
জীৱনক উদ্যাপন কৰোঁ আহক… (বৰ্ণালী কলিতা)
‘‘জীৱন জীৱন বৰ অনুপম,’’ হয় কবিয়ে কোৱাৰ দৰেই জীৱন বৰ অনুপম৷ মানৱ জীৱন এবাৰেই পোৱা যায়, গতিকে হাতত পোৱা সময়খিনিক ভালদৰে ব্যৱহাৰ কৰি জীৱনটোক সাফল্যমণ্ডিত আৰু মহীয়ান কৰি তোলা উচিত৷ প্ৰত্যেক মানুহৰে জীৱনৰ একোটা লক্ষ্য আৰু উদ্দেশ্য থাকে৷ জীৱনটোক লৈ বহুতো সপোন থাকে৷ তাক সফল কৰি তুলিবলৈ চেষ্টা আৰু সাধনা কৰিব লাগে৷ কাৰণ সফলতা কেতিয়াও সহজে নাহে৷ জীনৱনৰ অজস্ৰ ঘাট-প্ৰতিঘাত, সংঘাত আৰু হাজাৰটা বাধা-বিঘিনি নেওচি জীৱনৰ বাটত হাঁহিমুখে আগুৱাই যোৱাটোৱেই জীৱন৷ স্বামী বিবেকানন্দই কৈছিল ‘উধাবলৈ নিদিয়া জীৱনৰ গতিয়েই জীৱন৷’’ অৰ্থ্যাৎ গতি অবিহনে কোনো জীৱৰে জীৱন থাকিব নোৱাৰে৷ সেয়েহে জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি পোৱাটো বৰ কঠিন৷ ক’বলৈ গ’লে সংগ্ৰামেই হ’ল জীৱনৰ অন্য নাম৷আজি বিশ্বায়নৰ যুগ৷ প্ৰতিযোগিতাৰ যুগ৷ এই যুগৰ লগত খাপ খুৱাই সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ৰুচি-অভিৰুচিয়ো সলনি হয়৷ পৰিৱৰ্তন হয় মানুহৰ মানসিকত...