CURRENT TOPIC – Page 36 – Purbodix.com

CURRENT TOPIC

ৰস ৰচনা

ৰস ৰচনা

CURRENT TOPIC
আড্ডাৰে ৰসাল কৰক জীৱন লখিমী কোঁৱৰ হাজৰিকা মই জানো কাম নাইকিয়া, সোৰোপা, এলেহুৱা, কেলেহুৱা মখাইহে বেছিকৈ গপ বা আড্ডা মাৰিবলৈ ভাল পায়৷ জ্ঞানী-গুণীজনে আড্ডা পিটি ফুৰা মানুহক অবজ্ঞাৰে চায়৷ বহুতে গপ মাৰি ফুৰা বা দুই-চাৰিজন গোট খাই সংসাৰৰ কথা পতাক সময়ৰ অপব্যৱহাৰ বুলিও ভাবে৷ কিন্তু সখীসকল, চাৰি-পাঁচগৰাকীমান যদি আপোনালোকে গোট খাই শাহু চৰ্চা, পতি চৰ্চা, চিনেমা-ছিৰিয়েলৰ চৰ্চা কৰে বা আপোনালোকৰ ওচৰ-চুবুৰীয়া আইদেউ-বাইদেউহঁতৰ চৰ্চা কৰে তেন্তে মই শপত খাই কৈছোঁ বিউটি পাৰ্লাৰত গ’ল্ড ফেচিয়েল কৰাতকৈয়ো বেছি আপোনাৰ মুখখন উজ্জ্বল হ’ব৷ ৰসে চৌ চৌ হৈ থকা আপোনাৰ মুখখন দেখিয়েই মানুহে বুজি পাব আপুনি এগৰাকী হেপ্পী-লাইফ কটোৱা লেডী৷ টেনচন ফ্ৰি হৈ আপোনাৰ স্বাস্থ্য-মুখ উজ্জ্বল হোৱাৰ লগতে আড্ডা পিটিলে সমাজৰো বহুত উপকাৰ হয়৷ যেনে, কাৰোবাৰ ল’ৰালৈ ভাল ছোৱালী বিচৰা, কাৰোবাৰ ছোৱালীলৈ ল’ৰা বিচৰা...
কুষ্মাণ্ড

কুষ্মাণ্ড

CURRENT TOPIC
এদিনাৰ দুপৰীয়া, চালত কোমোৰা এটাই বগা পৰা ফপৰা ছালেৰে ৰ’দ লৈ আছিল৷ এনে লাগিছিল, সি বুঢ়া বগা চাহাব এজনৰ ঢং দি দি মোক ইংৰাজী নে ফৰাচীত কিবা শিকাব খোজে– ব’ৰ্ডত লিখি বুজাব খোজে/ আৰু মই একো নুবুজি তালৈ ভেবা লাগি চাই আছোঁ/ ভালেই লাগে এনেকৈ, স্কুলীয়া দিনতো মই তেনেকুৱাই আছিলো/ জলকা লাগি চাই, নিজৰ দুনীয়াত আকাশ-পাতাল ভাবি থাকোঁ– মাষ্টৰে ভাবে, আমুকীয়ে বৰ মন দিছোঁ/ চোতালত বহি, একাণপতীয়া হৈ কিবা ভাবি ভাবি আমেজত আধা মুদ খোৱা চকুহালেৰে কোমোৰাটোলৈ, ৰঙচুৱা টিনপাতৰ চালিখনলৈ চাই থাকোঁতে মোৰ এনে লাগিছিল যেন প্ৰখৰ ৰ’দত তপত হৈ হৈ ধোঁৱা যেন কিবা তাৰ পৰা উৰি উৰি গৈ আছে... মৃদু পাৰ্«সংগীতৰ দৰে ৰেডিঅ’ত বাজি আছে ঘোষকৰ চিনাকি মাত, বাজি গ’ল কেইবাটাও কুকাৰৰ হুইছেল, পাৰ হৈ গৈ আছে পাকঘৰৰ খুটুং খাটাং আৱাজ/ শালিকীবোৰৰ মাত শুনি মোৰ এনেও সদায় টোপনি ধৰে৷ টোপনি আনি দিয়া একোটা এএছএমআৰৰ দৰে৷ কোনোবাই জানেনে– সি...
প্ৰতিভাবান অভিনেত্ৰী তথা মডেল

প্ৰতিভাবান অভিনেত্ৰী তথা মডেল

CURRENT TOPIC
গীতু হাজৰিকা পূৰ্বদিশৰ মেজৰ পৰা গীতু হাজৰিকা, সাম্প্ৰতিক সময়ৰ অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় তথা সফল অভিনেত্ৰী৷ সৰ্বস্তৰৰ দৰ্শক-ৰাইজক নৃত্য আৰু অভিনয়ৰ যাদুৰে আকৰ্ষিত কৰি অহা এইগৰাকী দূৰন্ত প্ৰতিভাসম্পন্ন শিল্পীক যোৱা ১৮ ছেপ্তেম্বৰত মহানগৰীৰ চলচ্চিত্ৰ ক্ষেত্ৰৰ মন্দিৰ স্বৰূপ জ্যোতি চিত্ৰবনত জ্জম বাৰ্ষিক ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা নেচনেল এৱাৰ্ড- ২০২২ ত প্ৰদান কৰা হয় এই বৰ্ষৰ দুটিকৈ ৰাষ্ট্ৰীয় সন্মান ‘‘নেবকছ কুইন’’ আৰু ‘‘নেকবছ অসম সুন্দৰী ২০২২’’ খিতাপ৷ এই বঁটা প্ৰদান কৰা হয় জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ দ্বাৰা৷ সহযোগ কৰে বিশিষ্ট কবি-সাহিত্যিক ড॰ হেমন্ত কুমাৰ দাসে৷ অনুষ্ঠানত গীতু হাজৰিকাই সাৱলীল এটি নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ উল্লেখ্য যে শিল্পীগৰাকীয়ে ইতিমধ্যে জুবিন গাৰ্গৰ মায়াবী কণ্ঠত প্ৰাণ পোৱা ‘‘মৰম মৰম’’ শীৰ্ষক গীতটিত বিবেক বৰাৰ সৈতে সুন্দৰ অভিনয় কৰিছে৷ যিটো গীত বহুল প্ৰচা...
ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..

ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..

CURRENT TOPIC
ৰঞ্জন শৰ্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শৰৎ কাল সম্পৰ্কে কীৰ্তনত কৈছে.......  “শৰত কালৰ ৰাত্ৰি অতি বিতোপন...  ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..... ৷৷’’   এই শৰত কাল হৈছে সুখ আৰু আনন্দৰ ঋতু৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই শৰতৰ পূৰ্ণিমা ৰাতি যমুনাৰ বালিত গোপীসকলৰ সৈতে শ্ৰীকৃষ্ণই ৰাসক্ৰীড়া কৰিছিল৷ শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাসমূহৰ ভিতৰত ভগৱন্তৰ ৰাসলীলাই হৈছে উত্তম লীলা৷ ৰাস লীলাত গোপীসকলে কৃষ্ণৰ চৰণত প্ৰেম ভাবত নিজকে যি আত্মসমৰ্পণ কৰিছিল, সি সঁচাকৈয়ে অতি দুৰ্লভ আৰু দৃষ্টিনন্দন... ৷ প্ৰকৃতাৰ্থত ৰাস লীলা মানে জীৱাত্মা আৰু পৰমাত্মাৰ অপূৰ্ব মিলন৷ কৃষ্ণপ্ৰেমত মতলীয়া হৈ গোপীসকলে কৃষ্ণৰ চৰণত নিজকে সঁপি দি লীন যোৱা ঘটনাটো স্বৰূপাৰ্থত এইয়া জীৱ আৰু ঈশ্বৰৰ এক মধুৰ মিলন... ৷ গোপী আৰু কৃষ্ণৰ মাজৰ এই পবিত্ৰ প্ৰেম, ভক্তিপ্ৰেমলৈ ৰূপান্তৰিত হোৱা কাৰ্যক নিৰ্মল প্ৰেমৰে এক চিৰসুন্দৰ, চিৰ শ্বাশ্বত...
আমাৰ অনুভৱ

আমাৰ অনুভৱ

CURRENT TOPIC
‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ সীতা ড॰ নিৰুপমা ভট্টাচাৰ্য শংকৰদেৱৰ সাহিত্য বা দৃষ্টিত নাৰীৰ ধাৰণা আচলতে এক গৱেষণাৰ বিষয়৷ স্ত্ৰী চৰিত্ৰসমূহ তেওঁৰ ৰচনাত কি ধৰণে প্ৰতিফলিত হৈছে তাক আলোচনা কৰাটো আজিৰ সমাজৰ পৰিপ্ৰেক্ষিতত অতিশয় প্ৰাসংগিক বুলি চিহ্নিত কৰিব পাৰি৷ বৰ্তমান নাৰীবাদৰ ধাৰণাৰ উন্নত প্ৰসাৰৰ যুগতো শংকৰদেৱৰ দৰ্শনত নাৰীয়ে কি ভূমিকা গ্ৰহণ কৰিছিল সেয়া সময় উপযোগী বুলি অনুভৱ হৈছে৷ সৃষ্টিৰ উৎস জননীক শংকৰদেৱে নানাধৰণে নানা ছন্দ, গান, ৰূপ-ৰসেৰে ভৰাই তুলিছিল৷ সকলোবোৰ আলোচনা এই সামান্য প্ৰবন্ধত আলোচনা কৰা সম্ভৱপৰ নহয় বাবে আমি তেখেতৰ এটা চৰিত্ৰকে ফুটাই তোলাৰ যত্ন কৰিব খুজিছোঁ৷ বৈদিক যুগতো মন্ত্ৰ দ্ৰষ্টা ঋষিসকলে বিশ্ব প্ৰপঞ্চৰ নিয়ামকৰূপে এক স্ত্ৰী সত্তা স্বীকাৰ কৰি লৈছিল৷ ঋকবেদৰ দেৱীসূত্ৰত অসীম ক্ষমতাশালিনী শক্তিক দৈৱিক ৰূপ প্ৰদান কৰা হৈছিল৷ যুগে যুগে মাতৃক শ্ৰদ্ধা-সন্মানৰ গৰাকী বুলি প্ৰমাণ কৰা হৈছি...
<strong>ইতিহাসৰ </strong><strong>বাটেৰে …</strong>

ইতিহাসৰ বাটেৰে …

CURRENT TOPIC
গুপ্তেশ্বৰ দেৱালয় ... অঞ্জন ডেকা সুজলা-সুফলা অসমৰ চুকে-কোণে কোনোবা দূৰ অতীততেই গঢ়ি উঠিছিল উন্নত সমাজ ব্যৱস্থা৷ পৃথিৱীৰ আন ঠাইৰ দৰেই ইয়াতো মানুহে উন্নয়নৰ সপোন দেখিছিল৷ নিৰ্মাণ হৈছিল বহু উন্নত স্মাৰক, স্থাপত্য, মঠ-মন্দিৰ ইত্যাদি৷ এই ঠাইসমূহৰ ভিতৰত অসমৰ শোণিতপুৰ জিলাৰ শিঙৰিও আছিল উল্লেখযোগ্য৷ এই শিঙৰি নামৰ ঠাইখনে দুৰ অতীতৰ পৰা বৰ্তমানলৈকে বহন কৰি আহিছে এক অতি চহকী অতীত৷ বিশেষকৈ সেই তাহানিতে এই শিঙৰিত স্থাপিত হৈছিল বহু শিল্প-ভাস্কৰ্যখচিত এক বিশেষ শিলৰ স্থাপত্য৷ কোনো এক সময়ত এই স্থাপত্যক হিন্দুধৰ্মৰ উপাস্য দেৱতা শিৱৰ নামত উৎসৰ্গা কৰা হৈছিল৷ স্থাপন হৈছিল দেৱাদিদেৱ শিৱৰ এক অন্য উপাসনাস্থলী৷ প্ৰতিষ্ঠা কৰা হৈছিল শিৱৰ এক অন্য ৰূপ৷ গুপ্তেশ্বৰ শিৱ৷ এক প্ৰাচীন স্থাপত্য আৰু ইফালে সিফালে বিভিন্ন খননৰ সময়ত উদ্ধাৰ হোৱা অলেখ শিল্প-ভাস্কৰ্য খোদিত শিলাখণ্ড তথা অতি প্ৰাচ...
মনৰ আকাশ খণ্ড-২

মনৰ আকাশ খণ্ড-২

CURRENT TOPIC
সমাজসেৱক মৃণাল পাটৰ (বাবুল)ৰ সৈতে হোৱা পূৰ্বদিশৰ এক আছুতীয়া সাক্ষাৎকাৰ তন্দ্ৰালী মূৰ্ছনা ৰামধেনুৰ ৰঙৰ দৰেই ভিন্নৰঙী আমাৰ মনৰ মাজতে একো একোখন নিজস্ব পৃথিৱী আছে৷ এই পৃথিৱীৰ তাগিদাত মানুহবোৰ ব্যস্ত হৈ পৰে৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ প্ৰয়োজন পূৰ্ণ কৰি গৈ আছে যদিও বিজ্ঞানে আৱিস্কাৰ কৰিব নাই মানৱতা, একতা, সু-সংস্কাৰ ধৰি ৰখাৰ যন্ত্ৰ৷ আৱিস্কাৰ কৰিব পৰা নাই ভঙা হৃদয়ৰ ঘাঁ শুকুৱাই দিয়া এটা মেচিন৷ হৃদয়বান মানুহ কোনো যন্ত্ৰৰ আশ্ৰয় নোলোৱাকৈ মহান হয়৷ সঁচা সম্পৰ্ক ধৰি ৰাখিব জনাসকলে দিব জানে আপোনজনক সঁচা মূল্য৷ যান্ত্ৰিকতা আঁতৰাই সম্পৰ্কবোৰক বুজি উঠিলেই গঢ়ি উঠে এখন নিভাঁজ পৃথিৱী৷ য’ত সুখবোৰো নাচি উঠে৷ যোৱা সংখ্যাৰ ‘পূৰ্বদিশ’ত আমি পাতিছিলোঁ এজন মানৱ দৰদী ব্যক্তিৰ কথা৷ যিজন ব্যক্তিয়ে কেৱল অনুভৱ কৰে মানুহৰ আত্মাৰ গান৷ কেৱল মানুহৰ বাবেই কাম কৰি পায় প্ৰশান্তি৷ মৰিগাঁও জিলাৰ নেলী অঞ্চলৰ বেলি...
নাৰী মাত্ৰেই মাতৃত্ব  কিমান জৰুৰী?

নাৰী মাত্ৰেই মাতৃত্ব কিমান জৰুৰী?

CURRENT TOPIC
ঊৰিমলী বৰকটকী বিষয়বস্তু দেখিয়েই হয়তো বহুতৰে চকু কপালত উঠিব৷ পিছে এয়া এক সত্য, ঠিক যিদৰে নাৰীৰ প্ৰাকৃতিকভাৱে সন্তান গৰ্ভত ধাৰণ কৰা আৰু জন্ম দিয়াৰ ক্ষমতা সত্য৷ পিছে আজিৰ বিষয়টো হৈছে, কিয় নাৰী এগৰাকী সন্তান জন্ম দিবৰ বাবে ইচ্ছুক নহ’ব পাৰে! ইয়াৰ খাৰাংখাছ বা এক কথাত উত্তৰ হ’ব পাৰে-“নিজৰ ইচ্ছা, ক্ষমতা থাকিলেই সকলো কাম কৰা বাধ্যতামূলক নহয়’’৷ পিছে ইয়াৰ উপৰিও থকা কিছু কাৰণৰ বিষয়েহে লিখিব লৈছোঁ আজি৷  হয়, প্ৰজনন কৰিব পৰাৰ ক্ষমতা নাৰীৰেই থাকে৷ জীৱকুল চলি আছে এনেদৰেই৷ পিছে, পৃথিৱীজুৰি বিৰ্দ্ধত জনসংখ্যা নি(য়কৈ দুই-চাৰিগৰাকী সন্তান জন্ম নিদিয়া নাৰীৰ বাবে থমকি নৰয়৷ এটা সন্তান জন্ম দিয়া মানে এক বৃহৎ দায়িত্ব নিজৰ কান্ধত তুলি লোৱা৷ কায়িক-মানসিক-আৰ্থিক সকলো দিশতেই এটি শিশুক পৃথিৱীত নিজে খুটি খাব নোৱাৰা পৰ্যন্ত পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা৷ এই আটাইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰিব পৰা পিতৃ-মাতৃ ক...
আমেৰিকাৰ ডায়েৰী

আমেৰিকাৰ ডায়েৰী

CURRENT TOPIC
গীতাঞ্জলি বৰুৱা আজি যিটো বিষয়ৰ ওপৰত লিখিব লৈছোঁ, এই বিষয়ে মোৰ জ্ঞান তেনেই নগণ্য৷ তথাপি বুকুত অলপ সাহস গোটাই নিজৰ ক্ষুদ্ৰ অনুভৱখিনি আগবঢ়াইছোঁ৷ স্বাধীনতা শব্দটোৰ প্ৰকৃত অৰ্থ পৰাধীন লোকসকলেহে ভালকৈ ব্যক্ত কৰিব পাৰিব৷ মোৰ এখন স্বাধীন  ৰাষ্ট্ৰত জন্ম যদিও স্বাধীনতা দিৱস এদিনো উলহ-মালহেৰে উদযাপন কৰি নাপালোঁ৷ মোৰ সৰুকালৰ এটা কথাই মনত আছে, আমাৰ ভাড়াঘৰত প্ৰাপ্তবয়স্ক  শিক্ষাৰ কাৰ্যালয় এটা আছিল তাৰে ৪ জন কৰ্মচাৰীৰ সৈতে বিষয়াজনে ৰাতিপুৱাই জাতীয় পতাকা উত্তোলন  কৰে আৰু আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰোঁ৷ তাৰপাছত সকলোৱে মিলি মিঠাই খাওঁ৷ পতাকাখন উত্তোলন কৰাৰ পাছত চোতালত পৰি ৰোৱা ফুলখিনি বুটলাও আন এটা স্ফুৰ্তি মোৰ৷ এইয়াই হৈছে মোৰ বাবে স্বাধীনতা দিৱস৷ এটা সময়ত কাৰ্যালয়টো আমাৰ ঘৰৰ পৰা গ’লগৈ তাৰ পাছত মোৰ বাবে ১৫আগষ্ট আৰু ২৬ জানুৱাৰী আমাৰ  অসম  ৰাজ্যখনৰ বাবে চাৰিওফালে বন্...
‘ভূপেন্দ্ৰ সংগীত’ আৰু এজন যোৰহটীয়াৰ কথা

‘ভূপেন্দ্ৰ সংগীত’ আৰু এজন যোৰহটীয়াৰ কথা

CURRENT TOPIC
মুকুল এম বৈশ্য পৃথিৱীৰ সংগীত জগতত কোনো সংগীতজ্ঞ, কোনো গীতিকাৰ, কোনো সুৰকাৰ বা কোনো গায়কৰ নামেৰে এক বিশেষলানি সংগীত বা তাৰ ধাৰাক স্বীকৃতি দিয়াটো এক জটিল কাম, এক সচৰাচৰ দেখিবলৈ নোপোৱা কাম৷ সংগীতৰ ধাৰা থাকে, তাৰ বিভিন্ন উপাদান থাকে আৰু সেইবোৰকেই মূল ভেঁটি কৰি একোটাহঁত সংগীত পৰম্পৰাক সংজ্ঞাবদ্ধ কৰা হয়, নামকৰণ কৰা হয়৷ উদাহৰণস্বৰূপে পাশ্চাত্যৰ পৃথিৱীত চিম্ফনী, জাজ, ব্লুজ, ৰ’ক আৰু প্ৰাচ্যৰ ভাৰতবৰ্ষৰ দৰে দেশত খেয়াল, থুমৰি, ভজন, গজল আৰু লঘু সংগীত ইত্যাদি৷ পিছে কেতিয়াবা বিশেষ কাৰকৰ তাগিদাত, বিশেষ অৰ্থৰ প্ৰয়োজনত, বিশেষ ভাবধাৰাক চিহ্নিত কৰিবলৈ বা বিশেষ সৃষ্টিক চিৰযুগমীয়া কৰিবলৈ ওপৰত উল্লেখ কৰা পৰম্পৰাগত সংগীতৰ ধাৰাবোৰৰ উপৰি আন এক বিশেষ সংগীতৰ সংজ্ঞাবদ্ধকৰণ প্ৰয়োজনীয় হৈ পৰে৷ ইয়াত সংগীতৰ ব্যাকৰণ, লিপি, নীতি-নিয়ম আৰু আনুসংগিক চৰ্তবোৰতকৈ সেই সংগীতৰ দৰ্শন আৰু মানৱ সমাজলৈ স...