
অৰ্ধাঙ্গিনী
হিমাংশু শৰ্মা
এখন মধ্যবিত্ত ঘৰৰ একমাত্ৰ জীয়ৰী অনন্যা৷ অনন্যা এগৰাকী অতিকৈ সহজ-সৰল ছোৱালী৷ অসমীয়া বিভাগত এম এ কৰা অনন্যাই কবিতা, গল্প, উপন্যাস আদি লিখা-মেলা কৰে আৰু তাক বিভিন্ন পুথি আকাৰে বা বাতৰি কাকতৰ যোগেৰেও প্ৰকাশ কৰে৷ তাইৰ লিখনিৰ বহু সংখ্যক অনুৰাগী আছে৷ অনন্যাৰ ঘৰখনত মাত্ৰ তিনিটাই পৰিয়ালৰ সদস্য, অনন্যা আৰু তাইৰ মাক-দেউতাক৷
গুৱাহাটী মহানগৰীৰ এজন সম্ভ্ৰান্ত ব্যক্তি বলৰাম ডেকাৰ পৰিয়ালত ৫ গৰাকী সদস্য৷ বলৰামৰ পত্নী, সিহঁতৰ দুজন পুত্ৰ আৰু ২ বছৰ মান আগতে বিয়া কৰোৱা ডাঙৰ পুত্ৰৰ বোৱাৰী৷ চাকৰি সূত্ৰে ডাঙৰ পুত্ৰ অতুল অসমৰ বাহিৰত থাকে আৰু তাৰ পত্নী ঘৰতে থাকে৷ বলৰামৰ সৰু পুত্ৰ পংকজ, বৰ খঙাল স্বভাৱৰ-বেকাৰ আৰু নষ্ট চৰিত্ৰৰ৷ সকলো সময়তে নিচাত ডুব গৈ থকা পংকজৰ তাৰ বৌৱেকৰ লগতে এক পৰকীয়া প্ৰেমৰ সম্পৰ্কও আছে, যাৰ কথা ঘৰৰ আন কোনো সদস্যই গম নাপায়৷ বিয়াৰ উপযুক্ত হোৱা বাবে বলৰাম ডেকাই পুত্ৰ পংকজৰ বাবে ছ...