
পনীৰৰ পুৰেৰে ভাপত দিয়া কেবিজ ৰোল (ৰিণী গগৈ বৰুৱা)
উপকৰণ(ৰ) বন্ধা কবিৰ পাত (তিনি খিলা) পুৰৰ বাবে..., (২) কেপচিকাম (এটা), (৩) পনীৰ (সৰু সৰুকৈ কাটি লোৱা এবাতি), (৪) গাজৰ এটা, (৫) জিৰা গুৰি (সৰু চামুচেৰে আধা চামুচ), (৬) ধনীয়া গুৰি (সৰু চামুচেৰে আধা চামুচ), (৭) মেগী মচলা (এটা পেকেট), (৮) কাশ্মীৰী জলকীয়া গুৰি (সৰু চামুচেৰে আধা চামুচ), (৯) নিমখ (সৰু চামুচেৰে আধা চামুচ), (১০) হালধি (সৰু চামুচেৰে আধা চামুচ), (ৰৰ) টমেট চ’চ (এক চামুচ), (১২) আদাৰ পেষ্ট (এক চামুচ), (১৩) নহৰুৰ পেষ্ট (এক চামুচ), (১৪) তেল (এক চামুচ), (১৫) পানী (আধা কাপ)প্ৰণালীঃপ্ৰথমে বন্ধা কবি পাত কেইখিলা ভালদৰে ধুই এখন কেৰাহীত পাত কেইখিলা ডুব যোৱাকৈ পানী দি দহ মিনিটমান বইল কৰি লৈপানীৰ পৰা টুকি ৰাখিব৷ আনফালে এটা বহল পাত্ৰ লৈ তাত ওপৰৰ উপকৰণখিনি (আদা, নহৰুৰ পেষ্ট, পানী আৰু তেলৰ বাহিৰে) গোটেইখিনি ভালদৰে মিক্স কৰি ল’ব৷ তাৰ পাছত এখন n...