CURRENT TOPIC – Page 46 – Purbodix.com

CURRENT TOPIC

শীতৰে সেমেকা ৰাতি (ডাঃ মিৰান্দা দত্ত)

শীতৰে সেমেকা ৰাতি (ডাঃ মিৰান্দা দত্ত)

CURRENT TOPIC
প্ৰকৃতিৰ চিৰন্তন নিয়মানুসৰি সময়ৰ গতিৰ লগে লগে ঋতুৰো পৰিবৰ্তন হয়৷ বিভিন্ন সময়ত বিভিন্ন ঋতুৱে নৱ নৱ ৰূপেৰে আমাৰ প্ৰাণত ঝংকাৰ তোলে৷ শৰত আৰু হেমন্তই বিদায় লোৱাৰ পিছতে ধৰাৰ বুকুলৈ আহে শীতকাল৷ এই শীতকালৰ এক সুকীয়া বৈশিষ্ট্য আছে৷ শীতকালৰ ৰূপ মনোমুগ্ধকৰ৷ শীতৰ ভাঁজে ভাঁজে নিহিত আছে এক মায়াসনা অনুভূতি৷ কুঁৱলীসনা পুৱা-গধূলি গা কপোঁৱা হিম-শীতল বতাহ ছাটি, দোভাগ নিশা সৰাপাতত খচখচনি, নিয়ৰৰ মুকুতা মণি এইবোৰে সৃষ্টি কৰে এক মনোমোহা ৰূপ৷আহিন মাহৰ মাজ ভাগৰ পৰা সূৰ্য উত্তৰ গোলাৰ্দ্ধৰ পৰা দক্ষিণ গোলাৰ্দ্ধৰ দিশলৈ গতি কৰে৷ ইয়াৰ লগে লগে ঠাণ্ডা পৰিবলৈ আৰম্ভ হয়৷ বায়ুমণ্ডলৰ উষ্ণতা নিম্নগামী হয় আৰু মাজে মাজে শীতল বতাহ বলে৷ শীতকালত আমাৰ ৰাজ্যৰ উষ্ণতা গড়ে ৮০-২০০চেলচিয়াচৰ ভিতৰত থাকে৷ কিছুমান অঞ্চলত উষ্ণতা ০০ বা তাৰ তললৈ নামে৷ শীত প্ৰধান অঞ্চলবোৰত উষ্ণতা অধিক নিম্নগামী হৈ সৃষ্টি কৰে শুকুলা কপাহ৷ বৰফৰ বৰ্...
মাঘৰ চোতালত কুঁৱলীৰ ওৰণি (নীলিম আকাশ কাশ্যপ)

মাঘৰ চোতালত কুঁৱলীৰ ওৰণি (নীলিম আকাশ কাশ্যপ)

CURRENT TOPIC
শৰতৰ বোকোচাত উঠি পুনৰ ধৰালৈ নামিছে শীতৰ দিনবোৰ৷ শীতে আমাক স্পৰ্শ কৰিছে কি নাই, শীতে আমাৰ চৌপাশ কৰিবলৈ যো-জা চলাইছে মাথোন, তেনে সময়তে আকৌ আৰম্ভ হৈছে কথাবোৰ৷ সেই পুৰণি কথাবোৰ৷ কোনোবাই যদি শীতৰ সুন্দৰ পুৱাবোৰৰ কথা ভাবি উদ্বাউল হৈ পৰিছে, কোনোবাই আকৌ আৰম্ভ কৰি দিছে গুৱালগালি৷ কত যে গালি হজম কৰিবলগীয়া হৈছেহি শীতেঃ এই সময়ত কাম কৰিব নোৱাৰি, অলপ পানী হাতত লাগিলেই শোঁতোৰা পৰে হাত, পুৱাতেই উঠিবকে নোৱাৰি৷ আমিবোৰ যেন অকৃতজ্ঞ৷ শীতেই হওক কিম্বা গ্ৰীষ্ম, বসন্তই হওক কিম্বা শৰৎ, অথবা নহওক কিয় অন্য কোনো ঋতুঃ আমি, মানুহ নামৰ প্ৰাণীবিধে কেতিয়াও প্ৰকৃতিৰ ওচৰত কৃতজ্ঞ হোৱাৰ পথ নেদেখো৷ দেখা নাছিলোঁ৷ গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত কোনোটো ঋতুৱেই আমাক আহ্লাদিত কৰিব নোৱাৰে৷ সদায় আমিবোৰৰ মুখত প্ৰতিবাদ৷ কেৱল প্ৰতিবাদ৷ প্ৰতিবাদ... ঃআৰn প্ৰতিবাদ...৷ তথাপি শীত আহিবই৷ এইবাৰো আহিছে৷ শীতৰ দিনৰ বেলিটোৰ স্বভাৱো যেন মানুহৰ! শীতৰ প...
মৌলবাদ   (ড॰ চিত্তৰঞ্জন বৰুৱা)

মৌলবাদ (ড॰ চিত্তৰঞ্জন বৰুৱা)

CURRENT TOPIC
মৌলবাদ এটা অতি চৰিত শব্দ৷ প্ৰকৃতাৰ্থত ইয়াক শব্দ বুলিলে অতি সীমিত পৰিসৰৰ কথা বুজাব৷ সেয়ে মৌলবাদক আমি এটা শব্দৰ সৈতে তুলনা নকৰি বিষয় হিচাপে আলোচনা কৰাৰ প্ৰয়োজন৷ মৌলবাদ ইংৰাজীত ‘Fundamentalism’ বুলি জনা যায়৷ অতি সহজ আৰু সাধাৰণভাৱে মৌলবাদৰ আমি ‘প্ৰাচীন ধম¹য় বা আধ্যাত্মিক ধম¹য় শাস্ত্ৰবিধিৰ প্ৰতি অগাধ বিশ্বাস আৰু আপোচহীন ধমীৰ্য় নীতি বা ৰীতি-নীতি পালনক সামৰি লয় লগতে মৌলবাদী চেতনাৰ সৈতে বিশ্বাস-অন্ধবিশ্বাস-অতিবিশ্বাস আৰু অলৌকিক দিশসমূহ সামৰি লয়৷ পোনপটীয়াকৈ আমি মৌলবাদৰ ধম¹য় বিশ্বাস কৰাৰ ৰীতি-নীতি আৰু তুলনাহীন তথা আপোচহীন ধমীৰ্য় দিশৰ চৰ্চাৰ পৰিসৰৰ ভিতৰত ধৰা যায়৷ কিন্তু পৰ্যায়ক্ৰমে মৌলবাদী চেতনা আৰু ব্যৱহাৰৰ দিশ আৰু প্ৰভাৱ ধম¹য় সংগঠন, ৰাজনীতি, ৰাজনৈতিক ব্যৱস্থা, শাসন-প্ৰণালী, ৰাষ্ট˜ নিৰ্মাণ, গঠন আৰু আইন প্ৰণয়ন আদি বিষয়ত মৌলবাদী চেতনাৰ প্ৰভাৱ ৰাষ্ট˜ সমূহৰ মাজত স্পষ্ট হয়৷ Fundamentalis...
‘স্বাগতম, স্বাগতম অ’ নৱবৰ্ষ ২০২২’

‘স্বাগতম, স্বাগতম অ’ নৱবৰ্ষ ২০২২’

CURRENT TOPIC
এক আশা আৰু প্ৰত্যাশাৰ বছৰ হওঁক ‘পল-পল দণ্ড কৰি সময় গৈছে উৰি পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম৷৷’   সময় গতিশীল....৷ গতিশীলতাই সময়ৰ প্ৰবৃত্তি৷ চাওঁতে চাওঁতে পাখি লগা সময়ৰ ডেউকাত উঠি বিদায়  ল’ব এটা বছৰে৷  আদৰি লোৱা হ’ব এটি নতুন বছৰ৷ সকলোৰে আশা আৰু প্ৰত্যাশা, নতুন বছৰে সকলোলৈকে কঢ়িয়াই আনিব নতুনৰ প্ৰতিশ্ৰুতি আৰু সংকল্প৷ এই নৰ্ৱ বৰ্ষতেই পুৰণি বছৰৰ সকলো বেয়াখিনি পাহৰি ভাল সময়খিনিৰ মধুৰ স্মৃতিখিনি বুকুত সামৰি হাঁহিমুখে আদৰি ল’ব নতুন দিনক৷ এটা বছৰে মানুহক কত কি দি যায় আৰু বহুতৰে পৰা বহুতো কাঢ়ি লৈ যায়৷ ২০২১ বৰ্ষটোত বেয়াৰ মাজতো এনে কিছু ভাল লগা কথা আছে যিখিনিয়ে হয়তো অসমীয়া জাতিটোকে গৌৰৱান্বিত আৰু মহিমামণ্ডিত কৰি তুলিলে৷ আনহাতে বছৰটোত এনে কিছুমান ক্ষতি হ’ল যাক হয়তো কেতিয়াও পূৰণ কৰিব নোৱাৰি৷ হেৰুৱালো, বহুত হেৰুৱালো আমি............৷ কাল ব্যাধিৰূপী ক’ৰণা মহামাৰীয়ে অনেককে কাঢ়ি নিলে...
মে-ডাম-মে-ফী

মে-ডাম-মে-ফী

CURRENT TOPIC
মে-ডাম-মে-ফী ডাঙ্ম দয়ানন্দ বৰগোহাঞি মে-ডাম-মে-ফী ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি ডাঙ্ম দয়ানন্দ বৰগোহাঞি পৃথিৱীৰ প্ৰত্যেক সভ্য জাতিয়েই নিজৰ পূৰ্ব-পুৰুষক স্মৰণ কৰে আৰু বিভিন্ন প্ৰণালীৰে পূজা-অৰ্চনা স্মৰণৰ যোগেদি আশিস¸ লয়৷ মে-স্মৃতি তৰ্পণ, ডাম-মৃতক, মে-স্মৃতি তৰ্পণ, ফী-দেৱতা অৰ্থাৎ মৃতক আৰু ফী সকলৰ স্মৃতিত অৰ্পণ৷ তাই-আহোম সকলৰ বিশ্বাস যে কোনো লোকৰ মৃত্যুৰ পিছত যথা নিয়মেৰে সৎকাৰ আৰু সকামাদি কৰাৰ পিছত তেওঁলোকে ফী (দেৱতা)হৈ স্বৰ্গত বাস কৰে৷ স্বৰ্গত তেওঁলোকে আগতে ফী হোৱা সকলক লগ পা...
ৰ’জ ফ্লেৱাৰ্ড কাজু, পানীৰ লাড্ডু (ইন্দ্ৰানী গগৈ)

ৰ’জ ফ্লেৱাৰ্ড কাজু, পানীৰ লাড্ডু (ইন্দ্ৰানী গগৈ)

CURRENT TOPIC, RECIPE
vউপকৰণ২০০ গ্ৰাম পনীৰ৩য৪ কাপ কাজু৩০০ মি{¨মেইডৰ চাহ চামুচ ইলাচি গুৰিৰ চাহ চামুচ ঘিউৰয২ কাপ লিকুইড গাখীৰ২ চাহ চামুচ ৰ’জ চিৰাপৰয২ কাপ খেজুৰৰয২ কাপ শুকান নাৰিকলৰ গুৰিপ্ৰণালীঃপ্ৰথমে পনীৰখিনি কুহুমীয়া গৰম পানীত ১৫ মিনিট মান তিয়াই থৈ কোমল কৰি ল’ব৷ তাৰ পিছত পানীৰ পৰা উঠাই পনীৰখিনি হাতেৰে মোহাৰি ল’ব৷ কাজুখিনি মিক্সিত গুৰি কৰি ল’ব৷ এতিয়া গুৰি কৰা কাজু আৰু পনীৰখিনি গাখীৰৰ সৈতে একেলগে মিক্সিত পেষ্ট বনাই ল’ব৷ এখন পেন গৰম কৰি কাজু, পনীৰৰ পেষ্টখিনি আৰু ঘিউ চামুচ দিব আৰু অলপ লৰাই মি{¨মেইডখিনি দিব৷ ইলাচি গুৰি দি মিশ্ৰণখিনি যেতিয়ালৈকে পেনৰ পৰা এৰাই একগোট নামাৰে লৰাই থাকিব৷ গেছ অফ্‌ কৰি কাজু, পনীৰৰ মিশ্ৰণখিনি সমানে দুভাগ কৰি এভাগত ৰ’জ চিৰাপ দি হাতেৰে ভালদৰে মিক্স কৰি ল’ব৷ খেজুৰখিনিৰ গুটি এৰুৱাই মিহিকৈ কাটি লৈ শুকান নাৰিকলৰ গুৰিৰ লগত মিক্স কৰি ল’ব৷ দুইভাগ পনীৰৰ মিশ্ৰণৰ পৰা অলপ অলপ লৈ মাজত খেজু...
ৰেচিপি  (কেৰামেলাইজদ বাদাম আৰু চুজিৰ পায়স)  -ইন্দ্ৰানী গগৈ

ৰেচিপি (কেৰামেলাইজদ বাদাম আৰু চুজিৰ পায়স) -ইন্দ্ৰানী গগৈ

CURRENT TOPIC, RECIPE
উপকৰণৰয২ কাপ কাঠ বদামৰয৪ কাপ চুজিৰয২ লিটাৰ লিকুইড গাখীৰৰয৪ কাপ চেনীৰয২ কাপ মি{¨মেইডৰ চাহ চামুচ ইলাচি গুৰিৰয৪ কাপ কাটি লোৱা কাজুপ্ৰণালী ঃকাঠ বাদাম খিনি আধা ঘণ্টামান পানীত তিয়াই থৈ বাকলি গুচাই ল’ব আৰু মিক্সিত পিহি ল’ব৷ চুজিখিনি শুকানে অলপ ভাজি ল’ব৷ এতিয়া এখন পেনত চেনীখিনি দি এক চামুচ পানী দি চেনীখিনি গলাই কেৰামেলাইজদ কৰি ল’ব৷ তাৰ পিছত তিনি কাপ গাখীৰ দি ভালদৰে লৰাই বাদামৰ পেষ্টখিনি দিব৷ অলপ সময় লৰাই থাকি চুজিখিনি দিব আৰু অলপ গাখীৰ দি সিজিবলৈ দিব৷ মি{¨মেইড আৰু ইলাচী গুৰি দি বাকী থকা গাখীৰখিনি দি লৰাই থাকিব আৰু পায়সখিনি সিজি ঘন হৈ আহিলে গেছ অফ কৰি দিব৷ শেষত কাটি লোৱা কাজুৰ টুকুৰা মিক্স কৰি পৰিৱেশন কৰিব৷ ...

এমুঠি শব্দ তুলি ভালপোৱাকৈ (ৰূপজ্যোতি হাজৰিকা)

CURRENT TOPIC, STORY
... বিনন্দীয়া প্ৰকৃতিৰ মধুৰ লগনত সাৰ পাই উঠিল হেঁপাহৰ শৰৎ৷ দুবৰি দলিচাত প্ৰস্ফূটিত শেৱালিৰ আমোলমোল গোন্ধই স্নিগ্ধ কোমল পুৱাটিৰ প্ৰাণ সঞ্চাৰ কৰি ৰাখিছে প্ৰতিটো ক্ষণ, হেঁপাহৰ নিয়ৰবোৰে শেৱালি তুলিছে৷ শাৰদী শৰতত তোমালৈ বুলি পঠিয়াই দিছো ভালপোৱাৰ এমুঠি শব্দ, এনেদৰেই ৰৈ যাওঁক সময়৷ ৰৈ ৰৈ বাজক এটি বীণ, কপি কপি জ্বলি থাকক মাথো এটি দ্বীপশিখা৷ তাৰেই ছায়া মায়া পোহৰত থাকেঁা তুমি আৰু মই৷ ঠিক তেনেদৰেই ৰৈ যাওঁক সময়৷ তুমি হঁহাৰ দৰে শৰতে হাঁহিছে মোৰ পদূলিত৷ দূৰ হ’ব ধৰিছে সেই দুৰ্দিনবোৰ৷ ক’ৰোনাৰ ক’লা ডাৱৰবোৰে আঁতৰি গৈছে৷ এটি নতুন সূৰ্য যেন নামি আহিছে৷ হাঁহিৰে ভৰি পৰিছে প্ৰতিটো পল৷ সেয়েহে উজাগৰি ৰাতি সপোন দেখিছো মই তোমাৰ মুখৰ সোণালী হাঁহি, এপলক দুপলক কৰি যেন নতুন সুৰুয আহিছে নামি৷...

শ্বাস্বতীৰ কথাৰে (জয়শ্ৰী বুঢ়াগোহাঁহ)

CURRENT TOPIC, POEM
সময়ে গৰকি যোৱা সম্বন্ধটোকআকৌ এবাৰ ভালকৈজোকাৰি সামৰি লৈছিল,প্ৰেম নাছিল, নহৈছিল..না সেই প্ৰেমৰ বোজা সহিব বিচাৰিছিল৷জেঁতুকাৰ ৰঙৰ দৰেই ৰংবোৰধীৰে ধীৰে, লাহে লাহেপাতলীয়া হৈ পৰিছিল৷জীৱনৰ ৰংবোৰ ধূসৰিত হৈ পৰিছিল,বিছনাখনৰ দুটা মূৰে দুটি আত্মাঅচিনাকি বহু যুগৰজৰ্জৰিত জীৱনৰ হেেন্দালনিতশুকান পাতৰ দৰেপ্ৰেমহীন ভাবনাত জহি-খহি গৈছিল৷সমাজে আবুৰাই দিয়া,পিতৃয়ে গতাই দিয়া,সন্তানৰ দায়িত্বৰে হেচুকি ধৰাদুডলীয়া সূতাৰ সেই টানটোক৷...

শ্বাস্বতীৰ কথাৰে (জয়শ্ৰী বুঢ়াগোহাঁহ)

CURRENT TOPIC
সময়ে গৰকি যোৱা সম্বন্ধটোকআকৌ এবাৰ ভালকৈজোকাৰি সামৰি লৈছিল,প্ৰেম নাছিল, নহৈছিল..না সেই প্ৰেমৰ বোজা সহিব বিচাৰিছিল৷জেঁতুকাৰ ৰঙৰ দৰেই ৰংবোৰধীৰে ধীৰে, লাহে লাহেপাতলীয়া হৈ পৰিছিল৷জীৱনৰ ৰংবোৰ ধূসৰিত হৈ পৰিছিল,বিছনাখনৰ দুটা মূৰে দুটি আত্মাঅচিনাকি বহু যুগৰজৰ্জৰিত জীৱনৰ হেেন্দালনিতশুকান পাতৰ দৰেপ্ৰেমহীন ভাবনাত জহি-খহি গৈছিল৷সমাজে আবুৰাই দিয়া,পিতৃয়ে গতাই দিয়া,সন্তানৰ দায়িত্বৰে হেচুকি ধৰাদুডলীয়া সূতাৰ সেই টানটোক৷...