিভিন্ন ধৰণৰ জনকল্যাণকামী কৰ্মত জড়িত কণজলকীয়া ফাউণ্ডেচনৰ সভাপতি তথা স্বত্ত্বাধিকাৰী, বিশিষ্ট সংগীত শিল্পী, ফুড ব্লজাৰ স্তুতি হাজৰিকা৷ উদ্যোগী মহিলা হিচাপে কেৱল নিজে আগবাঢ়ি যোৱাই নহয় আন বহুতো মহিলাকো হাতে-কামে আগবঢ়াই মহিলাই মহিলাৰ হকে নিঃস্বাৰ্থভাৱে কাম কৰিব পৰাৰ সুন্দৰ উদাহৰণ দাঙি ধৰিছে বাহ্যগুণসম্পন্না এইগৰাকী মহিলাই৷ ১২ বছৰ ধৰি কণজলকীয়া ফাউণ্ডেচনৰ উদ্যোগত সমাজৰ বিভিন্ন দিশৰ উন্নতিৰ লগতে মহিলা আৰু শিশুসকলৰ উন্নয়ন আৰু বিকাশৰ বাবে যথেষ্ট কাম কৰি আহিছে উদ্যোগী মহিলাগ...
লাউপাৰাস্থিতমূলশ্ৰীশ্ৰীশ্যামৰায়সত্ৰৰভকতসকলৰজীৱনীকোষ (ধাৰেশ্বৰপালদাস)

লাউপাৰাস্থিতমূলশ্ৰীশ্ৰীশ্যামৰায়সত্ৰৰভকতসকলৰজীৱনীকোষ (ধাৰেশ্বৰপালদাস)

CURRENT TOPIC
লাউপাৰাস্থিত শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ উৎপত্তি সম্বন্ধে আৰু এই সত্ৰখনৰ চালিকা শক্তি সত্ৰাধিকাৰ প্ৰভূসকলৰ বংশানুক্ৰম নামসহ তথ্য শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ মাহাত্ম্যৰে ‘‘লাউপাৰাৰ সৌৰভ’’ নামৰ কিতাপখনত পঢ়িবলৈ পালো৷ খ্ৰীষ্টীয় পোন্ধৰশ শতিকাৰ কিছু আগতে এই সত্ৰখন স্থাপিত হৈছিল৷ সত্ৰখন উৎপত্তিৰ সময়ৰ পৰা, প্ৰায় ১৮৬৮ চনৰ আগত, এই সত্ৰখনত কিমানসংখ্যক ভকতে প্ৰসঙ্গ কৰিছিল জানিব নোৱাৰিলো৷ ইয়াৰ পিছৰ, বহু কেইজন দেউৰী ভকত, পাহেৰী ভকত আৰু মহন্ত ভকতেও শ্যামৰায় সত্ৰত প্ৰসঙ্গৰ লগতে বিভিন্ন কাৰ্যসিদ্ধি কৰি ইহঃ সংসাৰৰ পৰা গুচি গ’ল৷ অতীতৰ পৰা এই শ্যামৰায় সত্ৰখন লুইতৰ খহনীয়া আৰু প্ৰাকৃতিক দুৰ্যোগে ঠন ধৰি উঠিব নিদিলে৷ সত্ৰাধিকাৰ প্ৰভুসকল, ভকতসকল আৰু সত্ৰ পৰিচালনা সমিতিৰ মৃত আৰু জীৱিত মহান ব্যক্তিসকলে সত্ৰখনৰ বাবে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে৷ তাৰ বিনিময়ত, গন্ধৰ দিয়া গাঁৱৰ জনসম্পদেৰে সমৃদ্ধশালী লাউপাৰাৰ ভক্তপ্ৰাণ ৰা...
অমৃতবৃক্ষআন্দোলন (পপীচহৰীয়া)

অমৃতবৃক্ষআন্দোলন (পপীচহৰীয়া)

CURRENT TOPIC
অমৃত বৃক্ষ আন্দোলন হৈছে আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰি এক বহনক্ষম ভৱিষ্যত সৃষ্টিৰ লক্ষ্যৰে ভাৰতত আৰম্ভ কৰা এক তৃণমূল পৰ্যায়ৰ পৰিৱেশ সংৰক্ষণ কাৰ্যসূচী৷ দেশৰ কেইবাখনো নদী আৰু জলভাগৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এই আন্দোলনটো প্ৰতিষ্ঠা কৰিছিল ‘ভাৰতৰ জলমান’ নামেৰেও পৰিচিত ড॰ ৰাজেন্দ্ৰ সিঙে৷ তেওঁ উপলব্ধি কৰিছিল যে জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, জলবায়ু পৰিৱৰ্তন, পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ এনে এটা পৰ্যায় পাইছেগৈ যে গ্ৰহটোক বচাবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন৷ এইদৰে ২০১৬ চনত অমৃত গছ আন্দোলনৰ সৃষ্টি হৈছিল, পৰিৱেশগতভাৱে সুষম, সামাজিকভাৱে ন্যায়পৰায়ণ আৰু আধ্যাত্মিকভাৱে জ্ঞানদায়ক এখন পৃথিৱী সৃষ্টি কৰাৰ দৃষ্টিভংগীৰে৷ অমৃত গছ আন্দোলনে তিনিটা মূল ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে: বন সংৰক্ষণ, জৈৱিক কৃষি, আৰু সম্প্ৰদায় উন্নয়ন৷ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰাকৃতিক বাসস্থান পুনৰুদ্ধাৰ, জৈৱিক আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ, স্থানীয় ...
মধুপুৰসত্ৰতমহাপুৰুষশ্ৰীমন্তশংকৰদেৱৰসাহিত্যচৰ্চা (নাছিৰআহমেদ)

মধুপুৰসত্ৰতমহাপুৰুষশ্ৰীমন্তশংকৰদেৱৰসাহিত্যচৰ্চা (নাছিৰআহমেদ)

CULTURAL, CURRENT TOPIC
এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে জীৱনৰ অন্তিম কালত (৯৭ বছৰ বয়সত) কোচবিহাৰ ৰাজ্যৰ ভেলা-মধুপুৰ সত্ৰত থাকি এই ভক্তি ধৰ্মৰ প্ৰচাৰ চলাই যোৱাৰ উপৰিও সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছিল৷ প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচবিহাৰ ৰাজ্যলৈ আহিব বিচৰা নাছিল৷ কাৰণ, কোচবিহাৰ ৰাজ্যৰ কোচ ৰজা নৰনাৰায়ণো শাক্ত ধৰ্মৰ উপাসক আছিল৷ কিন্তু, কোচ ৰজা নৰনাৰায়ণৰ বিদ্যোৎসাহী মনোভাৱ, সাহিত্য চৰ্চাৰ প্ৰতি গভীৰ অনুৰাগ আৰু তেওঁৰ পৃষ্ঠপোষকতাত কোচবিহাৰৰ ৰাজসভাত ভাৰতৰ সোণালী গুপ্ত যুগৰ দ্বিতীয় বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্নৰ সমাবেশ ঘটাৰ দৰে কোচবিহাৰ ৰাজ্যৰ সকলো কবি, সাহিত্যকে  প্ৰাচীন কমতাপুৰী বা ৰাজবংশী তথা দেশী ভাষাত সাহিত্য চৰ্চা কৰা দেখি অত্যুৎসাহী হৈ উজনি অসমৰ শাক্ত-পন্থী ৰজাসকলৰ দ্বাৰা নিগৃহিত হৈয়েই নামনি অসমৰ পাটবাউসীলৈ ক্ৰমে মাধৱদেৱ, হৰিদেৱ, ৰামৰায়, নাৰায়ণ ঠাকুৰ, ৰামৰাম ঠাকুৰ আদিকে কৰি...
‘অৰ্কিড’ৰপৃথিৱী (নয়নমণিশইকীয়া)

‘অৰ্কিড’ৰপৃথিৱী (নয়নমণিশইকীয়া)

CURRENT TOPIC
‘‘অৰ্কিড’’ সকলোৰে বাবে এটি পৰিচিত শব্দ৷ এই শব্দটো পোনপ্ৰথমে ৩০০ খ্ৰীষ্টপূৰ্বত থিয়ফ্ৰেছটাছে অৰ্কিড বুলি ব্যৱহাৰ কৰিছিল৷ তাৰ পাছত ১৯৩৭  মেৰলাছ নিনিয়াছে ‘অৰ্কিডেচি’ বুলি আৰু ১৮৪৫ চনত জ’ন লিন্দলেই ‘‘অৰ্কিড’’ বুলি বৰ্তমানৰ প্ৰচলিত শব্দটো ব্যৱহাৰ কৰিছিল৷ (স্কুল বটানি নামৰ গ্ৰন্থখনিত) ‘‘অৰ্কিড’’ বুলি ক’লে সাধাৰণতে সকলোৰে মনলৈ আহে সহজতে দেখা পোৱা ‘কপৌফুল’ পাহিলৈ৷ কিন্তু আমি জনা উচিত যে ‘কপৌফুলে’ই কেৱল অৰ্কিড নহয়৷ ই মাথোন এবিধ প্ৰজাতিহে৷ অৱশ্যে কপৌফুলৰ এক নিজা পৰিচয় আছে– অসমৰ ৰাজ্যিক ফুল বুলি৷ কপৌফুলৰ বৈজ্ঞানিক নাম হৈছে (Rhynchostylis retusa)৷ কপৌফুলকে ধৰি পৃথিৱীত এতিয়ালৈকে প্ৰায় ২০০০০ বিধ প্ৰজাজিৰ অৰ্কিড আৱিস্কাৰ হৈছে৷ তাৰেই ১৩০০ বিধ প্ৰজাতিৰ অৰ্কিড ভাৰতবৰ্ষত পোৱা গৈছে৷ পৃথিৱীৰ ভিতৰত সৰহসংখ্যক প্ৰজাতিৰ অৰ্কিড ভাৰতবৰ্ষত পোৱা গৈছে৷ পৃথিৱীৰ ভিতৰত সৰহসংখ্যক প্ৰজাতিৰ অৰ্কিড এতিয়ালৈকে কলম্বিয়া নামৰ দ...
কিশোৰৰঅপৰাধপ্ৰৱণতা (ইলোৰাশৰ্মাদত্ত)

কিশোৰৰঅপৰাধপ্ৰৱণতা (ইলোৰাশৰ্মাদত্ত)

CURRENT TOPIC
কৈশোৰ অৱস্থাটো মানৱ জীৱনৰ এক স্পৰ্শকাতৰ সময়৷ দৈহিক, মানসিক তথা সামাজিক আবেগিক পৰিৱৰ্তনৰ উচ্চসীমা এইখিনি সময়তে স্পৰ্শ কৰে৷ এই সংঘাতৰ সময়খিনি পাৰ হোৱাটো যথেষ্ট কঠিন৷ কৈশোৰ অৱস্থাত ভৰি দিয়াৰ লগে লগে এজন ব্যক্তিৰ মানসিক, বৌদ্ধিক আৰু আবেগিক ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহে৷ এইখিনি সময়ত কিশোৰ এজনে ঘৰুৱা পৰিৱেশৰ পৰা ওলাই গৈ বন্ধু মহলত নিজৰ এক সুকীয়া পৰিচয় ডাঙি ধৰিব বিচাৰে৷ মনোবিজ্ঞানী এৰীক এৰীকচনে মানুহৰ মনো-সামাজিক বিৱৰ্তনক মুঠ আঠটা স্তৰত ভাগ কৰিছে৷ কৈশোৰ অৱস্থাৰ এই স্তৰটো হৈছে পৰিচয় বনাম চৰিত্ৰ ধুসৰতা৷ প্ৰত্যেকটো স্তৰতে কিছুমান মানসিক বাধা আহে, যিয়ে এই বাধা অতিক্ৰম কৰিব পাৰে, তেৱেঁই মানসিকভাৱে সুস্থ৷ এই সময়ত ব্যক্তি এজনে মনৰ বিভিন্ন দুৱাৰ খুলি দিয়ে, নিজকে কোনোবা নায়ক অথবা সঙ্গীতজ্ঞ বা ৰাজনৈতিক নেতাৰ অনুগামী হিচাবে পৰিচয় বিচাৰে৷ কিছুমান কিশোৰে এই অনুগামিত্বতে বিলীন হৈ যায় আৰু নিজৰ পৰিচয় বিচাৰি নাপ...
দৰংজিলাৰঐতিহাসিকৰূদ্ৰেশ্বৰদেৱালয় ….(অনজনডেকা)

দৰংজিলাৰঐতিহাসিকৰূদ্ৰেশ্বৰদেৱালয় ….(অনজনডেকা)

CURRENT TOPIC
চহকী অতীত, চহকী ইতিহাস, চহকী পৰম্পৰা৷ যেনিয়েই চকু যায়, তেনিয়েই চহকী অতীতৰ মেটমৰা সম্ভাৰ৷ গৌৰৱময় ইতিহাসৰ স্বাক্ষৰ৷ গৌৰৱময় কামৰূপ৷ গৌৰৱময় অসম৷ এই কামৰূপ ভূ-খণ্ড সামৰি-সুতৰি থোৱা অলেখ ইতিহাসৰ বৰপেৰা৷ আনুমানিক খ্ৰীষ্টীয় দ্বিতীয়-তৃতীয় শতিকা মানৰ পৰাই কামৰূপৰ ইতিহাসৰ সোণালী যুগ আৰম্ভ হৈছিল৷ গঢ় লৈ ড ×ঠিছিল অনেক স্থাপত্য, মঠ-মন্দিৰ, উপাসনাস্থলী আদি৷ দূৰ্ভাগ্যজনক কথা এয়ে যে কালৰ সোঁতত এই প্ৰায়সমূহ ধ্বংসৰ গৰাহত পৰিছে আৰু আজিৰ তাৰিখত আমি তাৰে বহু কম সংখ্যকহে ভগ্নাৱশেষৰ ৰূপত দেখিবলৈ পাইছো৷ এতিয়াও হয়তো বহু ইতিহাস উদ্ধাৰ হ’বলৈ বাকীআছে৷ অসমৰ দৰঙ জিলাৰ পশ্চিম প্ৰান্তৰ মাহৰিপাৰা গাঁৱত গঢ়ি উঠা ৰূদ্ৰেশ্বৰ দেৱালয় এনে এক গৌৰৱময় ইতিহাসৰ উজ্জ্বল নিদৰ্শন৷  ঐতিহাসিক খটৰা সত্ৰৰ পৰাই যাৰ দুৰত্ব মাত্ৰ তিনি কিলোমিটাৰ আৰু বুৰঞ্জী প্ৰসিদ্ধ পথৰুঘাট বা পাথৰিঘাটৰ পৰা ইয়াৰ দুৰত্ব পাঁচ কিলোমিটাৰ আৰু দৰঙ জিলাৰ সদৰ মঙ্গল...
কছাৰীহাটঃঅতীতআৰুবৰ্তমান (সৰ্বানন্দমজিন্দাৰ)

কছাৰীহাটঃঅতীতআৰুবৰ্তমান (সৰ্বানন্দমজিন্দাৰ)

CURRENT TOPIC
বৰ্তমান গোলাঘাট জিলাৰ সদৰ ঠাই গোলাঘাট নগৰৰ পৰা ৪ কিঃমিঃ পূৰ্বে অৱস্থিত কছাৰীহাট এক পুৰণি ঐতিহ্যপূৰ্ণ ঠাই৷ এসময়ত ঠাইডোখৰ কছাৰী ৰজাৰ অধীনত আছিল৷ তেতিয়া ইয়াত এখন হাট বা বজাৰ বহিছিল৷ তাৰ পৰাই অঞ্চলটোৰ নাম কছাৰীহাট হয়৷ পৰৱৰ্তী কালত এই ঠাই আহোম ৰজাৰ অধীন হয়৷ স্বৰ্গদেউ চুত্যাংফাৰ দিনত ইয়াত এক আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ গঢ়ি উঠে৷ নগা, অঁকা, ডফলা আৰু কাৰ্বি আদি চুবুৰীয়া ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ লোকৰ উপৰিও মণিপুৰ আৰু ম্যানমাৰৰ পৰাও মানুহ বজাৰলৈ আহিছিল৷ সেই সময়ত বিনিময় প্ৰথা প্ৰচলিত আছিল৷ বৰফুকনৰ খাট, ৰাঙলী আইদেউৰ মৈদাম, কছাৰীহাট তিনিআলিত অৱস্থিত  ফাৰ্চী পঢ়া মছজিদ, কলীয়া ফকীৰৰ দৰগাহ আদি অঞ্চলটোৰ প্ৰাচীন ঐতিহ্যৰ বাহক৷ অঁকা আলিৰ দাঁতিত থকা আপীচৰ পুখুৰীৰ পাৰত এসময়ত তহচিলদাৰৰ অফিচ আছিল৷ কাষতে এটা ডাঙৰ পুখুৰী৷ কালক্ৰমত মানুহৰ মুখ বাগৰি অফিচৰ পুখুৰীৰ ঠাইত আপীচৰ পুখুৰী হ’ল৷ কছাৰীহাটৰ প্ৰধ...
ইছলামেনাৰীককিদিলে? (হিফজুৰৰহমান)

ইছলামেনাৰীককিদিলে? (হিফজুৰৰহমান)

CURRENT TOPIC
হে মুছলমান ভনীসকল..!  আপুনি ভালদৰেই জানে যে প্ৰাক ইছলামী আৰু ইছলাম পৰিপূৰ্ণ হোৱাৰ পিছত আপোনাৰ স্থিতি কি আছিল, জাহিলী তথা প্ৰাক-ইছলামী যুগত নাৰীসকল আছিল নিপীড়িত, লাঞ্চিত আৰু সামাজিক সন্মানৰ পৰা বঞ্চিত৷  মহিলাসকলক অশুভ আৰু ঘৃণনীয় কাৰ্যৰ কাৰণ বুলি গণ্য কৰা হৈছিল৷ মহিলাসকলৰ শৰীৰ তেতিয়া কেৱল আৱেগিক সন্তুষ্টি আৰু মনোৰঞ্জনৰ বাবে বিবেচনা কৰা হৈছিল৷ বৈবাহিক আৰু পাৰিবাৰিক অধিকাৰৰ পৰাও বঞ্চিত কৰা হৈছিল মহিলাসকলক৷ কিন্তু ইছলামে দিলে মহিলাসকলক সন্মানৰ স্থান আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰিলে৷ ইছলামৰ আগমন আছিল নাৰীৰ বাবে দাসত্ব, অপমান আৰু অত্যাচাৰৰ বান্ধোনৰ পৰা মুক্তিৰ বাৰ্তা৷ ইছলামে নাৰীৰ মানৱীয় মৰ্যাদা বিৰোধী সকলো কুৎসিত ৰীতি-নীতি নিৰ্মূল কৰি নাৰীক সমাজত পুৰুষে যি সন্মান পাব লাগে, সেই সন্মানৰ যোগ্য কৰি তুলিলে৷ ইছলামৰ আগত মহিলাসকলক জীৱিত অৱস্থাত সমাধিস্থ কৰা হৈছিল,  (যিটো কেৱল সন্মান আৰু মানৱতাৰ বিৰোধ...